নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ সভাপতি নির্বাচন

সভাপতি নির্বাচনক কেন্দ্র কৰি অসম সাহিত্য সভাত বিতর্ক নতুন কথা নহয়৷ সাহিত্য সভাৰ অধিৱেশনৰ পূর্বে নতুন সভাপতি নির্বাচনক লৈ বিগত কেইবাদশক ধৰি বিতর্কৰ সৃষ্টি হৈ আহিছে৷ পাঠশালাত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ আগন্তুক অধিৱেশনৰ পূর্বে সভাপতি নির্বাচনক লৈও অসমৰ জাতীয় অনুষ্ঠানটোৱে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ শতায়ু পুৰণি অসম সাহিত্য সভাক লৈ অসমৰ সাহিত্যিক–লেখকসকলেই নহয়, জাতি–ভাষাৰ প্রতি দায়বদ্ধ প্রতিজন অসমীয়া সজাগ৷ সমালোচনাৰে থকা–সৰকা কৰাসকলেও জাতীয় অনুষ্ঠানটোৰ সমৃদ্ধি কামনা কৰে৷ লেখক অথবা সাহিত্য সৃষ্টিৰ ক্ষেত্রত অসম সাহিত্য সভাৰ ভূমিকাক লৈ বিভিন্ন সময়ত প্রশ্ণৰ উদয় হ’লেও আমাৰ ভাষা–সাহিত্যৰ বিকাশৰ বাবে অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ প্রয়োজনীয়তা আছে৷ জাতি আৰু ভাষাক সমৃদ্ধ কৰি ৰাজহাড় টনকিয়াল কৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান লাগিবই৷ সাহিত্য সভাৰ একাংশ বিষয়ববীয়াক লৈ বিভিন্ন সময়ত বিতর্ক আৰু প্রতিক্রিয়া হ’লেও জাতীয় অনুষ্ঠানটোৰ প্রতি অসমবাসীৰ আগ্রহ দিনকদিনে বৃদ্ধি হৈছে৷ অসম সাহিত্য সভাৰ অধিৱেশনসমূহত ৰাইজৰ সহযোগ আৰু উপস্থিতিয়ে এই কথা প্রমাণ কৰি আহিছে৷ সর্বসাধাৰণ লোকৰ এনে দুর্বাৰ আকর্ষণক সাহিত্য সভাই ইতিবাচক সৃষ্টিৰাজিত গুৰুত্ব আৰোপ কৰিলে আমাৰ ভাষা–সাহিত্য অধিক গণমুখী আৰু সমৃদ্ধ হৈ উঠিব৷ অসম সাহিত্য সভাই সৃষ্টিশীল লেখক অথবা সাহিত্যিক সৃষ্টি কৰাত ব্যর্থ হোৱা বুলি প্রায়ে অভিযোগ উঠে৷ প্রকৃততে অসম সাহিত্য সভা লেখক সৃষ্টিৰ কাৰখানা নহয়৷ লেখক হ’বলৈ অসম সাহিত্য সভাৰ স’তে জড়িত নাথাকিলেও কোনো কথা নাই৷ কিন্তু সৃষ্টিশীল ৰচনাৰে অসমীয়া ভাষা–সাহিত্যক মহীয়ান কৰা লেখক–সাহিত্যিকক উপযুক্ত মর্যাদা প্রদান কৰাটো জাতীয় সংগঠন হিচাপে অসম সাহিত্য সভাই গ্রহণ কৰিবই লাগিব৷ প্রকৃততে জাতীয় সংগঠনটোক আগবঢ়াই নিবলৈ হ’লে ভাষা–সাহিত্যৰ প্রতি দায়বদ্ধ সংগঠকৰ একনিষ্ঠ সেৱাহে প্রয়োজন৷ কিন্তু বিগত কিছু দশক ধৰি জাতীয় সংগঠনটোৰ সভাপতি–সম্পাদককে ধৰি একাংশ গুৰুত্বপূর্ণ বিষয়বাব দখলৰ বাবে গ্রহণ কৰা নিকৃষ্ট পন্থাই বিবেকৱান লোকক মনোকষ্ট দিছে৷ সাহিত্য সভাৰ সভাপতি আৰু প্রধান সম্পাদকৰ পদক লৈ এইবাৰ বিতর্ক তুংগত উঠিছে৷ সভাপতিজন নির্বাচনৰ ক্ষেত্রত অসম সাহিত্য সভাৰ সাংবিধানিক ব্যৱস্থাক লৈও বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ জাতীয় অনুষ্ঠানৰূপে অসম সাহিত্য সভাৰ সভাপতিজন এগৰাকী লব্ধপ্রতিষ্ঠ সাহিত্যিক অথবা গৱেষক হোৱাটো সকলোৰে কাম্য৷ দুবছৰীয়া কার্যকালৰ বাবে নির্বাচিত সভাপতি এগৰাকীৰ ফলপ্রসূ কাম–কাজৰ সীমাবদ্ধতা থাকে৷ সাহিত্য সভাৰ সভাপতিজনৰ নির্দেশ অনুসৰি জাতীয় অনুষ্ঠানটোৰ সামগ্রিক কার্যকৰী দায়িত্ব প্রধান সম্পাদকজনৰ ওপৰত ন্যস্ত থাকে৷ সেয়ে প্রধান সম্পাদকজনৰ সাংগঠনিক কার্যদক্ষতা আৰু ভাষা–সাহিত্যৰ প্রতি অধিক দায়বদ্ধতাৰ প্রয়োজন আছে৷ অসম সাহিত্য সভাৰ মর্যাদা আৰু গ্রহণযোগ্যতাৰ স্বার্থতেই নিষ্ঠাৱান সাহিত্যিক–গৱেষকক সভাপতিৰ আসনত অধিষ্ঠিত কৰা উচিত৷ এইক্ষেত্রত অসম সাহিত্য সভাৰ সংবিধানত থকা নির্বাচনী প্রক্রিয়াৰ ক্ষেত্রত সংশোধনীৰ প্রয়োজন আছে৷
অসম সাহিত্য সভাৰ নতুন সভাপতি নির্বাচনক কেন্দ্র কৰি কিদৰে জাতীয় অনুষ্ঠানটোৰ মজিয়াত শিবিৰকেন্দ্রিক টনা–আঁজোৰা চলিছিল সেয়া যোৱা ৩১ অক্টোবৰত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ বৈঠকত উন্মোচন হৈছে৷ সাহিত্য সভাৰ নতুন সভাপতিজন নির্বাচন কৰে সভাৰ শাখাসমূহে৷ নতুন সভাপতি নির্বাচনৰ বাবে পাঁচজনীয়া তালিকা এখন প্রস্তুত কৰে সভাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে৷ যোৱা ৩১ অক্টোবৰত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ বৈঠকত সভাপতি পদৰ বাবে পাঁচজনীয়া তালিকা এখন প্রস্তুত কৰা হৈছে৷ তালিকাখনত আছিল ড০ নাহেন্দ্র পাদুন, ড০ লীলাৱতী শইকীয়া বৰা, ডাঃ গিৰীশ সন্দিকৈ, ড০ হিতেশ ডেকা আৰু অৰূপা পটংগীয়া কলিতা৷ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ অধিকাংশ সদস্যই এই তালিকাখনৰ সপক্ষে নাছিল৷ আনকি উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ দুগৰাকী সদস্যৰ নাম নতুন সভাপতিৰ তালিকাত অন্তর্ভুক্ত হোৱাক লৈ বিতর্কৰ সৃষ্টি হৈছিল৷ ফলত উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ প্রথম তালিকাখন বাতিল কৰি