নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ দেশজুৰি ক’ৰণা ভাইৰাছৰ আতংক। দেশজুৰি আক্ৰান্ত হৈছে কেইবাজনো লোক। ক’ৰণা ভাইৰাছৰ আতংকই এতিয়া খেদি ফুৰিছে প্ৰতিজন লোকক। অসমতো এই ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। আমেৰিকাৰ এজন পৰ্যটক অসমত প্ৰায় এসপ্তাহ থাকি গুৱাহাটী, যোৰহাট. মাজুলী ভ্ৰমণ কৰি ভূটানলৈ যোৱাৰ পিছত পাৰ’ বিমানবন্দৰত ধৰা পৰে পৰ্যটকজন ক’ৰণা ভাইৰাছত আক্ৰান্ত।
ক’ৰণা ভাইৰাছৰ আতংক বিয়পি পৰা লগে লগে চাহিদা বাঢ়িছে মাস্ক আৰু চেনিটাইজাৰৰ। ফাৰ্মাচীত মাস্ক আৰু চেনিটাইজাৰ বিচাৰি গ্ৰাহকৰ ভিৰ। কিন্তু গ্ৰাহকৰ চাহিদাৰ বিপৰীতে যোগান ধৰিব পৰা নাই মাস্ক আৰু চেনিটাইজাৰ। তেনেক্ষেত্ৰত আপুনি কি ব্যৱহাৰ কৰিব? এখন গামোচা ৪ ভাঁজ কৰি মাস্কৰ সলনি ব্যৱহাৰ কৰিব পাৰে। লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিশিষ্ট অভিনেতা অনুপম খেৰৰ আহ্বান কৰমৰ্দন নহয় নমস্কাৰ কৰক।
অসমত এই ভাইৰাছত কোনো লোক আক্ৰান্ত হোৱা নাই যদিও সকলোকে সাৱধানতা অবলম্ৱন কৰাৰ লগতে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে।