সুকন্যা : ভাষাবিদ ড০ লীলাৱতী শইকীয়া বৰাৰে বিশেষ সাক্ষাৎকাৰ
সাক্ষাতগ্ৰহণঃ কুমুদ তালুকদাৰ
সুদীর্ঘ ৫টা দশকৰো অধিক কাল অসমীয়া ভাষা আৰু ব্যাকৰণৰ গভীৰভাৱে চর্চা কৰি আহিছে বৰেণ্য সাহিত্যিক, বিশিষ্ট ভাষাবিদ ড০ লীলাৱতী শইকীয়া বৰাই৷ ভাষা বিষয়ত পিএইচডিপ্রাপ্ত অসমৰ প্রথমগৰাকী মহিলা ড০ শইকীয়াই ১৯৭৮ চনৰ ২১ ফেব্রুৱাৰীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত ক্রমে প্রবক্তা, ৰীডাৰ আৰু প্রাধ্যাপক ৰূপে কার্যনির্বাহ কৰি ২০১৩ চনৰ ৩০ এপ্রিলত অৱসৰ গ্রহণ কৰে৷ ড০ শইকীয়াৰ অধীনত সর্বমুঠ ১৯গৰাকী গৱেষকে পিএইচডি ডিগ্রী লাভ কৰিছে৷ অসম সাহিত্য সভাৰ শ্রমিক প্রাণ সর্বেশ্বৰ বৰদলৈ বঁটা, মণিক চন্দ্র বৰুৱা বঁটা, অসম চৰকাৰৰ সাহিত্য বঁটাকে ধৰি অসংখ্য সন্মান লাভ কৰা ভাষাবিদগৰাকীয়ে ভাষা–সাহিত্যৰ সুবাস, মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষা, সংস্কৃত–পালি প্রাকৃত আৰু অসমীয়া ব্যাকৰণ, অসমীয়া ভাষাৰ ৰূপতত্ত্ব, অসমীয়া ব্যাকৰণ আৰু ব্যৱহাৰ আদিকে ধৰি অসংখ্য চিন্তাশীল (মৌলিক) ৰচনাৰে অসমীয়া ভাষা–সাহিত্যক সমৃদ্ধ কৰাৰ উপৰি ৪খন কাব্যগ্রন্থ, অনূদিত গল্প আৰু উপন্যাস, ৮খন সম্পাদিত গ্রন্থ প্রকাশ কৰাৰ উপৰি অজস্র চিন্তাশীল প্রবন্ধ প্রকাশ কৰিছে৷ তেওঁৰ অধিকাংশ গ্রন্থই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত হৈছে৷ ১৯৭৪ চনত গল্প সৌৰভ যতীন বৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ড০ শইকীয়াই বহু ৰাষ্ট্রীয় সন্মিলনত অংশগ্রহণ কৰি গৱেষণা গ্রন্থ পাঠ কৰিছে৷ এইগৰাকী মহান ভাষাবিদৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল৷
অসমীয়া ভাষা ক্রমান্বয়ে সংকটৰ গৰাহত সোমাই পৰিছে বুলি বহুতে ক’ব খোজে৷ এইক্ষেত্রত আপুনি কি ক’ব আৰু ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে?
