নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰুণ আঘোণলৈ আৰু কিছু পৰ বাকী, কাতিতে কলপকা দিছে ধানে

🔹 ঢকুৱাখনাৰ পথাৰত আঘোণৰ ব্যস্ততা

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : কাতিতে কলপকা দিছে ধানে। পথাৰৰ পকা ধানে ৰিঙিয়াই মাতিছে সবাকে গাভৰু পথাৰলৈ। কৃষকৰ নাকেৰে উজাই আহিছে পকা ধানৰ ফুৰফুৰীয়া গোন্ধ।ভৰুণ আঘোণলৈ আৰু কিছু পৰ বাকী। পূৰঠ ধানৰ থোকে উজলাই তুলিছে কৃষকৰ মন-প্ৰাণ।দাৱনীৰ খিলি খিলি জাকৈয়া হাঁহিৰ জোৱাৰ উঠিছে পথাৰত। ঢকুৱাখনাত কাতিমহীয়া পথাৰতে দেখা গৈছে আঘোণৰ বৰণ। গাভৰু সোণগুটিয়ে সোণোৱালী সপোন সিঁচিছে কৃষকৰ মনত। সোণগুটিৰ পথাৰত ৰিবৰিব মলয়াত হালি-জালি নাচিছে শালি ধানৰ থোক ৷ ঢকুৱাখনাৰ একাংশ পথাৰত কাতিমহীয়া পথাৰত জিলিকিছে সোণগুটি। শাওণৰ পথাৰত প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই ভূঁই ৰোৱা আশাৰ সেউজীয়া ধাননিডৰা এতিয়া সোণোৱালী হ’ল । বতাহত হালি-জালি থকা হেঁপাহৰ সোণালী ধাননীডৰাই কঢ়িয়াই আনিছে অপাৰ আনন্দ। ঢকুৱাখনাৰ কৃষি চক্ৰৰ অন্তৰ্গত মাতমৰা, ডিমৰুগুৰি, ডাংধৰা, পূব ঢকুৱাখনা আদি অঞ্চলৰ বিস্তীর্ণ পথাৰত দেখা গৈছে চহা কৃষকৰ ভীষণ ব্যস্ততা। আঘোণৰ পূৰ্বেই সোণোৱালী শইচ চপোৱাত ব্যস্ত হৈ পৰিছে কৃষক-দাৱনী। আঘোণৰ প্ৰাকক্ষণত উল্লেখিত অঞ্চলসমূহৰ প্ৰতিখন গাঁৱৰ পথাৰতেই দেখা গৈছে উছাহৰ ধল। জাক জাক দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে পথাৰত। প্ৰখৰ ৰ’দকো নেওচি পুৱাৰ পৰা গধূলিলৈকে কৃষক-দাৱনী ব্যস্ত হৈ পৰিছে ধান কটাত। প্ৰাণচঞ্চলা দাৱনীৰ হাতৰ কাঁচিৰ মুঠিত বান্ধিছে আই-পিতাইৰ সপোন। কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ, অথচ বুকুত অপাৰ আনন্দ। দাৱনীসকলৰ হাঁহি-খিকিন্দালিৰে মুখৰিত হৈ পৰিছে বিস্তীৰ্ণ পথাৰ। হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰজোৰা সপোনবোৰ। কণ কণ ল’ৰা-ছোৱালীবোৰ ব্যস্ত ডাঙৰি কান্ধত অনা পাহোৱাল ডেকাৰ পাছে পাছে নৰাৰ পেঁপা বজোৱাত । বিস্তীৰ্ণ কৃষিপথাৰত মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ, কাঁচিৰ খচখচনি আৰু আৰু বিৰিয়াৰ ঝনঝনা শব্দই যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ। অৱশ্যে মাজে মাজে অহা দুই-এজাক বৰষুণে পকিবলৈ ধৰা সোণগুটিবোৰ তিয়াই পেলোৱাত খন্তেকৰ বাবে চিন্তিত কৰি তুলিছে কৃষকক।উল্লেখ্য যে চৰকাৰী সা-সুবিধা অবিহনেই কেৱল বৰষুণৰ টোপালকেইটাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি বছৰে জেঠৰ প্ৰথম সপ্তাহৰ পৰাই উল্লেখিত অঞ্চলবোৰৰ কৃষসকল কৃষিকৰ্মৰ বাবে সাজু হয়।ঘৰুৱাভাৱে সংৰক্ষিত বীজ আৰু পুৰণিকলীয়া পদ্ধতিৰেই কৃষিকৰ্ম কৰি এইসকল কৃষকে বছৰে বছৰে ধানৰ আশানুৰূপ উৎপাদন কৰি আহিছে। ইফালে, এই প্ৰতিবেদকৰ আগত একাংশ কৃষকে ধানৰ খেতিয়েই জীৱন নিৰ্বাহৰ মান উন্নত কৰাত সহায় কৰিছে বুলি প্ৰকাশ কৰি আধুনিক কৃষি ব্যৱস্থাৰ আলমত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে এইসকল কৃষকে চিন্তা-চৰ্চা কৰে যদিও কৃষি বিভাগৰ পৰা কোনো সাহায্য নোপোৱাত থমকি ৰ’বলগীয়া হোৱাত বিভাগটোৰ ওপৰত ক্ষোভ ব্যক্ত কৰে।ইয়াৰ মাজতেই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ সহায়-সহযোগিতাৰ অবিহনে অঞ্চলটোৰ দুৰ্দশাগ্ৰস্ত কৃষকসকলে হাত সাবটি বহি নাথাকি সূচনা কৰা এই কৃষি বিপ্লৱে স্বাভাৱিকতে ৰাজ্যৰ কৃষি অৰ্থনীতিত ঢকুৱাখনাই যে এদিন ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব, সেয়া নিশ্চিত বুলি সচেতন মহলে মতপোষণ কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like