আমাৰ ঐতিহ্য : বঙাইগাঁৱৰ বিষ্ণুপুৰ সত্র
ড০ হৰিচৰণ দাস
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে তীর্থ ভ্রমণ কৰা কালত যিবোৰ ঠাইত ৰৈছিল বা নিশা যাপন কৰিছিল, তেনে কিছুমান ঠাইত একোখন থান বা সত্র হৈছিল৷ গুৰুজনাই য’লৈকে গৈছিল তাতেই তেওঁ বিপুল সমাদৰ লাভ কৰিছিল৷ ৰাইজৰ অকুণ্ঠ মৰম আৰু শ্রদ্ধাৰ চিনস্বৰূপে গুৰুজনাৰ পদৰেণু ৰঞ্জিত এনে ঠাইৰ ৰাইজে সেই স্মৃতি সুঁৱৰি পৰম আনন্দ অনুভৱ কৰে৷ বর্তমানৰ বঙাইগাঁও জিলাৰ বিষ্ণুপুৰ, সাঁকোমূৰা বা কদমতলা আদি তেনে একোখন ঠাই, য’ত গুৰুজনে দ্বিতীয়বাৰ তীর্থ যাত্রা কৰি আহোঁতে জিৰণি লৈছিল৷ গুৰুজনে দ্বিতীয়বাৰ তীর্থ ভ্রমণ কৰিবলৈ যাওঁতে খোজকাঢ়ি গৈছিল যদিও আহোঁতে কোচবিহাৰৰ পৰা নাৱেৰে আহিছিল৷ এনেদৰে আহি থাকোঁতে তেওঁ বর্তমানৰ তামৰঙা বিল পাইছিলহি৷ বঙাইগাঁও জিলাৰ তামৰঙা বিলৰ সৌন্দর্য অনন্য৷ ব্রহ্মপুত্রৰ সৈতে কনৰা বিল আৰু জুনজনীয়া বিলেৰে সংলগ্ণ তামৰঙা বিলৰ পানীৰ ৰং তাম বৰণীয়া দেখাৰ বাবেই ইয়াৰ নাম হৈছিল তামৰঙা৷ তামৰঙা বিলৰ অপাৰ সৌন্দর্যৰ কথা শুনি ব্রহ্মপুত্র হেনো মুগ্ধ হৈছিল আৰু এক কিংবদন্তি মতে ব্রহ্মপুত্রই তামৰঙাক বিয়া কৰাবলৈ মনস্থ কৰিছিল৷ নদীদেৱ ব্রহ্মপুত্রই সাজি–কাচি তামৰঙা বিলত যেতিয়া প্রৱেশ কৰিছিল, তেতিয়া তামৰঙা দেৱীয়ে হেনো কাপোৰ ধুই আছিল৷ ব্রহ্মপুত্রই আহি তেওঁকে সুধিছিল– ‘মা তামৰঙা ক’ত থাকে?’ বোধিনীৰূপী তামৰঙাই সুধিছিল– ‘কিয় লাগে?’ ব্রহ্মপুত্রই কৈছিল– ‘মই তেওঁক বিয়া কৰাবলৈ আহিছোঁ’৷ তেতিয়া তামৰঙাই কৈছিল– ‘ময়েই তামৰঙা সঁচাকৈ আপুনি দেৱপুৰুষ ব্রহ্মপুত্র?’ ‘হয়’– ব্রহ্মপুত্রই কৈছিল৷ ‘তেনেহ’লে মোক আপুনি নিশ্চয় বিয়া কৰাব পাৰে৷ আপোনাক স্বামী হিচাপে পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা৷’ কিন্তু ব্রহ্মপুত্রই তেতিয়া লজ্জাবোধ কৰি কৈছিল– ‘মই আপোনাক মা বুলি মাতিলোঁ গতিকে কেনেকৈ আপোনাক মই বিয়া কৰাব পাৰোঁ, ওহো, মই আপোনাক বিয়া কৰোৱাটো অসম্ভৱ৷ মই এতিয়া উভতি যাওঁগৈ৷ বিধিয়ে মোক তামৰঙাৰ সৈতে বিয়া পাতিবলৈ দিয়া নাই৷’
