নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণিকা পাঠকলৈ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতা সোঁৱৰণী বঁটা

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰ : অসমৰ অনন্য প্রতিভূ সত্ৰসমূহৰ ভিতৰত ১৯৫২ চনত প্রতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, বৰঙাজুলি সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ, অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটাপ্ৰাপক সত্ৰাধিকাৰ, ওদালগুৰি ৰত্ন বঁটা প্রাপক, সত্রভূষণ, ভকত শিৰোমণি, আতাপুৰুষ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাক অসমৰ জনমানসত সদায় প্রাণৱন্ত কৰি জীয়াই ৰখাৰ একান্ত মানসেৰে শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰতি দুবছৰৰ মূৰে-মূৰে ‘ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আঁতা সোঁৱৰণী বঁটা ঘোষণা কৰে।হৰেকৃষ্ণ মহন্ত আতাৰ ৯৮সংখ্যক জন্মতিথি উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ কেন্দ্ৰীয় সমিতিয়ে বঁটা প্ৰদান কৰিব গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী, স্বৰ্গীয় ডালিম পাঠকৰ সহধৰ্মিণী তথা উৰিষ্যাৰ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকক। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ২০২৪ বৰ্ষৰ ১৯ ডিচেম্বৰত হৰেকৃষ্ণ মহন্ত আতাৰ ৯৮সংখ্যক জন্মতিথি উপলক্ষে বৰঙ্গাজুলি সত্ৰত প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় সমিতিৰ অনিৰুদ্ধ ভৰালী আৰু সম্পাদক বিষ্ণু প্ৰসাদ ৰাভাই।

প্ৰেৰক পিংকুমণি কলিতা

You might also like