সম্পাদকীয় : গ্রন্থ প্রকাশৰ ভৱিষ্যৎ
গ্রন্থমেলা অহাৰ লগে লগে কিতাপৰ, বিশেষকৈ অসমীয়া কিতাপৰ জগতখনত যি এটা আলোডনৰ সৃষ্টি হয় সেই আলোড়নে অসমীয়া কিতাপৰ প্রকাশন উদ্যোগটিক বৌদ্ধিক দিশত বিশেষ সহায় কৰিব পৰা নাই৷ বছৰে বছৰে প্রকাশ হোৱা কিতাপবোৰৰ ফালে চালেই এই কথাৰ সত্যতা প্রমাণ হয়৷ সাধাৰণভাৱে কিতাপৰ মুদ্রণ আৰু অলংকৰণত প্রযুক্তিবিদ্যাৰ বিকাশৰ স্বাক্ষৰ প্রস্ফূটিত হৈছে, কিন্তু প্রযুক্তিবিদ্যাই প্রকাশনৰ পৰম্পৰাগত অভ্যাসটিক ভালদৰে পৰিৱর্তনৰ বতাহেৰে স্পর্শ কৰিব পৰা নাই৷ বর্তমানৰ ডিজিটেল যুগটিত পাঠকৰ পঠন অভ্যাসৰ ব্যাপক পৰিৱর্তন ঘটিছে৷ পৰম্পৰাগত ছপাপুথিৰ ঠাই অধিকাৰ কৰিছেহি হ–বুক আৰু অডি’বুকৰ দৰে ডিজিটেল প্রকাশনবোৰে৷ এই কিতাপবোৰ পাঠকে অতি সহজে এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰে, ভালদৰে সংৰক্ষণ কৰিব পাৰে আৰু বাৰম্বাৰ পুনৰ ব্যৱহাৰৰ পিছতো এইবোৰৰ ৰূপ অক্ষত অৱস্থাত থাকে৷ বিশেষকৈ ডাঙৰ আকৃতিৰ কিতাপ, অভিধান আৰু শব্দকোষৰ দৰে বাৰে বাৰে ব্যৱহাৰ কৰিবলগীয়া কিতাপৰ ক্ষেত্রত এই কথা অধিক প্রযোজ্য হৈছে৷ ইংৰাজী ভাষাৰ ই–বুকত পঠনত সহযোগ কৰিব পৰা বিভিন্ন উপাদানৰ সংযোজন হৈছে৷ অডিঅ’ বুকৰ ব্যৱহাৰ মূলতঃ জনপ্রিয় কাহিনী আৰু কবিতাৰ মাজতে সীমাবদ্ধ হৈ আছে৷ প্রিয়কবিৰ কবিতা কবিৰ কণ্ঠত শুনাৰ আনন্দ অথবা কাহিনী এটা উপযুক্ত পাঠৰ মাজেৰে পৰিৱেশনৰ উত্তেজনা অডি’ বুকৰ মূল সম্পদ৷ হাতে হাতে স্মার্টফোন থকা পাঠকসকলক এইবোৰধৰণে বিশেষভাৱে আকর্ষণ কৰে৷ শেহতীয়াভাৱে দেখা গৈছে মূলতঃ কলেজৰ ছাত্র–ছাত্রীসকলে নিজৰ পাঠক্রমৰ প্রয়োজনতে প’র্টেবল ডিজিটেল ফর্মেটৰ পঠন সামগ্রীৰ লগত পৰিচিত হৈছে আৰু এই পঠন ব্যৱস্থাৰ লগত সহজ হৈ পৰিছে৷ পঢ়ুৱৈৰ এই মানসিকতাক পাঠ্যপুথিৰ বাহিৰৰ পঠন সামগ্রীৰ বাবে উৎসাহিত কৰাটোও প্রকাশকসকলৰে দায়িত্ব৷ পাঠকৰ পঠন অভ্যাসক স্পর্শ কৰি সেইমতে প্রকাশ কৰিব পাৰিলেহে অসমীয়া কিতাপৰ প্রকাশন উদ্যোগটিৰ শ্রীবৃদ্ধি হ’ব৷
