অসমআঞ্চলিক ৰাণীগঞ্জত নিচাজাতীয় টেবলেটসহ হাতে-লোটে আটক দুজন By নিয়মীয়া বাৰ্তা On Jul 4, 2025 Share নিয়মীয়া বাৰ্তা, ৪ জুলাই : ধুবুৰী জিলাৰ সাপটগ্ৰাম থানাৰ অন্তৰ্গত ৰাণীগঞ্জৰ হেলাগাড়ী অঞ্চলত সাপটগ্রাম আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় টেবলেটসহ হাতে-লোটে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি সাপটগ্ৰাম থানালৈ আনে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত সাপটগ্রাম থানাৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি মালাকাৰে নেতৃত্ব দিয়ে। ধৃত ব্যক্তি দুজন বিলাসীপাৰা থানাৰ অন্তৰ্গত আজাৰাগাঁৱৰ অপিজুল হক আৰু ছাপিদুল হক বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোক দুজনৰ পৰা কেইটামান টেবলেটৰ পেকেটৰ ভিতৰত লুকুৱাই ৰখা 208 গ্রাম টেবলেট আৰু ম’বাইল ফোন আৰু এখন NS পালছাৰ AS 17N 7615 বাইক জব্দ কৰে। জানিব পৰা মতে, সৰবৰাহকাৰী দুজনে টেবলেটখিনি কাক অথবা ক’ত পৰিবহণ কৰিবলৈ লৈ গৈছিল, তাৰ সুনিৰ্দিষ্ট তথ্য এতিয়ালৈকে আৰক্ষীৰ হাতত অহা নাই বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ২৫ জুনত ৰাণীগঞ্জৰ একেই অঞ্চলৰ পৰা সাপটগ্ৰাম থানা আৰু ৰাণীগঞ্জ উপ-আৰক্ষী চকীৰ যৌথ অভিযানত ড্ৰাগছসহ তিনিজন ড্ৰগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল। এনে ঘটনাই প্ৰমাণ কৰে যে নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ এটা চক্ৰ এই অঞ্চলত সক্ৰিয় হৈ আছে। Featured Share