সম্পাদকীয় : গ্রন্থমেলা আৰু গ্রন্থ অধ্যয়ন
অসমত গ্রন্থমেলাৰ বতৰ আৰম্ভ হৈছে৷ বহুদিন প্রায় স্থবিৰ হৈ থকা অসমৰ কিতাপৰ জগতখন এতিয়া অলপ আলোডিত হৈ উঠিব৷ কিন্তু সামগ্রিকভাৱে পৰম্পৰাগতভাৱে চলি থকা কিতাপৰ প্রকাশ, বিতৰণ ব্যৱস্থাই নতুন নতুন পাঠকক ভালদৰে আকর্ষিত কৰিব পৰা নাই৷ কিতাপৰ প্রতি অনাগ্রহ বর্তমান সময়ৰ এটি ডাঙৰ অভিশাপ৷ কিতাপে পাঠকক যিমানখিনি আনন্দ আৰু উপকাৰ যোগান ধৰিব পাৰে, তাৰ বিকল্প এতিয়ালৈকে ওলোৱা নাই৷ কিন্তু ভাৰতত টেলিভিছনৰ আৰম্ভণি আৰু বিকাশে মানুহক কিতাপ আৰু আলোচনীৰ পৰা কিছু পৰিমাণে আঁতৰাই নিছিল৷ তাৰ পিছত আহিল ইণ্টাৰনেট৷ ইণ্টাৰনেটৰ সহজলভ্য আৰু ব্যাপক প্রচলনে ভাৰতীয় মানুহৰ কিতাপ পঢ়া অভ্যাস কমাই পেলাইছিল৷ অকল কিতাপেই নহয়, আলোচনী আৰু বাতৰিকাকতকো একে ব্যাধিয়ে আক্রমণ কৰিছিল৷ শেহতীয়াভাৱে ডিজিটেল মাধ্যমৰ ব্যাপ্তিয়ে, বিশেষকৈ তৰুণ প্রজন্মক ইমানেই সন্মোহিত কৰিছে যে বাতৰিকাকত, কিতাপ আদি সকলো পঠন সামগ্রীৰ বাবে ম’বাইল ফোন, কম্পিউটাৰ, টেব আদি আহিলাবোৰেই তেওঁলোকৰ প্রধান অৱলম্বন হৈ পৰিছে৷ এতিয়া কিতাপৰ পৃষ্ঠাত চকু ফুৰোৱাৰ পৰিৱর্তে তেওঁলোকে ম’বাইল আৰু টেবলেটৰ স্ক্রীনৰ পৰাই প্রয়োজনীয় পঠন সামগ্রী সংগ্রহ কৰে৷ ডিজিটেল মিডিয়াৰ অভ্যুত্থানৰ লগে লগে দেশ–বিদেশৰ সংবাদ মুহূর্ততে পোৱা হ’ল, ফলত দৈনিক বাতৰিকাকতৰ বাতৰিও পুৰণি যেন লগা হ’ল৷ প্রযুক্তিবিদ্যাৰ এই অগ্রগতিয়ে বাতৰিকাকতৰ গুৰুত্ব ভালেখিনি পিছ পেলাই দিলে৷ বাতৰিকাকতৰ বিক্রী কমি যাবলৈ বাধ্য হ’ল৷ এই পৰিৱেশ অসম বা ভাৰতৰে নহয়, সমগ্র বিশ্বৰে৷ নতুন প্রজন্মই যেতিয়া কিতাপৰ পৰিৱর্তে ইণ্টাৰনেটভিত্তিক সমল কেন্দ্র বা সামাজিক মাধ্যমবোৰক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰাৰ পিছৰ পৰা বা তথ্যৰ বাবে অকল ইণ্টাৰনেটৰ ওপৰতে ভৰসা কৰিবলৈ আৰম্ভ কৰাৰ পৰা কিতাপ অধ্যয়নৰ অভ্যাসটো হঠাৎ দ্রুতগতিত কমি আহিবলৈ ধৰিলে৷
