নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থ ব্যৱসায়ত নতুন তেজ

অসম প্রকাশন পৰিষদৰ গ্রন্থমেলাখন স্থগিত কৰি দিয়াৰ লগে লগে কিছুসংখ্যক গ্রন্থ ব্যৱসায়ীয়ে হতাশা প্রকাশ কৰিছে যে অসমীয়া কিতাপৰ বেয়া অৱস্থাৰ দিনত গ্রন্থমেলাই যি অকণ আশাৰ ৰেঙনি অনাৰ কথা আছিল, তাৰো সামৰণি পৰিল৷ কথাটোৰ কিমান সত্যতা আছে কোৱা টান, কিন্তু অসমীয়া কিতাপৰ মূল ব্যৱসায় গ্রন্থমেলাকেন্দ্রিক হৈ পৰা যেন লাগিছে৷ কিতাপৰ ব্যৱসায় বুলি ক’লেই অকল গল্প–কবিতাৰ কিতাপেই নহয়, এই ব্যৱসায়ৰ অন্যতম এটা ডাঙৰ অংগ হ’ল পাঠ্যপুথি আৰু ছাত্র–ছাত্রীৰ বাবে প্রয়োজনীয় শিক্ষামূলক কিতাপ৷ অসম চৰকাৰে ছাত্র–ছাত্রীক পাঠ্যপুথি বিনামূলীয়াভাৱে দিয়াৰ ব্যৱস্থা কৰা বাবে গ্রন্থ ব্যৱসায়ীসকলৰ ব্যৱসায়ৰ এটা ডাঙৰ অংশ দুর্বল হৈ পৰা বুলি কোৱা হয়৷ কিন্তু এইটো কথাও কোৱা হয় যে সেই পাঠ্যপুথিৰ ব্যৱসায়টো হাতৰ পৰা গুচি যোৱা বাবে প্রকাশকসকলে গল্প–উপন্যাস আদিৰ দৰে সৃজনীশীল সাহিত্যৰ কিতাপ প্রকাশ কৰিব নোৱৰা হৈছে৷ এই কথাটো যদি সত্য হয়, সেইটো সকলো দিশৰ পৰাই নিৰাশাজনক কথা৷ যদি অনুদানৰ লেখীয়া সহযোগিতা অবিহনে যদি অসমীয়া উপন্যাস এখন বা গল্প সংকলন এটি বা কাব্য সংকলন এটি নিজৰ জোৰত বজাৰত থিয় হ’ব নোৱাৰে তাৰ দৰে দুখৰ কথা নাই৷ কাৰণ যিয়েই নহওক কিয়, এয়া অসমীয়া লেখকসকলৰ বাবেও সন্মানৰ কথা নহয়৷ কিন্তু আনহাতে সর্বভাৰতীয় প্রেক্ষাপটত দেখা যায় যে কিতাপৰ ব্যৱসায়ৰ অৱস্থা এতিয়া ভালৰ পিনে আহিছে৷ তাৰ মাজতো এটা কথা আছে যে বিশেষকৈ আঞ্চলিক ভাষাৰ কিতাপৰ ক্ষেত্রত মুদ্রণৰ ক্ষেত্রত ব্যাপক পৰিৱর্তন আহিছে, পাঠকো এই পৰিৱর্তনৰ প্রতি আগ্রহী হৈ পৰিছে, কিন্তু কিতাপ বিতৰণৰ ক্ষেত্রত বিশেষ পৰিৱর্তন অহা নাই৷ এইটোও ঠিক যে অকল বিতৰণৰ বাবেই কিতাপ এখন গ্রাহকৰ ওচৰ নাপায়, গ্রাহকৰ চাহিদা পূৰণ কৰিব পাৰিলেহে কিতাপ এখনৰ প্রতি গ্রাহক আগ্রহী হ’ব৷ কিতাপ এখনৰ প্রতি আগ্রহ সৃষ্টি কৰিব পৰা গুণটো লেখকৰ দ্বাৰাই সৃষ্টি হ’ব লাগিব আৰু প্রকাশকে সেই ক্ষেত্রত সহযোগ আগবঢ়াব পাৰিব লাগিব৷
