বিশেষ লেখা : মুখ্যমন্ত্রীৰ নেতৃত্বতে সুৰক্ষিত অৰণ্য
সৌম্যদ্বীপ দত্ত
১৯৮২ চনৰ পৰা আজিলৈকে ক্রমাগতভাৱে অৰণ্য আৰু বন্যপ্রাণী সংৰক্ষণৰ বাবে জনমত গঠন আৰু বন্যপ্রাণীবোৰৰ বাসস্থান সংৰক্ষণৰ স্বার্থত আমি সাংগঠনিকভাৱে আত্মনিয়োগ কৰিছোঁ৷ বর্তমানে আমাৰ অসমত বন্যপ্রাণী সংৰক্ষণৰ বাবে কিছু পৰিমাণে হ’লেও জনমত গঠন হৈছে৷ এই জনমত অসমৰ প্রকৃতি ৰক্ষাৰ আন্দোলনৰে সুফল৷ বর্তমানৰ অসমৰ বন্যপ্রাণী সংৰক্ষণ আন্দোলনৰ লগত যুক্ত প্রত্যেকজন মানুহেই যে বৰ পৰিপক্ব তেনেকুৱা নহয়, কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে এই ক্ষেত্রখনতো যে সঠিককৈ বুজিব পৰা আৰু পৰিপক্ব মানুহৰ সংখ্যা বৃদ্ধি পাব তাত কোনো সন্দেহ নাই৷ পৃথিৱীৰ সকলো আন্দোলনৰ ক্ষেত্রতেই মূলতঃ দুটা চৰিত্রৰ মানুহ থাকে৷ এটা ত্যাগী তথা প্রকৃত আদর্শত বিশ্বাসী আন্দোলনৰ লগত যুক্ত ব্যক্তি, আনটো হ’ল ত্যাগীসকলৰ কর্মফলৰ পৰিণতিত সেই ধনাত্মক পৰিৱেশৰ সৃষ্টি হয় তাৰ সুফল ভোগৰ বাবে– ভোগী সম্প্রদায় বা সুবিধাবাদী ভোগী সম্প্রদায়৷ যেতিয়া কোনো এটা আদর্শ, মতাদর্শ, চিন্তাৰ ধনাত্মক দিশৰ ফালে বা কোনো এটা আদর্শৰ পিনে আকৃষ্ট হৈ কিছু পৰিমাণে মানুহৰ এটা বিশেষ জনমত গঠন হয় তেতিয়া ৰাজনৈতিক সুবিধাবাদৰ দলে সেই পৰিৱেশক নিজৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰে৷ অসমৰ বন্যপ্রাণী তথা অৰণ্য সংৰক্ষণৰ আন্দোলনতো তাৰ ব্যতিক্রম হোৱা নাই৷ বর্তমানে অসমৰ বন্যপ্রাণী তথা অৰণ্য সংৰক্ষণৰ আন্দোলনক এক অংশ ৰাজনৈতিক নেতা তথা ৰাজনৈতিক বিচাৰধাৰাৰ লোকে যে আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ উঠিব, তাত কোনো সন্দেহ নাই আৰু এয়া অত্যন্ত স্বাভাৱিক৷ আমি এই দিশটোত সজাগ হৈ থাকিব লাগিব৷ আমাৰ আৱেগক যাতে এই ধূর্ত ৰাজনৈতিক নেতাবোৰে আৰু বিশেষ বিচাৰধাৰাৰ পণ্ডিত আৰু বুদ্ধিজীৱীসকলে নিজৰ উদ্দেশ্য সিদ্ধিৰ কামত লগাব নোৱাৰে তাৰ প্রতি আমি সচেতন থাকিব লাগিব৷ আমাৰ অসমৰ অৰণ্যবোৰক অভয়াৰণ্য ৰূপে সংৰক্ষণৰ স্বার্থত যিসকলে কোনোদিন মাত এটা নামাতিলে, অৰণ্যৰ হাজাৰ হাজাৰ বৃক্ষৰ ধ্বংসত যিসকলে নিমাত, আমাৰ অসমৰ হাজাৰ হাজাৰ বিঘা অৰণ্যভূমি বেদখলমুক্ত কৰাৰ বাবে যিসকলে কোনো আগ্রহ নেদেখুৱায় তেওঁলোকে হঠাতে আমাৰ আন্দোলনৰ লগত যুক্ত হ’ব কেনেকৈ? তেওঁলোকে নিজৰ বিচাৰধাৰাৰ লগত যুক্ত আৰু যিকোনো প্রকাৰে নিজৰ উদ্দেশ্যক বাস্তৱ কৰাৰ চিন্তাত আবদ্ধ৷ মানুহৰ আৱেগক কামত লগাই নিজৰ কার্য সিদ্ধি কৰাৰ মতলবত তেওঁলোক মত্ত হৈ থাকে৷
দিহিং–পাটকাই বর্ষাৰণ্যৰ লক্ষ লক্ষ বৃক্ষক নিশ্চিত মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্রীক তেওঁলোকে ধন্যবাদ নিদিয়ে৷ ৰায়মনাৰ হাজাৰ হাজাৰ বছৰ পূৰঠ অৰণ্যক চিৰস্থায়ী ৰূপে সংৰক্ষিত কৰাৰ বাবে হিমন্ত বিশ্ব শর্মা, প্রমোদ বড়ো বা ৰঞ্জিত বসুমতাৰীৰ নাম তেওঁলোকৰ মনত নাহে৷ ডজনে ডজনে গঁড় হত্যাৰ বিপৰীতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত যে গঁড় হত্যা বন্ধ হৈ গ’ল, তাৰ বাবে এবাৰ মুখ খুলি ধন্যবাদ দিয়াৰ সৎসাহস যিসকলৰ নাই তেওঁলোকে কথা ক’লে মানুহে কিয় গুৰুত্ব দিব? গোৱালপাৰা জিলাৰ হাতীৰ বাসস্থান তথা মহান অৰণ্যৰ বৃক্ষবোৰৰ সংৰক্ষণৰ কথা যিসকলে এবাৰো নকয়– তেওঁলোকে অকল নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে আমাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি থাকিলে– সেয়া সফল নহ’ব৷ অৰণ্যৰ বৃক্ষবোৰৰ স্বাভাৱিক আশ্রয় স্থল, যিকোনো মূল্যৰ বিনিময়ত আমাৰ অৰণ্যবোৰক সংৰক্ষিত কৰিব লাগিব৷ আমাৰ অৰণ্যবোৰত হাজাৰ বছৰৰ পুৰণি গছবোৰ আমাৰ পৰম্পৰা, সেইবোৰৰ সংৰক্ষণৰ প্রয়োজন৷ আমাক আধুনিক মহানগৰ লাগে, মহানগৰত পৰিকল্পিত বৃক্ষ সৃজন হ’ব লাগে, অৰণ্যৰ বৃক্ষবোৰক, প্রাচীন বৃক্ষৰ অৰণ্যবোৰক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিব লাগে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতি আমাৰ তথা অসমৰ ৰাইজৰ আস্থা আছে৷ তেওঁ অসমৰ হিতৰ বাবে সদায় কাম কৰিব বুলি আমি বিশ্বাস কৰোঁ৷ আমি যেনেদৰে অসমক ভাল পাওঁ, অসমৰ সকলো গাঁও–নগৰ–মহানগ ভাল পাওঁ আমাৰ মুখ্যমন্ত্রীয়েও সমানে অসমক ভাল পায়৷ আমি আশা কৰোঁ তেওঁৰ নেতৃত্বত আমাৰ অৰণ্য আৰু প্রকৃতি সদায় সংৰক্ষিত হৈ থাকিব৷
লেখক প্রকৃতিপ্রেমী সংগঠন নেচার্ছ বেকনৰ প্রতিষ্ঠাপক