সম্পাদকীয় : খিলঞ্জীয়াৰ ভূমি সুৰক্ষা
অসমৰ ভূমি–ৰাজহ আইনত দ্বাদশ অধ্যায়ৰ সংযোজন ঘটাই ২৫০ বছৰ পুৰণি সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যবহনকাৰী অঞ্চলসমূহক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে৷ যোৱা ২১ আগষ্টত ৰাজ্য চৰকাৰৰ মন্ত্রীসভাৰ কেবিনেট বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি অসমৰ ভূমি–ৰাজহ আইনখনৰ সংশোধন বিধানসভাৰ শেহতীয়া অধিৱেশনত অনুমোদন হৈছে৷ ৰাজ্যপালৰ প্রয়োজনীয় অনুমোদন হৈ উঠাৰ লগে লগে ভূমি–ৰাজহ আইনখনত অন্তর্ভুক্ত দ্বাদশ অধ্যায়ে আইনত অন্তর্ভুক্ত হ’ব৷ ভূমি–ৰাজহ আইনৰ দ্বাদশ অধ্যায়ৰ সংযোজনৰ জৰিয়তে ঐতিহ্যপূর্ণ বৰপেটা আৰু বটদ্রৱাত খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰাৰ বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷ মহাপুৰুষজনাৰ সৃষ্টিৰাজি আৰু সংস্কৃতিৰে ভৰপূৰ বৰপেটা আৰু বটদ্রৱাৰ ভূমি এতিয়া ক্রয়–বিক্রয়ৰ ক্ষেত্রত কঠোৰ বাধা–নিষেধ আৰোপ কৰা হৈছে৷ বৰপেটা আৰু বটদ্রৱা সত্রৰ ৫ কিলোমিটাৰ ব্যাসার্ধত বলৱৎ হ’ব ভূমি–ৰাজহ আইনৰ নতুন অধ্যায়৷ তদুপৰি সত্রনগৰীৰ ভূমিক সংৰক্ষিত কৰা হৈছে৷ বৰপেটা আৰু বটদ্রৱা সত্রৰ ৫ কিলোমিটাৰ ব্যাসার্ধত ভূমি ক্রয়–বিক্রয়ৰ ক্ষেত্রত কঠোৰ নির্দেশনা বলৱৎ কৰা হৈছে৷ এতিয়া বৰপেটা আৰু বটদ্রৱা সত্রৰ ৫ কিলেমিটাৰ ব্যাসার্ধত ইচ্ছা কৰিলে যিকোনো লোকে মাটি ক্রয়–বিক্রয় কৰিব নোৱাৰিব৷ নির্ধাৰিত ঐতিহাসিক স্থান তিনিটাত ভূমি ক্রয় কৰিবলৈ হ’লে সেই অঞ্চলটোত তিনি পুৰুষ ধৰি বসবাস কৰা লোক হ’ব লাগিব৷ ৰাজ্যখনত ক্রমবর্ধমান হাৰত বৃদ্ধি পোৱা অনুপ্রৱেশকাৰীসকলে খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ প্রতি সৃষ্টি কৰা গভীৰ ভাবুকিৰ বাবেই ৰাজ্য চৰকাৰে এনে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ভূমিৰ অধিকাৰ নিশ্চিতকৰণ অবিহনে খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সুৰক্ষা কেতিয়া নিৰাপদ নহয়৷ বিশেষকৈ বাংলাদেশী মূলৰ অনুপ্রৱেশকাৰীসকলে বৰপেটা আৰু বটদ্রৱা সত্রৰ প্রতি গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ মহাপুৰুষজনাৰ স্মৃতি বিজড়িত বৰপেটা আৰু নগাঁৱকে ধৰি ৰাজ্যখনৰ কেইবাখনো ঐতিহ্যবহনকাৰী সত্রৰ ভূমিত বেদখল কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ আনকি বাংলাদেশী মূলৰ বেদখলকাৰীৰ আগ্রাসনত কেইবাখনো সত্রৰ অস্তিত্ব বিপন্ন হৈছে৷ সত্রসমূহক সুৰক্ষিত কৰাত নিয়োজিত ভক্তসকলৰ ওপৰতো অনুপ্রৱেশকাৰীয়ে আতিশয্য চলাই থকাৰ অভিযোগ উঠিছে৷ অসম ভূমি–ৰাজহ আইনৰ দ্বাদশ অধ্যায়ৰ সংযোজন ঘটাই বৰপেটা আৰু বটদ্রৱাৰ ভূমিক সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ আগন্তুক দিনত আৰু অধিক সম্প্রসাৰণ হ’ব লাগিব৷ অসমত ঐতিহ্যপূর্ণ বহু স্থানত এতিয়াও অনুপ্রৱেশকাৰীৰ আগ্রাসন অব্যাহত আছে৷ বিশেষকৈ কেইবাশতিকা ধৰি ৰাজ্যখনত ঐতিহ্য আৰু সংস্কৃতিৰ গুৰি ধৰা অনুষ্ঠানসমূহ সুৰক্ষিত কৰিবলৈ অনাগত দিনত ৰাজ্য চৰকাৰখনে উক্ত আইনৰ অধীনত কঠোৰ পদক্ষেপ গ্রহণ কৰিবই লাগিব৷
