বিশেষ লেখা : এখন মিনি বাংলাদেশৰ কাহিনী
ড০ অংকিতা দত্ত
বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতি হিন্দু গণহত্যাৰ ইতিহাসৰ আন এক নির্মম অধ্যায়৷ বিশেষকৈ ইছলাম ধর্ম আৰু খ্রীষ্টান ধর্মৰ আগমনৰ পিছৰে পৰা হিন্দু সভ্যতা আৰু সংস্কৃতিৰ ওপৰত বিভিন্ন ৰূপত নিৰন্তৰভাৱে আক্রমণ অব্যাহত আছে৷ দুয়োটা ধর্মৰ সৈতে মোকাবিলা কৰিব নোৱাৰি পৃথিৱীৰ বহুতো থলুৱা সংস্কৃতি আৰু সভ্যতা চিৰদিনৰ বাবে নাইকিয়া হৈ গ’ল৷ উদাহৰণস্বৰূপে, খ্রীষ্টান ধর্মৰ আগমনৰ পিছত আমেৰিকাৰ তিনিটা অত্যাধুনিক সভ্যতা, অর্থাৎ আজটেক, মায়ান আৰু হনকাৰ পতন ঘটিছিল৷ কিন্তু সকলো বাধা–বিঘিনি আৰু প্রতিকূলতা নেওচি হিন্দু সভ্যতা আজিও জীয়াই আছে৷ নিশ্চিতভাৱে ইয়াৰ আঁৰত কিবা এটা অলৌকিক শক্তি থাকিবই লাগিব৷ পৰিৱর্তনশীল সময় আৰু পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰি আমাৰ শত্রুসকলে সমৃদ্ধ ভাৰতীয় সভ্যতাৰ ঐতিহ্য ধ্বংস কৰিবলৈ নতুন নতুন কৌশল আৰু ৰণনীতি প্রস্তুত কৰি থাকে৷ তেওঁলোকে হয়তো বুজিব নোৱাৰে হিন্দু ধর্মই সকলো পৰিস্থিতিতে জীয়াই থাকিবলৈ ক’ৰ পৰা শক্তি আহৰণ কৰে৷ এয়াই সনাতন হিন্দু ধর্মৰ প্রকৃত সৌন্দর্য৷ সনাতন ধর্মৰ পতনৰ লগে লগে পৃথিৱীৰ বিভিন্ন দেশত একনায়কত্ববাদৰ উত্থান ঘটাৰ অগণন উদাহৰণ ইতিহাসত পোৱা যায়৷ ফলস্বৰূপে সমাজত বিভিন্নধৰণৰ হিংসাত্মক ঘটনাও বৃদ্ধি পায়৷ সমাজখন ক্রমান্বয়ে অৰাজকতাৰ দিশে আগবাঢ়ে৷ আজিৰ বিশ্বাৱলীকৃত পৃথিৱীত হিন্দুসকল একেবাৰে সুৰক্ষিত নহয়৷
আজিৰ পৰা কেহদিনমান পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ টংৰা সত্রত ভকত আৰু ভোজনগৃহৰ উদ্বোধনী অনুষ্ঠানত উল্লেখ কৰিছিল যে ৰাজ্যখনৰ বহুতো জিলা ইতিমধ্যে একো একোখন ‘মিনি বাংলাদেশ’ত পৰিণত হৈছে৷ এই সন্দর্ভত তেওঁ ধুবুৰী, বৰপেটা আৰু মৰিগাঁও জিলাৰ উদাহৰণ দাঙি ধৰে৷ অসমত হিন্দুসকলৰ অনিশ্চিত ভৱিষ্যতৰ বিষয়ে সঠিকভাৱে আলোকপাত কৰি চুবুৰীয়া বাংলাদেশত হিন্দু জনসংখ্যা ১৯৪৭ চনৰ পিছত ৩৫ শতাংশৰ পৰা আজিৰ তাৰিখত ৮ শতাংশলৈ হ্রাস পোৱা বুলিও মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছিল৷ বাংলাদেশৰ দৰে আন এক ভয়াৱহ পৰিস্থিতি আমি অসমত নিবিচাৰোঁ৷
