নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ অকলে খাওঁ নীতি

নির্বাচনী ৰণক্ষেত্রত শক্তিশালী প্রতিপক্ষক পৰাজিত কৰিবলৈ অথবা নিজকে শক্তিশালী ৰূপত অৱতীর্ণ কৰাবলৈ ৰাজনৈতিক দলে মিত্রজোঁটৰ ৰাজনীতিৰ আশ্রয় লয়৷ এই ৰাজনৈতিক ৰণকৌশলে বিগত সময়ছোৱাত বহু ৰাজনৈতিক দলৰ মর্চাক ক্ষমতালৈ অহাৰ বাট প্রশস্ত কৰিছে৷ এই ৰণকৌশলৰ লক্ষ্যটো হৈছে ভোটৰ বিভাজন ৰোধ কৰি মহাজোঁটত আবদ্ধ হোৱা ৰাজনৈতিক দলৰ ভোট এঠাইতে পৰাটো নিশ্চিত কৰা৷ মিত্রজোঁটৰ কৌশলী ৰাজনীতিটোৱে বিজেপিক কেইবাবাৰো দেশ শাসনৰ সুবিধা কৰি দিছে৷ কংগ্রেছৰ বাবেও এসময়ত প্রাক নির্বাচনী মিত্রজোঁটৰ ৰাজনীতি সুফলদায়ক হিচাপে প্রতিপন্ন হৈছিল৷ ইউপিএ নামৰ মঞ্চখনৰ জৰিয়তে দেশৰ সবাতকৈ পুৰণি দলটোৱে ড০ মনমোহন সিঙৰ নেতৃত্বত একেৰাহে দুবাৰ দেশ শাসন কৰিছিল৷ ৰাজ্যৰ পর্যায়তো মিত্রজোঁটৰ ৰাজনীতি প্রভাৱশালী নির্বাচনী ৰণকৌশল হিচাপে পৰিগণিত হৈছে৷ বর্তমানৰ অসম চৰকাৰখনেই হয়াৰ উজ্জ্বল উদাহৰণ৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মর্চা চৰকাৰখনে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ কার্যনির্বাহ কৰি আছে৷ চৰকাৰখনত মূলতঃ বিজেপি, অগপ, ইউপিপিএল সংযুক্ত হৈ আছে৷ ইয়াৰ পূর্বৰ চৰকাৰ দুখনো আছিল মিত্রজোঁটৰ ৰাজনীতিৰ সফল নিদর্শন৷ প্রয়াত তৰুণ গগৈৰ নেতৃত্বত মর্চা চৰকাৰ এখনে অসমত একেৰাহে ১৫ বছৰ শাসন কৰিছিল৷ পৰৱর্তী সময়ত সর্বানন্দ সোণোৱালৰ নেতৃত্বত এনডিএ চৰকাৰ আহে আৰু ৫ বছৰীয়া শাসনকাল সম্পূর্ণ কৰে৷ কংগ্রেছ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনৰ পূর্বে প্রফুল্ল কুমাৰ মহন্তৰ নেতত্বতো অসমত মর্চা চৰকাৰ গঠন হৈছিল৷ এয়া হৈছে অসমত মিত্রজোঁটৰ ৰাজনীতিৰ নিকট অতীতত সাফল্যৰ উদাহৰণ৷ কিন্তু সময়ৰ গতিত মিত্রজোঁটৰ ৰাজনীতিৰো চৰিত্র সলনি হৈছে৷ কিন্তু ইয়াক যদি অনুধাৱন কৰাত কোনো এটা দল শোচনীয়ভাৱে ব্যর্থ হৈছে, সেইটো ভাৰতীয় জাতীয় কংগ্রেছ৷ দলটোৰ নেতৃত্বক নির্বাচনী সমৰত মিত্র লাগে ঠিকেই, কিন্তু সেই মিত্রতাত চর্ত নতুবা লক্ষ্য এটাই থাকে- সকলোৰে ভোট কংগ্রেছৰ পক্ষত পৰিব লাগিব৷ ইয়াৰ সৰল অর্থটো হৈছে কংগ্রেছে মিত্রজোঁটৰ ৰাজনীতি কৰিব মিত্রক আসন এৰি নিদিয়াকৈ৷ কংগ্রেছৰ এই অকলে খোৱা নীতিৰ বাবে হাৰিয়ানাত দলটোৱে সম্ভাৱনাৰ সৃষ্টি কৰিও বিফল হয়৷ আপৰ সৈতে মিত্রতাত আবদ্ধ হোৱাহেঁতেন হাৰিয়ানা বিধানসভা নির্বাচনৰ ফলাফল ভিন্ন হোৱাৰ সম্ভাৱনা আছিল৷ সদ্যসমাপ্ত লোকসভা নির্বাচনতো অনমনীয় স্থিতিৰ বাবে কেইবাখনো ৰাজ্যত কংগ্রেছ মিত্রজোঁটৰ ৰাজনীতি সফল নহ’ল৷ ইয়াৰ সুবিধা এনডিএৰ অংশীদাৰ দলকেইটাই লাভ কৰিলে৷ কংগ্রেছৰ প্রকৃতার্থত উত্তৰ প্রদেশ আৰু দক্ষিণৰ ৰাজ্যকেইখনতহে মিত্রতাৰ ৰাজনীতি সফল হয়৷ তাৰো মূল কাৰণ ৰাজ্যকেইখনত কংগ্রেছ তেনেই নিশকতীয়া৷ যিকেইখন ৰাজ্যত কংগ্রেছৰ সাংগঠনিক শক্তি তুলনামূলকভাৱে উন্নত, তাত কংগ্রেছে নির্বাচনী ৰণক্ষেত্রত মিত্রতা বিচাৰে মাথোঁ ভোট বিভাজন ৰোধ কৰিবলৈহে৷ যাতে মিত্র দলৰ ভোটখিনি কংগ্রেছৰ পক্ষত পৰে৷ এখনো আসন সহজতে এৰি দিব নিবিচাৰে বা নিদিয়ে৷