বাংলাদেশী মূলৰ অনুপ্রৱেশকাৰীয়ে যে অসমৰ জনগাঁথনি সলনি কৰি খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ বিপদ ঘটাব সেয়া দেশে স্বাধীনতা লাভ কৰাৰ পূর্বে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন, ৰূপনাথ ব্রহ্মকে ধৰি জননেতাসকলে উপলব্ধি কৰিছিল৷ স্বৰাজোত্তৰ কালছোৱাত ছাদুল্লা চৰকাৰে অধিক শস্য উৎপাদনৰ নামত বাংলাদেশী মূলৰ লোকক অসমত প্রৱেশত উৎসাহিত কৰি খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ জীৱনলৈ দুর্যোগ নমাই অনাৰ দীর্ঘম্যাদী আঁচনি লৈছিল৷ ছাদুল্লাৰ লক্ষ্য আছিল অসমক বাংলাদেশৰ অন্তর্ভুক্ত কৰি এখন বৃহৎ ইছলামিক দেশ প্রতিষ্ঠা কৰাৰ৷ কিন্তু গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন আদিৰ দৰে বলিষ্ঠ জনপ্রতিনিধিসকলৰ্ বাধাৰ বাবে ছাদুল্লাই থমকি ৰ’ব লগা হৈছিল৷ তথাপি অনুপ্রৱেশকাৰীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ জীৱন আৰু জীৱিকাৰ প্রতি সৃষ্টি হ’ব পৰা ভাবুকিৰ প্রতি লক্ষ্য ৰাখি স্বাধীনতাৰ পিছতেই ভূমি–ৰাজহ আইনত দশম অধ্যায় সংযোজন কৰি ট্রাইবেল বেল্ট আৰু ব্লক গঠন কৰিছিল৷ ১৯৪৯ত অবিভক্ত বৰপেটা জিলাৰ গোৱর্ধনা, খৰিছা বিজনী, চাপাগুৰি, বিজনী, বাঝগাঁৱক জনজাতীয় বেষ্টনী হিচাপে অন্তর্ভুক্ত কৰা হৈছিল৷ একেদৰে নগাঁও জিলাৰ আমচৈ, বগৰিগুৰি, বৰকছাৰীগাঁও বৰদলোং, বৰপথাৰ, আমগুৰি চাং, কাকী, কান্দুৰা, ৰাতাবাৰী গাঁৱক জনজাতীয় ব্লক হিচাপে গঢ়া হৈছিল৷ ১৯৫০ চনত মৰিগাঁও জিলাৰ ভালুকজাৰী, ঘাগুৱা, তেতেলীয়া, গোভা, জামাদাৰী, পলাহগুৰি আৰু বৰংগানিক জনজাতীয় বেষ্টনীৰূপে গঢ়া হৈছিল৷ ৰাজ্যখনৰ প্রায় ৫০টা ট্রাইবেল বেল্ট আৰু ব্লকৰ অধিকাংশই গঠন হৈছিল দেশে স্বাধীনতা লাভ কৰাৰ ৫ বছৰৰ ভিতৰত৷ অৱশ্যে কেইটামান জনজাতীয় বেল্ট আৰু ব্লক ১৯৮৪ত গঠন হৈছিল৷ ৰাজ্যখনৰ সাৰুৱা সমতল ভূমিৰ অধিকাংশতে বাংলাদেশী মূলৰ অনুপ্রৱেশকাৰীৰ আগ্রাসন হৈছে৷ আনকি আইনগতভাৱে গঠিত ট্রাইবেল বেল্ট আৰু ব্লকসমূহতো বাংলাদেশী মূলৰ অনুপ্রৱেশকাৰীৰ আগ্রাসন দিনকদিনে বৃদ্ধি হৈছে৷ অবিভক্ত গোৱালপাৰা জিলাৰ পর্বতঝোৰা আৰু বালাঘাট নায়কগাঁৱক অনুপ্রৱেশকাৰীৰ পৰা ৰক্ষা কৰিবলৈ ১৯৮৪ত জনজাতীয় বেল্ট গঠন কৰা হৈছিল৷ কিন্তু বিগত ৪০ বছৰে এই জনজাতীয় বেষ্টনীত অনুপ্রৱেশকাৰীৰ আগ্রাসন আৰু আতিশয্য ইমানেই বৃদ্ধি পাইছে যে খিলঞ্জীয়া লোকসকলে শান্তিৰে জীৱন নির্বাহ কৰিব পৰা নাই৷ খিলঞ্জীয়া লোকৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ কৰা হয় যাতে তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হৈ মাটি–বাৰী বিক্রী কৰিবলৈ বাধ্য হয়৷ দেশে স্বাধীনতা লাভ কৰাৰ এবছৰ পিছতে ১৯৪৮ত দৰং জিলাৰ কলাইগাঁও, তেতেলীয়া ভাঙুৰীয়া, কাচাৰপাৰা, ভূঞাখাত, তেজিয়াল আৰু দলগাঁৱক জনজাতীয় ব্লক গঠন কৰা হৈছিল যদিও সম্প্রতি বেদখলকাৰীৰ আগ্রাসনত খিলঞ্জীয়া জনজাতীয় লোকসকলে জীৱন মৰণৰ সমস্যাত ভুগি আছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সুৰক্ষা নিশ্চিত কৰিবলৈ হ’লে ৰাজ্য চৰকাৰে আইনগতভাৱে ৰক্ষাকৱচ প্রদান কৰাৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এইক্ষেত্রত অসম চুক্তিৰ ৬নং দফা অনুসৰি চৰকাৰখনে খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষাৰ বাবে বিশেষজ্ঞৰ জৰিয়তে কঠোৰতম ব্যৱস্থা গ্রহণ কৰাৰ প্রয়োজন হৈছে৷ অন্যথা খিলঞ্জীয়া লোকসকলে অনাগত দিনত আৰু অধিক যন্ত্রণাৰ সন্মুখীন যে হ’ব লাগিব সেয়া নিশ্চিত৷