ডিজিটেল প্রযুক্তিৰ বিকাশৰ লগে লগে পুথি প্রকাশনৰ ভৱিষ্যৎ নতুন নতুন প্রত্যাহ্বানেৰে উত্তেজিত হৈ পৰিছে আৰু একে সময়তে অলখে সম্ভাৱনাৰো বার্তা বহন কৰি আনিছে৷ প্রথম সম্ভাৱনাটো হৈছে সংগীত, চিনেমা আৰু ভিডিঅ’ৰ পৰিৱেশনৰ দৰে কিতাপৰো ‘গ্রাহকভর্তি পৰিকল্পনা’ৰ আৰম্ভণি৷ এতিয়া বাতৰিকাকতৰ জগতত অনলাইন পঠন আৰু ক্রয় আৰম্ভ হৈছে৷ কেইবাখনো অসমীয়া কাকতে এই মডেল আৰম্ভ কৰিছেই৷ আলোচনী আৰু কিতাপৰ ক্ষেত্রতো এই ব্যৱস্থা সোনকালেই আহিব৷ কাৰণ এনেধৰণৰ ডিজিটেল পৰিৱেশন সময়ৰ দাবী৷ বিভিন্ন ডিজিটেল প্লেটফর্মত অসমীয়া এতিয়া সহজলভ্য, ই–বুকৰ উপস্থিতিও আৰম্ভ হৈছে৷ কিন্তু এইবোৰ অকল কিতাপৰ প্লেটফর্ম নহয়৷ অকল অসমীয়া কিতাপৰ এখন ডিজিটেল প্লেটফর্মৰ কথা অসমীয়া প্রকাশকে ভাবিব পাৰে, আচলতে ভবাৰ সময় হৈ গৈছে৷ চিনেমাৰ বাবে যেনেদৰে ওটিটি প্লেটফর্ম আছে কিতাপৰো তেনে প্লেটফর্ম এখন বর্তমান সময়ৰ দাবী৷ এই প্লেটফর্ম ডিজিটেল প্লেটফর্মত ছপা কিতাপ বিক্রী কৰা কথা নহয়, ডিজিটেল মাধ্যমৰ বাবে উপযুক্ত হোৱাকৈ কিতাপ ৰচনা কৰা আৰু একেই ধৰণে বিক্রী কৰাটোৱেহে অসমীয়া কিতাপক এই নতুন জগতখনলৈ নিব পাৰিব৷ এই কামৰ বাবে প্রথমেই প্রয়োজন হ’ব ইউনিকোডত অসমীয়া আখৰ৷ অসম প্রকাশন পৰিষদে এই দিশত আগভাগ লৈ এবিধ আখৰ প্রস্তুত কৰিছিল আৰু সেই আখৰ বহুতে ব্যৱহাৰো কৰিছিল৷ কিন্তু সেই কামটোৰ পৰিসৰ বৃদ্ধি কৰাৰ প্রয়োজন আছে৷ চৰকাৰী পৃষ্ঠপোষকতাৰে পুষ্ট অসম প্রকাশন পৰিষদে এই কাম সহজেই কৰিব পাৰিব বুলি আশা কৰিব পাৰি৷ ডিজিটেল পুথিৰ বিকাশে পৰম্পৰাগত পুথিৰ অৱসান ঘটাব নোৱাৰে, ই হ’ব এক সহ–অস্তিত্বৰ সন্ধান৷ প্রকাশকসকলে সৃজনশীলতাৰে পুথি প্রস্তুত কৰি নতুন যুগৰ পাঠকৰ প্রয়োজন পূৰণ কৰিব লাগিব৷ পৰম্পৰা আৰু প্রযুক্তিৰ মাজত এক সামঞ্জস্য বজাই ৰাখি, পুথি প্রকাশনে এই নতুন যুগতো স্থান আৰু গুৰুত্ব ৰক্ষা কৰি থাকিব লাগিব৷ ছপা, ডিজিটেল, বা শব্দ ৰূপে কিতাপ এখন সদায়েই জ্ঞান, সংস্কৃতি, আৰু কল্পনাৰ এক অমূল্য আধাৰ হৈ থাকিব৷