নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি–দুমুনিচকীত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

দৌল মহোৎসৱে আনক শান্তি–সম্প্রীতি

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে বস্ত্রনগৰী শুৱালকুছিতো অনুষ্ঠিত হৈছে দৌল মহোৎসৱ৷ ঐতিহাসিক হাটীসত্রত ৮ মার্চৰ পৰা চলি থকা দৌল মহোৎসৱৰ আজি সামৰণিৰ দিনা উপস্থিত থাকে ৰাজ্যৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মন্ত্রীগৰাকীয়ে দৌল মহোৎসৱত ভাগ লৈ হাটীসএৰ উত্তৰ দিশৰ প্রৱেশদ্বাৰ এটা উদ্বোধন কৰাৰ লগতে সত্রত নতুনকৈ স্থাপন কৰা পুথিভঁৰাল এটাও মুকলি কৰে৷ তেওঁ চমু ভাষণত দৌল মহোৎসৱে সকলোলৈকে শান্তি–সম্প্রীতিৰ বার্তা কঢ়িয়াই আনক বুলি আশা কৰে৷ দৌল মহোৎসৱত উপস্থিত থাকিবলৈ পাই তেওঁ গভীৰ সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰি নৱপ্রজন্মক দৌল মহোৎসৱৰ প্রতি আকর্ষিত হ’বলৈ আহ্বান জনায়৷ সত্রৰ তৰফৰ পৰা মন্ত্রীগৰাকীক আদৰণি জনায় ডেকা সত্রাধিকাৰ ৰাজীৱ লোচন সন্তই৷ সত্রাধিকাৰগৰাকীয়ে সত্রখনৰ কিছু সমস্যাৰ কথা মন্ত্রীগৰাকীক অৱগত কৰি সমস্যাবোৰ সমাধান কৰাৰ আহ্বান জনায়৷ সত্রত মণিকূট এটা নির্মাণৰ কথাও মন্ত্রীগৰাকীক অৱগত কৰে৷ আবেলি ৩বজাত অনুষ্ঠিত পুৰুষ আৰু মহিলাৰ বাঁহভঙা প্রতিযোগিতাত পুৰুষৰ পাঁচটা দলে আৰু মহিলাৰ তিনিটা দলে অংশগ্রহণ কৰে৷ পুৰুষৰ শাখাত হাটীসএ যুৱ দলে প্রথম স্থান লাভ কৰে আৰু মহিলাৰ শাখাত দ্বীপশিখাৰ দলে প্রথম স্থান অধিকাৰ কৰি পুৰস্কাৰ লাভ কৰে৷ মহিলাৰ শাখাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্রমে লুইতপৰীয়া মহিলা দল আৰু মিলিজুলি মহিলা দলে৷ ইয়াৰ পূর্বে পুৱা অনুষ্ঠিত হয় ভকত আৰু আই মাত্র আবিৰৰ অনুষ্ঠান, গোহাঁইৰ নগৰত পৰিভ্রমণ, গোহাঁইৰ বিয়া৷ কালি দৌল মহোৎসৱ উপলক্ষে প্রকাশ পোৱা মুখপত্র উন্মোচন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দেহ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডাঃ ৰূপশেখৰ ডেকাই৷ নিশা অনুষ্ঠিত হয় আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠান।

দুমুনিচকীৰ কদমতলী দৌল উৎসৱত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
দৌল উৎসৱ উপলক্ষে জালুকবাৰী সমষ্টিৰ কদমতলী দৌল উৎসৱত স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰি প্রভুৰ আশিস ল’লে মন্ত্রীগৰাকীয়ে ঐতিহাসিক সত্রখনত পালন কৰা হয় দৌল উৎসৱ৷ শোভাযাত্রা, নাম–প্রসংগ৷ আজি তিনি সহস্রাধিক ভক্তপ্রাণ ৰাইজৰ উপস্থিতিত প্রথমবাৰৰ বাবে ‘ইতিহাস’নামৰ এখন গ্রন্থ উন্মোচন কৰা হয়৷গ্রন্থখন উন্মোচন কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ড০ খর্গেশ্বৰ ডেকাই৷ গ্রন্থখনত কদমতলী দৌল উৎসৱৰ ইতিহাসৰ আলোকপাত কৰা হয়৷

You might also like