👉অসমীয়া মানুহখিনিয়ে নিজৰ ভাষাটোক অৱহেলা কৰি অহা বাবেই অসমীয়া ভাষাৰ বিপদ আজিও আঁতৰি নগ’ল৷ চৰকাৰী পৃষ্ঠপোষকতাতে হওক অথবা বেচৰকাৰীভাৱেই হওক, বিগত সময়ছোৱাত অসমীয়া ভাষাৰ উন্নতিত যথেষ্ট বাধা প্রদান কৰি অহা হৈছে৷ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্রিটিছৰ অধীনলৈ গৈছিল৷ তেতিয়াও অসমীয়া ভাষাটোৰ ইমান বেমেজালি হোৱা নাছিল৷ পিছে প্রশাসনিক সুবিধাৰ বাবে ব্রিটিছে বহু বঙালীভাষী লোকক অসমলৈ অনাৰ পিছত একাংশ প্রভাৱশালী ব্যক্তিৰ প্রৰোচনাত অসমৰ চৰকাৰী কার্যালয়সমূহত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহূত হৈছিল৷ কিন্তু অসমৰ ৰাইজে প্রবল প্রতাপী ব্রিটিছক অসমীয়া ভাষাৰ প্রতি থকা স্বাভিমানৰ কথা আন্দোলনৰ জৰিয়তে জনাই দিছিল৷ অসমত পুনৰাই অসমীয়া ভাষা প্রতিষ্ঠা হ’ল যদিও অসমীয়া ভাষাটোক দুর্বল কৰাৰ বাবে তাহানিৰ পৰাই গভীৰ ষড়যন্ত্র চলি আছে৷ এতিয়া খোদ অসমীয়া জনসাধাৰণেই নিজৰ ভাষাটোক অৱহেলা কৰিবলৈ লৈছে৷ গৰিষ্ঠসংখ্যক অসমীয়া ছাত্র–ছাত্রী আনকি অসমীয়া মাধ্যমৰ ছাত্র–ছাত্রীয়েও ভালদৰে অসমীয়া কাকতখনো পঢ়িব নোৱাৰে৷ নিজৰ ভাষাটোৰ প্রতি শ্রদ্ধাশীল নহ’লে আমাৰ সুজলা–সুফলা ভাষাটো হয়তো এদিন কালৰ বুকুত লীন হৈ যাব৷
আপোনাৰ জন্ম, শৈশৱ আৰু শৈক্ষিক জীৱনৰ বিষয়ে আমাৰ পঢ়ুৱৈসকলক জনাব নেকি?
👉 মোৰ জন্ম হৈছিল নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপৱর্তী চলচলি হালোৱা গাঁৱত৷ মোৰ পিতৃ আছিল প্রয়াত মোহন চন্দ্র শইকীয়া আৰু মাতৃ নিসাৰী শইকীয়া৷ ১৯৬৬ চনত হালোৱা গাঁও গার্লছ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ১৯৭০ চনত নগাঁও গার্লছ কলেজৰ পৰা স্নাতক, ১৯৭২ চনত অসমীয়া বিষয়ৰ ভাষা শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীৰ প্রথম স্থান লাভেৰে উত্তীর্ণ হৈছিলোঁ৷ ১৯৮৬ চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্রী লাভ কৰিছিলোঁ৷ মোৰ গৱেষণাৰ বিষয় আছিলThe Ramayana of Madhav Kandali : A Linguistic Study’ ৷ স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূর্বেই মই ১৯৭২ চনৰ ১ নৱেম্বৰৰ পৰা ১৯৭৪ চনৰ ৩০ অক্টোবৰলৈ নগাঁৱৰ এডিপি কলেজত অসমীয়া বিভাগৰ প্রবক্তাৰূপে কার্যনির্বাহ কৰিছিলোঁ৷ ১৯৭৪ চনৰ ১ নৱেম্বৰৰ পৰা ১৯৭৮ চনৰ ২০ ফেব্রুৱাৰীলৈ ডিব্রুগড় বিশ্ববিদ্যালয়ত প্রবক্তা হিচাপে চাকৰি কৰাৰ পিছত ১৯৭৮ চনৰ ২১ ফেব্রুৱাৰীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত প্রবক্তা, ১৯৮৮ চনত ৰীডাৰ আৰু ২০০০ চনত প্রাধ্যাপক হিচাপে কার্যনির্বাহ কৰি ২০১৩ চনৰ ৩০ এপ্রিলত মই অৱসৰ গ্রহণ কৰোঁ৷
স্কুলীয়া জীৱনতে কবিতা লিখিবলৈ আৰম্ভ কৰাৰ পিছত পর্যায়ক্রমে এগৰাকী সাহিত্যিক আৰু অসমীয়া ভাষাৰ গৱেষক, পণ্ডিতৰূপে অসমীয়া ভাষা–সাহিত্যলৈ অমূল্য বৰঙণি আগবঢ়াই আহিছে৷ এই সফলতাপূর্ণ সুদীর্ঘ যাত্রাপথত আপোনাক কোনে অনুপ্রাণিত কৰিলে?