বেদ ব্যাসৰ মহাভাৰতত বংগ ৰাজ্য নামেৰে উল্লেখ কৰা বাংলাদেশ আৰু পশ্চিমবংগৰ বর্তমানৰ অঞ্চলটো এসময়ত আছিল হিন্দু ধর্মৰ অন্যতম প্রধান কেন্দ্র৷ কিন্তু আজি সেই একে বাংলাদেশত হিন্দুসকলৰ যেন কোনো অস্তিত্ব নাইকিয়া হৈছে৷ বর্তমানৰ বাংলাদেশ অর্থাৎ অতীতৰ সেই বংগ ৰাজ্যৰ ঐতিহ্যমণ্ডিত হিন্দু সভ্যতা পুনৰ ঘূৰি আহিবনে? যদিও আমাৰ ওচৰত এহ প্রশ্নৰ উত্তৰ নাই, কিন্তু ইছলাম ধর্মই যে আন সংস্কৃতি আৰু সভ্যতাক কেতিয়াও জীয়াই থাকিবলৈ নিদিয়ে সেই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ নামনি অসমৰ বহুতো অঞ্চল, বিশেষকৈ ভাৰত–বাংলাদেশ সীমান্তত অৱস্থিত ঐতিহাসিক ধুবুৰী জিলা ইছলাম ধর্মৰ এই মানসিকতাৰ অন্যতম শ্রেষ্ঠ উদাহৰণ৷ উত্তৰ বংগৰ কিছু অংশৰে গঠিত বর্তমানৰ নামনি অসমৰ সমগ্র অঞ্চলটো এসময়ত কুমাৰ ভাস্কৰ বর্মন, মহাৰাজ পৃথু, মহাৰাজ নৰনাৰায়ণ আৰু বীৰ চিলাৰায় আদিৰ দৰে হিন্দু ৰজা–মহাৰজাসকলৰ শাসনক্ষেত্র আছিল৷ তেওঁলোকৰ দক্ষ নেতৃত্বত বখতিয়াৰ খিলজী আৰু গিয়াছুদ্দিন টোগলকৰ দৰে বর্বৰ ইছলামী আক্রমণকাৰীসকল অসমৰ আন অঞ্চলত প্রৱেশ কৰাৰ বহু আগতেই পৰাজিত হৈছিল৷ দুর্ভাগ্যৱশতঃ যে নামনি অসমৰ এই ইতিহাস ৰাজ্যখনৰ শৈক্ষিক আৰু ৰাজনৈতিক দুয়োটা মঞ্চতে অৱহেলিত হোৱা দেখা যায়৷ অসমত আজি ইছলামিক জনগাঁথনিগত পৰিৱর্তন আৰু ইছলামিক মৌলবাদৰ মূল কেন্দ্রবিন্দুত পৰিণত হৈছে নামনি অসম৷
পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ সমীপত অৱস্থিত আৰু বাংলাদেশৰ প্রৱেশ দুৱাৰ ধুবুৰী জিলাক এই একেই নামনি অসমৰ ‘মিনি বাংলাদেশ’ বুলি ক’লেও ভুল নহ’ব৷ অৱশ্যে বিংশ শতিকাৰ আৰম্ভণিলৈকে ধুবুৰীৰ সমগ্র অঞ্চলটো আছিল হিন্দু সংখ্যাগৰিষ্ঠ৷ জনবিশ্বাস অনুসৰি বর্তমানৰ ধুবুৰী চহৰখন যি ঠাহত অৱস্থিত, সেই একেই ঠাইতে ‘নেতাই–ধুবুনী’ নামৰ এগৰাকী কিংবদন্তি ধুবুনী মহিলাই ব্রহ্মপুত্রৰ পাৰৰ এটা প্রকাণ্ড শিলত কাপোৰ ধুইছিল বুলি ধাৰণা কৰা হয়৷ প্রাকৃতিক সৌন্দর্যৰে পৰিপূর্ণ ধুবুৰীৰ ‘নেতাই–ধুবুনী’ঘাট অসমৰ অন্যতম গুৰুত্বপূর্ণ প্রাচীন ঐতিহাসিক স্থল৷ স্থানীয় বাসিন্দাসকলৰ মাজত এই নির্দিষ্ট ঠাইখনক ‘পাথৰঘাট’ বা ‘পাহাৰঘাট’ বুলিও জনা যায়৷ আন এক বিশ্বাস অনুসৰি ‘ধুবুৰী’ শব্দটো বড়ো ভাষাৰ ‘দৈ’ আৰু ‘বৌৰী’ শব্দ দুটাৰ পৰা সৃষ্টি হৈছে– ‘দৈ’ মানে পানী আৰু ‘বৌৰী’ৰ অর্থ নদীৰ পাৰ বা যিকোনো এটুকুৰা শুকান ঠাই ‘দৈবৌৰী’ৰ৷ সময়ৰ লগে লগে ‘দৈবৌৰী’ক মানুহে ‘দবুৰী’ বা ‘ধুবুৰী’ বুলি উচ্চাৰণ কৰিবলৈ লয়৷ সি যি কি নহওক কিয়, ‘নেতাই–ধুবুনী’ঘাটৰ হিন্দু দেৱী–দেৱতাৰ সৈতে থকা ঘনিষ্ঠ সম্পর্কৰ বহুতো লোক–কাহিনী কোচ ৰাজবংশী আৰু ধুবুৰীৰ অন্যান্য হিন্দু সম্প্রদায়ৰ মাজত আজিও প্রচলিত৷ খৰালিৰ সময়ত ব্রহ্মপুত্রৰ পানীৰ স্তৰ হ্রাস পালে নদীৰ মাজৰ শিলবোৰত ওপঙি থকা কেইটামান চিৰি আৰু অত্যন্ত পৱিত্র বুলি গণ্য কৰা কাৰোবাৰ ডাঙৰ ডাঙৰ পদচিহ্ণ এই ঘাটত প্রতিবছৰে দেখিবলৈ পোৱা যায়৷
ধুবুৰী আৰু বাংলাদেশৰ মাজৰ ১৩৪.৫ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্রীয় সীমান্তৰ এটা বৃহৎ অংশ ব্রহ্মপুত্রৰ কাষত অৱস্থিত৷ ধুবুৰীৰ মাজেৰে ব্রহ্মপুত্র, জিঞ্জিৰাম আৰু গংগাধৰ নদীকেইখন পাৰ হৈ বাংলাদেশলৈ প্রৱাহিত হয়৷ অসমত ব্রিটিছৰ শাসন আৰম্ভ হোৱাৰ বহু আগৰে পৰা ধুবুৰী আছিল এটা সু–বিকশিত নদী বন্দৰ৷ জাহাজ নির্মাণ উদ্যোগ আৰু মৰাপাটৰ খেতিৰ বাবে ধুবুৰী বিখ্যাত আছিল৷ বংগৰ মৰাপাট কল–কাৰখানাবোৰ ধুবুৰীৰ কেঁচা মৰাপাটৰ ওপৰত নির্ভৰশীল হোৱা হেতুকে ধুবুৰী নদী বন্দৰটো মুখ্যতঃ মৰাপাটৰ ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কোচবিহাৰৰ কোচ ৰাজবংশী ৰজাসকলে ১৮৭৪ চনলৈকে ধুবুৰীত শাসন কৰিছিল৷ তেওঁলোকৰ শাসনকালত গোলকগঞ্জ আৰু গৌৰীপুৰৰ দৰে বহুতো সমৃদ্ধশালী ৰাজবংশী অধিৰাজ্যৰ গৰাকী হোৱাৰ বাবে ধুবুৰীৰ নাম সমগ্র অসমতে সুপৰিচিত আছিল৷ মূল দেৱদাস চলচ্চিত্রৰ প্রখ্যাত অভিনেতা–পৰিচালক প্রমথেশ চন্দ্র বৰুৱাৰ পৰা আৰম্ভ কৰি পদ্মশ্রী বঁটা বিজয়ী আৰু গোৱালপৰীয়া লোকগীতৰ অগ্রগামী শিল্পী প্রতিমা বৰুৱা পাণ্ডে আদিকে ধৰি আন বহুতো শিল্পী, পৰিচালক, অভিনেতা আৰু সংগীতজ্ঞ সৰুৰে পৰা ধুবুৰীৰ গৌৰীপুৰত ডাঙৰ–দীঘল হোৱা৷ বলীউডৰ প্রয়াত গায়ক–সুৰকাৰ আৰু সংগীত পৰিচালক বাপ্পী লাহিড়ীৰো জন্ম হৈছিল বর্তমানৰ গৌৰীপুৰৰ ওচৰৰ পটামাৰী গাঁৱৰ এটা জমিদাৰী ৰাজপৰিয়ালত৷ ব্রিটিছ চৰকাৰে ১৮৭৪ চনত ‘অসম উপত্যকা’(Assam Valley) নামৰ এখন নতুন প্রদেশ গঠন কৰে আৰু হয়াৰ অধীনত তিনিটা অসামৰিক মহকুমা ক্রমে ধুবুৰীৰ নেতাই–ধুবুনীঘাট, গোৱালপাৰা আৰু কোকৰাঝাৰক লৈ কোচবিহাৰৰ গোৱালপাৰা জিলা অঞ্চল অন্তর্ভুক্ত কৰে৷ বর্তমানৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰত অৱস্থিত ব্রহ্মপুত্রৰ বিশাল জনবসতিহীন চৰ অঞ্চলসমূহৰ কৃষি উৎপাদনশীলতাই ব্রিটিছ চৰকাৰৰ দৃষ্টি আকর্ষণ কৰে৷ ভাৰতৰ আন প্রান্তৰ মানুহৰ দৰে অসমীয়া মানুহবোৰো আছিল অত্যন্ত স্বাভিমানী৷ তেওঁলোকে কম মজুৰিত ব্রিটিছৰ সেৱক হৈ কাম কৰাৰ বিৰোধিতা কৰিছিল৷ তদুপৰি ব্রিটিছৰ বাবে কাম কৰাৰ তেওঁলোকৰ কোনো বিশেষ প্রয়োজনীয়তাও নাছিল৷
গাখীৰ দিয়া গাইগৰু, ধান–চাউলেৰে পৰিপূর্ণ এটি ভঁৰাল, ঘৰৰ শাক–পাচলি আৰু সতেজ পানীৰ মাছৰে ভৰা পুখুৰীৰ সৈতে প্রায় প্রতিটো অসমীয়া পৰিয়াল স্বাৱলম্বী আছিল৷ তেনেকুৱা এখন সমাজক অকর্মণ্য বা এলেহুৱা বুলি কোৱাটো ভুল হ’ব৷ নিজৰ আত্মসন্মানৰ স্বার্থত তেওঁলোকে বিদেশী শাসকৰ বাবে কাম নকৰাৰ সিদ্ধান্ত লৈছিল৷ সেয়েহে খাদ্য উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ব্রিটিছ শাসকসকলে চৰ অঞ্চলবোৰত পূর্ববংগীয় মূলৰ হাজাৰ হাজাৰ ভূমিহীন মুছলমান কৃষকক বসতি স্থাপন কৰিবলৈ দিয়ে৷ পূর্ববংগৰ ৰংপুৰ আৰু মৈমনসিং অঞ্চলৰ পৰা অহা এই কৃষকসকলক অসমৰ স্থানীয় লোকসকলৰ মাজত ‘মৈমনসিঙিয়া মুছলমান’ বুলিও জনা গৈছিল৷ লাহে লাহে মুছলমান সম্প্রদায়ৰ অর্থনৈতিকভাৱে পিছপৰা শ্রেণীৰ এক বৃহৎসংখ্যক লোক বাংলাদেশৰ সীমান্তৱর্তী বৰাক উপত্যকা আৰু নামনি অসমৰ ধুবুৰী আৰু বৰপেটা জিলালৈ ব্যাপকভাৱে প্রস্থান কৰিবলৈ লয়৷ এহ লোকসকল অসমলৈ আহিছিল কেৱল মাটিৰ সন্ধানত৷ বংগত দুর্ভিক্ষৰ প্রাদুর্ভাৱৰ বাবে তেওঁলোকে নিজৰ জীৱিকা হেৰুৱাবলগীয়া হৈছিল৷ কিন্তু জনগাঁথনিৰ দৃষ্টিকোণৰ পৰা মুছলমানসকলৰ গণপ্রব্রজন অসমৰ বাবে আছিল অত্যন্ত বিপজ্জনক৷ সমগ্র ধুবুৰী অঞ্চলৰ জনগাঁথনি ক্রমান্বয়ে সলনি হ’বলৈ ধৰিলে৷ পুৰণি তথ্য অনুসৰি, ১৯২০ দশকৰ আৰম্ভণিলৈকে ধুবুৰী চহৰৰ মুঠ জনসংখ্যাৰ প্রায় ৮০ শতাংশই হিন্দু আছিল৷ কিন্তু ১৯৫১ চনত বর্তমানৰ ধুবুৰী জিলা গঠন কৰা অঞ্চলটোৰ ৫০ শতাংশতকৈও অধিক লোক মুছলমান সম্প্রদায়ৰ আছিল বুলি গণনা কৰা হৈছে৷ ধুবুৰী জিলাৰ জনগাঁথনি তেতিয়ালৈকে সম্পূর্ণৰূপে সলনি হৈ পৰিছিল৷ স্বাধীনতাৰ পিছতো অসমলৈ মুছলমানসকলৰ প্রব্রজন অব্যাহত আছিল৷ ৰাজ্যখনৰ পূর্বৱর্তী কংগ্রেছ চৰকাৰসমূহে ভোটবেংক সৃষ্টি কৰাৰ উদ্দেশ্যৰে অবৈধ প্রব্রজনৰ বিৰুদ্ধে কোনো কঠোৰ পদক্ষেপ লোৱা নাছিল৷ হয়াৰ পৰিৱর্তে অনুপ্রৱেশকাৰীসকল ভাৰতীয় নাগৰিকত্ব আৰু স্থানীয় বাসিন্দাসকলৰ পৰা মাটি ক্রয় কৰি সেই মাটিৰ গৰাকী হোৱা আদি অন্যান্য অধিকাৰৰ ৰূপত ৰাজনৈতিক পৃষ্ঠপোষকতা প্রদান কৰা হৈছিল৷ তাৰ বিনিময়ত এহ লোকসকলে প্রায় প্রতিটো নির্বাচনত কংগ্রেছ দলক ভোট দিছিল৷ সেইবাবে অসমত দীর্ঘদিন ধৰি কংগ্রেছ দলে নিজৰ ৰাজনৈতিক ক্ষমতা বজাই ৰাখিব পাৰিছিল৷ ১৯৭১ চনৰ পৰা ২০০৪ চনলৈকে ধুবুৰী লোকসভা সমষ্টিটো কংগ্রেছ দলে একেৰাহে ৯টা কার্যকালৰ বাবে জিকি আহিছিল৷ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, জিলাখনৰ মুঠ জনসংখ্যাৰ ৮০ শতাংশই আছিল মুছলমান সম্প্রদায়ৰ৷ একেটা লোকপিয়লত ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ১৮,৪০,০৪৪জন ভোটাৰৰ ভিতৰত ৭৭ শতাংশ ভোটাৰ মুছলমান আছিল৷ তেওঁলোকৰ ভিতৰত প্রায় ৭০ শতাংশ আছিল ভাটিয়া (বাংলাদেশী মূলৰ) মুছলমান আৰু বাকী ৩০ শতাংশ আছিল খিলঞ্জীয়া মুছলমান৷
খিলঞ্জীয়া মুছলমানসকলে কথোপকথনৰ বাবে অসমীয়া আৰু গোৱালপৰীয়া (বালাং, কোচ ৰাজবংশী আৰু অসমীয়া ভাষাৰ মিশ্রণ) ভাষা ব্যৱহাৰ কৰে৷ তেওঁলোক মূলতঃ আছিল ৰাজবংশী মানুহ৷ মীৰজুমলাৰ নেতৃত্বত ১৬৬২–১৬৬৩ চনত মোগল সেনাই কোচ ৰাজবংশী আৰু কামৰূপ ৰাজ্য আক্রমণ কৰাৰ সময়ত তেওঁলোকৰ পূর্বপুৰুষসকলক বলপূর্বক ইছলাম ধর্মলৈ ধর্মান্তৰিত কৰা হৈছিল৷ আজিৰ খিলঞ্জীয়া বা অসমীয়া মুছলমানসকল এহ লোকসকলৰেহ উত্তৰাধিকাৰী৷ মোগলৰ সৈতে তেওঁলোকৰ কোনো ঐতিহাসিক সম্পর্ক নাই৷ ধুবুৰীৰ প্রায় ৮০ শতাংশ মুছলমান জনসংখ্যা ১৯৪৭ চনলৈকে খিলঞ্জীয়া মুছলমানৰ দ্বাৰা গঠিত আছিল৷ কিন্তু আজিৰ তাৰিখত ধুবুৰীৰ মুঠ মুছলমান জনসংখ্যাৰ মাত্র ৩০ শতাংশহে গঠন কৰে খিলঞ্জীয়া মুছলমানে৷ আনহাতে, ভাটিয়া মুছলমানসকলে ‘মৈমনসিঙিয়া বঙালী’ নামেৰে জনাজাত বাংলাদেশৰ মইমনসিং চহৰত প্রচলিত বাংলা উপভাষাত কথা কয়৷ ধুবুৰীৰ মুঠ ভোটাৰৰ সংখ্যাত মাত্র ২৩ শতাংশহে গঠন কৰে হিন্দু ধর্মৰ লোকে৷ ইয়াৰ ভিতৰত আছে কোচ ৰাজবংশী (১১ শতাংশ), বাংলা (৯ শতাংশ) আৰু অসমীয়া (প্রায় ৩ শতাংশ)৷ মুছলমান অনুপ্রৱেশকাৰীৰ ভোটবেংক সন্তুষ্ট কৰাৰ উদ্দেশ্যৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অধীনত ২০১৬ চনত পুৰণি ধুবুৰী জিলাক বিভক্ত কৰি