নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৰিয়ান সাহিত্যলৈ স্বীকৃতি

হিংস্রতা প্রদর্শনৰ বাবে কেৱল ৰক্তক্ষৰণৰ প্রয়োজন নহয়৷ দৈনন্দিন জীৱনত নিপীড়িত, নিষ্পেষিতৰ ওপৰত যি আতিশয্য চলি থাকে, তাত কোনো ৰক্তপাতৰ অৱকাশ নাথাকে৷ আধুনিক তথা জটিল সমাজত সম্প্রতি জনগণৰ বুকুৰ ভিতৰত অহৰহ ৰক্তক্ষৰণ হৈ থাকে৷ আমি সকলোৱে এই হিংস্রতাৰ হেঁচাত যেন মৃত্যুসম জীৱন যাপন কৰি আছোঁ৷ লোকলজ্জাৰ ভয়ত আৰু বিভিন্ন সমস্যাৰ বাবে কোনেও ইয়াৰ প্রতিবাদ কৰিবলৈ সাহস নকৰে৷ এনে এখন কদর্য, ক্লেদাক্ত পৃথিৱী নিজৰ কলমেৰে সজীৱ কৰি তোলা সাহিত্যিক হান কাঙে জয় কৰিলে সাহিত্যৰ সর্বোচ্চ সন্মান ন’বেল বঁটা৷ দক্ষিণ কোৰিয়াৰ প্রথমগৰাকী সাহিত্যিক ৰূপে তেওঁ এইবাৰ লাভ কৰিলে সাহিত্য জগতৰ আপুৰুগীয়া সন্মান৷ ২০১৬ চনত ‘দ্য ভিজিটেৰিয়ান’ উপন্যাসৰ বাবে হানে লাভ কৰিছিল মেন বুকাৰ ইণ্টাৰনেচনেল বঁটা৷ সেইবাবে অনুসন্ধিৎসু পাঠকৰ বাবে হান কাং অপৰিচিত নহয়৷ বিশেষকৈ কোৰিয়ান সাহিত্যৰ প্রতি আগ্রহী পঢ়ুৱৈৰ বাবে তেওঁ এটি চিনাকি নাম৷ ২০১৫ চনত মার্কিন যুক্তৰাষ্ট্রত প্রকাশ পোৱাৰ লগে লগে এই গ্রন্থখনে আন্তর্জাতিক পর্যায়ত সমালোচকৰ পৰা প্রশংসা লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ১৮৭০–৮০ৰ দশকলৈ কোৰিয়া বহিঃবিশ্বৰ পৰা প্রায় সর্বতোপ্রকাৰে বিচ্ছিন্ন হৈ আছিল৷ সেই সময়ত কোৰিয়াত ৰাজত্ব কৰা ৰাজবংশই নিজৰ অধীনস্থ অঞ্চলসমূহত স্বাধীনভাৱে সিদ্ধান্ত গ্রহণ কৰিব পাৰিছিল যদিও সামৰিক আৰু বৈদেশিক সম্পর্কৰ বাবে চীনৰ ছিং ৰাজবংশৰ অধীনত আছিল৷ ইপিনে, জাপানত ১৮৬৬ চনৰ পিছৰ পৰা এক নতুন সংস্কাৰ আৰম্ভ হোৱাত জাপানৰ আধুনিকীকৰণৰ প্রক্রিয়া আৰম্ভ হয়৷ ইয়াৰ ফলত বহিঃবিশ্বৰ লগত যোগাযোগেই নহয়, লাহে লাহে আৰম্ভ হয় জাপানৰ সাম্রাজ্যবাদী নীতিৰ আগ্রাসন৷ ১৮৭৬ চনত জাপানৰ কূটনৈতিক চাপৰ ফলত কোৰিয়াই প্রথমবাৰৰ বাবে বহিঃবিশ্বৰ কোনো দেশৰ বাবে তিনিটা নতুন বন্দৰ মুকলি কৰিবলৈ বাধ্য হয়৷ ভাৰতৰ কূটনৈতিক ইতিহাসৰ সৈতে ইয়াৰ যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়৷ কোৰিয়াতো এই বন্দৰেৰে খ্রীষ্টিয়ান মিছনেৰীসকলে প্রৱেশ কৰে৷ ইয়াৰ লগে লগে পাশ্চাত্যৰ বতাহ কোৰিয়ালৈ প্রৱাহিত হয়৷ ইতিমধ্যে পাশ্চাত্যৰ সমীৰণে জাপানক কোবাই গৈছিল৷