👉মই তৃতীয় শ্রেণীত পঢ়ি থাকোঁতেই গুৰুতৰ এজমা ৰোগত আক্রান্ত হৈছিলোঁ৷ এই ৰোগে মোৰ সমগ্র জীৱন যন্ত্রণাময় কৰি তুলিছে৷ কিন্তু এজমা মোৰ বাবে আওপকীয়াকৈ আশীর্বাদ হৈ আহিছে৷ কাৰণ এজমাই মোক কবিতা লিখিবলৈ আৰু ভালদৰে পঢ়া–শুনা কৰিবলৈ মনৰ মাজত এটা জেদৰ সৃষ্টি কৰিছিল৷ নিশা গভীৰ হৈ অহাৰ লগে লগে এজমাৰ বাবে মই উশাহ–নিশাহ লোৱাত কষ্ট পাইছিলোঁ৷ গোটেই নিশা মই পেটত গাৰু এটা গুঁজি লৈ সূর্য উদয় হোৱালৈ অপেক্ষা কৰিছিলোঁ৷ সেই সময়তে মই কবিতা লিখিবলৈ লৈছিলোঁ৷ মনৰ মাজৰ পৰা বহু সুন্দৰ কবিতাৰ জন্ম হৈছিল সেই সময়ছোৱাত৷ ১৯৭১ চনৰ জুলাইত মই হঠাতে অজ্ঞান হৈ পৰিছিলোঁ আৰু মোক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ চেতনা ঘূৰি অহাৰ পিছত মই যন্ত্রণাৰ মাজেৰে সূর্য উদয় হোৱালৈ অপেক্ষা কৰিছিলোঁ৷ সেই সময়তে লিখা এটি কবিতা মোৰ আজিও মনত পৰে৷ কবিতাটোৰ শিৰোনাম আছিল– ‘এনেকৈয়ে জীয়াই আছোঁ’৷ কবিতাটো আছিল– ‘এনেকৈয়ে/এনেকৈয়ে জীয়াই আছোঁ/প্রতিমুহূর্ততে মৃত্যু উভতি যায়/বুকুত বৰফৰ হাত থৈ/নীলা পদুমৰ সুগন্ধি পুখুৰীত/সাঁতুৰি–নাদুৰি ফুৰোঁ/ৰাজহংস হৈ/কেৰেচীয়াকৈ পৰা/দুই–এচেৰেঙা ৰ’দত হূদয় টঙাই লওঁ/মৃত্যুৰে হতাহতি/ভাগৰত জাপ খায়/দুচকুৰ পতা/ বুকুত কজলা পাহাৰ লৈ/এনেকৈয়ে/এনেকৈয়ে জীয়াই আছোঁ৷’ হয়তো এইবিধ জটিল ৰোগত আক্রান্ত হোৱা বাবেই মই সাহিত্য চর্চা কৰিবলৈ হাতত কলম তুলি লৈছিলোঁ৷
এনে এটি জটিল ৰোগ কঢ়িয়াই লৈ ফুৰা সত্ত্বেও আপুনি প্রতিটো পৰীক্ষাত অভাৱনীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল৷ এয়া কিদৰে সম্ভৱ হৈছিল?
👉আগতেও কৈছোঁ যে এজমাই মোৰ জীৱন দুর্বিষহ কৰি তুলিছিল৷ এই ৰোগৰ বাবে মই ভালদৰে পঢ়া–শুনা কৰিব পৰা নাছিলোঁ৷ কিন্তু অধ্যয়নৰ প্রতি থকা স্পৃহাৰ বাবে মই এজমাৰ বিৰুদ্ধে যুঁজ দি গৈছিলোঁ৷ নিতৌ প্রায় ১৬ মাইল খোজকাঢ়ি কলেজলৈ অহা–যোৱা কৰিছিলোঁ৷ প্রায়ে চিকিৎসালয়ত ভর্তি হ’বলগীয়া হৈছিল৷ নিশা বেছিভাগ সময় মই পঢ়িব পৰা নাছিলোঁ৷ স্নাতক চূড়ান্ত পৰীক্ষাৰ পূর্বে মই গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিলোঁ৷ চিকিৎসকে মোক পৰীক্ষা দিব পৰাকৈ সুস্থ নহয় বুলি জনাইছিল৷ কিন্তু মই জোৰকৈ পৰীক্ষা দিবলৈ গৈছিলোঁ৷ আধা ঘণ্টামান লিখাৰ পাছতে মই অজ্ঞান হৈ পৰিছিলোঁ৷ চিকিৎসকে আহি চিকিৎসা প্রদান কৰাৰ পিছত কিছু সুস্থ হৈ উঠিছিলোঁ আৰু ছাৰহঁতৰ বাধা নামানি পুনৰ পৰীক্ষাত বহিছিলোঁ৷ এনেদৰে পৰীক্ষা দিয়াৰ পিছত মই সেইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত অসমীয়া বিষয়ত অনার্ছসহ সর্বোচ্চ নম্বৰ তথা প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰি বিষ্ণুপ্রসাদ দুৱৰা স্বর্ণপদকেৰে সন্মানিত হৈছিলোঁ৷ অনুৰূপ পৰিস্থিতিৰ মাজেৰেই মই স্নাতকোত্তৰ পৰীক্ষাত অৱতীর্ণ হৈছিলোঁ আৰু ১৯৭২ চনত অসমীয়া বিষয়ৰ ভাষা শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীৰ প্রথম হৈ স্বর্ণপদক আৰু শ্রীমন্ত শংকৰদেৱ সোঁৱৰণী বঁটা লাভ কৰিছিলোঁ৷ একেদৰেই মই গৱেষণা কৰি অসমৰ প্রথমগৰাকী মহিলাৰূপে ভাষা বিষয়ত পিএইচডি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ চাকৰি জীৱনতো মোক এইবিধ ৰোগে জুৰুলা কৰিছিল যদিও ভাষা বিষয়ৰ কেইবাখনো মূল্যৱান গ্রন্থ ৰচনা কৰাৰ উপৰি মোৰ অধীনত ১৯গৰাকী গৱেষকে পিএইচডি ডিগ্রী লাভ কৰিছে৷ এই সময়ছোৱাত নিয়মীয়াভাৱে ভাষা বিষয়ক বিভিন্ন গৱেষণামূলক প্রবন্ধ লিখাৰ লগতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় সন্মিলনত অংশগ্রহণ কৰিছোঁ আৰু গৱেষণা পত্র পাঠ কৰিছোঁ৷
অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমীয়া ভাষাৰ ঐতিহ্য সম্পর্কে আপুনি কি ক’ব?
👉 আচলতে অসমীয়া ভাষা অতীতৰ পৰাই ধ্রুপদী৷ ইয়াৰ বিষয়বস্তু, তাৰ গাম্ভীর্য আৰু ঐতিহ্য অতি প্রাচীন৷ আমাৰ অসমীয়া ভাষাৰ নিশ্চয় এটা সবল ইতিহাস আছিল৷ নহ’লে চর্যাপদৰ পিছতে ইমান এটা উন্নত ভাষাৰ সৃষ্টি হ’ব নোৱাৰে, সেই ইতিহাসটো হয়তো লুপ্ত হৈছে৷ কিন্তু ভাষাৰ বিষয়বস্তু, গাঁথনি, ভাষাৰ বক্তব্য প্রকাশ কৰাৰ কৌশল আদি আটাইবোৰেই ধ্রুপদী৷ প্রহ্লাদ চৰিত্রৰ পৰা আৰম্ভ কৰি অর্থাৎ প্রাক্ শংকৰী, শংকৰী, শংকৰোত্তৰ যুগৰ সাহিত্য আচলতে ধ্রুপদী সাহিত্য৷ আমাৰ অসমীয়া ভাষাৰ ইতিহাসটো সপ্তম শতিকাৰ পৰাই দেখুৱাব পাৰোঁ৷ কাৰণ সেই সময়তে আমাৰ ভাষাটোৱে গঢ় লৈছে৷ কিন্তু ভাষাটোৱে সাহিত্যিক মর্যাদা লাভ কৰিছে ত্রয়োদশ শতিকাত৷ চর্যাপদৰ মাজত অসমীয়া ভাষাৰ বহু উপাদান আছে৷ একেদৰে বঙালী, ভোজপুৰী, মগধী, মৈথিলী আদি আটাইবোৰ ভাষাৰে প্রাচীনতম লিখিত ৰূপ পোৱা যায়৷ চৰকাৰে নতুনকৈ ধ্রুপদী ভাষাৰ মর্যাদা প্রদান কৰি অধিক গুৰুত্ব প্রদান কৰিব বিচাৰিছে৷ পিছে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদান কৰিলেই নহ’ব৷ ভাষাটোক জীয়াই ৰাখিবলৈ চৰকাৰ আৰু জনসাধাৰণ যত্নপৰ হ’ব লাগিব৷ চীনা পৰিব্রাজক হিউৱেন চাং অসমলৈ অহা সময়তে অসমীয়া ভাষাটোৱে স্পষ্ট ৰূপ লৈছিল৷ তেওঁৰ টোকাৰ পৰাই সেই বিষয়ে জানিব পাৰি৷ পুৰণি কামৰূপত প্রৱেশ কৰি এই ভাষাটো শুনাৰ পিছত তেওঁ কৈছিল যে মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষাটো অলপহে পৃথক৷ গতিকে এনে এটি ঐতিহ্যমণ্ডিত ভাষা ৰক্ষা কৰিবলৈ চৰকাৰে বিদ্যালয়সমূহত অসমীয়া ভাষাটো বাধ্যতামূলক কৰিব লাগিব৷ ছাত্র–ছাত্রী আৰু পিতৃ–মাতৃসকলৰ মাজত অসমীয়া ভাষাৰ প্রতি সৃষ্টি হোৱা হীনমন্যতা আঁতৰাব পাৰিলেহে অসমীয়া ভাষাৰ অৱক্ষয় ৰোধ কৰিব পৰা যাব আৰু তেতিয়াহে এই ভাষাটোৱে লাভ কৰা মর্যাদা প্রকৃত অর্থত সার্থক হ’ব৷
পুনৰ বিতর্কৰ মাজলৈ আহিছে অসম সাহিত্য সভা৷ শেহতীয়াভাৱে সভাৰ সভাপতি নির্বাচনক কেন্দ্র কৰি আৰম্ভ হৈছে এই বিতর্ক৷ সভাপতিৰ বাবে প্রস্তুত কৰা প্রথমখন পেনেলত আপোনাৰ নামো অন্তর্ভুক্ত হৈছিল৷ আপুনি কিয় এই প্রস্তাৱ প্রত্যাখ্যান কৰিলে?
👉অসমীয়া ভাষা–সাহিত্যৰ প্রসাৰ আৰু চর্চাৰ উদ্দেশ্যে অসমৰ বৰেণ্য সাহিত্যিকসকলে গঠন কৰা অসম সাহিত্য সভা অসমবাসীৰ বাবে আছিল হিয়াৰ আমঠু৷ সভাৰ সভাপতিৰ দৰে সন্মানজনক পদ অলংকৃত কৰিছে অসমৰ একাংশ প্রসিদ্ধ সাহিত্যিক, গৱেষক আৰু পণ্ডিত প্রৱৰ লোকে৷ কিন্তু শেহতীয়াভাৱে একাংশ লোকৰ খোৱা–কামোৰা আৰু ক্ষমতা দখলৰ স্থলীলৈ পর্যবসিত হৈছে৷ এতিয়া প্রধান সম্পাদক আৰু উপ–সভাপতিসকলে অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ এক প্রৱণতা আৰম্ভ হৈছে৷ আচলতে সভাপতি পদৰ বাবে চলি অহা নির্বাচন প্রক্রিয়াক আমি সমর্থন নকৰোঁ৷ সুদীর্ঘ কাল অসমীয়া ভাষা–সাহিত্যৰ চর্চা তথা সাহিত্য সৃষ্টিকর্মত ব্রতী হৈ অহা বৰেণ্য সাহিত্যিকসকলক এই পদলৈ বাছনি কৰিব লাগে৷ এটা সময়ত সাহিত্য সভা বুলি ক’লে দূৰ–দূৰণিৰ পৰা মানুহ দৌৰি গৈছিল৷ আজি কিন্তু সেই পৰিৱেশ নাই৷ ক্ষমতাৰ যুঁজৰ বাবে অসম সাহিত্য সভাৰ মর্যাদা হ্রাস পাইছে৷ সাহিত্য সভাৰ সভাপতিৰ পেনেলত মোৰ নাম অন্তর্ভুক্ত কৰাত মই আচৰিত হৈছোঁ৷ মই এতিয়া শাৰীৰিকভাৱেও সিমান সুস্থ নহয়৷ সেইবাবে মই নাম প্রকাশ হোৱাৰ পিছতে লিখিতভাৱে এই পদৰ বাবে নির্বাচনত অৱতীর্ণ নহওঁ বুলি জনাই দিছিলোঁ৷
অসম সাহিত্য সভাই মহিলা সাহিত্যিক সকলক বঞ্চিত কৰি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ আপুনিও এই অভিযোগ সঁচা বুলি ভাবেনে?
