নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃদুগ্ধত প্লাষ্টিকৰ কণিকা

প্লাষ্টিক প্রদূষণ মানৱ জাতিৰ বাবে বিপজ্জনক হৈ উঠিছে৷ পৃথিৱীৰ পাৰিপার্শ্বিকতা নহয়, এতিয়া মানৱ দেহতো প্লাষ্টিকৰ ক্ষুদ্রতম কণিকাৰ উপস্থিতিয়ে মানৱ জাতিৰ বাবে প্রত্যাহ্বান কঢ়িয়াই আনিছে৷ মানৱসৃষ্ট প্লাষ্টিকৰ অবাধ ব্যৱহাৰে পৃথিৱীৰ স্থল–জলত প্লাষ্টিকৰ আৱর্জনাই ভয়াৱহ প্রদূষণৰ সৃষ্টি কৰিছে৷ বিশ্বজুৰি প্লাষ্টিক প্রদূষণ ৰোধ কৰাৰ বাবে কিদৰে প্লাষ্টিক আৱর্জনা হ্রাস কৰিব পাৰি তাক লৈ বিভিন্ন নীতি প্রস্তুত কৰি আছে৷ ইয়াৰ মাজতো বিশ্বজুৰি প্লাষ্টিক আৱর্জনাৰ ভিৰ বৃদ্ধি পোৱাই নহয়, প্লাষ্টিক প্রদূষণে মানৱ জাতিৰ বাবে অশনি সংকেত কঢ়িয়াই আছে৷ মানৱ দেহৰ ৰক্তকে ধৰি বিভিন্ন অংগত প্লাষ্টিকৰ কণিকা গৱেষকে লাভ কৰাৰ পিছত সমগ্র মানৱ জাতিৰ বাবে উদ্বিগ্ণতাৰ বিষয় হৈ পৰা এই ক্ষুদ্রতম প্লাষ্টিক কণিকা শেহতীয়া গৱেষণাত মানুহৰ মাতৃদুগ্ধত ধৰা পৰিছে৷ প্রথমবাৰৰ বাবে মাতৃদুগ্ধত গৱেষক বিজ্ঞানীয়ে প্লাষ্টিকৰ ক্ষুদ্রতম  কণিকা ধৰা পেলোৱাত বিশ্বৰ বিজ্ঞানীসকলৰ মাজত উদ্বিগ্ণতা বৃদ্ধি পাইছে৷ কিয়নো মাতৃদুগ্ধই শিশুৰ জীৱনক আগবঢ়াই নিয়ে৷ শিশুৰ বিকাশৰ পৰা স্বাস্থ্যজনিত ইতিবাচক কাৰণবোৰ মাতৃদুগ্ধত সন্নিৱিষ্ট হৈ থাকে৷ মাতৃদুগ্ধত ক্ষুদ্রতম প্লাষ্টিক কণাই কেঁচুৱাৰ ওপৰত নেতিবাচক প্রভাৱ পেলোৱাটো শংকাৰ কাৰণ হৈ উঠিছে৷ বিষাক্ত ৰাসায়নিক পদার্থ থকা প্লাষ্টিকৰ ক্ষুদ্রতম কণিকাই মাতৃদুগ্ধৰ পৰা কেঁচুৱাৰ দেহত প্রৱেশ কৰিব আৰু ইয়ে কেঁচুৱাটোৰ স্বাস্থ্যৰ হানি কৰিব৷ কেঁচুৱাৰ বাবে ৰাসায়নিক বিষাক্ত পদার্থ অতিকে বিপজ্জনক৷ সেয়েহে মাতৃদুগ্ধত ক্ষুদ্রতম প্লাষ্টিক কণিকা বিজ্ঞানীসকলে গৱেষণাত ধৰা পেলোৱাৰ পিছতে উন্নত গৱেষণাৰ প্রয়োজনীয়তাক উপলব্ধি কৰিছে৷ কিয়নো কেঁচুৱা এটাৰ বাবে সর্বোত্তম হৈছে মাতৃদুগ্ধ৷ ইটালীৰ ৰোমত গৱেষক বিজ্ঞানীৰ দল এটাই কেঁচুৱা জন্ম হোৱাৰ এসপ্তাহ পিছতে ৩৪গৰাকী স্বাস্থ্যৱান মাতৃৰ দুগ্ধ নমুনাৰ বাবে সংগ্রহ কৰে৷ এই নমুনাৰ ৭৫ শতাংশৰ দুগ্ধতেই মাইক্র’প্লাষ্টিক অর্থাৎ ক্ষুদ্রতম প্লাষ্টিকৰ কণা ধৰা পৰে৷ মন কৰিবলগীয়া যে পূর্বতে চলোৱা গৱেষণাত মানুহৰ কোষত মাইক্র’ প্লাষ্টিকৰ বিৰূপ প্রভাৱ ধৰা পেলাইছিল৷ প্লাষ্টিকত থকা বিষাক্ত ৰাসায়নিক পদার্থই স্থল–জল সকলোতে ভয়াৱহ প্রদূষণৰ সৃষ্টি কৰি আছে৷ প্লাষ্টিক পেকেজিঙত খাদ্য আৰু পনীয় সেৱন কৰাৰ বাবে  মানুহৰ কোষৰ লগতে তেজত প্লাষ্টিকৰ ক্ষুদ্রতম কণিকাই বাহৰ পাতিছে৷ মাতৃদুগ্ধৰ ক্ষেত্রতো এনে এক ধাৰণাই বিজ্ঞানীসকলে প্রাৰম্ভিকভাৱে বিশ্বাসত লৈছে৷ ইটালীৰ বিজ্ঞানীয়ে ২০২০ চনতে মানুহৰ দেহত ক্ষুদ্রতম প্লাষ্টিকৰ কণা ধৰা পেলাবলৈ সক্ষম হৈছিল যদিও সেয়া আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাছিল৷ অধিক উন্নত গৱেষণা আৰু সূক্ষ্ম নিৰীক্ষণৰ অন্তত দেশখনৰেই বিজ্ঞানীয়ে মাতৃদুগ্ধত ক্ষুদ্রতম প্লাষ্টিকৰ কণা ধৰা পেলোৱাটো মানৱ জাতিৰ বাবে অতি নেতিবাচক বার্তা৷