কংগ্রেছৰ অকলে খোৱা নীতিটোৱে অসমতো বাৰে বাৰে বিৰোধী ঐক্যত আঘাত হানি আহিছে৷ বহুক্ষেত্রত মিত্রতাত আবদ্ধ হোৱা দলকেহটাই আপোচ কৰা বাবেহে সময়ে সময়ে দেখাত প্রাক নির্বাচনী মিত্রতা সম্ভৱ হৈ পৰে৷ শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া চাৰিটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনতো কংগ্রেছে অকলে খাওঁ নীতি গ্রহণ কৰাত বিৰোধী শিবিৰৰ মিত্রজোঁট ভংগ হৈ পৰে৷ লক্ষণীয়ভাৱে কংগ্রেছৰ যুৱ সাংসদ গৌৰৱ গগৈয়ে এই মিত্রতা ভংগক খন্তেকীয়া বুলি কৈছে৷ অর্থাৎ অসম নামৰ মঞ্চখনক উপ–নির্বাচনৰ পিছত পুনৰ সক্রিয় আৰু সবল কৰি তোলা হ’ব৷ অকলে খোৱা নীতিৰ ইয়াতকৈ জঘন্য উদাহৰণ আৰু কি হ’ব পাৰে৷ নির্বাচন আহিলে দলটোৰ নেতৃত্বই মিত্রজোঁট মিত্রজোঁট বুলি চিঞৰি থাকিব, আসন বুজাপৰাৰ সময়ত এখনো আসন এৰি নিদিওঁ বুলি অঁকৰা মূর্তি ধৰি থাকিব৷ বছৰৰ পিছত বছৰ ধৰি শাসনৰ পৰা আঁতৰত থকা কংগ্রেছ নেতৃত্বক প্রয়োজন নির্মোহ আত্মবিশ্লেষণৰ৷ জনসাধাৰণৰ মাজত দলটোৰ শক্তি, সম্ভাৱনা আৰু সামর্থ্যক লৈ বিৰাজমান ধাৰণাক নিৰপেক্ষ আৰু নির্মোহভাৱে পর্যালোচনা কৰি তাক চেতনাত সুমুৱাই ল’ব নোৱাৰিলে ক্ষমতা দলটোৰ বাবে সপোন হৈয়েই থাকিব৷ অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ আসন্ন উপ–নির্বাচনে বর্তমানৰ চৰকাৰখনৰ একো ক্ষতি কৰিব নোৱাৰে৷ বিৰোধীকো ক্ষমতালৈ আনিব নোৱাৰে৷ কিন্তু ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত বিৰোধীৰ বাবে বিশ্বাসৰ পৰিৱেশ এটা গঢ়িব পাৰে৷ দলকেইটাৰ লগতে বিৰোধীৰ ভোটাৰৰ মাজতো সমন্বয় আৰু বিশ্বাসৰ ভেটি এটা গঢ়ি তুলিব পাৰে৷ কিন্তু তাকে নকৰি দলটোৰ নেতৃত্বই কেউখন আসন কিদৰে নিজৰ হাতলৈ আনিব পাৰি, তাতহে গুৰুত্ব দিলে৷ ইয়াৰ স্বাভাৱিক পৰিণতি এটাই হ’বলগীয়া আছিল, মর্চা ভংগ৷ কার্যতঃ সেয়াই দেখা গ’ল৷ আশা দি বা আশাৰ বাট দেখুৱাই অৱশেষত বিশ্বাসঘাতকতা কৰা কংগ্রেছৰ ওপৰত ক্ষুণ্ণ দলকেহটাই এতিয়া ক্ষোভ উজাৰিবলৈ আৰম্ভ কৰি দিছে৷ এইক্ষেত্রত সবাৰ আগত আছে ৰাইজৰ দল৷ দলটোৰ সভাপতি অখিল গগৈয়ে কংগ্রেছৰ বিৰুদ্ধে একপ্রকাৰৰ যুদ্ধ ঘোষণা কৰি দিছে৷ তেওঁ কংগ্রেছক বিশ্বাসঘাতক আখ্যা দি ক্ষমা নিবিচাৰিলে ২০২৬ চনৰ বিধানসভা নির্বাচনত ৰাইজৰ দলে অকলে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ অকল সেয়াই নহয়, সাংসদ গৌৰৱ গগৈ এতিয়া ৰাইজৰ দলৰ লক্ষ্য হৈ পৰিছে৷ কংগ্রেছৰ এচামে সাংসদগৰাকীক মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিবলৈ প্রস্তুতি চলাই আছে৷ তেনে পর্যায়ৰ নেতা এজনক ৰাইজৰ দলে লক্ষ্য কৰি লোৱাটো তাৎপর্যপূর্ণ৷ তদুপৰি এনে অসন্তুষ্টিৰ প্রভাৱ ভোটাৰৰ মাজলৈও যায়৷ মুঠতে ২০২৬ চনৰ বিধানসভা নির্বাচনৰ বাবে কংগ্রেছে অকলে খোৱাৰ নীতিৰে নিজৰ বাবে পথ কঠিন কৰি তুলিলে৷

You might also like