বনাঞ্চলে হেৰুৱাইছে কার্বন শোহনৰ সক্ষমতা
- দীপক কুমাৰ দাস
মানৱসৃষ্ট কাৰকৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ দিনে দিনে ভয়াৱহতাৰ দিশে আগবাঢ়ি আছে৷ পৃথিৱীৰ ক্রান্তীয় বনাঞ্চল বায়ুমণ্ডলৰ পৰা শোহন কৰা কার্বনৰ পৰিমাণ হ্রাস পাইছে৷ ক্রান্তীয় বনাঞ্চলৰ কার্বন শোহনৰ ক্ষমতা হ্রাস পাইছে৷ পৰিণতিত জলবায়ু পৰিৱর্তন তীব্রতৰ হৈ উঠিছে৷ শেহতীয়া অধ্যয়নত এনে এক তথ্য পোহৰলৈ আহিছে যে যিয়ে প্রকৃতি বিজ্ঞানীক উদ্বিগ্ন কৰিছে ৷ এই অধ্যয়ন মতে পৃথিৱীৰ সর্বোত্তম বৃহৎ কার্বনৰ ভঁৰাল তথা কার্বন শোহনকাৰী আমাজন বায়ুমণ্ডলৰ কার্বনৰ উৎস হ’বলৈ গৈ আছে৷ পৰৱর্তী দশকৰ ভিতৰত আমাজনত চলি থকা ধ্বংসলীলা বন্ধ কিম্বা প্রতিৰোধ কৰিব নোৱাৰিলে পৃথিৱীৰ বাবে অশুভ হ’ব৷ জলবায়ু পৰিৱর্তন অধিক ভয়াৱহ হৈ পৰিব আৰু বিশ্বজুৰি বায়ুমণ্ডলত কার্বনৰ মাত্রা বৃদ্ধি পাব৷ আজিৰ তাৰিখৰ ইতিমধ্যে বায়ুমণ্ডলত প্রকৃতি পৰিৱেশৰ বৈশিষ্ট্যত আঘাত কৰাকৈ কার্বনৰ মাত্রা বৃদ্ধি পাইছে৷ কার্বন নির্গমিত কাম–কাজ দ্রুতগতিত বৃদ্ধি পোৱাৰ বাবেই পাৰিপার্শ্বিকতাৰ ভাৰসাম্যহীনতা বৃদ্ধি পাইছে৷ চলিত দশকটো জলবায়ু পৰিৱর্তনৰ বাবে নিৰাশজনক৷ গৱেষণা–ধ্যয়নত নেতৃত্ব দিয়া লীডছ বিশ্ববিদ্যালয়ৰ স্কুল অৱ জি’গ্রাফীৰ অধ্যাপক ছাইমন লিবিছৰ মতে, জলবায়ু পৰিৱর্তনৰ গুৰুতৰ প্রভাৱ আৰম্ভ হৈ গৈছে৷ শীঘ্রে কার্বন নির্গমিত কার্যকলাপ বন্ধ কৰিব নোৱাৰিলে মানৱ জাতি ভয়াৱহ সমস্যাৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব৷ বিশ্বৰ প্রায় ১০০ বৈজ্ঞানিক প্রতিষ্ঠানৰ গৱেষণাৰ তথ্যত বিগত তিনিটা দশকৰ পৃথিৱীৰ ক্রান্তীয় (ট্রপিকেল) বনাঞ্চলৰ কার্বন শোহনৰ মাত্রা হ্রাস পাইছে৷ ১৯৯০ চনৰ তুলনাত একৈশ শতিকাৰ দ্বিতীয় শতিকাত বনাঞ্চলৰ কার্বন শোহনৰ পৰিমাণ হ্রাস পোৱাত পৰিৱেশত আঘাত হানিছে৷ উচ্চ তাপমাত্রা, খৰাং আৰু নির্বননীকৰণে এইক্ষেত্রত অৰিহণা যোগাইছে৷ এনেদৰে চলি থাকিলে ২০৬০ চনৰ ভিতৰত কার্বনৰ ভঁৰাল ক্রান্তীয় বনাঞ্চলসমূহ নিজেই কার্বন নির্গমনৰ উৎস হৈ পৰিব৷ তথ্য মতে ক্রান্তীয় বনাঞ্চলে বায়ুমণ্ডলৰ পৰা ১৯৯০ চনত প্রায় ৪৬ বিলিয়ন টন কার্বন শোহন কৰিছিল, যিটো আছিল মানৱসৃষ্ট কার্যকলাপৰ নির্গমিত কার্বনৰ ১৭ শতাংশ৷ কিন্তু ২০১০ চনত ইয়াৰ পৰিমাণ আছিল ২৫ বিলিয়ন টন অর্থাৎ মানৱসৃষ্ট কার্বনৰ মাত্র ৬ শতাংশ৷ খৰাং আৰু উচ্চ তাপমাত্রাৰ বাবে গছ–গছনিৰ মৃত্যু আৰু শুকাই যোৱাৰ বাবে বনাঞ্চলৰ কার্বন ক্ষমতা হ্রাস পোৱাৰ সমান্তৰালকৈ কৃতকর্মৰ বাবে বনাঞ্চল ধ্বংস, বনজুই আৰু আন আন নির্যাতনো কার্বন শোহন ক্ষমতা হ্রাস পোৱাৰ কাৰক ৷
