নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপন্যাস লিখি মই আটাইতকৈ স্বাচ্ছন্দ্য অনুভৱ কৰোঁ

🔹 বিশিষ্ট ঔপন্যাসিক মণিকুন্তলা ভট্টাচার্য

অসমৰ প্রসিদ্ধ ঔপন্যাসিক, গল্পকাৰ তথা কবি মণিকুন্তলা ভট্টাচার্য নাৰীৰ মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰি লিখা উপন্যাসসমূহৰ বাবে পঢ়ুৱৈ সমাজৰ মাজত অতিশয় জনপ্রিয়৷ ছাত্রী অৱস্থাৰ পৰা এগৰাকী সাহিত্যিক হোৱাৰ সপোন দেখা ভট্টাচার্যই বিগত দুটা দশকৰো অধিককাল অসংখ্য গল্প, উপন্যাস, কবিতা, শিশু সাহিত্য আৰু অনুবাদ কর্মৰ সৈতে গভীৰভাৱে জড়িত হৈ ২০০০ চনত সাহিত্যিক ৰূপে আত্মপ্রকাশ কৰে৷ ২০০২ চনত তেওঁৰ প্রথমখন গল্প সংকলন ‘প্রস্তৰ কন্যা’ প্রকাশ পায়৷ ২০০৫ চনত এই গ্রন্থখনে লাভ কৰে সন্মানজনক মুনিন বৰকটকী বঁটা৷ ইয়াৰ পৰৱর্তী সময়ত তেওঁৰ কলমেৰে নিগৰিত হৈছে ইখনৰ পিছত সিখন মূল্যৱান গ্রন্থ৷ এইপর্যন্ত তেওঁ ৫খন কাব্যগ্রন্থ, ৩খন প্রবন্ধ সংকলন, ২৫খন উপন্যাস, ৩খন শিশু উপন্যাস, ৫খন উপন্যাস সংকলন আৰু ৩খনৰো অধিক গ্রন্থ অনুবাদেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ অৱশ্যে কবিতাৰে আত্মপ্রকাশ কৰিলেও সম্প্রতি লেখকগৰাকী অসমৰ পাঠক সমাজৰ মাজত ঔপন্যাসিকৰূপে পৰিচিত৷ সাহিত্যৰ প্রায় প্রতিটো অংগলৈ অৱদান আগবঢ়োৱা ভট্টাচার্য তেওঁৰ সৃষ্টিকর্মৰ স্বীকৃতিৰূপে ত্রিশৰো অধিক সন্মানেৰে বিভূষিত হৈছে৷ তেওঁৰ প্রতিভাৰ অনন্য স্বাক্ষৰ হিচাপে শিশু উপন্যাস ‘ঈশ্বু’ৱে চলচ্চিত্রৰূপে ২০১৮ চনত ‘ৰজত কমল বঁটা’ লাভ কৰে৷ তদুপৰি ‘বাঁহী’ উপন্যাসৰ আধাৰত নির্মিত কথাছবিৰ উপৰি কেইবাটাও কাহিনীৰে নির্মিত হৈছে চুটি ছবি আৰু টেলিভিছনৰ ধাৰাবাহিক৷ কেইবাখনো গ্রন্থ বিভিন্ন ভাষালৈ অনুবাদ হোৱা ভট্টাচার্যই দেশ–বিদেশৰ বিভিন্ন সাহিত্য অনুষ্ঠানলৈও নিমন্ত্রিত হৈছে৷ প্রায় প্রতিটো বর্ষতে ৩–৪খনকৈ উপন্যাস ৰচনা কৰা এইগৰাকী বিশিষ্ট ঔপন্যাসিক মণিকুন্তলা ভট্টাচার্যৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈলৈ আগবঢ়োৱা হ’ল–
🔹 শৈশৱ কালৰ পৰা আপুনি এগৰাকী সাহিত্যিক হোৱাৰ সপোন মনত পুহি ৰাখিছিল৷ আজি আপুনি অসমীয়া উপন্যাস, গল্প, কবিতা, শিশু সাহিত্য, অনুবাদ সাহিত্য আদি প্রায় সকলো ক্ষেত্রতে অবাধ বিচৰণ কৰিবলৈ সক্ষম হৈছে৷ এইক্ষেত্রত আপোনাৰ অনুপ্রেৰণাৰূপে কাক মনত পেলাব?

