বায়ু প্ৰদূষণ : অতি ভয়াৱহ অৱস্থা দেশৰ ৰাজধানী দিল্লীৰ অৱস্থা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ নৱেম্বৰঃ দেশৰ ৰাজধানী দিল্লীৰ অৱস্থা অতি ভয়াৱহ। দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বায়ু প্ৰদূষণ অতি বিপজ্জনক মাত্ৰাত উপনীত হৈছে। আনহাতে, পাকিস্তানৰ দুখন চহৰ লাহোৰ আৰু মুলতানৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI)য়ে ২০০০ অতিক্ৰম কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পাকিস্তান চৰকাৰে এই দুখন চহৰত সম্পূৰ্ণ লকডাউনৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতিবছৰে শীতকালত সিন্ধু-গংগা সমভূমিৰ বায়ু প্ৰদূষণে বিপজ্জনক মাত্ৰা অতিক্ৰম কৰে। প্ৰতিবছৰে দীপাৱলীৰ পিছত উত্তৰ আৰু মধ্য ভাৰতত পথাৰত খোলা জ্বলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। যাৰ বাবে দিল্লীত ইয়াৰ চাৰিওফালৰ অঞ্চলকে ধৰি প্ৰদূষণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ আমেৰিকাৰ মহাকাশ সংস্থা নাছাই এখন উপগ্ৰহৰ ছবি প্ৰকাশ কৰিছে, য’ত ভাৰত আৰু পাকিস্তানৰ এক বৃহৎ অংশ ক’লা ধোঁৱাৰ চাদৰেৰে আবৃত হোৱা দেখা গৈছে। শীতকালত ভাৰতৰ ৰাজধানী দিল্লীৰ ৭২ শতাংশ বতাহ উত্তৰ-পশ্চিমৰ পৰা আহে। এই বতাহৰ লগে লগে ৰাজস্থান, পাকিস্তান আৰু আফগানিস্তানৰ ধূলিয়ে দেশখনৰ ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত উপস্থিত হয়। একে সময়তে তাপ ওলোটা হোৱাৰ বাবে বায়ুমণ্ডলৰ ওপৰৰ স্তৰলৈ প্ৰদূষণ বিয়পি নাযায়। গতিকে দিল্লীত বায়ু প্ৰদূষণৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বৃদ্ধি পাইছে। দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বায়ু প্ৰদূষণ বৃদ্ধি পোৱাৰ এটা প্ৰধান কাৰণ হ’ল খেতিয়কসকলে পথাৰত খেতিৰ খোলা জ্বলোৱা। কৃষকসকলে খোলা জ্বলোৱা বন্ধ কৰিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰিছে শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা (CRM) আঁচনি। এই আঁচনিৰ অধীনত কৃষকসকলক ছুপাৰ এছএমএছ এটেচমেণ্ট, টাৰ্বো হেপি ছিডাৰ, ৰ’টাভেটৰ আৰু ছুপাৰচিডাৰ ক্ৰয় কৰিবলৈ ৰাজসাহায্য প্ৰদান কৰা হয়। এই মেচিনবোৰে ডাল জ্বলাই নোযোৱাকৈ আঁতৰোৱাত সহায় কৰে। ১৮ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণক তিৰস্কাৰ কৰে। ইয়াৰ পিছত দিল্লী চৰকাৰে গ্ৰেডেড ৰেচপন্স একচন প্লেন (GRAP)ৰ চতুৰ্থ পৰ্যায় ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত তাপ শক্তি কেন্দ্ৰ বন্ধ কৰা, নিৰ্মাণ কাৰ্যকলাপ নিষিদ্ধ কৰা আদি ব্যৱস্থা গ্ৰহণ কৰা হয়।