কিতাপ পঢ়াৰ অভ্যাসে প্রত্যেক ব্যক্তিৰ চিন্তাধাৰা আৰু কল্পনাশক্তি বিকাশত বিশেষ ভূমিকা পালন কৰে৷ চিন্তাৰ ধাৰাটিক এটা পথত নিয়াৰিকৈ আগবঢ়াই নিয়া, শব্দভাণ্ডাৰ বৃদ্ধি কৰা আৰু মানসিক একাগ্রতা বৃদ্ধি কৰাৰ ক্ষেত্রত কিতাপ পঢ়াৰ বিকল্প নাই৷ পঠন আৰু অধ্যয়নে মানুহৰ চিন্তাৰ বিকাশক যেনেদৰে গঢ় দিয়ে আৰু আত্মবিশ্বাস যিদৰে বঢ়াই তোলে, সেই কাম ইণ্টাৰনেটনির্ভৰ তথ্য আহৰণৰ পৰা সম্ভৱ নহয়৷ এই কাৰণতেই, বিশেষকৈ ছাত্র–ছাত্রীসকলক কিতাপ পঢ়িবলৈ উৎসাহিত কৰাটো গভীৰভাৱে প্রয়োজনীয়৷ সুকল–কলেজৰ লাহব্রেৰীবোৰক বর্তমান সময়ৰ প্রয়োজনীয়তাৰ লগত সংগতি ৰাখি উন্নীত কৰা আৰু ছাত্র–ছাত্রীসকলক লাইব্রেৰীৰ প্রতি উৎসাহিত কৰাটো শিক্ষানুষ্ঠানৰ দায়িত্ব হোৱা উচিত৷ চৰকাৰেও স্কুল–কলেজৰ লাইব্রেৰীবোৰক আধুনিক কৰাৰ কাৰণে আর্থিক সহযোগ আগবঢ়োৱা উচিত৷ এইক্ষেত্রত সংবাদ মাধ্যমৰো ভালেখিনি কৰণীয় আছে৷ অধ্যয়ন স্পৃহা কমাৰ কাৰণ মাত্র এটা বা দুটা হ’ব নোৱাৰে৷ সমাজখনলৈ অহা নানাবিধ পৰিৱর্তনৰ প্রভাৱেই মূল কাৰণ৷ পৰৱর্তী প্রজন্মৰ মানসিক স্বাস্থ্যৰ কথা চিন্তা কৰি এতিয়াই এই দিশত কার্যকৰী ব্যস্থা গ্রহণ কৰিব লাগিব আৰু সেই কাম আৰম্ভ হ’ব লাগিব ঘৰৰ পৰাই৷ ইয়াৰ অন্যথাই অকল বাহিৰা শক্তিৰ সহযোগ বা প্রভাৱে অধ্যয়ন স্পৃহাক ওভতাই আনিব নোৱাৰিব৷ এহবাবে ডিজিটেল যুগত ইণ্টাৰনেটৰ সীমাহীনতাক আঁতৰাই কিতাপৰ আদৰ পুনৰুদ্ধাৰ কৰাটো এক সামাজিক দায়িত্ব হৈ পৰিছে৷ সমাজৰ সকলো স্তৰৰ লোকেই এই পৰিৱর্তনৰ সহযোগী হ’ব লাগিব৷ অপ্রিয় হ’লেও এটা কথা ঠিক যে বিশেষকৈ অসমত নতুন প্রজন্মৰ পাঠকক আকর্ষণ কৰিব পৰা কিতাপৰ সংখ্যা খুব কম৷ বিগত কেইটামান বছৰত নতুন প্রজন্মৰ মাজত জনপ্রিয় হোৱা কেইবাখনো কিতাপৰ সাহিত্য মূল্য অতি কম৷ তেনে কিতাপৰ অধ্যয়নে ছাত্র–ছাত্রীসকলৰ কোনো মংগল সাধন কৰিব নোৱাৰে৷ কিন্তু সেই জনপ্রিয়তাৰ মূল কাৰণ বিচাৰি চিন্তা–চর্চা কৰাটো প্রকাশকসকলৰ দায়িত্ব আছিল৷ তেনেদৰে পৰম্পৰাগত ৰূপত চলি অহা গ্রন্থমেলাবোৰো কিতাপৰ দোকান আৰু কিছু সাহিত্যিকৰ আলোচনাৰ থল৷ সেই আলোচনাবোৰৰ পৰিৱর্তে পাঠকসকলক আকর্ষিত আৰু উৎসাহিত কৰিব পৰা অনুষ্ঠানেহে গ্রন্থমেলাবোৰক ভৱিষ্যমুখী কৰি তুলিলেহেঁতনে৷