📌 আমাৰ দেউতা প্রয়াত ভৱানী কুমাৰ শর্মা আছিল এজন চৰকাৰী ৰাজপত্রিত বিষয়া৷ চাকৰিসূত্রে দেউতাৰ লগত আমি অসমৰ বিভিন্ন স্থান নগাঁও, চতিয়া, বিশ্বনাথ, মঙলদৈ আদিত থাকিবলগীয়া হৈছিল৷ এই ঠাইবোৰৰ পৰিৱেশ–সংস্কৃতি আদিয়ে এক বৈচিত্র্যময় অভিজ্ঞতাৰ জন্ম দিছিল৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে– দেউতাই সৰুৰে পৰা মোৰ মনত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছিল৷ পঢ়িব জনা হোৱা–নোহোৱাৰ পৰাই তেওঁ বিভিন্ন কিতাপ আনি মোক পঢ়িবলৈ দিছিল৷ সেই কিতাপবোৰ অধ্যয়ন কৰি স্কুলীয়া দিনৰে পৰা মোৰ মনৰ ভিতৰত এগৰাকী লেখিকা হোৱাৰ বাসনা জগাই তুলিছিল৷ তদুপৰি আমাৰ মা শ্রীযুতা বীণা শর্মায়ো মোক অধ্যয়নৰ লগতে লিখা–মেলা কৰিবলৈ সর্বতোপ্রকাৰে উৎসাহিত কৰি আহিছে৷ বিবাহৰ পিছত মই লিখা–মেলাত অধিক মনোনিৱেশ কৰিছিলোঁ৷ এইক্ষেত্রত মোৰ স্বামী তথা ন্যায়াধীশ পৰাণ কুমাৰ ফুকনে যথেষ্ট উৎসাহ যোগাইছিল৷ তেওঁ নিজেও এগৰাকী অধ্যয়নশীল ব্যক্তি হোৱা বাবে বিশ্বৰ বহু আগশাৰীৰ লেখকৰ গ্রন্থ অধ্যয়ন কৰি মোৰ সৈতে সেই গ্রন্থবোৰৰ বিষয়ে আলোচনা কৰিছিল৷ তদুপৰি মোৰ প্রয়াত শাহুমা পাৰুল ফুকন আছিল মোৰ গ্রন্থবোৰৰ প্রথম পাঠক৷ প্রকাশ হোৱাৰ পূর্বেই তেওঁ মোৰ পাণ্ডুলিপিবোৰ পঢ়ি উৎসাহ দিছিল৷ মোৰ লিখা– মেলাত যাতে কোনোধৰণৰ অসুবিধা নহয়, তাৰ বাবে সততে যত্নপৰ হৈছিল৷ ইয়াৰ উপৰি পঢ়ুৱৈসকল মোৰ বাবে আটাইতকৈ ডাঙৰ প্রেৰণা৷ তেওঁলোকে মোক লিখিবলৈ অনুপ্রেৰণা যোগাইছিল৷ আমাৰ একমাত্র কন্যা আকাংক্ষা ফুকন আৰু জোঁৱাই ৰামানুজ শর্মায়ো মোক এইক্ষেত্রত যথেষ্ট সমর্থন আগবঢ়াই আহিছে৷

🔹 নাৰীৰ মনস্তত্ত্বক আপুনি আপোনাৰ সাহিত্যৰাজিৰ মাজত সুন্দৰভাৱে পৰিস্ফুট কৰি আহিছে৷ ইয়াৰ অন্তৰালত আপোনাক কোনবোৰ কাৰকে প্রভাৱিত কৰে?

