নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : খিলঞ্জীয়াৰ সুৰক্ষাকৱচ

ক্ষমতা দখলৰ ৰাজনীতিৰ ধাৰা কিমান নিকৃষ্ট স্তৰলৈ অধোগতি হৈছে সেয়া শেহতীয়াকৈ অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ প্রাৰম্ভিক প্রক্রিয়াতে স্পষ্ট হৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তিৰ ৬ নম্বৰ দফাত ৰাজ্যখনৰ অসমীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ অসম চুক্তি স্বাক্ষৰৰ ৪০ বছৰ অতিক্রম কৰা সত্ত্বেও চুক্তিখনৰ ৬ নম্বৰ দফা ৰূপায়ণক লৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰা নাছিল৷ ৮৫৫জন শ্বহীদ আৰু সহস্রাধিক লোক ঘুণীয়া হোৱা বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক আন্দোলনেও ৰাজ্যখনৰ অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ মূল সমস্যাৰাজিৰ সমাধান কৰিব নোৱাৰিলে৷ বিগত চাৰিটা দশকত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ হওক দূৰৰ কথা, অসমীয়াৰ গ্রহণযোগ্য সংজ্ঞাই আনুষ্ঠানিকভাৱে গ্রহণ কৰা নহ’ল৷ ৰাজ্যৰ ক্ষমতাকেন্দ্রিক ৰাজনীতিৰ অংকত খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ বাৰে বাৰে বিপন্ন হৈছে৷ অসম আন্দোলনৰ মূল লক্ষ্য আছিল চুবুৰীয়া বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্রৱেশ কৰা বিদেশী লোকসকলক বহিষ্কাৰ কৰি খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰা৷ কিন্তু ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ত্যাগক উপহাস কৰি স্বাক্ষৰিত চুক্তিখনৰ জৰিয়তে বিদেশী বহিষ্কৰণৰ সময়সীমা ১৯৭১ৰ ২৫ মার্চ নির্ধাৰণ কৰা হৈছিল৷ সমগ্র দেশতে বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষ ১৯৫১ যদিও অসম চুক্তি অনুসৰি ২০ বছৰৰ বিদেশীৰ বোজা অসমবাসীয়ে ইতিমধ্যে গ্রহণ কৰিছে৷ ৰাজ্যখনত কিমানসংখ্যক বিদেশী লোকে আশ্রয় লৈ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষিত ভৱিষ্যৎ বিপন্ন কৰি তুলিছে তাৰ সঠিক তথ্য আহৰণ কৰাটো সহজসাধ্য নহয়৷ কিন্তু অসম চুক্তি স্বাক্ষৰৰ পাছতো চুবুৰীয়া বাংলাদেশৰ পৰা অনুপ্রৱেশ পূর্ণগতিত চলিয়ে আছে৷ ফলত ৰাজ্যখনৰ প্রায় ১৬খন জিলাত জনগাঁথনিৰ ব্যাপক পৰিৱর্তনে খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ অধিক বিপদাপন্ন কৰি তুলিছে৷ পৰিস্থিতি এনে হৈছে যে ৰাজ্যখনৰ কেইবাখনো জিলাত খিলঞ্জীয়া তথা ভূমিপুত্র লোকসকলে ঘৰ–মাটি বাংলাদেশী মূলৰ লোকক গতাই দিবলৈ বাধ্য হৈছে৷ ১৯৮৫ৰ ১৪ আগষ্টৰ নিশা নতুন দিল্লীত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ৰাজ্যখনৰ অসমীয়া তথা খিলঞ্জীয়া লোকসকলক সাংবিধানিক সুৰক্ষা প্রদানৰ বাবে পদক্ষেপ গ্রহণ কৰাহেঁতেন আজিৰ এই বিষময় পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন৷ অসম চুক্তিৰ পাছত দুটা কার্যকাল অসম গণ পৰিষদৰ নেতৃত্বত আৰু চাৰিটা কার্যকাল কংগ্রেছ দল ক্ষমতাত আছিল যদিও অসম চুক্তিৰ মূল দফাকেইটাই কার্যকৰী নকৰিলে৷ ক্ষমতাত থকাৰ সময়ছোৱাত অসম আন্দোলনক নেতৃত্ব দিয়া নেতাসকল খিলঞ্জীয়াৰ স্বার্থক লৈ যিদৰে নির্বিকাৰ আছিল, একেদৰে ভোটবেংকৰ ৰাজনীতিৰ বাবেই কংগ্রেছ দলে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ বিচৰা নাছিল৷ ফলত যিমানেই দিন বাগৰিছে সিমানেই বাংলাদেশী মূলৰ লোকসকলৰ আগ্রাসনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু জীৱিকালৈ গভীৰ ভাবুকি নমাই আনিছে৷
