নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষ

ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তি চাৰি দশক পূর্বে স্বাক্ষৰিত অসম চুক্তিৰ আধাৰতে অসমৰ পৰা বিদেশী বহিষ্কৰণৰ ১৯৭১ৰ ২৫ মার্চক ভিত্তিবর্ষৰূপে ছীল–মোহৰ মাৰিলে দেশৰ সর্বোচ্চ ন্যায়ালয়ে৷ যোৱা ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ সূর্যকান্ত, এম এম সুন্দ্রেশ, মনোজ মিশ্র আৰু জে বি পার্ডিৱালাৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ১৯৫৫ত নাগৰিকত্ব আইনৰ ৬(ক) অনুচ্ছেদক সাংবিধানিক বৈধতা বাহাল ৰখাৰ লগতে অসম চুক্তি অনুসৰি বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষকো বৈধতা প্রদান কৰে৷ দেশজুৰি বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষ ১৯৫১ বাহাল আছে যদিও ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ১৯৭১ৰ ২৫ মার্চ কৰা হৈছিল৷ অসমতো বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষ ১৯৫১ কৰাৰ বাবে অসম সন্মিলিত মহাসংঘই ১৯১২ চনত উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল৷ অসম সন্মিলিত মহাসংঘক ৰাজ্যখনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনে সমর্থন আগবঢ়াইছিল৷ ১৯৫৫ৰ নাগৰিকত্ব আইনৰ ৬(ক) অনুচ্ছেদ বিলুপ্ত কৰাৰ বাবেও মহাসংঘই সর্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল৷ উল্লেখ্য যে নাগৰিকত্ব আইনৰ ৬(ক) অনুচ্ছেদটো মাথোঁ অসমৰ বাবে প্রযোজ্য হৈ আছে৷ অসম চুক্তি অনুসৰি ১৯৬৬ৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ৰ ২৫ মার্চলৈকে যিসকলে অসমত প্রৱেশ কৰিছিল সেইসকলকো নাগৰিকত্ব প্রদানৰ বাবে উক্ত অনুচ্ছেদৰ অধীনত ব্যৱস্থা লোৱা হৈছে৷ উচ্চতম ন্যায়ালয়ে অসম চুক্তি অনুসৰি ১৯৭১ৰ ২৫ মার্চক বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষৰূপে ৰায়দান কৰাৰ লগতে নাগৰিকত্ব আইনৰ ৬(ক) অনুচ্ছেদ বাহাল ৰখাৰ ৰায়ক লৈ ৰাজ্যখনত মিশ্রিত প্রতিক্রিয়া হৈছে৷ সর্বোচ্চ ন্যায়ালয়ৰ ৰায়ক অসম চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্র সন্থা আৰু অসম গণ পৰিষদকে ধৰি কংগ্রেছ, অসম জাতীয় পৰিষদ, এ আই ইউ ডি এফকে ধৰি অধিকাংশ দল–সংগঠনে আদৰণি জনাইছে৷ ইয়াৰ বিপৰীতে শাসকীয় বিজেপিয়ে আনুষ্ঠানিকভাৱে প্রতিক্রিয়া ব্যক্ত কৰা নাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সর্বোচ্চ ন্যায়ালয়ৰ ৰায়টোক আনন্দ আৰু বেদনাৰে ভৰা বুলি অভিহিত কৰে৷ অসম চুক্তিত নির্ধাৰিত ভিত্তিবর্ষৰ আধাৰতে ৰাজ্যখনত ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত হৈছিল৷ উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ প্রস্তুত হোৱা অসমৰ নাগৰিকপঞ্জীৰ ভিত্তিবর্ষৰূপেও ১৯৭১ৰ ২৫ মার্চ নির্ধাৰণ কৰা হৈছিল৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে অসম সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমান, বিশিষ্ট আইনজীৱী কমল নয়ন চৌধুৰীকে ধৰি কেইবাটাও সংগঠন–ব্যক্তিয়ে বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষ ১৯৫১ কৰিবলৈ বিগত ১২ বছৰে সর্বোচ্চ ন্যায়ালয়ত আইনী যুঁজ চলাইছিল৷ এই যুঁজখনৰ ৰায় প্রদান কৰাটো দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ বাবেও সহজসাধ্য নাছিল৷ কিয়নো বিগত চাৰিটা দশকত দেশৰ নাগৰিত্ব আইনৰ কেইবাটাও অনুচ্ছেদ সংশোধন হৈছে আৰু বিদেশী বহিষ্কৰণ প্রক্রিয়াও সমান্তৰালভাৱে চলি আছে৷ উচ্চতম ন্যায়ালয়ে যোৱা ১৭ অক্টোবৰত প্রদান কৰা ৰায়টোৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ মুখ্য ন্যায়াধীশ চন্দ্রচূড় প্রমুখ্যে তিনিজন ন্যায়াধীশে সমর্থন কৰিছে৷ ৫জনীয়া বিচাৰপীঠৰ ন্যায়াধীশ জে বি পার্ডিৱালাইহে সমগ্র দেশৰ লগতে অসমতো বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষ ১৯৫১ৰ পক্ষত আছে৷ সর্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে প্রদান কৰা ৰায়ে অসমৰ খিলঞ্জীয়া লোকক আশাহত কৰিলেও এনে ৰায় আমি মানিবলৈ বাধ্য৷
অবৈধ বিদেশীৰ সমস্যা অসমৰ বাবে এক জটিল আৰু স্পর্শকাতৰ বিষয়৷ বিদেশী বহিষ্কৰণৰ দাবীত ১৯৭৯ৰ শেষার্ধৰ পৰা ১৯৮৫লৈ ৰাজ্যখনত চলা আন্দোলন দেশৰ ভিতৰতে বিৰল৷ সম্প্রতি দেশে–বিদেশে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্রতিবাদ চলি আছে৷ অবৈধ বিদেশীয়ে খিলঞ্জীয়া লোকসকলৰ ওপৰত সৃষ্টি কৰা ভয়াৱহ সমস্যাৰ পৰিণাম কি হ’ব পাৰে সেয়া দেশে দেশে অনুভূত হৈছে৷ কিন্তু অসমবাসীয়ে চাৰি দশক পূর্বে অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল৷ ছবছৰীয়া অসম আন্দোলনত ৮৫৫গৰাকী শ্বহীদ হোৱাৰ লগতে সহস্রাধিক লোক ঘুণীয়া হৈছিল৷ ছাত্র–ছাত্রীসকলে হেৰুৱাইছিল এটা মূল্যৱান শিক্ষাবর্ষ৷ আন্দোলনৰ সমাপ্তি ১৯৮৫ৰ ১৪ আগষ্টৰ নিশা স্বাক্ষৰিত অসম চুুক্তিখন স্বাক্ষৰ কৰাৰ পূর্বে অন্দোলনকাৰীসকলে দফাসমূহ পুংখানুপুংখভাৱে পৰীক্ষা নকৰাৰ বাবেই অসমৰ খিলঞ্জীয়া লোকসকলে আজি গভীৰ দুর্যোগৰ সন্মুখীন হৈছে৷ দেশৰ অন্যান্য ৰাজ্যই বিদেশী বহিষ্কৰণৰ আন্দোলন নকৰাকৈয়ে ১৯৫১ৰ ভিত্তিবর্ষ লাভ কৰাৰ বিপৰীতে অসমবাসীয়ে অসম আন্দোলনত চামিল হৈ অতিৰিক্ত ২০ বছৰত ৰাজ্যখনত প্রৱেশ কৰা অবৈধ বিদেশীৰ বোজা বহন কৰিব লগা হৈছে৷ এখন দেশত দুখন আইন বলৱৎ থকাটো কোনো কাৰণতে সমর্থনযোগ্য নহয়৷ বিদেশী সমস্যাক লৈ দেশৰ ভিতৰতে অসমবাসী সজাগ–সচেষ্ট থকা সত্ত্বেও বিদেশী বহিষ্কৰণৰ নামত আমাৰ ৰাজ্যখনে বৈষম্যৰ সন্মুখীন হৈ আহিছে৷ অসমত থকা অবৈধ বিদেশীসকলক খেদি পঠিওৱাৰ বিপৰীতে ছল–চাতুৰীৰে অসমতে ৰাখিবলৈ বিভিন্ন ধৰণে চক্রান্ত কৰা হৈছে৷ অসম আন্দোলনৰ সময়ছোৱাতে এনে বৈষম্যৰ বীজ ৰোপণ হৈছিল৷ ৰাজ্যখনত থকা বিদেশী লোকসকলক সুৰক্ষিত কৰাৰ বাবে আইএমডিটি আইনখন প্রণয়ন কৰিছিল ১৯৮৩ত ক্ষমতালৈ অহা কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনে৷ মাথোঁ অসমত থকা বিদেশী লোকসকলৰ স্বার্থত প্রণয়ন কৰা বিতর্কিত আইনখন ৰাজ্যখনৰ সুদীর্ঘ ২০ বছৰে বাহাল আছিল৷ ২০০৪ চনত আইনখন বাতিল কৰাৰ ৰায়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠেও উল্লেখ কৰিছিল যে বিদেশী বহিষ্কৰণৰ ক্ষেত্রত মাথোঁ অসমৰ বাবে এখন সুকীয়া আইন বাহাল থকাটো বৈষম্যৰ পৰিচায়ক৷ কিন্তু ১৭ অক্টোবৰত সর্বোচ্চ ন্যায়ালয়ে প্রদান কৰা ভিত্তিবর্ষৰ ৰায় অসমৰ বাবে এক বৈষম্যৰ পৰিচায়ক৷ এতিয়া বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষৰ জৰিয়তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাটো সহজসাধ্য নহয়৷ এতিয়া অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগে ১৯৫১ক ভিত্তিবর্ষৰূপে খিলঞ্জীয়াৰ সুৰক্ষাকৱচ প্রদানৰ বাবে দিয়া পৰামর্শাৱলী কার্যকৰীকৰণৰ বাদে অসমবাসীৰ বাবে বিকল্প পথ নাই৷ উচ্চতম ন্যায়ালয়ে প্রকাশ কৰিছে যে মাটি–কালিৰ হিচাপত পশ্চিমবংগৰ ৫৭ লাখ অনুপ্রৱেশকাৰীৰ তুলনাত অসমৰ ৪০ লাখ অনুপ্রৱেশকাৰীৰ প্রভাৱ অধিক৷ ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক খেদি পঠিওৱাৰ বাবে উচ্চতম ন্যায়ালয়ে ভৱিষ্যতে তদাৰক কৰাৰ প্রতিশ্রুতি দিছে৷ ৰাজ্যখনত ২০২৩ চনলৈকে ১,৫৩,৮২৪গৰাকী বিদেশী চিনাক্ত হৈছিল যদিও মাথোঁ ৩০,০৬৭গৰাকীকহে বহিষ্কাৰ কৰা হৈছে৷ ৰাজ্যখনৰ বিভিন্ন জিলাত থকা বিদেশী চিনাক্তৰ ন্যায়াধিকৰণত বিদেশী ঘোষিত হোৱাৰ লগে লগে এনে লোকসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ এনে দীঘলীয়া আইনী প্রক্রিয়াত বিদেশী ঘোষণাৰ ৰায়ৰ উমান লাভ কৰামাত্রকে অবৈধ বিদেশী লোকসকলে আত্মগোপন কৰে৷ বিদেশীসকলক এনে সুৰক্ষা প্রদান প্রক্রিয়াত এক বৃহৎ চক্র জড়িত হৈ আছে৷ চক্রটোত আইনজীৱীৰ পৰা আৰম্ভ কৰি একাংশ ৰাজনৈতিক দল–সংগঠনৰ নেতা–পালিনেতাও জড়িত থকাৰ অভিযোগ আছে৷

You might also like