কিতাপৰ প্রকাশনৰ ক্ষেত্রত অসমীয়া কিতাপৰ জগতত শেহতীয়াকৈ দেখা পোৱা পৰিৱর্তন হ’ল লেখকৰ স্বপ্রকাশনৰ ব্যৱস্থা৷ লেখকে নিজৰ প্রয়োজনত দুকপীৰ পৰা দুকুৰি কপীলৈকে কিতাপ প্রকাশ অথবা প্রস্তুত কৰি লয় আৰু তাকো প্রকাশনৰ ভিতৰতে ধৰিব পাৰি যদিও ব্যৱসায়িক প্রকাশনবুলিলে বুজোৱা ধৰণৰ প্রকাশৰ মাজত ইয়াক অন্তর্ভুক্ত কৰিব নোৱাৰি৷ ইয়াত গ্রন্থ প্রস্তুতকৰণৰ কথা থাকে, কিন্তু ইয়াত বিনিয়োগ কৰা ধন উভতি অহাৰ কথা নাথাকে৷ এক কথাত এই কামটো গ্রন্থ প্রকাশৰ পৰিৱর্তে মুদ্রণ ব্যৱসায়ৰহে ওচৰ চপা৷ এই কামটোকো এতিয়া গ্রন্থ ব্যৱসায়ৰ ৰূপ দিয়া হৈছে আৰু ইয়াৰ বিকাশৰ হাৰো কিছু দ্রুত৷ স্বপ্রকাশিত কিতাপ এখনে যদি গ্রাহকক আকর্ষণ কৰিব পাৰে, তেনেস্থলত লেখকজনে দ্বিতীয়খন কিতাপৰ বাবে প্রকাশক পোৱাটো সহজ হৈ পৰে৷ এটা কথা ঠিক যে অসমীয়া কিতাপৰ জগতখনক বিষয়বস্তুৰ বৈচিত্র্যৰে যেনেকৈ ৰঙীন কৰি তোলাৰ প্রয়োজন আছে, তেনেদৰে বিতৰণৰ কথাটোকো নতুন দৃষ্টিভংগীৰে চোৱাৰ প্রয়োজন আছে৷ অনলাইনযোগে কিতাপ বিক্রীৰ কথাটোক প্রথম অৱস্থাত অসমীয়া গ্রন্থ ব্যৱসায়ীয়ে অকল বাহিৰৰ পাঠকৰ বাবেহে প্রয়োজনীয় বুলি ভাবিছিল৷ কিন্তু এতিয়া সেই ধাৰণাৰ পৰিৱর্তন ঘটিছে৷ ৰাঁচীৰ দুজন যুৱকে এঘণ্টাৰ ভিতৰতে কিতাপ যোগান ধৰাৰ ব্যৱসায় আৰম্ভ কৰি অনলাইন কিতাপ যোগানৰ ক্ষেত্রত পৰিৱর্তনৰ সূচনা কৰি দিছে৷ গুৱাহাটীত কিতাপৰ ব্যৱসায় ক্ষেত্রখন পাণবজাৰতে সীমাবদ্ধ হৈ থকা কথাটোলৈ লক্ষ্য কৰি গুৱাহাটীতো তেনেধৰণৰ বিতৰণৰ কথা গ্রন্থ ব্যৱসায়ীয়ে চিন্তা কৰিব পাৰে৷ গুৱাহাটীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ছাত্র–ছাত্রীখিনিক মূল গ্রাহক হিচাপে ধৰি ল’লেও এটা নতুন বিতৰণ ব্যৱস্থাৰ আৰম্ভণি হ’ব পাৰে৷

You might also like