নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গা পূজাত ভাৰতলৈ ইলিচ মাছৰ ৰপ্তানি বন্ধ বাংলাদেশৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ছেপ্টেম্বৰঃ বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই দেশৰ অস্থিৰতাৰ মাজত প্রধানমন্ত্রীৰ পদ ত্যাগ কৰি ভাৰতত আহি আশ্রয় লোৱাৰ পিছৰে পৰা প্রতিবেশী দেশখনৰ সৈতে নতুন দিল্লী প্রশাসনৰ সম্পর্ক সুস্থিৰ হৈ থাকিব নে নাই, তাক লৈ বিভিন্ন মহলে আশংকা প্রকাশ কৰি আহিছে৷ ইয়াৰ মাজতে বাংলাদেশে দীর্ঘদিনীয়া এক পৰম্পৰা ভংগ কৰিবলৈ লৈছে৷ পদ্মা নদীৰ সুস্বাদু ইলছা মাছৰ ভাৰতলৈ ৰপ্তানি দুর্গাপূজাৰ পূর্বে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে বাংলাদেশৰ এয়া এক ভাৰতৰে দীর্ঘদিনীয়া সাংস্কৃতিক পৰম্পৰাৰ অংশ হিচাপে চিহ্ণিত হৈ আহিছে৷ বাংলাদেশৰ পদ্মা নদীৰ ইলছা মাছ ভাৰতীয় লোকসকলৰ অতি প্রিয়৷ ইয়াত বাণিজ্যিক দিশটোৰ সমান্তৰালকৈ ভাৰতৰে বাংলাদেশৰ মৈত্রীৰ সম্পর্কৰ বিষয়টো নিহিত হৈ আছে৷ কিন্তু দুর্গাপুজাৰ পূর্বে বাংলাদেশে ইলছা মাছৰ ভাৰতলৈ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিশেষকৈ দুর্গাপূজাৰ লগতে প্রায় এটা মাহ ধৰি ভাৰতত বিভিন্ন উৎসৱ চলিব৷ এই সময়ছোৱাত বাংলাদেশৰ প্রতিবেশী ভাৰতীয় ৰাজ্য পশ্চিমবংগত ইলছা মাছৰ যথেষ্ট চাহিদা থাকে৷ পশ্চিমবংগৰ হোটেল–ৰেষ্টুৰেণ্টসমূহ এই সময়ছোৱাত বাহিৰৰ লোকসকলেও ইলছা মাছৰ জুতি ল’বলৈ আহে৷ বিশেষকৈ পদ্মা নদীৰ ইলছাৰ বাবে কলকাতাসহ পশ্চিমবংগৰ বিভিন্ন চহৰৰ ভোজনালয়ত খাদ্য ৰসিকসকলে ভিৰ কৰে৷ কিন্তু বাংলাদেশ চৰকাৰে ইলছা মাছৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে সমগ্র পশ্চিমবংগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ হাছিনা ক্ষমতাত থকা অৱস্থাত বাংলাদেশে ভাৰতলৈ ইলছা মাছ ৰপ্তানি কৰিছিল শুভেচ্ছামূলক বার্তাৰ সৈতে৷ আনকি বাংলাদেশৰ পৰা বিভিন্ন ঋতুত ফল ভাৰতলৈ প্রেৰণ কৰি অহা হৈছিল হাছিনাৰ দিনত৷ কিন্তু এতিয়া দেশখনৰ অন্তর্ৱর্তী চৰকাৰে ভাৰতৰ সৈতে চলি থকা এই বাণিজ্যিক তথা সাংস্কৃতিক পৰম্পৰা বন্ধ কৰি দিবলৈ ওলাইছে৷ স্মর্তব্য যে ২০১২ৰ পৰা ২০২০ চনলৈ বিশ্বৰ বিভিন্ন দেশলৈ ইলছা মাছ ৰপ্তানি বন্ধ কৰিছিল বাংলাদেশে৷ কিন্তু সেই সময়তো হাছিনা চৰকাৰে ভাৰতলৈ পর্যাপ্ত পৰিমাণে ইলছা মাছ প্রেৰণ কৰিছিল৷ সেই সময়ছোৱাত ইলছা মাছৰ যোগান কমি আহিছিল৷ কিন্তু ভাৰতৰ ক্ষেত্রত কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাছিল হাছিনা চৰকাৰে৷ স্মর্তব্য যে বিশ্বৰ ৭০ শতাংশ ইলছা মাছৰ উৎপাদক হিচাপে চিহ্ণিত হৈ আহিছে বাংলাদেশ৷ দেশখনৰ ৰাষ্ট্রীয় মাছ হিচাপেও গণ্য কৰা হয় ইলছাক৷ আজি দেশখনৰ সংবাদ পত্র ঢ়াকা ট্রিবিউনে মীন আৰু পশুপালন মন্ত্রালয়ৰ উপদেষ্টা ফৰিদা আখতাৰৰ বক্তব্যৰ উদ্ধৃতি দি কৈছে যে স্থানীয় গ্রাহকসকলক পর্যাপ্ত পৰিমাণে ইলছা মাছ যোগান ধৰিবলৈ এই নিষেধাজ্ঞাৰ সিদ্ধান্ত লোৱা হৈছে৷ গতিকে দুর্গাপুজাৰ সময়ত দেশখনৰ বাণিজ্য মন্ত্রালয়ক ভাৰতলৈ ইলছা ৰপ্তানি বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে বুলিও আখতাৰে সংবাদ পত্রখনক জানিবলৈ দিছে৷ লক্ষণীয় বিষয়টো হৈছে ভাৰতলৈ আটাইতকৈ বেছি ইলছা মাছ বাংলাদেশে ৰপ্তানি কৰে ছেপ্ঢেম্বৰ–ক্টোবৰ মাহত৷ এই সময়ছোৱাতেই পদ্মা নদীৰ ইলছা মাছ সুস্বাদু হৈ পৰে বুলি জনশ্রুতি আছে৷ শেহতীয়াকৈ বাংলাদেশৰ এই নিষেধাজ্ঞা ‘ইলছা কূটনীতি’ হিচাপে চিহ্ণিত হৈছে৷ কাৰণ তীষ্টা নদীৰ পানীৰ ভাগ–বাটোৱাৰাক লৈ বাংলাদেশ তথা প্রতিবেশী দেশবোৰৰ মাজত যি চুক্তি আছিল, সেই চুক্তিক লৈ অসন্তুষ্টি প্রকাশ কৰি আহিছে ঢ়াকা প্রশাসনে৷ বাংলাদেশে ইলছা ৰপ্তানিৰ ক্ষেত্রত এই নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে ভাৰতৰ ওড়িশা আৰু গুজৰাটে ম্যানমাৰৰ পৰা ইলছা মাছ আমদানি কৰাৰ সিদ্ধান্ত লৈছে৷ ইলছা মাছৰ যোগান হ্রাস পোৱাৰ ফলত এই মাছবিধৰ প্রতি কিলোগ্রামৰ মূল্য ২,২০০ৰ পৰা ২,৪০০লৈ বৃদ্ধি পাইছে নতুন দিল্লীত৷ স্মর্তব্য যে ২০১৯ চনত বাংলাদেশে দুর্গাপূজাৰ উপহাৰ হিচাপে ভাৰতলৈ ৰপ্তানি কৰিছিল ৫০০ টন ইলছা মাছ৷

You might also like