বিশাল পৰিমাণত প্লাষ্টিক আৱর্জনাই পৰিৱেশ প্রদূষিত কৰাৰ লগতে বিষাক্ত মাইক্র’ প্লাষ্টিকৰ সমগ্র গ্রহটিকে বিষাক্ত কৰি তুলিছে৷ পৃথিৱীৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ পৰা প্রশান্ত মহাসাগৰৰ অতি গভীৰ দুর্গম  অঞ্চলতো প্লাষ্টিক আৱর্জনাৰ অৱস্থিতি ধৰা পৰিছে৷ ইয়ে সাগৰীয় জীৱ–জন্তুৰ লগতে স্থল আৰু জলত প্লাষ্টিক আৱর্জনাই উদ্ভিদ আৰু জীৱজগতৰ ওপৰতো প্রভাৱ পেলাইছে৷ প্লাষ্টিক প্রদূষিত জল সেৱন কৰাৰ বাবে জীৱ–জন্তুৰ দেহলৈ ক্ষুদ্রতম  প্লাষ্টিকৰ কণিকা প্রৱেশ কৰিছে৷ এনে কাৰণতে গাই গৰুৰ গাখীৰতো প্লাষ্টিকৰ কণিকাৰ স্থিতিক উলাই কৰিব নোৱাৰি৷ বটলত থকা এনে গাখীৰত প্লাষ্টিকৰ কণিকা থকাটো বিজ্ঞানীসকলে প্রায় নিশ্চিত কৰিছে৷ জার্নেল পলিমাৰত মাতৃদুগ্ধৰ গৱেষণাক লৈ প্রকাশিত প্রতিবেদনত প্লাষ্টিক পেকেজিং খাদ্যৰ বাবে মানুহৰ দেহত মাইক্র’ প্লাষ্টিক প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷ প্রতিবেদনখনত গর্ভৱতী মহিলাক প্লাষ্টিকৰ দ্বাৰা পেকিং কৰা খাদ্য আৰু পনীয় গ্রহণ কৰাত সজাগ হ’বলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ তদুপৰি প্রসাধন সামগ্রী আৰু দাঁত মজা মলমৰ পৰাও মানৱ দেহত ক্ষুদ্রতম প্লাষ্টিকৰ কণা প্রৱেশত পূর্ণ সম্ভাৱনাক স্বীকাৰ কৰিছে৷ এনেদৰে ছিণ্ঠেটিক আঁহৰ দ্বাৰা প্রস্তুত কৰা সাজ–পোছাকৰ পৰাও মাইক্র’ প্লাষ্টিক মানৱ দেহলৈ যাব পাৰে বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ অতি গুৰুত্বপূর্ণ যে এই গৱেষণাত সবাতোকৈ ভয়াৱহ হিচাপে উল্লেখ কৰা হৈছে এবছৰত এজন লোকে বিভিন্ন খাদ্যৰ জৰিয়তে অতিকমেও ৫০ হাজাৰ প্লাষ্টিকৰ ক্ষুদ্রতম কণিকা ভক্ষণ কৰে৷ ইটালীত মানুহৰ মাতৃদুগ্ধত ক্ষুদ্রতম প্লাষ্টিকৰ কণিকা ধৰা পৰাৰ পূর্বে চলিত বর্ষৰ মার্চ মাহত নেদাৰলেণ্ডৰ আমষ্টাৰডাম  বিশ্ববিদ্যালয়ত বিজ্ঞানী গৱেষকে মানুহৰ তেজত মাইক্র’ প্লাষ্টিকৰ সন্ধান পাইছে৷ গৱেষণাই এই কথা নিশ্চিত কৰিছে যে সমগ্র পৃথিৱীত প্রদূষিত কৰা প্লাষ্টিকে মানৱ জীৱনৰ বাবে ক্ষণে ক্ষণে ভয়াৱহতা কঢ়িয়াই আনিছে৷ সময় সমাগত প্লাষ্টিকৰ ওপৰত মানৱ জাতিয়ে এটা কঠোৰ সিদ্ধান্ত লোৱাৰ, অন্যথা প্লাষ্টিকেই মানৱ জাতিৰ বিপর্যয়ৰ অন্যতম প্রধান কাৰণ হৈ উঠিব৷

You might also like