দক্ষিণ শালমাৰা–মানকাচৰ জিলা গঠন কৰাটো কংগ্রেছ দলৰ আন এক চতুৰ ৰণনীতি আছিল৷ ১৯৫১ চনত অনুষ্ঠিত ভাৰতৰ প্রথম লোকসভা নির্বাচনত আমজাদ আলী নামৰ এজন খিলঞ্জীয়া মুছলমানে প্রজা ছ’চিয়েলিষ্ট পার্টীৰ টিকটত ধুবুৰী সমষ্টিৰ পৰা জয়লাভ কৰিছিল৷ ১৯৫৬ চনত ধুবুৰীৰ পৰা তেওঁ পুনৰ নির্বাচিত হয়৷ যদিও ১৯৬২ চনত ধুবুৰীত কংগ্রেছৰ চৰকাৰ গঠন হয়, কিন্তু প্রজা ছ’চিয়েলিষ্ট পার্টীয়ে ১৯৬৭ চনত কংগ্রেছ দলক পৰাস্ত কৰি ধুবুৰীত পুনৰবাৰৰ বাবে ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়লৈকে ঢাকা আৰু কলিকতাৰ মাজত মুখ্য সংযোগী ৰে’লপথ হিচাপে ধুবুৰী আছিল ভৰতবর্ষৰ অন্যতম গুৰুত্বপূর্ণ বাণিজ্যিক কেন্দ্র৷ ১৯৬৫ চনৰ ভাৰত–পাকিস্তানৰ যুদ্ধলৈকে ধুবুৰীৰ নদী বন্দৰটো কার্যকৰী হৈ আছিল৷
ধুবুৰীত আনকি ৰূপসী নামৰ এখন বিমানক্ষেত্রও আছিল৷ কলিকতা, ঢাকা আৰু উজনি অসমৰ পৰা বহুতো বিমান প্রতিদিনে ৰূপসী বিমানক্ষেত্রত অৱতৰণ কৰিছিল৷ উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্রিটিছ চৰকাৰে গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্র আৰু ছোভিয়েট ইডনিয়নলৈ অস্ত্র–শস্ত্র আৰু গোলা–বাৰুদ প্রেৰণ কৰাৰ উদ্দেশ্যে এই বিমানক্ষেত্রখন নির্মাণ কৰিছিল৷ কিন্তু ১৯৬৫ চনৰ পিছত পূব পাকিস্তান (বর্তমানৰ বাংলাদেশ)ৰ সৈতে ভূমি, ৰে’ল আৰু নদীৰ সকলো সংযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰাত অর্থনৈতিকভাৱে ধুবুৰীৰ অৱনতি ঘটে৷ ধুবুৰীৰ লাভজনক জাহাজ নির্মাণৰ উদ্যোগটো হঠাতে বন্ধ কৰি দিবলগীয়া হৈছিল৷বহুতো ধনী ধনী ব্যৱসায়ী ৰাতিটোৰ ভিতৰতে দেউলীয়া হৈ পৰিছিল৷ ধুবুৰীলৈ অহা–যোৱা কৰা সকলো ৰে’লপথ এতিয়া বন্ধ হৈছিল৷ লাহে লাহে ৰূপসী বিমানক্ষেত্রখনো নিষ্ক্রিয় হৈ পৰিল৷ অর্থনৈতিক সুযোগৰ সন্ধানত ধুবুৰীৰ পৰা বহুতো মানুহ আন ঠাইলৈ প্রব্রজন কৰা আৰম্ভ কৰিছিল৷ ধুবুৰীৰ সেই পূর্বৰ খ্যাতি যেন ক’ৰবাত চিৰদিনৰ বাবে হেৰাই গ’ল৷ ১৯৮৩ চনৰ ১ জুলাইত পূর্বৰ গোৱালপাৰা জিলাক বিভাজন কৰি দুখন নতুন জিলা ধুবুৰী আৰু কোকৰাঝাৰ গঠন কৰা হয়৷ পুনৰ ১৯৮৯ চনৰ ২৯ ছেপ্টেম্বৰত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা কেইটামান অঞ্চল বিভাজন কৰি আন এখন নতুন জিলা বঙাহগাঁও গঠন কৰা হয়৷