📌 প্রথম কথা, মই নিজে এগৰাকী নাৰী৷ সেইবাবে মই নাৰীসকলৰ বহু কথা ভালদৰে অনুভৱ কৰোঁ, যিটো হয়তো এগৰাকী পুৰুষৰ বাবে সম্ভৱ নহয়৷ এগৰাকী কন্যা হিচাপে, মাতৃ হিচাপে, গৃহিণী হিচাপে আৰু শেষত লেখক হিচাপে সমাজখনক যিদৰে দেখিছোঁ, সেইবোৰ স্তৰে স্তৰে অনুভৱ কৰিব পাৰিছোঁ৷ এগৰাকী নাৰীৰ দায়িত্বও মই গভীৰভাৱে উপলব্ধি কৰোঁ৷ মই দেখিছোঁ যে সমাজত নাৰীৰ স্থান সুকীয়া আৰু নাৰীৰ কর্তব্যপৰায়ণতাও মোৰ বাবে এক অনুভৱৰ বিষয়৷ সেয়ে মোৰ বাবে নাৰীকেন্দ্রিক চৰিত্রবোৰ প্রতিফলিত কৰা সহজ হয়৷ সেইবুলি মই পুৰুষবিদ্বেষী নহয়৷ দেউতা নহ’লে মোৰ জন্মই নহ’লহেঁতেন আৰু স্বামী নহ’লে মই মাতৃ হ’ব নোৱাৰিলোঁহেঁতেন৷ মই পুৰুষসকলক যথেষ্ট সন্মান কৰোঁ৷ মোৰ উপন্যাস আৰু গল্পত নাৰী চৰিত্রৰ লগতে পুৰুষ চৰিত্রয়ো প্রাধান্য লাভ কৰিছে৷

🔹 আপোনাৰ প্রথমখন গল্প সংকলন ‘প্রস্তৰ কন্যা’ই ২০০৪ চনত সন্মানজনক মুনিন বৰকটকী বঁটা লাভ কৰিছিল৷ প্রথমখন গ্রন্থই এনে এটি সন্মানীয় বঁটা লাভ কৰাত আপোনাৰ কেনে অনুভৱ হৈছিল? গল্পবোৰৰ বিষয়বস্তু কি আছিল?

📌 সাহিত্যিক জীৱনৰ প্রথমটো সৃষ্টিয়ে এনে সন্মানজনক বঁটা লাভ কৰাত স্বাভাৱিকতে মই অভিভূত হৈ পৰিছিলোঁ৷ সেই ক্ষণটো মনত পৰিলে আজিও ৰোমাঞ্চিত হৈ পৰোঁ৷ ‘প্রস্তৰ কন্যা’ত সন্নিৱিষ্ট গল্পসমূহৰ কাহিনী আছিল ভিন্নধর্মী৷ কোনোবাটো যদি নগৰকেন্দ্রিক, কোনোবাটোত আছে মাছমৰীয়া ছোৱালীৰ কাহিনী৷ মুঠতে গল্পবোৰত মানুহে প্রাধান্য লাভ কৰিছিল৷

🔹 আপোনাৰ সাহিত্যিক জীৱনৰ অন্যতম কীর্তিস্তম্ভ ‘বৰদোৱানী’ৰ শীর্ষ চৰিত্রটো বাস্তৱ চৰিত্র নেকি?

📌 উপন্যাসখনৰ শীর্ষ চৰিত্র ‘বৰদোৱানী’ক বহু পঢ়ুৱৈয়ে সঁচা চৰিত্র বুলি ভাবে৷ আচলতে উপন্যাসখনৰ চৰিত্রবোৰৰ নামবোৰ সঁচা যদিও কাহিনীটো সঁচা নহয়৷ ধিঙৰ আঠগাঁৱৰ এই পৰিয়ালটো আমাৰ আইতাহঁতৰ চুবুৰীয়া আছিল৷ তেওঁলোকক মই সৰুৰে পৰা দেখিছিলোঁ৷ বৰদোৱানী, পুণ্যধৰ, ৰেণুমাই আদি নামবোৰ সঁচা যদিও তেওঁলোকৰ বাস্তৱ কাহিনীৰ সৈতে উপন্যাসখনৰ কাহিনীৰ কোনো সাদৃশ্য নাই৷ বাস্তৱ ক্ষেত্রত বৰদোৱানীৰ জীৱন বৰ কষ্টকৰ আছিল৷ ঘৰখনত কাজিয়া–পেচাল এক নিত্য–নৈমিত্তিক ঘটনা আছিল৷ কিন্তু উপন্যাসখনত তেওঁলোকৰ দাম্পত্য জীৱন মই বৰ মধুৰ ৰূপত দাঙি ধৰিছোঁ৷

🔹 আপুনি গল্প, কবিতা আৰু উপন্যাস এই তিনিওটা ক্ষেত্রতে অসমীয়া সাহিত্যলৈ অপৰিসীম বৰঙণি আগবঢ়াইছে৷ এই তিনিওটা বিভাগৰে কোনটোত আপুনি অধিক স্বাচ্ছন্দ্য অনুভৱ কৰে?