জাপানত অনুবাদ হোৱা অসংখ্য গ্রন্থ কোৰিয়ালৈও আনদানি ঘটিছিল৷ ১৯১০ চনৰ পৰা কোৰিয়াত জাপানী সাম্রাজ্যবাদ গঢ়ি উঠে৷ ভাৰততকৈ দুবছৰ পূর্বেই সেই একেদিনাই অর্থাৎ ১৯৪৫ চনৰ ১৫ আগষ্টত কোৰিয়াই স্বাধীনতা লাভ কৰে যদিও শীতল যুদ্ধৰ সময়ত কোৰিয়া দ্বি–খণ্ডিত হৈ পৰে৷ ইয়াৰে উত্তৰ অংশ শাসন কৰে সমাজতন্ত্রবাদী ৰাছিয়াই আৰু দক্ষিণ অংশ শাসন কৰে ধনতন্ত্রবাদী আমেৰিকাই৷ সেই বিভেদ ইমানেই স্থায়ী হৈ পৰে যে ভাৰত আৰু পাকিস্তানৰ দৰে দুখন দেশৰ সৃষ্টি হয়৷ এই ইতিহাসৰ অৱলোকন কৰাৰ কাৰণ হ’ল ভাৰতত যিদৰে ঔপনিৱেশিকতাৰ ফলত ইংৰাজী চৰকাৰী ভাষা হৈ পৰিছিল, একেদৰে কোৰিয়াতো ৩৪ বছৰ স্কুল–কলেজ আৰু আদালতত কোৰিয়ান ভাষাৰ সলনি জাপানী ভাষা ব্যৱহূত হৈছিল৷ ফলত ভাষাহীন দেশৰ নাগৰিকসকলে জাপানী ভাষা–সংস্কৃতি অন্তৰেৰে আঁকোৱালি ল’ব পৰা নাছিল৷ হিৰোছিমা–নাগাছাকিৰ ভয়াৱহতাৰ পিছত বিশ্বজুৰি বিশেষকৈ আমেৰিকাত এক বিশেষধৰণৰ পাৰমাণৱিক ধ্বংসলীলাৰ ভীতিগ্রস্ততা আৰম্ভ হয়৷ আমেৰিকাৰ মধ্যবিত্তৰ মনত সৃষ্টি হোৱা ভয়াৱহতাৰ সুযোগ গ্রহণ কৰি নির্মিত হয় বহু বি গ্রেডৰ চলচ্চিত্র৷ পাৰমাণৱিক বিস্ফোৰণত বিকৃত হৈ পৰা চেহেৰাবোৰে পর্দাৰ ছবিত ইটোৰ পিছত সিটো দানৱিক জন্তুৰ জন্ম দিয়ে৷ কাঙৰ দ্য ভিজিটেৰিয়ান সেই গোত্রৰ উপন্যাস৷ পাশৱিকতা প্রদর্শনৰ বাবে জীৱ–জন্তুক হত্যা কৰা দেখুওৱা সহজ যদিও গ্রন্থখনত পশু হত্যা বন্ধ কৰি দিয়া হৈছে৷ এনে বৈপৰীত্যৰ সহাৱস্থানেই হান কাঙৰ লেখাৰ বৈশিষ্ট্য৷ এইবাৰ তেওঁৰ সাহিত্যই ন’বেল বঁটা কঢ়িয়াই অনাত কোৰিয়ান সাহিত্যই এক নতুন স্বীকৃতি লাভ কৰিলে৷ সমালোচকৰ ভাষাত যন্ত্রণাবিদ্ধ বিষয়ৰ সৈতে মুখামুখি কৰা আৰু মানৱ জীৱনৰ ভংগুৰতাক উন্মোচন কৰি প্রগাঢ় কাব্যিক গদ্যৰ বাবে তেওঁ ২০২৪ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰিলে৷ আনহাতে, হান কাঙৰ মতেও তেওঁৰ উপন্যাসসমূহে মানুহৰ যন্ত্রণাৰ অন্বেষণ কৰে৷

You might also like