সভাপতি নির্বাচনৰ বাবে এখন নতুন তালিকা প্রস্তুত কৰা হৈছে৷ নতুন তালিকাখনত বিশিষ্ট সাহিত্যিক ক্রমে ড০ গোবিন্দ প্রসাদ শর্মা, ড০ উপেন ৰাভা হাকাছাম, ড০ বসন্ত কুমাৰ গোস্বামী, ড০ ভীমকান্ত বৰুৱা আৰু ঔপন্যাসিক অনুৰাধা শর্মা পূজাৰী৷ নতুন সভাপতিৰ তালিকাত অন্তর্ভুক্ত ড০ গোবিন্দ প্রসাদ শর্মা, ড০ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শর্মা পূজাৰীয়ে নির্বাচনী প্রক্রিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে৷ ফলত নতুন সভাপতিৰ তালিকাত থকা ড০ উপেন ৰাভা হাকাছাম আৰু ড০ বসন্ত কুমাৰ গোস্বামীৰ মাজত নির্বাচন অনুষ্ঠিত হ’ব৷ সভাপতি নির্বাচন প্রক্রিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ব্যক্ত কৰি বিশিষ্ট সাহিত্যিক তথা গৱেষক ড০ গোবিন্দ প্রসাদ শর্মাই ব্যক্ত কৰা ভাষ্য জাতীয় অনুষ্ঠানটোৰ বাবে গুৰুত্বপূর্ণ৷ মাথোঁ ড০ শর্মাই নহয়, আমাৰ ভাষা–সাহিত্যৰ প্রতি নিৰলস সেৱা আগবঢ়োৱা কোনো নিষ্ঠাৱান সাহিত্যিকে নির্বাচন প্রক্রিয়াৰ মাজেৰে অসম সাহিত্য সভাৰ সভাপতি হ’ব নিবিচাৰে৷ ড০ শর্মাৰ স্পষ্ট দৃষ্টিভংগী দুই দশক পূর্বে বিশিষ্ট কথাশিল্পী ড০ ভবেন্দ্র নাথ শইকীয়াই আক্ষেপেৰে ব্যক্ত কৰিছিল৷ অসম সাহিত্য সভাৰ সভাপতি পদত ড০ ভবেন্দ্র নাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী, সৌৰভ কুমাৰ চলিহা, লুম্বেৰ দাই, য়েছে দৰজে ঠংছি, নিৰুপমা বৰগোহাঞি আদিৰ দৰে সাহিত্যিক অধিষ্ঠিত নোহোৱাটো জাতীয় অনুষ্ঠানটোৰ বাবেই নহয়, অসমৰ ভাষা-সাহিত্যৰ বাবেও দুর্ভাগ্যজনক৷ ছয়কুৰি বছৰ অতিক্রম কৰা অসম সাহিত্য সভাৰ সভাপতিৰ আসনত মহিলা সাহিত্যিকৰ প্রতিনিধিত্বক লৈও প্রশ্ণ উত্থাপন হৈছে৷ অসম সাহিত্য সভাৰ ইতিহাসত সভাপতি হোৱাৰ সৌভাগ্য হৈছিল মাথোঁ নলিনীবালা দেৱী আৰু ড০ নির্মলপ্রভা বৰদলৈৰ৷ অসম সাহিত্য সভাৰ সভাপতিৰ পেনেলত এতিয়ালৈ নাম অহা নাই নিৰুপমা বৰগোহাঞি, ড০ কৰবী ডেকা হাজৰিকা, ড০ মালিনী গোস্বামীৰ লেখীয়া অসংখ্য লেখক–সাহিত্যিকৰ নাম৷ জাতীয় অনুষ্ঠানৰ মর্যাদা অক্ষুণ্ণ ৰাখিবলৈ অসম সাহিত্য সভাই সংস্কাৰমুখী পদক্ষেপ গ্রহণ কৰিবই লাগিব৷ এইক্ষেত্রত জাতীয় অনুষ্ঠানটোৰ সাংবিধানিক বাধ্য–বাধকতা নাইকিয়া কৰিবলৈ শীঘ্রে পদক্ষেপ গ্রহণ কৰা উচিত৷

You might also like