নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : শব্দ প্রদূষণ

পোহৰৰ উৎসৱ দীপাৱলীৰ পিছত সমগ্র দেশত প্রদূষণৰ কবলত পৰিছে৷ মহানগৰ অঞ্চলসমূহত প্রদূষণৰ মাত্রা সর্বাধিক৷ বায়ু প্রদূষণে ৰাজধানী দিল্লীৰ পৰা সমগ্র দেশৰ প্রধান প্রধান চহৰসমূহ বিপজ্জনক স্থিতিলৈ পর্যবসিত হৈছে৷ দীপাৱলীত কেৱল বায়ু প্রদূষণেই নহয়, শব্দ প্রদূষণ, আলোক প্রদূষণ, জল প্রদূষণ আৰু আৱর্জনাই প্রকৃতিক প্রদূষিত কৰি তুলিছে৷ দীপাৱলীৰ পিছত দেশৰ প্রধান চহৰসমূহত ফট্কা, আতচবাজীয়ে শব্দ প্রদূষণৰ মাত্রা অধিক কৰি তুলিছে৷ বিশেষকৈ প্রধান প্রধান চহৰসমূহত শব্দ প্রদূষণৰ মাত্রা বেছি হৈছে৷ এই শব্দ প্রদূষণ মানৱ স্বাস্থ্যৰ প্রতি হানিকাৰক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে শব্দৰ প্রাৱল্য ৬৫ ডেচিবলতকৈ অধিক হ’লেই ইয়াক শব্দ প্রদূষণ বুলি ধৰা হয়৷ অর্থাৎ সকলো শব্দই প্রদূষণৰ সৃষ্টি নকৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে শব্দৰ প্রাবল্য ৭৫ ডেচিবেলতকৈ অধিক হ’লেই ই মানৱ স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে৷ আনপিনে শব্দৰ প্রাবল্য ১২০ ডেচিবেলতকৈ অধিক হ’লে ই পীড়াদায়ক হৈ পৰে৷ শব্দ প্রদূষণে মানুহৰ চাপৰ পর্যায় বৃদ্ধি কৰে৷ ভাৰতত শেহতীয়াকৈ শব্দ প্রদূষণ বৃদ্ধি হৈছে৷ এক সমীক্ষা মতে ভাৰতৰ বিভিন্ন চহৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত শব্দৰ প্রাবল্যতকৈ ৫০ শতাংশ অধিক হৈ আছে৷ অর্থাৎ দেশখনৰ অধিকাংশ চহৰতেই শব্দৰ প্রাবল্য ৬৫ ডেচিবেলতকৈ অধিক৷ শব্দ প্রদূষণৰ প্রধান কাৰক হিচাপে যান–বাহনৰ শব্দকেই ধৰা হয়৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে যান–বাহনৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷ অর্থাৎ যাতায়াতৰ বাবে যান–বাহনৰ চাহিদা বৃদ্ধি পাইছে৷ এনে কাৰণতে যান–বাহনৰ সংখ্যা বৃদ্ধি পোৱাত পথসমূহত যান–জঁট বৃদ্ধি পাইছে৷ এই যান–জঁটৰ সময়ত শব্দৰ প্রাবল্য বৃদ্ধি হৈ শব্দ প্রদূষণৰ সৃষ্টি হয়৷ গাঁৱলীয়া অঞ্চলতকৈ চহৰাঞ্চলত শব্দ প্রদূষণৰ মাত্রা অধিক৷ কিয়নো গ্রামাঞ্চলৰ তুলনাত শব্দৰ মাত্রা চহৰাঞ্চলত বেছি৷ মন কৰিবলগীয়া যে যান–বাহনৰ শব্দ আৰু হর্নৰ শব্দৰ প্রাবল্য নিম্নগামী কৰাৰ বাবে যান–বাহনসমূহত পূর্বতকৈ মধুৰ শব্দৰ হর্ন ব্যৱহাৰ কৰা হৈছে৷ কর্কশ শব্দৰ হর্নে নাগৰিকৰ কাণৰ ক্ষতি কৰাৰ সমান্তৰালকৈ স্বাস্থ্যৰ ক্ষেত্রতো হানিকাৰক কৰি তোলে৷ শব্দ প্রদূষণৰ ফলত মানৱ স্বাস্থ্যত হোৱা আঘাতৰ ভিতৰত অনেক আছে৷ শব্দ প্রদূষণৰ বাবে কোনো লোকে কাণৰ ৰোগত ভুগিব পাৰে৷ শ্রৱণ শক্তি হেৰুৱাব পাৰে৷ শব্দৰ প্রদূষণ যিমানেই বেছি হ’ব, সিমানেই শ্রৱণ শক্তি হেৰুওৱাৰ সম্ভাৱনাও বৃদ্ধি পাই আহে৷