এই বিভাজনৰ ফলস্বৰূপে ধুবুৰী জিলাৰ পূর্বৰ অর্থনৈতিক গুৰুত্ব অধিক হ্রাস পাবলৈ ধৰে৷ ধুবুৰীৰ তীব্র অর্থনৈতিক অৱনতিৰ ফলত জিলাখনৰ সামাজিক মর্যাদাৰো যথেষ্ট অৱনতি ঘটে৷ অসমৰ হিন্দু সভ্যতাৰ ইতিহাসত ধুবুৰীৰ পূর্বৰ সাংস্কৃতিক তাৎপর্য ক্রমান্বয়ে হ্রাস পাবলৈ লয়৷ সময়ৰ লগে লগে ধুবুৰী ভাৰতৰ অন্যতম প্রধান মুছলমান সংখ্যাগৰিষ্ঠ জিলালৈ ৰূপান্তৰিত হয়৷ একে সময়তে সমগ্র অসমত সাম্প্রদায়িক সংঘর্ষৰ মূল কেন্দ্রবিন্দু হৈ পৰিছিল ধুবুৰী জিলা৷ বিভিন্ন ধৰণৰ অপৰাধৰ হাৰ বৃদ্ধি হ’বলৈ ধৰিলে৷ ধুবুৰীৰ ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তত গৰুৰ চোৰাং ব্যৱসায়, ড্রাগ্ছ আৰু মানৱ সৰবৰাহৰ দৰে অপৰাধ ব্যাপকভাৱে বৃদ্ধি পাইছিল৷ ২০০৪ চনলৈকে ধুবুৰীৰ সকলো সাংসদ আছিল খিলঞ্জীয়া মুছলমান৷ বদৰুদ্দিন আজমল ২০০৯ চনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা প্রথমজন ভটীয়া মুছলমান আছিল৷ আজমলৰ এই বিজয়ে ধুবুৰীত খিলঞ্জীয়া মুছলমানসকলৰ ৰাজনৈতিক আধিপত্য সম্পূর্ণৰূপে সমাপ্ত কৰিছিল৷ খিলঞ্জীয়া মুছলমানক পিছ পেলাই ভাটিয়াসকলে এতিয়া ধুবুৰীত সংখ্যাগত আৰু ৰাজনৈতিক দুয়োধৰণে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ যিহেতু আজমলে উর্দু আৰু বাংলা ভাষাৰ পূর্ববংগীয় উপভাষাত কথা পাতে, তেওঁ ভাটিয়াসকলৰ পৰা সহজতে সমর্থন লাভ কৰিব পাৰিছিল৷ মৌলানা আজমলক তেওঁলোকে নিজৰ ‘হুজুৰ’ বুলি সন্মান কৰিছিল৷ তদুপৰি আজমলৰ দীঘল দাড়ি আৰু কাপোৰ পিন্ধাৰ ইছলামিক শৈলীয়েও তেওঁক ভাটিয়া মুছলমানসকলৰ ব্যাপক সমর্থন লাভ কৰাত সহায় কৰিছিল৷ ভাটিয়াসকলৰ এহ সমর্থনৰ বিনিময়ত আজমলে তেওঁলোকৰ বাবে নিজাববীয়াকৈ বহুতো কল্যাণমূলক আঁচনি প্রৱর্তন কৰিছিল৷ বদৰুদ্দিন আজমলৰ ৰাজনৈতিক উত্থানৰ পিছতে মোল্লা–মৌলবীসকলে ধুবুৰীৰ মুছলমান সমাজত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা আৰম্ভ কৰিছিল৷ বর্তমান ধুবুৰীত ভাটিয়া মুছলমান সম্প্রদায়ৰ এক বৃহৎসংখ্যক দৰিদ্র, অশিক্ষিত আৰু গোড়া মানসিকতাৰ লোক বাস কৰে৷ অপৰিসীম সাংস্কৃতিক সমৃদ্ধিৰে ভৰপূৰ এসময়ৰ সেই একেই ধুবুৰী আজি অসমৰ আটাহতকৈ পিছপৰা জিলা হিচাপে কুখ্যাত৷
