সম্পাদকীয় : মুক্ত–নিকা নির্বাচনলৈ প্রত্যাহ্বান
মাথোঁ ডেৰ বছৰীয়া কার্যকালৰ বাবে বিধায়ক নির্বাচন কৰিবলৈ কাইলৈ অনুষ্ঠিত হ’ব ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচন৷ বঙাইগাঁও, চিদলী, চামগুৰি, বিহালী আৰু ধলাই সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ–নির্বাচনত মুঠ ৩৮গৰাকী প্রার্থীৰ ভাগ্য নিৰূপণ হ’ব৷ যোৱা লোকসভা নির্বাচনত জয়ৰ সম্ভাৱনা থকা প্রার্থীৰ অভাৱতে ৰাজ্যৰ শাসক–বিৰোধী ৰাজনৈতিক দলসমূহে নির্বাচনী যুঁজত বিধায়ক পাঁচজনক নমোৱাৰ বাবেই উক্ত পাঁচটা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হৈছে৷ ৰাজনৈতিক দলসমূহে নিজৰ স্বার্থত গ্রহণ কৰা এনে পদক্ষেপৰ বাবেই ৰাজকোষৰ ধনেৰেউপ–নির্বাচন অনুষ্ঠিত কৰিবলৈ নির্বাচন আয়োগ বাধ্য হৈছে৷ দেশৰ নির্বাচন প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ কেইবা দশক ধৰি নির্বাচন আয়োগে পদক্ষেপ লৈ আহিছে৷ ভোটদানৰ হাৰ বৃদ্ধি কৰি দেশৰ গণতন্ত্রক শক্তিশালী কৰিবলৈ নির্বাচন আয়োগে ধাৰাবাহিক প্রচেষ্টা গ্রহণ কৰিছে৷ ধনবল–বাহুবলৰ পৰা নির্বাচন প্রক্রিয়াক মুক্ত কৰাৰো চেষ্টা অব্যাহত ৰাখিছে নির্বাচন আয়োগে৷ নির্বাচন আয়োগৰ এনে কঠোৰ স্থিতি সত্ত্বেও আমাৰ নির্বাচন ব্যৱস্থা এতিয়াও ধনবল–বাহুবলৰ প্রভাৱৰ পৰা মুক্ত হ’ব পৰা নাই৷ দেশৰ সিংহভাগ বিবেকৱান লোকে ধনবল আৰু বাহুবলৰ লগতে পৰিয়ালকেন্দ্রিক ৰাজনীতিক সমর্থন নকৰে৷ কিন্তু আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ পৰা এনে ব্যৱস্থা নির্মূল কৰাটো এতিয়াও সহজসাধ্য হৈ থকা নাই৷ ধনবল আৰু বাহুবলৰ প্রভাৱত বর্তি থকা পৰিয়ালকেন্দ্রিক ৰাজনীতি কিমান বিপজ্জনক হ’ব পাৰে সেয়া চামগুৰি বিধানসভা সমষ্টিৰ উপ–নির্বাচনে পুনৰবাৰ প্রমাণ কৰিলে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত নগাঁৱৰ চামগুৰি সমষ্টিত অসম গণ পৰিষদ দলৰ বিশেষ প্রভাৱ আছিল৷ সমষ্টিটোৰ পৰা দুটা কার্যকাল অসম গণ পৰিষদৰ প্রার্থী বিধানসভা নির্বাচনত জয়ী হৈছিল৷ ১৯৯১ৰ বিধানসভা নির্বাচনত সমষ্টিটোৰ পৰা জয়ী হৈছিল কংগ্রেছ প্রার্থী নুৰুল হুছেইন৷ ২০০১ চনৰ বিধানসভা নির্বাচনত নুৰুল হুছেইনৰ পুত্র ৰকিবুল হুছেইন প্রথমবাৰৰ বাবে জয়ী হৈছিল৷ বিগত আঢ়ৈ দশকত পাঁচবাৰ একেৰাহে সমষ্টিটোৰ পৰা নির্বাচিত হৈছে ৰকিবুল হুছেইন৷ ৰাজ্যখনৰ পশ্চিম প্রান্তৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্রেছৰ প্রার্থীৰূপে নির্বাচিত হোৱাৰ পাছত চামগুৰি সমষ্টিৰ উপ–নির্বাচনত প্রার্থীৰূপে যুঁজত নমোৱা হৈছে সাংসদজনৰ পুত্র তাঞ্জিল হুছেইনক৷ চামগুৰি সমষ্টিত তাঞ্জিল হুছেইনৰ বিশেষ সুকীয়া পৰিচয় নাই৷ পৰিচয় মাথোঁ এটাই– ৰকিবুল হুছেইনৰ পুত্র, নুৰুল হুছেইনৰ নাতি৷ তাঞ্জিল হুছেইন প্রার্থী হ’লেও নির্বাচনী যুঁজখনৰ ওপৰতে ৰকিবুল হুছেইনৰ ৰাজনৈতিক ভৱিষ্যৎ বহু পৰিমাণে নির্ভৰ কৰিব চামগুৰিৰ উপ–নির্বাচনে৷