বিভিন্ন অধ্যয়ন–গৱেষণাত লাভ কৰা তথ্য অনুসৰি শব্দ প্রদূষণে মানৱ শৰীৰৰ স্বয়ংক্রিয় স্নায়ু ব্যৱস্থাৰ ওপৰত চাপৰ সৃষ্টি কৰে আৰু ইয়ে স্নায়ু ব্যৱস্থাটোৰ ক্ষতি কৰিব পাৰে৷ স্নায়ু ব্যৱস্থাৰ ওপৰত প্রভাৱ পৰাৰ বাবে মানুহৰ ৰক্তচাপ, উশাহ–নিশাহ, হূদযন্ত্রৰ স্পন্দন আৰু হজম শক্তিৰ ওপৰতো নেতিবাচক প্রভাৱ পৰে৷ উচ্চ শব্দ প্রাবল্যই মানুহৰ চাপ সৃষ্টি কৰাত অৰিহণা যোগায়৷ শব্দৰ প্রাবল্য অধিক হোৱাৰ ফলত সৃষ্ট শব্দ প্রদূষণে মানুহৰ টোপনিত ব্যাঘাত জন্মায়৷ মানৱ স্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই থকা শব্দ প্রদূষণ ৰোধ কৰাৰ বাবে কেইবাটাও পদক্ষেপ ল’ব পাৰি৷ শব্দ প্রদূষণ প্রতিৰোধ কৰাৰ বাবে শব্দৰ উৎপত্তি হোৱা কাৰকসমূহক নিয়ন্ত্রণ কৰিব পাৰিব লাগিব৷ বিশেষকৈ কর্মক্ষেত্রত ব্যৱহূত হৈ থকা যন্ত্রপাতিৰ লগতে সঁজুলিৰ শব্দ হ্রাস কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ শব্দৰ প্রাবল্য হ্রাস কৰাৰ বাবে সা–সঁজুলিক আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়াটো প্রয়োজনীয়৷ ঠিক তেনেদৰে যিবোৰ সা–সঁজুলি আৰু যন্ত্রই অত্যধিক শব্দ প্রাবল্যৰ সৃষ্টি কৰে, তেনে যন্ত্রপাতিক আধুনিকীকৰণ কৰিব লাগিব৷ অনাহকত কোনোধৰণৰ শব্দৰ সৃষ্টি কৰা যন্ত্রপাতি চলাব নালাগিব৷ অর্থাৎ শব্দ সৃষ্টি হোৱা যন্ত্রপাতি চলোৱাৰ ক্ষেত্রত সচেতন হ’ব লাগিব৷ আনপিনে যি যন্ত্রৰ শব্দ বেছি, সেই যন্ত্র ব্যৱহাৰ কৰাৰ সময়ত সজাগ হ’ব লাগিব৷ এনে স্থানত এই যন্ত্রপাতি চলাব লাগিব, য’ৰ পৰা শব্দৰ প্রদূষণ হৈ মানৱৰ স্বাস্থ্যক হানি কৰিব নোৱাৰে৷ আনপিনে শব্দৰ প্রাবল্য অধিক থকা অঞ্চললৈ গ’লে কাণক সুৰক্ষিত কৰিব পৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ শব্দ প্রদূষণ হ’ব পৰা সকলো কাৰকক নিয়ন্ত্রিতভাৱে ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব৷ স্বাস্থ্যৰ হানি হ’ব পৰা অধিক মাত্রাত শব্দ নির্গমন হোৱা যন্ত্রপাতিবোৰ আধুনিকীকৰণত প্রাধান্য দিব লাগিব৷ শব্দ প্রদূষণ ৰোধ কৰাৰ বাবে প্রত্যেকজন নাগৰিক সজাগ আৰু সচেতন হ’ব লাগিব৷ মানৱ জাতিৰ বাবে শব্দ প্রদূষণ প্রত্যাহ্বান হৈ পৰাৰ পূর্বেই শব্দ প্রদূষণক ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰাটো অতিকে জৰুৰী৷

You might also like