📌 আমাৰ অসম গল্পৰ দেশ, সাধুকথাৰ দেশ৷ ফুটপাথত দুজন মানুহ লগ হ’লেই গল্প ক’বলৈ আৰম্ভ কৰে৷ দুজনী মানুহ লগ হ’লেও গল্প কয়৷ ম’বাইলত কথা পাতিলেও গল্পৰ উন্মেষ ঘটে৷ সেইবাবে গল্প লিখিবই লাগিব৷ আনহাতে, কবিতা মোৰ বাবে এক স্বর্গীয় অনুভৱ৷ মোৰ মনলৈ এটা কবিতা অহাৰ বাবে মই আগ্রহেৰে অপেক্ষা কৰি থাকোঁ৷ কিন্তু উপন্যাস লিখি মই আটাইতকৈ বেছি স্বাচ্ছন্দ্য অনুভৱ কৰোঁ৷ উপন্যাস মই যিকোনো সময়তে লিখি থাকি ভাল পাওঁ৷ এখন উপন্যাস লিখি থকা সময়ত আন এখন উপন্যাসৰ কাহিনীয়ে মোৰ মনত জুমুৰি দি ধৰে৷ সেইবাবে মই একে সময়তে ৩–৪খন উপন্যাস লিখিবলৈ আৰম্ভ কৰোঁ৷ একে সময়তে কমেও দুখন উপন্যাস হাতত থাকিলে মই ভাল পাওঁ৷ এনে আগ্রহৰ বাবেই হয়তো মোৰ উপন্যাসৰ সংখ্যা অধিক আৰু এগৰাকী ঔপন্যাসিকৰূপে মই বেছি পৰিচিত৷

🔹 আপোনাৰ প্রথমখন উপন্যাসৰ জন্ম যন্ত্রণা আৰু সৃষ্টিৰ আনন্দক আপুনি কিদৰে অনুভৱ কৰে?

📌 ছপা আকাৰে মোৰ প্রথমখন উপন্যাস ‘সন্ধ্যা’ প্রকাশ পালেও ইয়াৰ পূর্বেই মোৰ ‘অৰুন্ধতী’ নামৰ উপন্যাসখন এখন অসমীয়া আৰু হিন্দী কাকতত ধাৰাবাহিকভাৱে প্রকাশ পাইছিল৷ লেখক হোৱা–নোহোৱা সময়তে চকুৰ সন্মুখত দেখা পোৱা মানুহবোৰৰ বিষয়ে যথেষ্ট ক’বলগীয়া আছিল৷ সেইবাবে ‘অৰুন্ধতী’ত মই নিভৃতভাৱে নিজৰ সৈতে আলাপ কৰিছিলোঁ৷ সেই সময়ত উপন্যাস কেনেকৈ লিখে নাজানিছিলোঁ৷ হয়তো উপন্যাসখন উৎকৃষ্ট মানৰ হোৱা বাবে দুখন কাকতত ধাৰাবাহিকভাৱে প্রকাশ পাইছিল৷ প্রথমবাৰৰ বাবে প্রকাশ পোৱা বাবেই ‘সন্ধ্যা’ আৰু ‘অৰুন্ধতী’য়ে মনত এক বুজাব নোৱাৰা পুলক সৃষ্টি কৰিছিল৷

🔹 ভ্রাম্যমাণ থিয়েটাৰৰ পটভূমিত লিখা উপন্যাস ‘মই ডেচডিমনা হ’ব খোজো’ৰ জন্মৰ অন্তৰালত কি ঘটনা অথবা অভিজ্ঞতাই আপোনাক প্রভাৱিত কৰিছিল?

📌 যশস্বী অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচার্যৰ বাবে মই এখন টেলিভিছনৰ ধাৰাবাহিকৰ বাবে কাহিনী লিখিছিলোঁ৷ ইয়াৰ পিছতে তেওঁ কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা ‘অথেলো’ নামৰ নাটকখন পৰিচালনা কৰিবলৈ গৈছিল৷ তেতিয়াই মোৰ স্বামী পৰাণ কুমাৰ ফুকনে মোক ভ্রাম্যমাণৰ ওপৰত এখন উপন্যাস লিখিবলৈ বৰকৈ হেঁচা প্রয়োগ কৰিছিল৷ তেওঁৰ বাবেই মোৰ ‘মই ডেচডিমনা হ’ব খোজো’ উপন্যাসখনৰ জন্ম হৈছিল৷ উপন্যাসখন লিখিবলৈ মই বহুদিন পাঠশালাত বিশিষ্ট অভিনেতা–পৰিচালক তথা কহিনুৰ থিয়েটাৰৰ স্বত্বাধিকাৰী ৰতন লহকৰৰ ঘৰলৈ গৈছিলোঁ আৰু তালৈ মোৰ স্বামীয়ে অনা–নিয়া কৰিছিল৷ তাত থাকি মই ভ্রাম্যমাণ থিয়েটাৰৰ বিভিন্ন দিশ অতি পুংখানুপুংখভাৱে পর্যবেক্ষণ কৰিছিলোঁ৷ উপন্যাসখনত আমি যাত্রা, অপেৰাৰ পৰা আৰম্ভ কৰি ভ্রাম্যমাণে কিদৰে বর্তমান অৱস্থা লাভ কৰিলে তাৰ বিৱৰণ আছে৷ সেই যাত্রাপথত যিসকল পুৰোধা ব্যক্তি আছিল, তেওঁলোকৰ বিষয়েও উপন্যাসখনত লিখিবলৈ চেষ্টা কৰিছোঁ৷

🔹 দীর্ঘকালৰ বাবে আপুনি কোনো নির্জন স্থানলৈ গ’লে লগত কি কি বস্তু নিব?

📌 তেনে কোনো নির্জন স্থানলৈ গ’লে মই তিনিটা বস্তু নিব বিচাৰিম৷ প্রথমটো বস্তু হৈছে ঔষধ আৰু খাদ্য, দ্বিতীয়তে কিতাপ হিচাপে মামণি ৰয়ছমৰ ৰচনা সমগ্র আৰু নৱকান্ত বৰুৱাৰ কবিতা সমগ্র৷ আনহাতে, যদি মানুহ নিব পৰা যায়, তেনেহ’লে মোৰ স্বামীক লগত লৈ যাম৷ কাৰণ তেওঁ থাকিলে মোৰ মনত সাহস থাকে আৰু সকলো ক্ষেত্রতে অনুপ্রেৰণা লাভ কৰোঁ৷

🔹 আপোনাৰ পূর্বৰ দৃষ্টিভংগী আৰু লেখিকা মণিকুন্তলা ভট্টাচার্যৰ দৃষ্টিভংগীৰ পৰিৱর্তন ঘটিছে নেকি?

📌 মানুহৰ প্রতি থকা দৃষ্টিভংগী সলনি হৈছে৷ সেই সময়ত মানুহৰ প্রতি থকা ধাৰণাৰ বহু পৰিৱর্তন ঘটিছে৷ মানুহক এতিয়া সহজতে বুজি পোৱা হ’লোঁ৷ উপন্যাসৰ চৰিত্রবোৰৰ প্রতিও মোৰ দৃষ্টিভংগী সলনি হয়৷ পঢ়ুৱৈসকলেও সেই কথা কয়৷ মই ভাবোঁ- এতিয়া মোৰ উপন্যাসৰ নাৰী চৰিত্রবোৰ শক্তিশালী হৈছে৷ তেওঁলোকৰ এতিয়াও কষ্ট হয়, ভাগি পৰে৷ কিন্তু চৰিত্রবোৰৰ আৱেগ এতিয়া বাস্তৱসন্মত৷

🔹 আপোনাৰ নিজৰ প্রিয় আৰু সর্বোৎকৃষ্ট গ্রন্থ কোনখন বুলি ভাবে?

📌 মই নিজে লিখা কোনখন গ্রন্থ অধিক প্রিয় বুলি সুধিলে উত্তৰ দিয়াটো কঠিন হয়৷ মোৰ প্রতিখন গ্রন্থ পঢ়ুৱৈ সমাজে আদৰি লৈছে৷ ‘বৰদোৱানী’, ‘জলকন্যা’, ‘ডেচডিমনা’, ‘অৰুন্ধতী’ আদি সকলোবোৰ গ্রন্থ মোৰ ভাল লাগে৷ ‘অংগহাৰ’ত মই নিজেই নিজৰ কথা লিখিছোঁ৷ মোৰ প্রতিখন গ্রন্থৰ আঁৰত নেপথ্য কাহিনী আছে৷ সাহিত্যিক যাত্রা আছে৷ তদুপৰি প্রত্যেকখন গ্রন্থ লিখোঁতে যথেষ্ট কষ্ট কৰিছোঁ৷ সেইবাবে প্রতিখনেই মোৰ বাবে প্রিয়৷

🔹 জীৱন সম্পর্কে আপোনাৰ ধাৰণা?

