নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : ‘শিক্ষকৰ অৱদান সমাজৰ বাবে অপৰিহাৰ্য ৷ বৰ্তমান সময়ত শিক্ষক-ছাত্ৰৰ সম্বন্ধ পূৰ্বৰ তুলনাত অলপ সলনি হৈছে৷ যান্ত্ৰিকতাৰ দিনত এই নৈতিকতাৰ যেন ক’ৰবাত স্খলন ঘটিছে ৷ এয়া অটুট ৰাখিব লাগিব আমাৰ প্ৰচেষ্টাৰে ৷ শিক্ষকক সন্মান যচা এনেকুৱা অনুষ্ঠানৰ পৰা নতুন প্ৰজন্মলৈ অন্তত: এটা মেছেজ যাব যে সমাজত শিক্ষকসকলৰ গুৰুত্ব কিমান৷’- আজি পাটাছাৰকুছি (শতদল) শাখা সাহিত্য সভাই আয়োজন কৰা শিক্ষাগুৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভট্টদেৱ বিশ্ববিদ্যালয়, বজালীৰ উপাচাৰ্য প্ৰফেছৰ ড° ধনপতি ডেকাই এইদৰে কয়৷ অসম সাহিত্য সভাই ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পাঁচ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবত শাখা সভাখনৰ উদ্যোগত ৩১গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপক হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে বিভূষিত পাঠশালা তপোবনৰ সঞ্চালক কুমুদ কলিতাই প্ৰদান কৰা ভাষণত শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি উল্লেখ কৰি শিক্ষকে মানৱ সম্পদৰ বিকাশৰ সেতু হিচাপে ভূমিকা গ্ৰহণ কৰে আৰু মহান শিক্ষাগুৰুসকলে সদায় জাতি নিৰ্মাণৰ কামত ব্ৰতী হৈ থাকে বুলি কয়৷ আন এগৰাকী অতিথি বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে এটা পুৰণি ইংৰাজী গল্পৰ আধাৰত কয় যে এটা সময়ত শিক্ষকৰ স্থান দখল কৰিব বিশেষ যন্ত্ৰই ৷ এই যন্ত্ৰই শিক্ষাকাৰ্য শক্তিশালী কৰিব যদিও মানৱীয় মূল্যবোধ দিব নোৱাৰে৷ মগজুত তথ্য ভাণ্ডাৰ সুমুৱাই লৈ যথাস্থানত উলিয়াই দিব পৰা শিক্ষাই আগৰ শিক্ষকৰ নিচিনা চিন্তা কৰিবলৈ শিকাব নোৱাৰে৷ পৰিৱৰ্তনবোৰ দেখাত ভাল, কিন্তু সেই পৰিৱৰ্তনে আজি সমাজত প্ৰয়োজন হোৱা মানুহ দিব নোৱাৰে৷ আন এগৰাকী শ্ৰদ্ধাঞ্জলি জ্ঞাপক পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতাই প্ৰতিগৰাকী মানৱ সম্পদৰ আঁৰত একোগৰাকী শিক্ষকৰ অৰিহণা থাকে বুলি উল্লেখ কৰি শিক্ষক অবিহনে ভাল সমাজ এখন হ’বই নোৱাৰে বুলি কয়৷ পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত “শিক্ষাগুৰু সম্বৰ্ধনা” অনুষ্ঠানত সম্বৰ্ধিত শিক্ষাগুৰুসকল হ’ল বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ অমূল্য কুমাৰ দেৱচৌধুৰী, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৰবীন্দ্ৰ নাথ শৰ্মা, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক নলিনী কুমাৰ শৰ্মা, টিহু হাইস্কুলৰ অৱসৰী শিক্ষক হৰিশ্চন্দ্ৰ গোস্বামী, পাটাছাৰকুছি ছোৱালী হাইস্কুলৰ অৱসৰী শিক্ষক অতুল চন্দ্ৰ শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুল, ভোটেপোৱাবৰীৰ অৱসৰী সংস্কৃত শিক্ষক শৰৎ চন্দ্ৰ শৰ্মা, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ভাবিত চন্দ্ৰ হালৈ, দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মতিৰাম ৰয়, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক দুৰ্গাচৰণ শৰ্মা, পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হৰেকৃষ্ণ গোস্বামী, অৰুণাচল প্ৰদেশৰ দাপোৰিজো টাউন মিডিল স্কুলৰ অৱসৰী প্ৰধান শিক্ষক নলিনী কুমাৰ শৰ্মা, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বিনন্দ নাথ শীল, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক সুৰেন্দ্ৰ নাথ লাউজাৰী, গুণিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ অতুল চন্দ্ৰ ৰয়, হিড়িম্বা বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ভৱেন্দ্ৰ ৰামচিয়াৰী, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক গিৰীশ চন্দ্ৰ কলিতা, নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক জীৱন চন্দ্ৰ ৰয়, শ্বহীদ মদন-ৰাউতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী সংস্কৃত শিক্ষক মনোৰঞ্জন শৰ্মা, আঞ্চলিক হাইস্কুল, মেৰকুছিৰ অৱসৰী শিক্ষক প্ৰসন্ন কুমাৰ শৰ্মা, পাহলা-শিমলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক ৰবীন্দ্ৰ নাথ শৰ্মা, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ খনীন্দ্ৰ নাথ তালুকদাৰ, আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ভগৱান চন্দ্ৰ শৰ্মা, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক চক্ৰধৰ হালৈ, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষয়িত্ৰী মুন শৰ্মা, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মনোৰঞ্জন কলিতা, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিজ্ঞান শিক্ষক গণেশ চন্দ্ৰ শৰ্মা, অৰুণাচল প্ৰদেশৰ দায়ুং গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ কুমুদ চন্দ্ৰ পাঠক, পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষয়িত্ৰী সৰলা দেৱীচৌধুৰী, আদৰ্শ হাইস্কুল, ধৰমতলাৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি ভট্ট, স্বামী বিৰজানন্দ বিদ্যা নিকেতন, কৰিমগঞ্জৰ অৱসৰী শিক্ষক হৰেন নাথ গোস্বামী, নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী শিক্ষক আহমেদ আলী । শাৰীৰিক অসুস্থতা আৰু প্ৰতিকূল বতৰৰ বাবে অনুষ্ঠানত উপস্থিত নথকা চাৰি-পাঁচগৰাকীমান শিক্ষাগুৰুক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হয়৷ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক কিশোৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু সহকাৰী সম্পাদক গৌতম গোস্বামী আৰু নিতুল শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত পুৱা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে বিভূষিত পাঠশালা তপোবনৰ সঞ্চালক কুমুদ কলিতা, পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতা আৰু পাটাছাৰকুছি প্ৰাগজ্যোতি ক্লাবৰ সভাপতি ৰফিকুল হকে। শাখাৰ উপ-সভাপতি হিতেশ চন্দ্ৰ গোস্বামী, ভবেশ গোস্বামী, কোষাধ্যক্ষ গোপেশ শৰ্মাৰ লগতে বহু হিতৈষী, শুভাকাংক্ষী উপস্থিত থকা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় অন্যতম সহকাৰী সম্পাদক দিগন্ত গোস্বামীয়ে ।
প্ৰেৰক উৎপল মেধি