সুকন্যা : আশাহত হৃদয়ৰ আৰজ
মাতু হাজৰিকা
‘তহঁত দুটা মৰি নাযাৱ কিয়? মৰগৈ যা, আগফালৰ পুখুৰীটোতে পৰি মৰগৈ৷’
অনুপে অলপ জোৰেৰে মাক–দেউতাকক দুখতে ক’লে তেনেকৈয়ে৷ সি কৰিবনো কি এফালে মাক–দেউতাক, আনফালে ঘৈণীয়েক৷ এফালে গ’লে জুয়ে পোৰে, আনফালে গ’লে কাঁইটে বিন্ধে৷ আজি ছবছৰে সি জুয়ো নুমাব পৰা নাই, কাঁইটো উভালিব পৰা নাই৷
নাই নোৱাৰে৷ ঘৈণীয়েকক সি অকণো বুজাব পৰা নাহ৷ চহৰৰ ছোৱালী, প্রেমত পৰিয়েই বিয়া পাতিলে৷ মাহ–হালধিৰ গোন্ধ গ’ল কি নগ’ল, চহৰৰ মোহ এৰিব নোৱাৰিলে৷ গাঁৱৰ ঘৰত যদি এমাহ থাকে, চহৰৰ মাকৰ ঘৰত চাৰি মাহ থকা হ’ল৷ অনুপে তাইক কিমান যে বুজালে এতিয়াৰ পৰা তাই তাৰ বংশৰ৷ তাই বুজাৰ ভাও ধৰে, আকৌ নুবুজা হয়৷
‘তই ক’লেই মৰিম নেকি? আত্মহত্যা মহাপাপ বুলি জানিও কিয় চপাই লওঁ৷ নমৰো যা৷ ভগৱানে যেতিয়ালৈকে জীয়াই ৰাখে তেতিয়ালৈকে থাকিম৷ তই আমাৰ বাবে একো চিন্তা কৰিব নালাগে৷ হাত দুখন ভালে থকালৈকে কৰি খাম আৰু যেতিয়া উঠিব–মেলিব নোৱাৰা হ’ম, তেতিয়া তয়েই দাঙি নি পুখুৰীটোতে পেলাই দিবি৷’
অনুপৰ মাক শুৱলা খুৰীয়ে কথাখিনি কৈ চোতাললৈ আহে৷ গোহালি ঘৰৰ জপনাখন খুলি গোবৰৰ পাচিটোত গোবৰ ভৰাবলৈ ধৰে৷
‘গোবৰখিনি আজি পাণ গছৰ গুৰিত দিবিচোন’ অনুপৰ দেডতাকে বাঁহ খৰিকেইডালমান ফালি থকাৰ পৰাহ শুৱলা খুৰীক উদ্দেশ্যি ক’লে৷
‘দিম বাৰু৷ আপুনি ভালকৈ চাই–চিতি খৰি ফালক৷ মই গাটো তিয়াই ভাতৰ চৰুত জুই জ্বলামগৈ৷’
কালি ৰাতি কাৰোৱেই ভাত খোৱা নহ’ল৷ হ’বনো কেনেকৈ শুৱলা খুৰীৰ কঁকালৰ বিষ এটা আছে৷ বিষটোৱে কেতিয়াবা ঘপহকৈ ধৰে আৰু খুৰী উঠিব–বহিব নোৱাৰা হয়৷ গৰম পানীৰ বেগটো ল’লে অলপ আৰাম পায়৷ ঠাণ্ডা দিনত বিষটো ঘনাই ঘনাই হয়৷ তথাপি তেনেকৈয়ে বেঁকা–বেঁকী হৈয়ে ভাতৰ চৰুৰ লেঠা মাৰি থাকে৷
কালি শুৱলা খুৰীৰ বিষটোৱে ডক দিলে সন্ধিয়া পৰতে৷ ওচৰৰ এঘৰত ঘোষা পাঠ আছে৷ নৰেন দদাইদেউ তালৈ গ’ল৷ শুৱলা খুৰীয়ে কঁকালটোত মুভ অকণ সানি গৰমপানীৰ বেগটো লৈ বোৱাৰীয়েকক ৰাতিৰ ভাতসাঁজ ৰান্ধিবলৈ কৈ বিছনাত পৰিলগৈ৷ ‘উস্ এতিয়াহে অকণমান শান্তি’৷ শব্দকেইটা আপোনা–আপুনি শুৱলা খুৰীৰ মুখৰ পৰা ওলাই আহিল৷ আজি প্রায় দহবছৰেই হ’ল শুৱলা খুৰীৰ বিষটো৷ ভাগ্য ভাল আছিল কঁকালটো নাভাগিল৷ সেইদিনা ২ অক্টোবৰ গান্ধী জয়ন্তী৷ প্রতিবছৰে মহাত্মা গান্ধীৰ ফটোখনৰ মালাডাল সলাই এডাল নতুন মালা পিন্ধাই দিয়ে৷ সেইদিনাও ব্যতিক্রম নহ’ল৷ পুৰণা মালাডাল খুলি নতুন মালাডাল পিন্ধাইছেহে, গ’ল নহয় প্লাষ্টিকৰ চকীখন মেল খায়৷ ঢপহকৈ শব্দহে হ’ল৷ প্রথম অৱস্থাত সিমান গুৰুত্ব দিয়া নাছিল৷ যেতিয়া বেছি হ’ল তেতিয়া ডাক্তৰৰ ওচৰলৈ গৈ বেজী–দৰব খাইছিল৷ এতিয়া সেই বিষটোৱে হেনো মাজে মাজে উক্ দিয়ে৷ তাতে বয়সো হ’ল৷
ভাবে শুৱলা খুৰীয়ে তেনেকৈয়ে৷
নৰেন দদাইদেউ ভকত মানুহ৷ শংকৰ সংঘৰ একনিষ্ঠ সেৱক৷ গাঁওখনত দদাইদেউৰ দৰে কীর্তন, ঘোষা, ভাগৱত অতি সুমধুৰ কণ্ঠস্বৰে পঢ়া দ্বিতীয় এজন নোলাব৷
দদাইদেৱে অন্তৰেৰে কামনা কৰে গাঁৱৰ বয়সস্থসকলক বোৱাৰীয়েকে সমীহ কৰি চলক৷ ঘৰলৈ আহিলে মাত এষাৰ দিয়ক৷ চাহ, তামোল এখন যাচক৷ বাহি বিয়াৰ দিনা বোৱাৰীয়েকে সেৱা কৰোঁতে কৈছিল–
‘আহ অ’, তই মোৰ বোৱাৰী নহয়, জীহে৷ এই ওৰণিখন মোৰ আগত নল’লেও হ’ব৷ আজিৰ পৰা ছোৱালী নোহোৱা ঘৰখন শুৱনি হ’ল৷’
দদাইদেউৰ ঘৰখন শুৱনি হ’ল সঁচা, কিন্তু অন্তৰৰ কামনাবোৰহে মিছা হ’ল৷ ক’ৰবাত যেন আউল লাগি গ’ল৷ সেই আউলবোৰ বুকুত নেদেখা যন্ত্রণা হৈ ৰৈ গ’ল৷ ছটা বছৰ পাৰ হ’ল৷ চহৰৰ পৰা অহা বোৱাৰীৰ বাবে তেওঁলোকে কি নকৰিলে৷ আলাসৰ লাড়ু কৰি ৰাখিলে গাঁৱৰ ঘৰত থকাকেইদিন৷
চাই থাকোঁতে থাকোঁতে সময় গুচি যায়৷ সময়ৰ লগে লগেই পৰিৱর্তন হয় সকলো৷ অনুপহঁতৰ গাঁওখনৰো যথেষ্ট পৰিৱর্তন হ’ল৷ গাঁৱৰ তিনিআলিটোৰ ওচৰতে ইংৰাজী মাধ্যমৰ স্কুল এখনো আৰম্ভ হ’ল৷ দহ বছৰৰ ভিতৰতে সুকলখনৰ প্রথম প্রৱেশিকা পৰীক্ষাৰ ৰিজাল্টে প্রথম দহটা স্থানত স্থান পাই সুকলখনৰ লগতে ঠাহখনৰো নাম উজলাই তুলিলে৷ স্কুলখনত ল’ৰা–ছোৱালী পঢ়ুৱাবৰ বাবে হেতা–ওপৰা লাগিল৷ দূৰ–দূৰণিৰ পৰাও স্কুল বাছত ল’ৰা–ছোৱালী পঢ়িবলৈ আহিল৷ অনুপৰো ল’ৰাৰ সুকললৈ পঠিওৱাৰ বয়স হ’ল৷ উপায়হীন হৈ অনুপৰ বোৱাৰী গাঁৱৰ ঘৰত থাকিব লগা হ’ল৷
বৰ ভাল পালে নৰেন দদাইদেউ আৰু শুৱলা খুৰীয়ে৷ নাতিটোক হেঁপাহ পলুৱাই মৰম কৰিব পাৰিব৷ আহল–বহল চোতালখনত সি দৌৰি দৌৰি খেলিব পাৰিব৷ আলিমূৰৰ স্কুলখনলৈ চাইকেলত অনা–নিয়া কৰিব পাৰিব৷ ভাবিছিল নৰেন দদাইদেৱে তেনেদৰেই৷
এতিয়াৰ নাতিসকলৰ ককাকক ইটো–সিটো সুধি আমনি কৰিবলৈ সময়েই বা ক’ত সময়মতে এইটো, সময়মতে সেইটো, পঢ়া–শুনা, খোৱা–বোৱা আদিকে ধৰি সকলো ধৰা–বন্ধা৷ আনকি খেলিবলৈও সময় নাই৷
কেতিয়াবা মন যায় শুৱলা খুৰীৰ, নাতিটোক কোঁচত বহুৱায় নাইবা লগতে শুৱায় সাধু এটা শুনাবলৈ৷ মন গ’লেনো হ’ব কি
‘সেই আওপুৰণি বুঢ়া–বুঢ়ী, ৰজা–ৰাণী আৰু পৰীৰ সাধুবোৰত শিকিব লগা কিনো আছে, তাতকৈ কম্পিউটাৰত বহুত কথা শিকিব পাৰিব৷’ এদিন কৈছিল বোৱাৰীয়েকে শুৱলা খুৰীক৷ কম্পিউটাৰৰ বিষয়ে একো নজনা, চহৰৰ কৃত্রিমতা বুজি নোপোৱা খুৰীৰ অনাবিল নিভাঁজ মনটো জঁহ পৰি গৈছিল সেইদিনা৷
আৰু নৰেন দদাইদেউৰ মনটো…নির্মল জোনাকত চোতালখনত অকলে অকলে ঘূৰি ঘূৰি ভাবৰ উজুটি খাহ ফুৰে৷ সকলো থাকিও অকলশৰীয়া অনুভৱ কৰা মনটো উৰি যায় তাহানিৰ এহখন চোতালতে আইতাকৰ কোঁচত বহি শুনা সাধুবোৰলৈ৷ আগুৰি ধৰে নৰেন দদাইদেউক শৈশৱৰ সাধুবোৰে৷
বুঢ়া–বুঢ়ীহালে নষ্ট কৰিব ল’ৰাটোক৷ বোৱাৰীয়েকে ভাবে তেনকৈয়ে৷ সেয়ে কোঠাৰ ভিতৰত সি আবদ্ধ৷ লগ বুলিবলৈ কামত সহায় কৰি দিয়া সৰু ছোৱালীজনী আৰু টিভিটো৷ কার্টন চাই ভাল পায় নাতিটোৱে৷ টম আৰু জেৰীৰ কথা ককাক আইতাকক কয় কেতিয়াবা৷ আকৌ কেতিয়াবা জেদ ধৰে তাৰ লগত বহি টিভি চাব লাগে৷ তাৰ এই জেদটোক ভাল পায় শুৱলা খুৰী আৰু নৰেন দদাইদেৱে৷ হিয়াখন দুয়োৰে ভৰি পৰে যদিও বিভিন্ন অজুহাত দেখুৱাই আঁতৰি আহে৷
বুজি পায় নৰেন দদাইদেউ আৰু শুৱলা খুৰীয়ে যুগৰ পৰিৱর্তনবোৰ৷ সহজভাৱে লৈ লয় সকলো৷ তথাপি দেখোন ক’ৰবাত কিবা এটা আখজা হৈ পৰে৷ তাহানিৰ তেওঁলোকৰ শৈশৱ আৰু এতিয়াৰ শৈশৱ সম্পূর্ণ বেলেগ৷ তেতিয়া তেওঁলোকে দৌৰি–ঢাপৰি আম, জামু, বগৰী বিচাৰি ফুৰিছিল৷ এতিয়া সেইবোৰ কৰিবলৈ কোনো পিতৃ–মাতৃয়ে নিদিয়ে৷ তেতিয়া গৰমৰ দিনত হাতে হাতে বিচনী আৰু বিচনী মাৰি মাৰিয়েই সন্তানে পঢ়া–শুনা কৰিছিল৷ লেম্প আৰু চাকিৰ পোহৰতেহ পঢ়ি উচ্চ শিক্ষা লাভ কৰিছিল৷ কিন্তু এতিয়া সকলো পৰিৱর্তন হ’ল৷ ঘৰে ঘৰে বিজুলী–বাতি, টিভি, কম্পিডটাৰ আৰু গাঁৱৰ ধনী মানুহকেইঘৰে নিজৰ শোৱাকোঠাত এচি লগাই ল’লে৷ এদিন শুৱলা খুৰীক গাঁৱৰে বকুলী নবৌয়ে কৈছিল– ‘এচি কোঠাত থাকিলে গাত ঠাণ্ডা বতাহ লাগি থাকে, কিন্তু কোঠাৰ বাহিৰলৈ ওলাই আহিলে গাটো হেনো জুয়ে পোৰাদি পোৰে৷ আজিকালি নতুন গাড়ীবিলাকতো আছে নহয়৷’
‘এ, হয় নেকি তেনে গাড়ীত নুঠো পায় কেতিয়াও৷’
শুৱলাখুৰীৰ শুৱলা চিন্তা সেয়া৷
ঘোষা পাঠৰ পৰা নৰেন দদাইদেউ আহি ঘৰ পালেহি৷ প্রসাদৰ পাতখন টেবুলত থৈ শুৱলাখুৰীক মাতি মাতি পাকঘৰ পালেগৈ৷ নাইচোন, ক’লৈ গ’ল মানুহজনী এইটো সময়ত মানুহজনী পাকঘৰতহে থাকে৷ ভাতৰ চৰু চৌকাতো দেখোন জুহ নাই৷ ভাত ৰন্ধা নাই নেকি নে গেছত ৰান্ধিলে কেতিয়াবা আকৌ কঁকালটোৱে আমনি কৰিলে কিবা এটা গেছতে কৰি থয় নহয়৷ আজিও সেইটোকে হ’ল বুলি ভাবি শোৱাকোঠালৈ গৈ ভবাটোকে সঁচা দেখিলে৷
গৰমপানীৰ বেগটো কঁকালৰ তলত লৈ ওপৰমুৱাকৈ শুই থকা শুৱলা খুৰীৰ মুখখন দেখি নৰেন দদাইদেউৰ কিবা এটা মৰম উপজিল৷ গভীৰ টোপনিত থকা শুৱলা খুৰীক নজগালে৷ শোৱক অকণমান শান্তিৰে৷ সাৰ পালেহ কেঁকাই–গেঁথাই হ’লেও কামকে কৰি থাকিব৷ বৰ কষ্ট কৰিব পাৰে মানুহজনীয়ে৷ সেই গাভৰু কালৰে পৰা আজিলৈকে কমখন কৰি আছেনে পকা ঠেকেৰাৰ দৰে মুখখন কম ধুনীয়া আছিলনে৷ সেই ধুনীয়া মুখখনৰ চকু দুটা নৰেন দদাইদেউৰ হিয়াত সোমাই গজাইছিল পিৰীতিৰ গাজ আৰু এদিন ঘপহকৈ কৈ পেলাইছিল–
‘এ শুৱলা, তোক মই বিয়া কৰাম৷ তই আকৌ বেলেগক মত নিদিবি৷’
চাব লগা হৈছিল পকা ঠেকেৰাৰ দৰে মুখখন সেইদিনা৷ সেই কথাবোৰ মনত পৰিলে ক’ব নোৱাৰাকৈয়ে মিচিকিয়া হাঁহিটো বাগৰি যায় নৰেন দদাইদেউৰ দুই ওঁঠেদি৷ আজিও তাৰ ব্যতিক্রম নহ’ল অকণো৷ শোৱাকোঠাৰ পৰা লাহে লাহে সেই হাঁহিটো লৈয়ে ওলাই আহিল নৰেন দদাইদেউ৷
কামত সহায় কৰি অহা ছোৱালীজনীয়ে নৰেন দদাইদেউক ক’লে–
‘ককা, আইতা শুই আছে৷ নবৌৰো গা বেয়া৷ বাবুৰ লগতে নবৌও শুলে৷ আজি ভাত নাৰান্ধিলে নহয়৷ আইতাক জগাইহ দিওঁনে ভাত ৰান্ধিবলৈ ?
‘নালাগে দে আইতাক জগাব৷ তহঁতে কিবা খালিনে নাই?’
