নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে অসমত । অসমৰ ঠায়ে ঠায়ে এতিয়া এই ভাইৰাছৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে গঢ়ি তুলিছে সজাগতা । আমেৰিকাৰ এজন পৰ্যটকে অসম ভ্ৰমণ কি ভূটানলৈ যোৱাৰ পাচতেই ভূটানত ক’ৰোনা পজিটিভ পোহৰলৈ আহে তেওঁৰ শৰীৰত । এই খবৰ পোহৰলৈ অহাৰ পাচতেই আতংকিত হৈ পৰিছে সকলো ।
পৰ্যটকজনে ভ্ৰমণ কৰা প্ৰতিটো অঞ্চল, হোটেলৰ লগতে সকলোতে গঢ়ি তোলা হৈছে স্বাস্থ্য পৰীক্ষা । যিখন এমভি মহাবাহু জাহাজেৰে পৰ্যটকজন মাজুলীৰ পৰা গুৱাহাটীলৈ আহিছিল সেইখন জাহাজকো এতিয়া আছুতীয়াকৈ ৰখাই থোৱা হৈছে ব্ৰহ্মপুত্ৰৰ মাজত । একুৰিৰো অধিক পৰ্যটক থকা এই জাহাজখন কমলাবাৰী ঘাটৰ পৰা উভতাই পুনৰ নিমাতীঘাটলৈ পঠোৱা হৈছে । নিমাতীঘাটতেই জাহাজখনত থকা ২৯ গৰাকী কৰ্মচাৰী আৰু পৰ্যটকসকলক স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব বুলি জানিব পৰা গৈছে ।