নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ক লৈ ৰাষ্ট্রসংঘৰ হস্তক্ষেপ: মুখ্য ন্যায়াধীশক শুনানি গ্রহণৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়োগে যোৱা ২ মার্চত নাগৰিকত্ব সংশোধনী আইন (২০১৯)ৰ বিৰুদ্ধে এখন হস্তক্ষেপ আবেদন ছুপ্রিম ক’টত দাখিল কৰিছে৷ স্বাধীনতাৰ ৭৪ বছৰীয়া ইতিহাসত প্রথম বাৰৰ বাবে ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়ত ৰাষ্ট্রসংঘই হস্তক্ষেপ কৰিলে৷ এয়া নিতান্তই দুর্ভাগ্যজনক কথা আৰু পৃথিৱীত ভাৰতৰ যি সুনাম আছিল সেয়া অৱনমিত হ’ল বুলি অসম সন্মিলিত মহাসংঘই কয়৷

ৰাষ্ট্রসংঘৰ এনে ভূমিকাৰ পিছতো ছুপ্রিম ক’টৰ মুখ্য ন্যায়াধীশে যোৱা ২৫ ফেব্রুৱাৰীত অতর্কিতে বাতিল হোৱা নাগৰিকত্ব সংশোধনী আইনৰ শুনানি শীঘ্রে অনুষ্ঠিত কৰাৰ বাবে নির্দিষ্ট তাৰিখ ঘোষণা নকৰাটোও অতি দুখৰ আৰু পৰিতাপৰ বিষয়৷ ভাৰতৰ সুনাম বিশ্বত বর্তাই ৰখাৰ স্বার্থতেই ছুপ্রিম ক’টৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেই নাগৰিকত্ব সংশোধনী আইন (২০১৯)ৰ শীঘ্রে শুনানি অনুষ্ঠিত কৰি বিষয়টোৰ এটা ন্যায়সংগত মীমাংসা কৰা উচিত বুলি এই গোচৰৰ অন্যতম গুচৰীয়া তথা অসম সন্মিলিত মহাসংঘৰ কার্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত এইদৰে কয়৷

You might also like