গৱেষণাত জড়িত ক্রোডেৰ লেবৰ প্রতিষ্ঠানে টম ক্রোডেৰৰ মতে, সাক্ষ্যৰ বিশ্লেষণ অতি উদ্বেগজনক৷ নির্বনানীকৰণৰ হাৰ ক্রমান্বয়ে বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত কার্বন শোহনৰ হাৰ হ্রাস পাই আছে৷ তদুপৰি জলবায়ু পৰিৱর্তনৰ ফলত গছ–গছনিৰ মৃত্যুৰ হাৰ বৃদ্ধি উদ্বেগৰ কাৰণ হৈ আছে৷ ‘জার্নেল নেচাৰ’ত প্রকাশিত প্রতিবেদন মতে, ৩০ বছৰ ধৰি ৩ লাখ গছক নিৰীক্ষণ কৰা হৈছে৷ আফ্রিকা আৰু আমাজনৰ বনাঞ্চলক প্রাধান্য দি গৱেষণা–ধ্যয়ন চলোৱা হৈছে৷ বছৰ বছৰ ধৰি দুর্গম বনাঞ্চলত ভ্রমণ কৰাৰ লগতে ডেম’ক্রেটিক ৰিপাব্লিক অৱ দ্য কংগোৰ ছাল’না ৰাষ্ট্রীয় উদ্যানত সপ্তাহ ধৰি নিৰীক্ষণ কৰা হৈছে৷ তেনেদৰে কেইবাবাৰো বছৰৰ পিছত বছৰত গছজোপাক নিৰীক্ষণ কৰা হৈছে৷ এনেদৰে গছজোপাৰ কার্বন শোহনৰ পৰিমাণ আৰু ক্ষমতাৰ অধ্যয়ন চলোৱাৰ অন্তত আমাজনৰ গছত কার্বন শোহন দুর্বল হৈ পৰাটো প্রমাণিত হয় আৰু পাছলৈ আফ্রিকাৰ বনাঞ্চলে দ্রুতগতিত কার্বন শোহন হ্রাস পোৱাৰ প্রমাণ লাভ কৰে৷ আফ্রিকাৰ বনাঞ্চলতকৈ আমাজনত উচ্চ তাপমাত্রা, দ্রুতগতিত তাপমাত্রা বৃদ্ধি আৰু খৰাঙৰ প্রকোপ অধিক৷ প্রতিবেদনখন মতে ২০৩০ৰ মাজভাগতে কার্বন শোহনৰ ভঁৰাল আমাজন হৈ পৰিব বায়ুমণ্ডলত অধিক কার্বন এৰি দিয়া উৎস আমাজন৷ প্রকৃতিক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ হ’লে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কর্তন কৰিবই লাগিব৷ গোলকীয় কার্বন চক্রই পৃথিৱীৰ পৰিৱেশ অতি বিপজ্জনক কৰি তুলি আমাৰ বিৰুদ্ধে ভয়াৱহতা আৰু অধিক কৰাৰ পূর্বেই পদক্ষেপ গ্রহণৰ সময় সমাগত৷ ৰাষ্ট্রসংঘৰ পেৰিছ জলবায়ু চুক্তি প্রহসনত পৰিণত হোৱাৰ পাছত চলিত বর্ষৰ নৱেম্বৰত গ্লাছগ’ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রসংঘৰ কপ–২৬ক লৈ বিশ্বৰ প্রকৃতি–পৰিৱেশপ্রেম্ গভীৰ আগ্রহেৰে অপেক্ষা কৰিব৷ সেউজগৃহ গেছৰ কার্বন নির্গমন প্রতিৰোধত কি পদক্ষেপ ল’ব, যিয়ে পৃথিৱীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব ৷