নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত জাৱা য়েজদিৰ জাৱা ৪২ এফ জে মুকলি

বিশেষ বাৰ্তা, ৬ অক্টোবৰ : দেশৰ ‘নিঅ’ ক্লাছিক’ ছেগমেণ্টৰ অগ্ৰণী প্রতিষ্ঠান জাৱা য়েজদি মটৰ চাইকেলে গুৱাহাটীত জাৱা ৪২ লাইফ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে মুকলি কৰে। ৪২ আৰু ৪২ ববাৰৰ সফলতাক সাৰোগত কৰি ৩৫০ জাৱা ৪২ এফ জেই ১৪২ লাইফ’ থীমৰ বাবে এক আকর্ষণীয় নতুন অধ্যায় সূচনা কৰিছে, যিয়ে উচ্চমানৰ ডিজাইনৰ প্ৰতি দায়বদ্ধতা আৰু অতুলনীয় ৰাইডিং অভিজ্ঞতাক উদযাপন কৰিছে। লগতে কোম্পানীটোৱে মহানগৰীৰ ১০জন গ্রাহকক চাবি গতাই দি নতুন মটৰ চাইকেলখনৰ ডেলিভাৰীৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰি প্রতিষ্ঠানটোৱে এই বিত্তীয় বৰ্ষৰ শেষলৈ অসমত শক্তিশালী নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে অঞ্চলটোত বর্তমানৰ ১৩ৰ পৰা ২০টাতকৈ অধিক স্পর্শবিন্দুলৈ সম্প্ৰসাৰণৰ লক্ষ্য লৈছে। ইয়াৰ উপৰি উপভোক্তা ক্রয় যাত্রা সম্পূৰ্ণৰূপে ডিজিটেল আৰু বাধাহীন কৰি তুলিবলৈ ব্ৰেণ্ডটোৱে ফ্লিপকার্টৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছে, যি হৈছে জনপ্রিয় ই-কমার্চ প্লেটফর্ম। এয়া ভাৰতৰ প্রিমিয়াম মটৰচাইকেল বজাৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

You might also like