নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংগ সীমান্তত আৰম্ভ ভূটানৰ যাত্রীৰ স্বাস্থ্য পৰীক্ষা

ক’ৰোনা ভাইৰাছ শ্রীৰামপুৰত শিমুলটাপুত প্রশাসনৰ ব্যাপক তৎপৰতা

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ   ভাইৰাছ ৰাজ্যখনত বিয়পিব নোৱাৰে তাৰ বাবে কোকৰাঝাৰ জিলা প্রশাসনে ব্যাপক সতর্কতা অৱলম্বন কৰিছে৷ তাৰেই অংশ হিচাপে মঙলবাৰে জিলাখনৰ অসম–বংগ সীমান্তৰ শিমুলটাপুত কোকৰাঝাৰ জিলা প্রশাসনৰ তৎপৰতাত আৰু আৰক্ষী প্রশাসন তথা স্বাস্থ্য বিভাগৰ সন্মিলিত প্রচেষ্টাত আৰম্ভ হৈছে ক’ৰোনা ভাইৰাছ আক্রান্তৰ তালাচী  অভিযান৷ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পার্থপ্রতিম মজুমদাৰৰ প্রত্যক্ষ তদাৰকত আৰম্ভ হোৱা অভিযানত মূলতঃ ভূটানৰ পৰা অহা সকলো যান–বাহনৰ আৰোহীক বাহনৰ  পৰা নমাই এজন এজনকৈ চিকিৎসক তথা নার্ছৰ দলে প্রাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰে৷ গোসাঁইগাঁও ব্লক প্রাথমিক চিকিৎসালয় তথা জাৰাগুৰি প্রাথমিক চিকিৎসালয়ৰ চিকিৎসকদ্বয় ক্রমে মলয় দেৱ আৰু অজিত চন্দ্র ডেকাৰ নেতৃত্বত মঙলবাৰে চিকিৎসা কর্মীসকলে স্বাস্থ্য পৰীক্ষা অভিযান চলাই যদিও অদ্যাপি ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ লেখিয়া কোনো নির্দিষ্ট ব্যক্তিক চিহ্ণিত কৰিব পৰা হোৱা নাই বুলি চিকিৎসকদ্বয়ে জানিবলৈ দিয়ে৷ ইপিনে, বিষয়টোত জিলা প্রশাসনে চোকা দৃষ্টি ৰখাৰ কথা উল্লেখ কৰি জিলা উপায়ুক্ত পার্থপ্রতিম মাজুমদাৰে কয় যে ক’ৰোনা ভাইৰাছৰ লক্ষণ নির্ণয়ৰ বাবে অত্যাধুনিক থাৰমেল স্কেনাৰ মেচিন অভিযান থলীলৈ অচিৰেই প্রেৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে ভাৰত–ভূটান সীমান্তৰ উল্টাপানীতো এনেদৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অভিযান শীঘ্রে আৰম্ভ কৰা হ’ব বুলি সদৰী কৰে৷

You might also like