অৱশ্যে ধুবুৰীত বাস কৰা হিন্দুসকলৰ দুর্দশাৰ বিষয়ে নোকোৱাই ভাল হ’ব৷ ভাটিয়াসকলে ধুবুৰীৰ পৰা হিন্দুসকলক বিতাড়িত কৰাৰ কিছুমান সুপৰিকল্পিত আৰু সূক্ষ্ম কৌশল ব্যৱহাৰ কৰে৷ যিকোনো এটা নির্দিষ্ট এলেকাত ভাটিয়াসকলে নিজৰ দখল স্থাপন কৰাৰ পিছত অধিকসংখ্যক মুছলমান পৰিয়ালে সেই একে ঠাইতে বসতি স্থাপন কৰাটো তেওঁলোকে সকলো ফালৰ পৰা নিশ্চিত কৰে৷ সংখ্যাগতভাৱে শক্তিশালী হোৱাৰ লগে লগে তেওঁলোকে সমাজৰ প্রতিটো ক্ষেত্রত নিজৰ আধিপত্য প্রতিষ্ঠা কৰিবলৈ আৰম্ভ কৰে৷ প্রথমে তেওঁলোকে হিন্দু উৎসৱ–পার্বণ উদযাপনৰ বিৰুদ্ধে প্রতিবাদ কৰে৷ ইয়াৰ পিছত তেওঁলোকে বিভিন্নধৰণে হিন্দু ছোৱালী–বোৱাৰীসকলক হাৰাশাস্তি কৰে৷
ধুবুৰীত ভাটিয়াৰ পৰিকল্পিত হাৰাশাস্তিত অৱশেষত হিন্দুসকল অতিষ্ঠ হৈ ঘৰে–মাটিয়ে বিক্রী কৰি পৰিয়ালৰ সুৰক্ষাৰ বাবে আন ঠাইলৈ স্থানান্তৰিত হৈছে৷ ভাটিয়াসকলে ভূমি ক্রয় কৰাৰ বাবে হিন্দুসকলক বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিবলৈ সদায় সাজু থাকে৷ ধুবুৰী জিলাৰ এসময়ৰ অগণন হিন্দু সংখ্যাগৰিষ্ঠ গাঁও আৰু অঞ্চল আজি এনেদৰেই মুছলমান সংখ্যাগৰিষ্ঠলৈ পৰিণত হ’ল৷ ২০১৯ চনৰ এপ্রিল মাহত ধুবুৰী জিলাৰ চাপৰৰ বাসিন্দা ৰবীন ৰয় নামৰ এজন হোমিঅ’পেথী চিকিৎসকক কেইজনমান বাইক চালকৰ দ্বাৰা গুলীয়াই হত্যা কৰা হৈছিল৷ পিছত জানিব পৰা মতে, ৰয়ে নিজে বাস কৰা তেওঁৰ হিন্দু অধ্যুষিত এলেকাত ভাটিয়া মুছলমান পৰিয়াল এটাক ভূমি বিক্রী কৰাৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল৷
১৯৯০ৰ দশকৰ আৰম্ভণিৰ পৰা বড়ো–মুছলমান সংঘর্ষৰ ফলস্বৰূপে কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলাৰ পৰা পলায়ন কৰি অহা বহুসংখ্যক মুছলমান শৰণার্থীও ধুবুৰীত বসতি স্থাপন কৰিছিল৷ তেওঁলোকৰ বর্ধিত জনসংখ্যাই ধুবুৰীৰ বহুতো হিন্দু পৰিয়ালক চুবুৰীয়া পশ্চিমবংগলৈ পলাই যাবলৈ বাধ্য কৰোৱাইছিল৷ বর্তমানৰ বিজেপি চৰকাৰে অর্থনৈতিক বিকাশৰ ক্ষেত্রত ধুবুৰীত কেইবাটাও গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প সম্পাদন কৰিছে৷ কিন্তু হয়াত বাস কৰা হিন্দুসকলক সুৰক্ষা প্রদান কৰাটোও সমানেই গুৰুত্বপূর্ণ৷ এই পৰিপ্রেক্ষিতত চৰকাৰে জিলা পর্যায়ত হিন্দুসকলক সংখ্যালঘু সম্প্রদায় হিচাপে শ্রেণীবদ্ধ কৰাৰ কথা বিবেচনা কৰা উচিত৷
লেখিকা বর্তমান সহকাৰী অধ্যাপিকা
হিচাপে দিল্লীত কর্মৰত, ফোনঃ ৯৫৬০৮–৭৭৭১৬