ব্রহ্মপুত্রৰ কথা শুনি তামৰঙা অতি হতাশ হ’ল৷ তেওঁ ব্রহ্মপুত্রক কাকূতি–মিনতি কৰিবলৈ ধৰিলে আৰু ক’লে– ‘আপুনি ভুলবশতঃ মোক মা বুলি মাতিছে৷ সেইটোনো কি কথা মই নাৰী, আপুনি পুৰুষ৷ আপুনি মোক বিয়া কৰাব পাৰে৷’ তামৰঙাৰ কথা শুনি ব্রহ্মপুত্রৰ খং উঠিল আৰু ক’লে– ‘তুমি বৰ চঞ্চলা৷ আজিৰ পৰা তুমি ৰূপ–গুণ হেৰুৱাবা৷’ ব্রহ্মপুত্রৰ অভিশাপত তামৰঙাই ৰূপ–গুণ হেৰুৱালে৷ তেওঁ ব্রহ্মপুত্রক আকৌ কাকূতি– কৰিলে– ‘আপোনাৰ শাপ অথলে নাযায়৷ কিন্তু মোক মুক্তিৰ বাট দি যাওক৷’ ব্রহ্মপুত্রই তেতিয়া ক’লে– ‘কলিকালত এজন ভাগৱতবেত্তা মহাপুৰুষে তোমাক স্পর্শ কৰিব আৰু তেতিয়াই তুমি মুক্তি পাবা৷’ এই কাহিনী অনুসৰি মহাপুৰুষ শংকৰদেৱে তামৰঙা বিলত তীর্থযাত্রা কৰি উভতি অহাৰ বাটত প্রৱেশ কৰিছিল আৰু তামৰঙাই পুনৰ ৰূপ–গুণ ঘূৰাই পাই মুক্তি লাভ কৰিছিল৷ গুৰুজনাই ব্রহ্মপুত্রৰ বুকুৱেদি উজাই আহিছিল আৰু কনৰা বিল হৈ তামৰঙাত প্রৱেশ কৰিছিল৷ কনৰা বিলৰ যিটো ঘাটত গুৰুজনে নাও বান্ধিছিল আৰু জিৰণি লৈ ভকত সমন্বিতে শাস্ত্র আলোচনা কৰিছিল, সেই ঠাইখিনিৰ নাম কদমতলা৷ সেই ঘাটত কদম গছ আছিল আৰু তাৰ তলতে গুৰুজনাই মহাপুৰুষ মাধৱদেৱ প্রমুখ্যে ভকতসকলৰ সৈতে জিৰণি লৈছিল৷ এই ঠাইখিনিত ‘কদমতলা থান’ নামে স্থানীয় ৰাইজে থান পাতি আৰু গুৰুৰ পদৰেণু ৰঞ্জিত ঠাইৰূপে সংৰক্ষণ কৰে৷ গুৰুজনে এই ঘাটৰ পৰা তামৰঙা বিলৰ এপৰমান বাট আগবাঢ়ি আহি এখন সত্র থাপনা কৰে৷ এই সত্রখনৰ নাম ঘৰশিঁয়া সত্র৷ সেই সময়ত ঘৰশিঁয়া সত্রৰ কাষেদি এখন নদী আছিল, যিখন নদীয়ে পিছলৈ সুঁতি সলনি কৰি আন ঠাইৰে বৈ গৈছিল৷ সেইবাবে বর্তমানৰ ঘৰশিঁয়া সত্রৰ কাষত কোনো নদী নাই, কিন্তু নৈ বৈ যোৱা চাপ আছে৷ ‘ঘৰশিঁয়া’ শব্দৰ ব্যুৎপত্তিগত অর্থ হৈছে খেৰ–লতাৰে শিয়নি দিয়া ঘৰ৷ সেই সময়ত এই অঞ্চলত খেৰ, বাঁহ আৰু শিয়নি লতাৰ অভাৱ নাছিল৷ অকলে নৈৰ পাৰৰ পৰা খেৰ কাটি আনি, বাঁহ–কাঠেৰে সত্র, নামঘৰ আৰু ভকতসকলৰ বাহা সাজিছিল৷ গুৰুজনাই ইয়াত বেছি দিন থকা নাছিল যদিও তেওঁ পঢ়া পুথি–পাঁজিৰ প্রতিলিপি কৰি স্থানীয় ভকত–সজ্জনে সংৰক্ষিত কৰি ৰাখিছিল আৰু সেয়া অধ্যয়নো কৰিছিল৷ শংকৰদেৱে এই সত্রখনৰ দায়িত্ব পুৰুষোত্তম ঠাকুৰক দি থৈ যায়৷ পুৰুষোত্তম ঠাকুৰৰ পিছত চতুর্ভুজ ঠাকুৰে এই সত্রৰ অধিকাৰ হয়৷ কিন্তু তেওঁ অধিকাৰ হৈ থকা সময়তে মিৰজুমলাই অসম আক্রমণ কৰিবলৈ আহে৷ মোগল সেনাপতি মিৰজুমলাই সেই সময়ৰ মঠ–মন্দিৰ, সত্র