নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ ৩৮৫ কোটি বছৰ প্রাচীন গহ্বৰত নামিছে চন্দ্রযান–৩

🔹 বিশ্বৰ কোনো দেশৰ মহাকাশ যানে স্পর্শ কৰিব পৰা নাই চন্দ্রৰ উক্ত অংশ 

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : চন্দ্রৰ প্রাচীনতম গহ্বৰবোৰৰ এটাত নামিছে ভাৰতৰ চন্দ্রযান–৩৷ ৰ’ভাৰ প্রজ্ঞানৰ কেমেৰাত তোলা ছবিবোৰ বিশ্লেষণ কৰি এই দাবী কৰিছে বিজ্ঞানীসকলে৷ বিজ্ঞানীসকলে জনোৱা অনুসৰি চন্দ্রৰ যি অংশত ভাৰতৰ মহাকাশযান উপস্থিত হৈছে, ইয়াৰ পূর্বে সেই স্থান কোনো দেশৰ মহাকাশ যানে স্পর্শ কৰিব পৰা নাছিল৷ আনুমানিক ৩৮৫ কোটি বছৰ পুৰণি গহ্বৰ এটাত উপস্থিত হৈছে চন্দ্রযান–৩৷ আহমেদাবাদত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ ফিজিকেল ৰিচার্ছ লেবৰেটৰীৰ বিজ্ঞানীসকলে চন্দ্রযান–৩ৰ ৰ’ভাৰৰ কেমেৰাত তোলা ছবিবোৰ বিশ্লেষণ কৰিছে৷ শেহতীয়াকৈ এক অনুষ্ঠানত বিজ্ঞানীসকলে জনাইছে যে যিটো গহ্বৰত চন্দ্রযান–৩ নামিছে, যিটো গহ্বৰত এতিয়াও আছে ৰ’ভাৰ প্রজ্ঞান, সেই গহ্বৰটো নেকটাৰিয়ান যুগত সৃষ্টি হৈছে৷ প্রায় ৪০০ কোটি বছৰ পূর্বে সেই যুগৰ অস্তিত্ব আছিল৷ চন্দ্রৰ এই প্রাচীনতম অংশত ইয়াৰ পূর্বে পৃথিৱীৰ পৰা কোনো অভিযান সফল হোৱা নাই বুলিও বিজ্ঞানীসকলে দাবী কৰিছে৷ ফিজিকেল ৰিচার্ছ লেবৰেটৰীৰ প্লেনেটাৰী ছায়েন্স বিভাগৰ সহকাৰী অধ্যাপক এছ বিজয়নে সংবাদ সংস্থাক জনোৱা অনুসৰি চন্দ্রযান–৩ যিটো গহ্বৰত নামিছে তাৰ অনন্য ভূতাত্ত্বিক বৈশিষ্ট্য আছে৷ ইয়াৰ পূর্বে কোনো অভিযান সেই স্থানত হোৱা নাই৷ প্রজ্ঞান ৰ’ভাৰৰ ছবিয়ে গহ্বৰটো কিমান প্রাচীন সেই কথা স্পষ্ট কৰি দিছে৷ ছবিবোৰৰ পৰা চন্দ্রৰ বিৱর্তন সম্পর্কতো ইংগিত পোৱা গৈছে বুলি বিজ্ঞানীগৰাকীয়ে সংবাদ মাধ্যমক জনায়৷ মহাকাশত কোনো গ্রহ বা উপগ্রহ পৃষ্ঠত গ্রহাণুৱে খুন্দা মাৰিলে যি গহ্বৰৰ সৃষ্টি হয় তাক ‘ক্রেটাৰ’ বুলি কোৱা হয়৷ চন্দ্রযান–৩ তেনে এক ‘ক্রেটাৰ’ত নামিছে৷

You might also like