আঢ়ৈ দশক পূর্বে খিলঞ্জীয়া লোকৰ বিশেষ প্রভাৱ থকা চামগুৰি বিধানসভা সমষ্টিত আঞ্চলিক ৰাজনীতিৰ বিপর্যয়ৰ অন্তৰালত আছে সমষ্টিটোৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তন আৰু ৰকিবুল হুছেইনৰ বাহুবলী ৰাজনীতিৰ প্রভাৱ৷ সমষ্টিটোত ধর্মীয় সংখ্যালঘু ভোটদাতাৰ বৃদ্ধিৰ হাৰে সমষ্টিটোৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ খর্ব কৰিছে৷ ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ জৰিয়তে ৰকিবুল হুছেইনে সমষ্টিটোত জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’লেও এইবাৰ উপ–নির্বাচনৰ ৰণখন তেওঁৰ বাবে সহজসাধ্য হৈ থকা নাই৷ সমষ্টি পুনর্গঠনত চামগুৰি সমষ্টিৰ ব্যাপক পৰিৱর্তন হৈছে৷ চামগুৰি সমষ্টিৰ এক বিস্তীর্ণ অঞ্চল নগাঁও, বঢ়মপুৰ আৰু কলিয়াবৰ সমষ্টিত অন্তর্ভুক্ত হৈছে৷ উপ-নির্বাচন পূর্বৰ চামগুৰি সমষ্টিত হ’লেও ডেৰ বছৰ পাছত অনুষ্ঠিত হ’ব লগা নির্বাচনত এই লোকসকলে নগাঁও, বঢ়মপুৰ আৰু কলিয়াবৰ সমষ্টিত ভোট দিব লাগিব৷ উক্ত তিনিওটা সমষ্টিতে আছে শাসকীয় দলৰ মন্ত্রী–বিধায়ক৷ ফলত উপ–নির্বাচনত এইবাৰ চামগুৰি সমষ্টি সুৰক্ষিত ৰখাটো ৰকিবুল হুছেইনৰ কাৰণে প্রত্যাহ্বান হৈ উঠিছে৷ ৰকিবুল হুছেইনৰ ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে বিজেপিকে ধৰি শাসকীয় দলসমূহৰ নেতা–কর্মীসকলে ঐক্যবদ্ধ যুঁজ দিছে৷ ফলত সমষ্টিটোৰ উপ–নির্বাচন ঘোষণাৰ পাছতেই হিংসাত্মক ঘটনা বৃদ্ধি পাইছে৷ নির্বাচনী হিংসাত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে৷ সাধাৰণতে নির্বাচনী হিংসাৰ পৃষ্ঠপোষকতাত শাসকীয় নেতা–কর্মীৰ হাত থাকে৷ কিন্তু চামগুৰিৰ নির্বাচনী হিংসাত নিহত আৰু আহতসকলৰ অধিকাংশই শাসকীয় দলৰ কর্মী৷ আনকি নির্বাচনী প্রচাৰলৈ যোৱা শাসকীয় বিধায়কক প্রাণে মৰাৰ চক্রান্তৰে গুলীবর্ষণ কৰাৰ ঘটনা ঘটিছে৷ চামগুৰিৰ নির্বাচনী হিংসাক লৈ সমষ্টিটোৰ ভোটদাতাসকলো শংকিত হোৱাটো স্বাভাৱিক৷ এনে হিংসাৰ অন্তৰালত জড়িত থকা লোকসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্রদান নকৰিলে পৰিস্থিতি আৰু অধিক ভয়ানক হোৱাৰ আশংকা আছে৷ নির্বাচন আহিব আৰু যাব৷ কিন্তু ক্ষমতা দখলৰ নামত চলা এই হিংসাৰ জুই সমষ্টিটোৰ ভোটদাতাৰ মাজত নির্বাপিত হওঁতে কিমান বছৰ অতিক্রম কৰিব তাৰ কোনো ঠিকনা নাই৷ এনে জুয়ে পৰৱর্তী সময়ছোৱাত ভাতৃঘাতী সংঘাতলৈ ৰূপান্তৰ হোৱাৰ আশংকাও নথকা নহয়৷ উপ–নির্বাচন মাথোঁ চামগুৰি সমষ্টিতেই হোৱা নাই৷ ৰাজ্যখনৰ আৰু চাৰিটা সমষ্টিত হৈছে৷ বাকীকেইটা সমষ্টিত এতিয়ালৈ শান্তিপূর্ণভাৱে নির্বাচনী প্রচাৰ চলিছে৷ বঙাইগাঁও সমষ্টিতো সাংসদ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ অভিযোগ উঠিছে৷ ১৯৮৫ৰ পৰা বঙাইগাঁও সমষ্টিৰ পৰা একেৰাহে জয়লাভ কৰি অভিলেখ স্থাপন কৰা ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিমণি চৌধুৰীয়ে উপ–নির্বাচনত প্রার্থিত্ব লাভ কৰিলেও সমষ্টিটোত কোনো নির্বাচনী হিংসা অথবা ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ প্রভাৱ নাই৷ আনকি বাহুবলৰ ৰাজনীতিৰ পৰা বিটিআৰৰ অন্তর্গত ছিদলী সমষ্টিও এইবাৰ মুক্ত হৈছে৷ বিহালীৰ উপ–নির্বাচনক লৈ ৰাজনৈতিক নেতাসকলৰ মাজত বিতর্ক চলিলেও সমষ্টিটোত নির্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱা নাই৷ এয়া গণতান্ত্রিক ব্যৱস্থাৰ প্রতি এক শুভলক্ষণ৷