ক্ষমতা দখলৰ যুঁজ
অসমত আকৌ আৰম্ভ হৈছে আবতৰীয়া নির্বাচনী যুঁজ৷ ২০২১ৰ বিধানসভা নির্বাচনত নির্বাচিত পাঁচগৰাকী বিধায়ক শেহতীয়া লোকসভা নির্বাচনত নির্বাচিত হোৱাৰ ফলতে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বঙাইগাঁও, চিদলী, চামগুৰি, বিহালী আৰু ধলাই সমষ্টিৰ নির্বাচন৷ শাসকীয় বিজেপিৰ তেজপুৰ লোকসভা সমষ্টিৰ প্রার্থী ৰঞ্জিত দত্ত আৰু শিলচৰত পৰিমল শুক্লবৈদ্য, বৰপেটাত অগপ দলৰ ফণীভূষণ চৌধুৰী, কোকৰাঝাৰত ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আৰু ধুবুৰীত কংগ্রেছৰ ৰকিবুল হুছেইন জয়ী হোৱাৰ ফলত ক্রমে বিহালী, ধলাই, বঙাইগাঁও, চিদলী আৰু চামগুৰি সমষ্টিৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাজ্যখনৰ এই পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ কাৰক মাথোঁ ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহৰ ক্ষমতা দখলৰ ৰাজনীতিৰ এক অংশ৷ বিধানসভা নির্বাচনৰ ৩ বছৰ অতিক্রম কৰাৰ সময়তে ক্ষমতা দখলৰ ৰাজনীতিৰ অংশৰূপে বিধায়কক সংসদীয় নির্বাচনৰ প্রার্থীৰূপে জয়ী কৰোৱাৰ বাবেই ৰাজ্যখনৰ পাঁচ বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হৈছে৷ ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া ইতিমধ্যে শেষ হৈছে৷ নির্বাচনী যুঁজত মুঠ ৩৮গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ উক্ত উপ–নির্বাচনত বিজয়ী বিধায়কসকলৰ কার্যকাল হ’ব মাথোঁ ডেৰ বছৰ৷ কিন্তু ডেৰ বছৰীয়া বিধায়ক বাছনিক লৈ যিখন ক্ষমতাৰ যুঁজ আৰম্ভ হৈছে তাক লৈ অসমৰ আগন্তুক ৰাজনীতিৰ বহু গুৰুত্বপূর্ণ বার্তা স্পষ্ট হৈছে৷ এই উপ–নির্বাচনত ঘাইকৈ দুটা বিষয় উল্লেখযোগ্য৷ সেয়া হ’ল পৰিয়ালকেন্দ্রিক ৰাজনীতি আৰু বিৰোধী মর্চাত স্পষ্ট বিভাজন৷ ২০১৪ চনৰ লোকসভা নির্বাচনত কংগ্রেছক উৎখাত কৰি বিজেপিৰ নেতৃত্বত ক্ষমতাৰ নতুন বিন্যাস সৃষ্টিৰ অন্তৰালত আছিল পৰিয়ালকেন্দ্রিক ৰাজনীতি৷ বিশেষকৈ শতিকাপুৰণি কংগ্রেছৰ পৰিয়ালকেন্দ্রিক ৰাজনীতিক দেশৰ সিংহভাগ বিবেকৱান লোকে পছন্দ নকৰে৷ ৰাজনীতিক স্বচ্ছ আৰু নিকা কৰাৰ স্বার্থতেই দেশবাসীয়ে পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ বিৰোধিতা কৰি আহিছে৷ কিন্তু অসমৰ চলিত উপ–নির্বাচনত পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ প্রাধান্য পুনৰ দেখা গৈছে৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ–নির্বাচনত অগপই প্রার্থিত্ব প্রদান কৰা দীপ্তিময়ী চৌধুৰীৰ চিনাকি সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীৰূপেহে প্রতিষ্ঠিত৷ ১৯৮৫ৰ পৰা ধাৰাবাহিকভাৱে সমষ্টিটোৰ পৰা