আদিতো আক্রমণ চলাইছিল আৰু ধন–সম্পত্তি লুটি লৈ গৈছিল৷ মিৰজুমলাৰ আক্রমণৰ সময়ছোৱাতে ভালেমান সত্রৰ বিলুপ্তি ঘটে৷ কাৰণ এহাতে নিপীড়ন আৰু আনহাতে পৃষ্ঠপোষকতাৰ অভাৱত এনে সত্রৰ ভকতসকলে সত্র এৰি যাবলৈ বাধ্য হয়৷ যিবোৰ সত্রৰ ভকত সমাজ ডাঙৰ বা শক্তিশালী আছিল, তেনেবোৰ সত্র কোনোমতে বর্তি থাকে৷ মিৰজুমলাই ঘৰশিঁয়া সত্রৰ অধিকাৰ চতুর্ভুজ ঠাকুৰকো আটক কৰি লৈ যায়৷ সেই সময়ত মিৰজুমলাই বর্তমানৰ ধুবুৰী জিলাৰ পাণবাৰীত বাহৰ পাতি আছিল৷ এই পাণবাৰীত মিৰজুমলাই সজা মছজিদ আজিও বিদ্যমান৷ মিৰজুমলাৰ নিপীড়নৰ পৰা উদ্ধাৰ কৰিবলৈ ভক্তসকল একত্রিত হয় আৰু তেওঁলোকে নিজৰ মাজৰ পৰা ধন সংগ্রহ কৰি মিৰজুমলাক সোণ আৰু ৰূপৰ টোপোলা ভেটী দি চতুর্ভুজ ঠাকুৰক মোকলাহ আনে৷ চতুর্ভুজ ঠাকুৰে মুকলি হৈ আহি ঘৰশিঁয়া সত্র বর্তমানৰ বিষ্ণুপুৰলৈ স্থানান্তৰিত কৰে৷ সেই সময়ত ঘৰশিঁয়া অঞ্চলত বন্যজন্তুৰ উপদ্রৱ আছিল৷ সম্ভৱতঃ সত্র স্থাপন কৰাৰ পাছতহে ঠাইখনৰ নাম বিষ্ণুপুৰ দিয়া হৈছিল৷ সত্রৰ সকলো সাঁচিপতীয়া পুথি, গুৰুজনাৰ খৰম, লাখুঁটি, জপমালা, পদশিলা আদি এহ নতুন সত্রত সুৰক্ষিত কৰা হৈছিল৷ পুথিসমূহৰ ভিতৰত দশম, কীর্তন, গুণমালা, ভক্তি ৰত্নাৱলী, ভাগৱত, বৰগীত আদিৰ এক বিশাল সংগ্রহ আছিল, যিবোৰ বিষুপুৰ সত্রত বর্তমানো সংৰক্ষিত৷ ডল্লেখ্য যে কোনো কোনো বিশিষ্টজনৰ মতে মিৰজুমলাৰ আক্রমণৰ ডমান পাহ চতুর্ভুজ ঠাকুৰে এহ সম্পদৰাজি মধুপুৰ সত্রৰ পৰা আনিছিল৷ তেওঁ ঠিকেহ অনুমান কৰিছিল যে মিৰজুমলাহ সত্র আক্রমণ কৰিব৷ কিন্তু ঘৰশিঁয়াৰ দৰে দুর্গম (সেই সময়ৰ পৰিপ্রেক্ষিতত) স্থানত থাকিও মিৰজুমলাৰ আক্রমণৰ পৰা সত্র ৰক্ষা নপৰিল৷ সেহ সময়ত বিজনী ৰাজ্যৰ ৰজা আছিল মুকুন্দ নাৰায়ণ৷ মুকুন্দ নাৰায়ণে চতুর্ভুজ ঠাকুৰক পৃষ্ঠপোষকতা আগবঢ়ায় আৰু ভূমি দান কৰে৷ সেহ সময়ত অবিভক্ত গোৱালপাৰা বা পশ্চিম অসমৰ ৰাজ্যবোৰ কোচ ৰজাসকলৰ শাসনত আছিল৷ মোগলৰ কৰতলীয়া হ’লেও তেওঁলোকে সনাতন ধর্মৰ অনুষ্ঠানবিলাক ৰক্ষা কৰিবলৈ যত্নপৰ আছিল৷ বিজনীৰ ৰজাৰ পৃষ্ঠপোষকতাত বিষুপুৰ সত্র ঠন ধৰি ডঠে৷ আনহাতে ঘৰশিঁয়া সত্র এৰাবাৰীত পৰিণত হয়৷ কিন্তু সেইবুলি ঘৰশিঁয়া সত্র একেবাৰে নিশ্চিহ্ণ হৈ যোৱা নাছিল৷ গুৰুজনাৰ ভেটিৰূপে কাষৰ ৰাহজে হয়াত