📌 প্রত্যেক মানুহৰে জীৱনত সুখ–দুখ থাকিব৷ সেই কথা জানি যাত্রা আৰম্ভ কৰিব লাগে৷ তদুপৰি মানুহৰ জীৱনত সুখ–দুখ এটাও স্থায়ী নহয়৷ দীপ্ত সূর্যৰ প্রখৰ ৰ’দ, বাৰিষাৰ ধাৰাসাৰ বৰষুণ– এইবোৰ লৈয়ে পৃথিৱী, আকাশ মূর্তমান, সুখ–দুখ লগত লৈ যাত্রা আৰম্ভ কৰিলে মানুহ সুখী হ’ব পাৰে৷

🔹 ‘বৰদোৱানী’ৰ দৰে উপন্যাসে অসমীয়া সমাজত নাৰীৰ মর্যাদাক সুন্দৰভাৱে দাঙি ধৰিছে৷ কিন্তু নাৰীসকল আজিও সমাজত বঞ্চিত হৈ থকা বুলি ভাবে নেকি?

📌 কেৱল নাৰীয়েই নহয়, পুৰুষসকলো সমানেই বঞ্চিত৷ আমাৰ নাৰীসকলৰ বাবে নাৰী দিৱস আছে৷ কিন্তু পুৰুষসকলৰ বাবে তেনে দিন আছে জানো, কষ্ট সকলোৰে জীৱনত আছে৷ তাক সহজভাৱে আঁকোৱালি লৈ আগবাঢ়ি গ’লে জীৱন সুখৰ হয়৷

🔹 নতুন প্রজন্মৰ লেখক–লেখিকাসকলক কিবা ক’ব নেকি?

📌 নতুন লেখকসকলে নিজৰ ভাব–অনুভূতি উৎকৃষ্ট ৰূপত প্রকাশ কৰিবৰ বাবে প্রচুৰ অধ্যয়ন কৰা উচিত৷ কবিতা লিখিব বিচৰাসকলে দেশ–বিদেশৰ কবিতা পঢ়ক৷ গল্পকাৰসকলে গল্প পঢ়ক৷ তেতিয়া বহু কথা জানিব পাৰিব৷ পাঠকে কি ধৰণে গ্রহণ কৰিছে সেই কথা বুজিব পাৰিলেই সৃষ্টিকর্ম স্থায়ী হ’ব৷ আনহাতে, নিজৰ লেখাটোক লৈ তৎক্ষণাতে অধীৰ হ’ব নালাগে, উত্রাৱল হ’ব নালাগে৷ লেখাবোৰ কেইবাবাৰো সম্পাদনা কৰক, সকলোৱে যাতে গ্রন্থ পঢ়িব পাৰে তেনে লেখা প্রস্তুত কৰক৷ ছ’চিয়েল মিডিয়াত লিখা বাবে উপন্যাসৰ কলেৱৰ বাঢ়িছে, কিন্তু আচলতে সময়ে কি দাবী কৰে, আমি কি বিচাৰোঁ? নতুন প্রজন্মৰ বহুসংখ্যক বুদ্ধিদীপ্ত, প্রতিভাসম্পন্ন লেখক ওলাইছে৷ সেই অনুপাতে কবিতা বহুতে লিখিছে, কিন্তু ভাল কবিৰ সংখ্যা কম৷ গ্রন্থাকাৰে বহু উপন্যাস আছে, কিন্তু বিচাৰি বিচাৰি পঢ়িব পৰা গ্রন্থ কিমান আছে? অৱশ্যে মই নতুন প্রজন্মৰ লেখকসকলক লৈ যথেষ্ট আশাবাদী৷

🔹 আপোনাৰ নতুন সৃষ্টিকর্ম কিবা আছেনে?

📌 ‘সংযোগ’ নামৰ এখন নতুন উপন্যাস প্রকাশ পাইছে৷ গ্রন্থমেলাত এইখন পোৱা যাব৷ আনহাতে ‘আইনা জীৱনৰ’ আলোচনীত ‘সাম্রাজ্য’ নামৰ এখন উপন্যাস ধাৰাবাহিকভাৱে লিখি আছোঁ৷ তদুপৰি প্রসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ শৈশৱকালৰ ওপৰত এখন উপন্যাসৰ কাম আধৰুৱা হৈ আছে৷

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪

You might also like