বিজয়ী ফণীভূষণ চৌধুৰী বৰপেটাৰ সাংসদৰূপে নির্বাচিত হোৱাৰ পিছত দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা প্রার্থিত্বপ্রত্যাশী আছিল৷ কিন্তু সাংসদগৰাকীৰ পত্নীক দলীয় প্রার্থিত্ব প্রদান কৰাত দলটোৰ কেইবাজনো নেতাই পদত্যাগ কৰিছে৷ একেদৰে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিতো পুনৰ আৰম্ভ হ’ল পৰিয়ালকেন্দ্রিক ৰাজনীতি৷ অসম আন্দোলনৰ পিছত চামগুৰি সমষ্টিত অগপৰ স্থিতি শক্তিশালী আছিল আৰু দুটা কার্যকাল আঞ্চলিক দলটোৰ বিধায়ক আছিল৷ ১৯৯১ত সমষ্টিটোৰ পৰা জয়ী হৈছিল কংগ্রেছৰ নুৰুল হুছেইন৷ ২০০১ত নুৰুল হুছেইনৰ পুত্র ৰকিবুল হুছেইন প্রথমবাৰৰ বাবে জয়ী হৈছিল৷ বিগত প্রায় আঢ়ৈ দশকত কংগ্রেছৰ ৰাজনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰা ৰকিবুল হুছেইনে ধুবুৰী সংসদীয় সমষ্টিৰ প্রার্থীৰূপে বিপুল ভোটত জয়লাভ কৰাৰ পিছত এইবাৰ চামগুৰি বিধানসভা সমষ্টিত কংগ্রেছে প্রার্থীৰূপে যুঁজত নমাইছে কংগ্রেছ নেতাজনৰ পুত্র তাঞ্জিল হুছেইনক৷ ৩৫ বছৰীয়া ৰাজনীতিত চামগুৰিত আৰম্ভ হৈছে একেটা পৰিয়ালৰ তিনি পুৰুষৰ ৰাজনীতি৷ পৰিয়ালকেন্দ্রিক ৰাজনীতিক চামগুৰি আৰু বঙাইগাঁওবাসীয়ে কিদৰে গ্রহণ কৰিব সেয়া স্পষ্ট হ’ব উপ–নির্বাচনৰ ফলাফলত৷
এইবাৰ উপ–নির্বাচনত অন্য এটা উল্লেখনীয় দিশ হ’ল বিৰোধী মর্চাত উলম্ব বিভাজন৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমত বিজেপি নেতৃত্বাধীন এনডিএ ক্ষমতাত অধিষ্ঠিত হোৱাৰ ফলত ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ ভেটি দুর্বল হৈছে৷ বিজেপিৰ আগ্রাসী ৰাজনীতিক প্রতিহত কৰাটো যে সহজ নহয় সেয়া শতিকাপুৰণি কংগ্রেছৰ নেতাসকলেও বুজি পাইছে৷ ২০২৬ৰ বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰেই বিগত প্রায় তিনি মাহ ধৰি কংগ্রেছে বিৰোধী দলসমূহৰ স’তে আলাপ–আলোচনা চলাই আছিল৷ কংগ্রেছৰ নেতৃত্বতে গঠন হৈছিল অসম সন্মিলিত মঞ্চ৷ শেহতীয়া লোকসভা নির্বাচনৰ পূর্বে কংগ্রেছৰ নেতৃত্বত গঠিত ‘ইণ্ডিয়া’ৰ আধাৰত ৰাজ্যখনৰ বিৰোধী মর্চাৰ নামকৰণ কৰা হৈছিল ‘অসম’৷ মর্চাৰ অংশীদাৰ আছিল কংগ্রেছৰ লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিএম, চিপিআই, চিপিআই(এমএল), জনতা দল, অল পার্টী, হিলছ লিডার্ছ কনফাৰেঞ্চ আদি৷ অসম সন্মিলিত মঞ্চৰ অংশীদাৰ দলসমূহৰ গণভিত্তিক লৈ প্রশ্ণ উত্থাপন হ’লেও মর্চাটোক সঠিক দিশত আগবঢ়াই নিবলৈ কংগ্রেছৰ নেতৃত্ব সফল নহ’ল৷ উপ–নির্বাচন অনুষ্ঠিত হোৱা বিহালীৰ আসনখন চিপিআই (এমএল) দলক এৰি দিয়াৰ বাবে মঞ্চৰ অংশীদাৰ দলসমূহে গ্রহণ কৰা সিদ্ধান্তক কোনো গুৰুত্বই নিদিলে কংগ্রেছ দলে৷ ইয়াৰ বিপৰীতে কংগ্রেছ দলে শেষ মুহূর্তত বিজেপিৰ প্রার্থিত্বপ্রত্যাশী এজন বিতর্কিত ব্যক্তিক প্রার্থিত্ব প্রদানক লৈ সন্মিলিত মঞ্চত তীব্র প্রতিক্রিয়া হৈছে৷ বিৰোধী মঞ্চখনৰ স’তে কংগ্রেছৰ সংঘাত ইমানেই বৃদ্ধি হৈছে যে উপ–নির্বাচনৰ প্রচাৰ তুংগত উঠাৰ সময়ত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সন্মিলিত মঞ্চৰ সভাপতিৰ পদত্যাগ কৰিছে৷ উপ–নির্বাচনত বিৰোধী ৰাজনৈতিক দলসমূহক লৈ কংগ্রেছে ঐক্যবদ্ধ যুঁজ দিয়াৰ বাবে বিগত সময়ত চলোৱা সকলো পৰিকল্পনা অথলে গৈছে৷ এতিয়া কংগ্রেছ অবিহনে অসম সন্মিলিত মঞ্চই নির্বাচনী যুঁজত নামিছে৷ আনকি বিহালী সমষ্টিত চিপিআই(এমএল) প্রার্থীৰূপে লক্ষীকান্ত কুর্মীক সন্মিলিত মঞ্চই যুঁজত নমাইছে৷ প্রার্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত অজিত কুমাৰ ভূঞা, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন দাস, বিবেক দাস আদি নেতাকো দেখা গৈছে৷ ক্ষমতা দখলৰ ৰাজনীতি কি পর্যায়লৈ যাব পাৰে সেয়া অনুমান কৰাটো সহজসাধ্য নহয়৷ কিন্তু উপ–নির্বাচনৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ সময়তে সন্মিলিত মঞ্চত বিভাজনক কেন্দ্র কৰি যি পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰ দ্বাৰা সর্বাধিক ক্ষতি হ’ব কংগ্রেছৰ৷ কিয়নো কংগ্রেছৰ বাহিৰে সন্মিলিত মঞ্চৰ অংশীদাৰ দলসমূহৰ গণভিত্তি তেনেই সীমিত৷ চিপিএম আৰু ৰাইজৰ দলৰ এজনকৈ বিধায়ক থকাৰ বাহিৰে অন্য দলকেইটাৰ এজনো বিধায়ক নাই৷ সাংসদ থকাটো দূৰৰে কথা৷ এনে পৰিস্থিতিত বিৰোধী মর্চাটো জীয়াই ৰখাটো কংগ্রেছৰ বাবে যিমান প্রয়োজন তাতোকৈ অধিক প্রয়োজন ইয়াৰ অংশীদাৰ দলসমূহৰ৷ কংগ্রেছ দল ইতিমধ্যে বিধ্বস্ত হৈছে৷ একেৰাহে তিনিটা কার্যকাল ৰাজ্যখনৰ ক্ষমতাত থকা দলটোৰ ভিতৰচ’ৰা জর্জৰিত হৈ পৰিছে৷ বিগত বিধানসভা নির্বাচনত কংগ্রেছে সন্মুখীন হোৱা শোচনীয় পৰাজয়ৰ মাজতো যিকেইজন বিধায়ক জয়ী হৈছিল সেইসকলৰ বহুতেই দলটোৰ পৰা আঁতৰি গৈছে৷ সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুর্মীয়ে দলটোৰ পৰা পদত্যাগ কৰি উপ–নির্বাচনৰ জৰিয়তে বিজেপিৰ বিধায়ক হৈছে৷ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ছিদ্দিক আহমেদ, শশীকান্ত দাস, বসন্ত দাস আৰু শ্বেৰমান আলীক কংগ্রেছে নিলম্বন কৰি ৰাখিছে৷ ধর্মীয় সংখ্যালঘুৰ প্রতি প্রদর্শন কৰা অহেতুক দৰদৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ মাজত কংগ্রেছে খোপনি হেৰুৱাইছে৷ এনে পৰিস্থিতিত কংগ্রেছৰ স’তে বিৰোধী মর্চাক ভৱিষ্যতে আগবঢ়াই নিয়াটো সন্মিলিত মঞ্চৰ অংশীদাৰ দলসমূহৰ বাবে এক গভীৰ প্রত্যাহ্বান হ’ব৷