সেৱা–সৎকাৰ কৰি চাকি–বন্তি জ্বলাহ আহিছিল৷ গুৰুজনাৰ দিনৰ কুঁৱা, দৌলগৃহ আদি সুৰক্ষিত কৰি ৰাখিছিল৷ সত্রখনত সত্রাধিকাৰ বা পুথি–পাঁজি নাথাকিলেও ৰাহজৰ শ্রদ্ধাৰ অনুষ্ঠানৰূপে ই বর্তি থাকিল৷ বর্তমান ৰাহজৰ প্রচেষ্টাত আৰু চৰকাৰৰ সহযোগত সত্রখন পুনৰ উজলি ডঠিছে৷ সত্রখনৰ নামঘৰ, মণিকূট, দৌলগৃহ, ভকতৰ বহা, চৌপাশৰ বেৰ আদি সুন্দৰকৈ নির্মাণ কৰা হৈছে আৰু এজন সত্রাধিকাৰো নিয়োগ কৰা হৈছে৷ গছপুলি ৰোপণেৰে চৌহদটো সেডজ কৰি তোলা হৈছে৷ পাহাৰ আৰু বননিৰে আৱৰা সত্রখনৰ পৰিৱেশ অতি সুন্দৰ৷ অৰণ্য সুৰক্ষা সমিতিয়ে হয়াত সাঁচিপুলি ৰোপণ কৰি আহিছে৷ সত্রখনৰ মুঠ মাটিকালি আঠ বিঘা৷
সেৱাৰ বস্তুবোৰ বিষ্ণুপুৰৰ সত্রতে সংৰক্ষিত আছে৷ বিষ্ণুপুৰ সত্রত এটা সুন্দৰ যাদুঘৰ সাজি তাত গুৰু দুজনাৰ খৰম, কীর্তন, দশম, ভাগৱত, নামঘোষা, বৰগীত আদিৰ সাঁচিপতীয়া পুথি, লাখুঁটি, মালা, চতুর্ভুজ মূর্তি, চতুর্ভুজ ঠাকুৰৰ বিছনা, গুৰুজনাৰ পদশিলা আদি সংৰক্ষিত কৰা আছে৷ বিষ্ণুপুৰ সত্রৰ সত্রাধিকাৰ প্রাঞ্জল অধিকাৰী৷ নামঘৰীয়া ৰঞ্জিত কুমাৰ ৰায়ে মূলতঃ সত্রখনৰ মূল পৰিচালক৷ স্থানীয় ৰাইজৰ সহযোগত তেওঁ সত্রখন সুন্দৰকৈ পৰিচালনা কৰি আছে আৰু ধর্মীয় ৰীতি–নীতি, নাম–প্রসংগ আদি কৰি আছে৷ আনহাতে ঘৰশিঁয়া সত্রৰ সত্রাধিকাৰ হৈছে দ্বিপেন পাঠক৷ সত্রখনৰ মূল গুৰি ধৰোঁতা, বিশিষ্ট সমাজকর্মী উমেশ ৰায়৷ তেওঁ সত্র পৰিচালনা সমিতিৰ সভাপতি৷ সম্পাদক বাবুল ৰায় সফল ডেকা৷ পেছাত এজন খেতিয়ক৷ কদমতলা থানৰ পাঠক বাসুদেৱ ৰায়৷ ঘৰশিঁয়া সত্র, বিষ্ণুপুৰ সত্র আৰু কদমতলা থানে বঙাইগাঁও জিলাৰ মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনক আজিও যেন বিধৌত কৰি ৰাখিছে৷ নাম–কীর্তন, প্রসংগ, থিয়নাম, আইসকলৰ নাম, বৰগীত, ভটিমা আদিৰ চর্চাৰে সেই গুৰুজনাৰ সময়ৰে পৰা ইয়াত এখন ভকত সমাজ বর্তি আছে৷ তিনিখন থান আৰু তিনিটা বিলে অঞ্চলটোৰ বর্ণময় সংস্কৃতি আৰু প্রকৃতি সমৃদ্ধ কৰি ৰাখিছে৷ তামৰঙা বিলৰ অপূর্ব শোভাই পর্যটকসকলক যিদৰে মুগ্ধ কৰে, ঘৰশিঁয়া, বিষ্ণুপুৰ সত্র আৰু কদমতলা থানে ভকত–বৈষ্ণৱসকল ভকতি ৰসেৰে আপ্লুত কৰে৷ গ্রাম্য পর্যটনৰ ক্ষেত্রত এই সত্রকেইখনে এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে৷
ফোনঃ ৯৪৩৫১–২৫৮২২