নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত অসম অলিম্পিকৰ প্রতিনিধি, মুখ্যমন্ত্রীৰ অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ মাজুলী জিলা ক্রীড়া সন্থাৰ স্থায়ী কার্যালয় নির্মাণৰ কাম–কাজ চোৱা–চিতাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সহকাৰী আয়ুক্ত পর্যায়ৰ এগৰাকী বিষয়াক জিলা বিষয়া হিচাপে নিযুক্তি দিবলৈ মাজুলীৰ উপায়ুক্তক নির্দেশ দিছে৷ মাজুলী আৱর্ত ভৱনত সোমবাৰে অসম অলিম্পিক সন্থাৰ প্রতিনিধি দল, মাজুলী জিলা ক্রীড়া সন্থা আৰু জিলাখনৰ বিভিন্ন ক্রীড়া সন্থা তথা ক্লাবসমূহৰ সৈতে হোৱা এখন সভাত এই নির্দেশ দিয়ে অসম অলিম্পিক সন্থা তথা মাজুলী জিলা ক্রীড়া সন্থাৰ সভাপতি সর্বানন্দ সোণোৱালে৷

মাজুলী জিলা ক্রীড়া সন্থাক অসম অলিম্পিক সন্থাৰ অধীনলৈ অনাৰ বাবে মাজুলী জিলা ক্রীড়া সন্থাৰ অন্তর্গত ক্লাব আৰু সন্থাসমূহৰ কাম–কাজৰ খতিয়ানৰ প্রতিবেদন সাজু কৰিবলৈও মুখ্যমন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে৷ উল্লেখ্য যে ৰাজ্যত ক্রীড়াৰ পৰিৱেশ উন্নত কৰাৰ বাবে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত এটি প্রতিনিধি দলে জিলা ক্রীড়া সন্থাসমূহ ভ্রমণ কৰি আছে৷ কোঁৱৰৰ সৈতে দলটোত আছে অসম অলিম্পিক সন্থাৰ উপ–সভাপতি বিষ্ণুৰাম নুনিছা৷

You might also like