নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সভাপতি পদৰ পৰা নাম প্রত্যাহাৰ ড০ ভীমকান্ত বৰুৱা–অনুৰাধা শর্মা পূজাৰী–ড০ গোবিন্দ প্রসাদ শর্মাৰ

🔹 সাহিত্য সভাৰ বিতর্ক অব্যাহত

🔹 ড০ বসন্ত কুমাৰ গোস্বামী–ড০ উপেন ৰাভা হাকাচামৰ সন্মতি প্রকাশ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ সন্মতি প্রকাশ নকৰিলে তিনি বৰেণ্য সাহিত্যিকে৷ সাহিত্য সভাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রস্তুত কৰা সভাপতিৰ পেনেলৰ পৰা বিশিষ্ট সাহিত্য সমালোচক গোবিন্দ প্রসাদ শর্মা, ঔপন্যাসিকা তথা সাংবাদিক অনুৰাধা শর্মা পূজাৰী আৰু বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক ড০ ভীমকান্ত বৰুৱাই নিজৰ নাম প্রত্যাহাৰ কৰিছে৷ পূজাৰী আৰু ড০ বৰুৱাই সাহিত্য সভাৰ সভাপতিলৈ পত্র প্রেৰণ কৰি আনুষ্ঠানিকভাৱে তেওঁলোকৰ নাম সভাপতিৰ পেনেলৰ পৰা প্রত্যাহাৰ কৰা বুলি অৱগত কৰিছে৷ অৱশ্যে প্রথম অৱস্থাত সন্মতি প্রকাশ কৰিলেও কালি সামাজিক মাধ্যমৰ জৰিয়তে সভাপতিৰ পেনেলৰ পৰা নাম প্রত্যাহাৰ কৰা বুলি সদৰী কৰিছে ড০ গোবিন্দ প্রসাদ শর্মাই৷ সামাজিক মাধ্যমত তেওঁ লিখিছে– ‘অসম সাহিত্য সভাৰ সভাপতি হ’বলৈহে মই সন্মতি দিছিলোঁ৷ নির্বাচন খেলিবলৈ নহয়৷ নির্বাচন খেলি মই সভাপতি হ’ব নোখোজোঁ৷ গতিকে পেনেলত মই সোমাব নোখোজোঁ৷ মই মোৰ নাম উঠাই ল’লোঁ৷’ আনহাতে, ব্যক্তিগত অসুবিধাৰ বাবে সভাপতিৰ পেনেলৰ পৰা নাম প্রত্যাহাৰ কৰা বুলি প্রকাশ কৰিছে অনুৰাধা শর্মা পূজাৰীয়ে৷ প্রধান সম্পাদক উপেন্দ্রজিৎ শর্মালৈ প্রেৰণ কৰা এখন পত্রৰ জৰিয়তে সভাপতি পদৰ বাবে প্রস্তুত কৰা ৫জনীয়া তালিকাত নাম প্রস্তাৱ কৰাৰ বাবে অসম সাহিত্য সভালৈ ধন্যবাদ আৰু কৃতজ্ঞতাও তেওঁ জ্ঞাপন কৰে৷ পত্রখনত তেওঁ এইদৰে উল্লেখ কৰিছে– ‘ইতিমধ্যে সংবাদ মাধ্যমযোগে প্রকাশিত তালিকা অনুসৰি সভাপতি পদৰ বাবে প্রস্তাৱিত আন চাৰিওজন প্রার্থীৰ আটাইকেইজনেই অসমীয়া ভাষা–সাহিত্যৰ ক্ষেত্রখনলৈ যথেষ্ট অৰিহণা যোগোৱা জ্যেষ্ঠ ব্যক্তি৷ গতিকে উপৰিউক্ত চাৰিওজন ব্যক্তিৰ মাজৰ পৰা এজন ব্যক্তিক নির্বাচনৰ আওতালৈ ননাকৈ সর্বসন্মতভাৱে মনোনীত কৰিলে আমি অত্যন্ত সুখী হ’ম৷ যিহেতু মই নিজেও সাহিত্য সভাৰ সভাপতি নির্বাচনৰ প্রচলিত নির্বাচনী প্রক্রিয়াটোলৈ যাব খোজা নাই, গতিকে মই মোৰ নামত উক্ত তালিকাখনৰ পৰা প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনালোঁ৷ আনহাতে, অসম সাহিত্য সভাৰ গুৰুদায়িত্ব গ্রহণ কৰাৰ ক্ষেত্রত বর্তমান অৱস্থাত মোৰ ব্যক্তিগতভাৱে ভালেখিনি অসুবিধা আছে৷ বর্তমান মই বহুকেইটা গুৰুত্বপূর্ণ কামত ব্যস্ত হৈ থকাৰ লগতে অদূৰ ভৱিষ্যতেও ভালেখিনি কর্ম পৰিকল্পনা নির্ধাৰিত হৈ থকাৰ বাবে অসম সাহিত্য সভাৰ দৰে এটি বৃহৎ জাতীয় অনুষ্ঠানৰ কাম–কাজত যথাযোগ্যভাৱে মনোনিৱেশ কৰাত মোৰ অসুবিধা হ’ব৷ সেয়েহে মোতকৈ জ্যেষ্ঠ আৰু অভিজ্ঞসকলৰ প্রতি শ্রদ্ধা জনাই এই পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰাটো এই মুহূর্তত সঠিক সিদ্ধান্ত হ’ব বুলি মই বিবেচনা কৰা নাই৷ গতিকে মোৰ প্রতি আস্থা প্রদর্শন কৰি মোৰ নাম তালিকাভুক্ত কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ সন্মানীয় সদস্যসকললৈ কৃতজ্ঞতাসহকাৰে ক্ষমা–প্রার্থনা কৰিছোঁ৷’ আনহাতে বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক ড০ ভীমকান্ত বৰুৱাই সভাপতিৰ পেনেল প্রকাশ কৰাৰ পাছতেই তেওঁৰ অনিচ্ছুকতা প্রকাশ কৰিছিল৷ কোনো কাৰণতে সভাপতি পদৰ বাবে তেওঁ সন্মতি প্রকাশ নকৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টভাৱে প্রকাশ কৰিছিল৷ শেহতীয়াকৈ এখন পত্রৰ জৰিয়তেও তেওঁ সাহিত্য সভাক সভাপতিৰ পেনেলৰ পৰা তেওঁৰ নাম প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে৷ উল্লেখ্য যে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রথম বৈঠকত প্রস্তুত কৰা সভাপতিৰ পেনেলক লৈ যথেষ্ট বিতর্কৰ সূচনা হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত ১২ নৱেম্বৰত অনুষ্ঠিত আন এখন বৈঠকত ৫জনীয়া নতুন পেনেল তেওঁলোকে প্রস্তুত কৰিছিল৷ কিন্তু এই ৫জনীয়া তালিকাৰ পৰা তিনিগৰাকী ব্যক্তিয়েই নাম প্রত্যাহাৰ কৰাৰ লগে লগে সভাৰ পৰৱর্তী সভাপতি কিধৰণে নির্বাচন কৰা হয়, সেয়া তাৎপর্যপূর্ণ হৈ পৰিছে৷

 

You might also like