নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলিম বিশ্বৰে সম্পর্ক

নৰেন্দ্র মোদীয়ে ২০১৪ চনত দেশৰ প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পিছত তেওঁৰ তাৎক্ষণিক সাফল্যসমূহৰ ভিতৰত অন্যতম আছিল ইছলামিক দেশসমূহৰ সৈতে গঢ়ি তোলা নতুন আৰু সুদৃঢ় সম্পর্ক৷ পুলৱামা আক্রমণৰ পিছতো ইছলামিক দেশসমূহে পাকিস্তানক তীব্র ভাষাৰে গৰিহণা দি ভাৰতৰ স্থিতিক সমর্থন কৰিছিল৷ দেশৰ কৌশলগত স্বার্থৰ বাবে প্রধানমন্ত্রী মোদীয়ে পশ্চিম এছিয়াৰ মুছলিম দেশসমূহৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰি আহিছে আৰু কেইবাবাৰো উক্ত অঞ্চল ভ্রমণ কৰিছে৷ ইৰান, ছৌদি আৰব আদি দেশৰ সৈতে মোদীৰ কার্যকালত ভাৰতৰ সম্পর্কই এক নতুন মাত্রা লাভ কৰিছিল৷ কিন্তু শেহতীয়াকৈ এই সম্পর্কত ঘুণে ধৰাৰ আশংকা সৃষ্টি হৈছে৷ ইয়াৰ মূলতে হ’ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশত যি আন্দোলন গঢ়ি উঠিছে তাক দমন কৰিবলৈ চৰকাৰে কঠোৰ আৰু অমানৱীয় পদক্ষেপ লোৱা বুলি উত্থাপিত হোৱা অভিযোগ৷ ভাৰতৰ সাম্প্রতিক ঘৰুৱা পৰিস্থিতিয়ে কূটনৈতিক দিশত বিৰূপ প্রভাৱ পেলোৱাৰ আশংকাও ইয়াৰ সমান্তৰালভাৱে সৃষ্টি হৈছে৷ বিদেশৰ সংবাদ মাধ্যমে ‘কা’বিৰোধী আন্দোলনক লৈ যিবোৰ বাতৰি প্রকাশ পাইছে, তাৰ বেছিভাগতে এই আন্দোলনৰ নেতৃত্ব মুছলমান সম্প্রদায়ে লোৱা বুলি প্রকাশ পাইছে৷ লগতে অভিযোগ কৰা হৈছে যে মুছলমানক দমন কৰাৰ বাবে ভাৰত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে দিল্লীত সৃষ্টি হোৱা অশান্তিজনক পৰিস্থিতিৰ পিছত ইৰান, মালয়েছিয়া, তুৰস্ক আদি দেশে নতুন দিল্লীক সমালোচনা কৰিছে৷ তুৰস্কৰ ৰাষ্ট্রপতি টায়িপ এর্ডোগানে দিল্লীৰ হিংসাক গণহত্যা বুলি অভিহিত কৰিছে৷ ইৰানৰ শীর্ষ নেতা আয়াতুল্লা আলি খোমেইনীয়ে মুছলিমৰ গণহত্যা বুলি তীক্ষ্ণ মন্তব্য প্রকাশ কৰিছে৷ তেওঁ কয় যে ভাৰত চৰকাৰে হিন্দু উগ্রবাদক দমন কৰিবলৈ কঠোৰ পদক্ষেপ ল’ব লাগিব, যাতে মুছলিমৰ গণহত্যা বন্ধ হয়৷ অন্যথা ইছলামিক বিশ্বৰ পৰা ভাৰতক একাষৰীয়া কৰাৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব লাগিব৷

এটা কথা ঠিক যে বিদেশী ৰাষ্ট্রসমূহে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এনেধৰণৰ সমালোচনা কৰাটো গ্রহণযোগ্য বুলি ক’ব নোৱাৰি৷ ‘কা’বিৰোধী আন্দোলনক লৈ দিল্লীৰ লগতে দেশৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ এই আন্দোলন নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু ইয়াক গণহত্যা বুলি অভিহিত কৰাটো নিশ্চিতভাৱে অতিৰঞ্জিত৷ অৱশ্যে ইৰান আৰু তুৰস্কৰ ৰাষ্ট্রপ্রধানে কৰা সমালোচনাক ভাৰতে উপেক্ষা কৰিব নোৱাৰে৷ কূটনীতিত সকলো দিশ চালিজাৰি চাই প্রতিক্রিয়া প্রকাশ কৰাটো অত্যন্ত জৰুৰী৷ ভাৰতে দুয়োখন দেশৰে অভিযোগ স্পষ্ট ভাষাৰে খণ্ডন কৰিছে৷ কিন্তু ইয়াৰ লগতে দেশৰ কূটনৈতিক স্বার্থতে ভাৰতে ইছলামিক দেশসমূহৰ সৈতে গোটেই বিষয়টোক লৈ আলোচনা কৰাৰ প্রয়োজন আছে৷ ৰাজনৈতিক আৰু সামাজিক দিশসমূহ বিশ্লেষণ কৰি প্রকৃত সত্য আৰু বাতৰি কাকতত প্রকাশ পোৱা প্রতিবেদনৰ মাজৰ পার্থক্য দেশৰ কূটনৈতিক বিষয়াসকলে স্পষ্ট কৰি দিব লাগিব৷ বিগত ছয় বছৰে ইছলামিক দেশসমূহৰ সৈতে ভাৰতৰ যি মধুৰ সম্পর্ক গঢ় লৈ উঠিছে তাক হঠাৎ এনেদৰে ভংগ হ’বলৈ দিব নোৱাৰি৷ পশ্চিমীয়া দেশসমূহৰ লগতে ইছলামিক বিশ্বৰ সৈতেও ভাৰতে দৃঢ় সম্পর্ক ৰক্ষা কৰি চলাটো জৰুৰী৷ এনে পৰিস্থিতিত কেন্দ্রীয় চৰকাৰে দেশৰ আভ্যন্তৰীণ পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰিছে তাৰ ওপৰত বিশ্লেষণ চলোৱাটো জৰুৰী৷ নাগৰিকত্ব সংশোধনী আইনেই হওক বা দেশত সঘনে ঘটি থকা গণপ্রহাৰৰ ঘটনাই হওক, এইবোৰ কেৱল মুছলিমৰ বিৰুদ্ধে চলি থকা বুলি সৃষ্টি হোৱা ধাৰণা সলনি কৰি দিবলৈ কেন্দ্রীয় চৰকাৰে সঠিক আৰু সময়োচিত পদক্ষেপ গ্রহণ কৰিবই লাগিব ৷

You might also like