২০১৪ৰ লোকসভা নির্বাচনত অধিক শক্তিৰে বিজেপি দল ক্ষমতালৈ অহাৰ পাছত দেশৰ ৰাজনীতি বহু পৰিমাণে সলনি হৈছে৷ বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিয়ে বিগত ১০ বছৰত দেশজুৰি বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অসমকে ধৰি দেশৰ খিলঞ্জীয়া লোকসকলেও তেওঁলোকৰ অধিকাৰ প্রতিপন্ন কৰাৰ সুযোগ–সুবিধা পাইছে৷ এনে পৰিৱর্তিত পৰিস্থিতিৰ মাজতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ বাবে ১৯৯৯ত এক বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ অসম চুক্তিৰ স্বাক্ষৰকাৰী আছুৰ নেতৃত্বৰ সৈতে আলোচনামর্মে কেন্দ্রীয় চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটী গঠন কৰি দিছিল৷ ন্যায়াধীশ শর্মা আয়োগে ২০২০ৰ ১০ ফেব্রুৱাৰীত চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিছিল৷ বিগত চাৰি বছৰৰো অধিক ন্যায়াধীশ শর্মা আয়োগৰ প্রতিবেদনখন ৰাজহুৱা কৰা নাছিল ৰাজ্য চৰকাৰে৷ যোৱা ২৫ ছেপ্ঢেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু আছুৰ নেতৃত্বৰ উপস্থিতিত শর্মা আয়োগৰ প্রতিবেদনখন ৰাজহুৱা কৰা হৈছে৷ প্রতিবেদনখনত উল্লিখিত আটাইকেইটা দফা ৰূপায়ণ কৰাৰ প্রতিশ্রুতি প্রদান কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ মুখ্যমন্ত্রীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষা নিশ্চিত কৰিবলৈ আয়োগৰ পৰামর্শসমূহ সম্পূর্ণৰূপে ৰূপায়ণ কৰা হ’ব৷ আয়োগৰ ৬৭টা পৰামর্শৰ ভিতৰত ৰাজ্য চৰকাৰৰ এক্টিয়াৰভুক্ত ৪০টা পৰামর্শ অহা এপ্রিলৰ ভিতৰত কার্যকৰী কৰা হ’ব৷ আয়োগৰ ১২টা পৰামর্শ ৰূপায়ণৰ ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে উমৈহতীয়া দায়িত্ব গ্রহণ কৰিব লাগিব৷ ১৫টা পৰামর্শ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বুলি চিনাক্ত হৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ স’তেও প্রয়োজনীয় আলোচনামর্মে সমাধানৰ পথ প্রশস্ত কৰাৰ প্রতিশ্রুতি প্রদান কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ অহা ২৫ অক্টোবৰত আছুৰ নেতৃত্বৰ সৈতে পুনৰ বৈঠক অনুষ্ঠিত হ’ব৷ অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ জৰিয়তে অসমীয়া তথা খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ বিষয়টোত ৰাজ্যখনৰ সকলোবোৰ দল–সংগঠনে ইতিবাচক পদক্ষেপ গ্রহণ কৰা উচিত৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বিষয়টোক লৈ ৰাজনৈতিক খেল চলিব নালাগে৷ কিন্তু বিপ্লৱ শর্মা আয়োগৰ প্রতিবেদন ৰাজহুৱা কৰাৰ পাছতে একাংশ বিৰোধী ৰাজনৈতিক দলৰ নেতাই যিদৰে প্রতিবেদনখন কার্যকৰীকৰণক লৈ প্রশ্ণ উত্থাপন কৰিছে সেয়া শুভলক্ষণ নহয়৷ শর্মা আয়োগৰ প্রতিবেদনখন ৰাজহুৱা কৰাৰ আগলৈকে ৰাজ্যৰ একাংশ বিৰোধী নেতাই অভিযোগ কৰিছিল যে আয়োগৰ প্রতিবেদনখন ৰাজ্য চৰকাৰে গাপ দি ৰাখিছে, প্রতিবেদনখন কার্যকৰী নকৰি খিলঞ্জীয়াবিৰোধী স্থিতি লৈছে চৰকাৰখনে৷ এতিয়া আয়োগৰ প্রতিবেদনখন পুংখানুপুংখভাৱে পৰীক্ষা কৰি তিনিটা গোটত কার্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰ আৰু আছুৰ নেতৃত্বই আগবাঢ়ি অহাৰ লগে লগে অনাহকত বিতর্ক সৃষ্টি কৰিবলৈ উঠিপৰি লাগিছে একাংশ বিৰোধী নেতাই৷ ২০২৬ৰ বিধানসভা নির্বাচনৰ পূর্বে যাতে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ নহয় তাৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহে বিভিন্ন অজুহাত উলিয়াব৷ সেয়া খিলঞ্জীয়াৰ সুৰক্ষাৰ বিপৰীতে ভোটবেংক ৰাজনীতিৰ শেহতীয়া ৰাজনীতিৰ ধাৰাই প্রমাণ কৰিছে৷ কিন্তু খিলঞ্জীয়া লোকসকলক আঘাত কৰি অসমত ক্ষমতাৰ ৰাজনীতি কোনো ৰাজনৈতিক দলে বর্তাই ৰাখিব নোৱাৰে৷ সেয়া প্রতিটো নির্বাচনত খিলঞ্জীয়া লোকসকলে প্রমাণ কৰি দেখুৱাইছে৷

You might also like