নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ নিৰ্বাচনত পৰাজয়ৰ ভয়ত ধুবুৰীলৈ ৰকিবুল হুছেইন : মণি মাধৱ মহন্ত

🔹 উপ-নিৰ্বাচনক লৈ চামগুৰিত অগপৰ ব্যাপক তৎপৰতা

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : আগন্তুক চামগুৰিৰ উপ-নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে অগপ দলে৷ অসম গণ পৰিষদৰ চামগুৰি বিধান পৰিষদৰ উদ্যোগত ৰূপহীহাটত কালি সন্ধিয়া অনুষ্ঠিত হয় এখন বুথ সন্মিলন৷ উক্ত সন্মিলনত উপস্থিত হৈ সংবাদ মাধ্যমযোগে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনক ক্ষুৰধাৰ সমালোচনা কৰে অগপ নেতা মণি মাধৱ মহন্তই৷ তেওঁ কয়- চামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনক যোৱা ২৫টা বছৰে যথেষ্ট মৰম দিছিল, কিন্তু চামগুৰিৰ ৰাইজক আধাতে নিঠৰুৱা কৰি এৰি তেওঁ কিয় ধুবুৰীলৈ যাবলগীয়া হ’ল৷ ধুবুৰীত কংগ্ৰেছৰ মানুহ নাছিল নেকি বুলি কটাক্ষ কৰে মণি মাধৱ মহন্তই৷ আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে চামগুৰিত ৰকিবুল হুছেইনে হৰাৰ উমান পায়ে ধুবুৰীলৈ গৈছে বুলি মন্তব্য কৰে মণিমাধৱ মহন্তই৷ ৰকিবুল হুছেইনক আঁতৰাই দিয়াৰ পাছত পুত্ৰক যে চামগুৰি ৰাইজে আদৰি ল’ব, সেয়া আজিলৈকে কাৰোৰে মুখত শুনা নাই বুলি মন্তব্য কৰে মহন্তই ৷ চামগুৰিত আগন্তুক দিনত কংগ্ৰেছ দল মহাবিপদত পৰিব, সেয়ে বিজেপি মিত্ৰজোঁটৰ লগত যুঁজিব পৰাকৈ শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান মণিমাধৱ মহন্তৰ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like