নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেডিঙৰ ৪১টা গোচৰ চিবিআইলৈ হস্তান্তৰ

🔹 ৰাজ্যৰ অনলাইন ট্রেডিং কেলেংকাৰিৰ তদন্ত

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : ৰাজ্য কঁপাই যোৱা ট্রেডিং কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চিবিআইক অর্পণ কৰিলে কেন্দ্রীয় চৰকাৰে৷ মুঠ ৪১টা ট্রেডিঙৰ গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰা হৈছে৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা ১৩ ছেপ্টেম্বৰত অসম চৰকাৰৰ কেবিনেটৰ অনুমোদন অনুসৰি ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰলৈ পত্র লিখি বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১টা গোচৰ চিবিআইলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন কৰিছিল৷ কেন্দ্রীয় চৰকাৰে এই অনুৰোধ গ্রহণ কৰি দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্ট ১৯৪৬ৰ ৩নং ধাৰাৰ অধীনত তদন্ত গ্রহণৰ বাবে চিবিআইক নির্দেশনা জাৰি কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে তদন্ত ক্ষিপ্র কৰাৰ বাবে সকলো সহায় আগবঢ়াব৷ অপৰাধৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ৷ উল্লেখ্য যে যোৱা কেইটামান বছৰৰ ভিতৰত ৰাজ্যখনত প্রৰোচনামূলক ট্রেডিং আৰম্ভ হয়৷ এই অনলাইন ট্রেডিং কেলেংকাৰিত ৰাইজে প্রায় ১৪ হাজাৰ কোটি টকা হেৰুৱাবলগীয়া হয়৷ চৰকাৰী নিয়ম অনুসৰি অনলাইন ট্রেডিং বেআইনী নহয় যদিও নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে আৰবিআই তথা ছেবিৰ অনুমতি লৈ ধন বিনিয়োগ কৰিব পাৰে৷ কিন্তু অসমত একাংশ প্রৱঞ্চকে ৰাইজৰ অজ্ঞতাৰ সুযোগ লৈ তথা একাংশ লোকে সহজে অধিক লাভৰ মুখ দেখাৰ দুর্বলতাৰ সুযোগ লৈ সেই প্রৱঞ্চনাৰ জালখন পেলায়৷ বছৰ বছৰ ধৰি প্রৱঞ্চনাৰ এই নেটৱর্ক চলি আহিছিল৷ নিশাটোৰ ভিতৰতে এটকাক দুগুণ কৰি দিয়াৰ প্রলোভনেৰে চলাই অহা কেইবাটাও অনলাইন ট্রেডিং প্রৱঞ্চকক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷ কেইমাহমান পূর্বে ৱাই বি ৱাই নামৰ এটা অনলাইন ট্রেডিং এপৰ জৰিয়তে প্রৱঞ্চনাৰ নেটৱর্ক আৰম্ভ হৈছিল৷ কিন্তু সেই সময়ত আৰক্ষীয়ে তদন্তত বিশেষ অগ্রগতি লাভ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে এই প্রৱঞ্চনা অব্যাহত থাকিল৷ শেহতীয়াকৈ যোৱা আগষ্ট মাহত অসমৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ লোকৰ পৰা বিনিয়োগৰ নামত প্রায় ৭ হাজাৰ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা ডি বি ষ্টক ব্র’কিঙৰ স্বত্বাধিকাৰ দীপাংকৰ বর্মনৰ লুণ্ঠনৰ তথ্য পোহৰলৈ অহাৰ পিছতে ইটোৰ পিছত সিটো প্রৱঞ্চকৰ কু–কার্য পোহৰলৈ আহে৷ তাৰ পিছতে ডিব্রুগড়ত বিশাল ফুকন আৰু চুমি বৰাৰ মাধ্যমেৰে প্রায় ২,২০০ কোটি টকা অনলাইন ট্রেডিঙৰ নামত আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহে৷ ইতিমধ্যে এই প্রৱঞ্চনাৰ গোচৰত বিশাল ফুকন, চুমি বৰা, তার্কিক বৰাকে ধৰি কেইবাজনো লোক গ্রেপ্তাৰ হৈ বর্তমান জে’ল হাজোতত আছে৷ আনহাতে গুৱাহাটী মহানগৰীৰ দীপাংকৰ বর্মনৰ বাদে স্বপ্ণনীল দাস নামৰ আন এজন যুৱকেও বিনিয়োগৰ নামত অধিক মুনাফা দিয়াৰ প্রতিশ্রুতিৰে শিৱসাগৰ–গুৱাহাটীকে ধৰি ভিন্ন প্রান্তৰ লোকৰ পৰা প্রায় এহাজাৰ কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ বাক্সাৰ মাইনাও ব্রহ্ম নামৰ এগৰাকী মহিলাও দীপাংকৰ ভট্ট নামৰ যুৱক এজনৰ সৈতে অনলাইন ট্রেডিঙৰ নামত ৰাইজৰ পৰা প্রায় ৪০০ কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ বাহিৰেও কৰিমগঞ্জত ছাকিৰ আহমেদ নামৰ এজন প্রৱঞ্চকে একে পন্থাৰে ৪০০ কোটি টকা, বিশ্বনাথ জিলাৰ চাৰিদুৱাৰত অঞ্জন সুপ্রিয়ম দাস নামৰ এজন প্রৱঞ্চকে ২০০ কোটি টকা, ধেমাজিত অনিৰাম বসুমতাৰী আৰু মিথিংগা নার্জাৰীয়ে প্রায় ৩ হাজাৰ কোটি, ছয়গাঁৱত ৰে’ল বিভাগৰ ধর্মেন্দ্র ৰাভা নামৰ এজন কর্মচাৰীয়ে ৫০ কোটি টকা ৰাইজৰ পৰা লুণ্ঠন কৰাৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত আব্দুল হাই নামৰ এটা প্রৱঞ্চকে হেজেক্স নামৰ ভুৱা কোম্পানীৰ বেনাৰত প্রায় ৪০ কোটি টকা ৰাইজৰ পৰা সংগ্রহ কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উক্ত ঘটনাৰ সৈতে জড়িত থকা বিশাল ফুকন–চুমি বৰা, তার্কিক বৰা, অম্লান বৰা, স্বপ্ণনীল দাস, মাইনাও ব্রহ্ম, জ্যোতিষ্মা শর্মা, সুমিত বর্মন, অনিৰাম বসুমতাৰী, মিথিংগা নার্জাৰী, অঞ্জন সুপ্রিয়ম দাস, সৰোজ ডেকা, আব্দুল হাইকে ধৰি বহুকেইগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ কিন্তু এতিয়ালৈকে ৭ হাজাৰ কোটি টকা আত্মসাতৰ অভিযোগত অভিযুক্ত দীপাংকৰ বর্মনৰ লগতে বহুকেইজনক এতিয়াও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাই৷ এতিয়া এই অনলাইন ট্রেডিং কেলেংকাৰিৰ তদন্তৰ দায়িত্ব অসম চৰকাৰৰ অনুৰোধমর্মে কেন্দ্রীয় চৰকাৰে চিবিআইক অর্পণ কৰাৰ পাছত তদন্তই নতুন গতি লাভ কৰিব আৰু চিবিআইৰ তদন্তত আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাটো একপ্রকাৰ নিশ্চিত বুলিব পাৰি৷ কিয়নো এই ট্রেডিং কেলেংকাৰিত ইতিমধ্যে একাংশ চিকিৎসক, শিল্পী, অভিনেতা–অভিনেত্রী, বিশিষ্ট ব্যৱসায়ী আদিয়েও বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰা বুলি বিভিন্ন মহলত চর্চা অব্যাহত আছে৷ চিবিআইৰ তদন্তত এই দিশসমূহো উন্মোচিত হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like