‘আমি খালোঁ৷ বাবুৰ ভোক লাগিছিল, নবৌয়ে মেগী বনাই দিলে৷ ময়ো খালোঁ, নবৌয়েও খালে৷ দাদাৰ কিবা মিটিং আছে তাতে খাহ আহিব হেনো৷ নবৌ শুলে৷’
‘হ’ব দে৷ তয়ো শুই থাকগৈ৷’
অজানিতে ওলাই অহা হুমুনিয়াহটোৱে যেন কৈ গ’ল নৰেন দদাইদেউক বহু কথা৷ মিছা মিছা, এহ সংসাৰৰ মায়া–মোহ একেবাৰে মিছা৷ নৰেন দদাইদেউৰ কণ্ঠৰে আপোনা–আপুনি নিগৰি ওলাল–
‘পাৱে পৰি হৰি কৰোহি কাতৰি
প্রাণ ৰাখবি মোৰ…’
মহাপুৰুষজনাৰ বৰপুত্র ৰমানন্দৰ জন্মৰ খবৰ শুনিয়েই এই বিখ্যাত বৰগীতটি ৰচনা কৰিছিল গাংমৌ থানত৷ মনটো ভাল লাগি গ’ল নৰেন দদাইদেউৰ৷ ভোক, পিয়াহ সকলোবোৰ যেন নিমিষতে নাইকিয়া হৈ পৰিল৷ অলপ সময় ইফাল– সিফাল কৰি ঈশ্বৰৰ নাম লৈ শোৱাপাটীত পৰিলহি৷
কঁকালৰ বিষটো অলপ আৰাম পাই গভীৰ টোপনি যোৱা শুৱলা খুৰীয়ে নৰেন দদাইদেউ অহাৰ কথা গমেই নাপালে৷ মাজৰাতি সাৰ পালে শুৱলা খুৰীয়ে৷ উঠিল সৰুপানী চুবলৈ৷ নৰেন দদাইদেৱো উঠিল৷
‘আপুনি যোৱাৰ পিছতে বিষটোৱে ডক দিলে নহয়৷ গৰম পানীৰ বেগটো লৈ শুলোঁ, মৰটোপনি গ’ল৷ জগাই নিদিলে কেলেই? ভাত খালেনে? কি বা ৰান্ধিলে বোৱাৰীয়ে’
‘বোৱাৰীৰ গা ভাল নহয় অ’৷ একো নহয়, এসাঁজ নাখালে মহাভাৰতখন অশুদ্ধ হৈ নপৰে নহয়৷’
নমনীয়তাৰে কোৱা কথাষাৰত শুৱলা খুৰীৰ হিয়াখন ফাটি–ছিটি গ’ল৷ দুয়ো আকৌ বিছনাত পৰিলগৈ যদিও টোপনি হ’লে এজনৰো নাহিল৷
ৰাতিপুৱা সেই কথাটো শুৱলা খুৰীয়ে পুতেকৰ আগত কওঁতে বোৱাৰীয়েকে আহি মুখ পাতি ধৰিলেহি৷ শাহু–বোৱাৰীৰ মাজত সৰু–সুৰা কটাকটি এখনেই হ’ল৷
‘জে’লৰ ভাত খুৱাব পাৰোঁ আপোনালোকক৷ মোৰ লগত লাগি নাথাকিব৷’
সেয়া আছিল শুৱলা খুৰীৰ বাবে বোৱাৰীয়েকে দিয়া সতর্কবাণী৷
সহজ–সৰল পুতেকটোৱে কৰিবনো কি অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱাৰ দৰে হয়৷ ভাগৰি যায় সি৷ সেয়ে মনৰ দুখতে মাকক কৈছিল তেনেকৈয়ে৷
শুৱলা খুৰীয়ে গা ধুই আহি গোসাঁই ঘৰৰ বন্তিগছি জ্বলাহ ক’লে– ‘মই যদি ভুল কৰিছোঁ ক্ষমা কৰিবা প্রভু৷ বোৱাৰীজনীকো সুমতি দিয়া, তাই যে আমাৰ অতি আপোন’ এইবুলি কৈ কাকূতি ঘোষাফাকি আৰম্ভ কৰিলে–
‘কিমতে ভকতি কৰিবো তোমাত হৰি এ৷/মই মূঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম৷৷’
ফোন : ৯৯৫৪৯–৮৩৮১৫