👉অসম সাহিত্য সভাই মহিলা সাহিত্যিকক বঞ্চিত কৰি অহা বুলি উত্থাপিত অভিযোগ মিছা নহয়৷ কাৰণ পূর্বেও বহু যোগ্য মহিলা সাহিত্যিকক সভাৰ সভাপতি পদৰ পৰা কৌশলপূর্ণভাৱে বঞ্চিত কৰিছে৷ বর্তমান সময়তো ৰীতা চৌধুৰী, কৰবী ডেকা হাজৰিকা, অৰূপা পটংগীয়া কলিতাহঁতৰ নিচিনা বহু সাহিত্যিক আছে, যিসকলক অসম সাহিত্য সভাই সভাপতিৰ সন্মান আগবঢ়াব পাৰে৷ কিন্তু এতিয়াও হৈ উঠা নাই৷ হয়তো এনে অভিযোগ খণ্ডন কৰিবৰ বাবেই সভাপতিৰ পেনেলত মোৰ নিচিনা দুই–এগৰাকীৰ নাম অন্তর্ভুক্ত কৰি তেওঁলোক অভিযোগমুক্ত হ’ব বিচাৰে৷ আচলতে এয়া অসম সাহিত্য সভা আৰু অসমৰ সাহিত্য অনুৰাগীৰ বাবেও দুর্ভাগ্যজনক৷
সম্প্রতি অসমত ভাষাৰ চর্চা কৰা লোকৰ সংখ্যা কমি অহা বুলি অনুভৱ হয়৷ আচলতে অসমীয়া ভাষা আৰু ব্যাকৰণৰ জগতখনত এক শূন্যতাৰ সৃষ্টি হোৱা বুলি আপুনি ভাবে নেকি?
👉এয়া সঁচা কথা আৰু অসমীয়া ভাষা–সাহিত্যৰ বাবে এক চিন্তনীয় বিষয়৷ অসমত সাহিত্য চর্চা কৰা লোকৰ সংখ্যা অধিক যদিও ভাষাৰ চর্চা কৰা লোকৰ সংখ্যা অতি তাকৰ৷ অমূল্য ভৰালী, খনীন্দ্র নাৰায়ণ দত্তবৰুৱা, গোলোক চন্দ্র গোস্বামী, নগেন ঠাকুৰ, ড০ উপেন্দ্র নাথ গোস্বামী আদি স্বনামধন্য সাহিত্যিকসকলে অসমীয়া সাহিত্যৰ লগতে ভাষা আৰু ব্যাকৰণৰ গভীৰ অধ্যয়ন, চর্চা আৰু গৱেষণা কৰিছিল৷ সম্প্রতি আমাৰ লগতে উপেন ৰাভা হাকাচাম আদি কেইজনমানেহে ভাষা আৰু ব্যাকৰণৰ চর্চা অব্যাহত ৰাখিছে৷ অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু কলেজত কর্মৰত ভাষা বিষয়ৰ অধ্যাপক–ধ্যাপিকাসক্ লিখা–মেলা তথা ভাষাৰ চর্চা কৰা দেখা নাযায়৷ সাহিত্য জীয়াই ৰাখিবলৈ ভাষা আৰু ব্যাকৰণৰ চর্চা কৰা অতি প্রয়োজন৷ সেইবাবে সকলোৱে ভাষাৰ অধ্যয়ন আৰু গভীৰ চর্চাত মনোনিৱেশ কৰিব লাগে৷
আপোনাৰ দৃষ্টিত জীৱন আৰু শিক্ষকতাৰ অর্থ কি?
👉সমগ্র জীৱনটো কর্মময়৷ কর্ম কৰাৰ বাবেহে যেন জীৱন৷ প্রতিগৰাকী ব্যক্তিয়ে প্রতিমুহূর্ততে কামেই কৰি গৈছে৷ সেয়া যি কামেই নহওক৷ মই অধ্যাপনা কৰাৰ সময়তো ছাত্র–ছাত্রীৰ নিচিনাকৈ পঢ়িছিলোঁ৷ কাৰণ মই তেওঁলোকক সদায় নতুন বস্তু দিব বিচাৰিছিলোঁ৷ শিক্ষকসকলেও কেৱল শিক্ষকতা কৰাই নহয়, নতুন নতুন চিন্তাৰে ছাত্র–ছাত্রীসকলক সদায় নতুন ধাৰণা দিব লাগে৷
নতুন লেখকসকলক লৈ আপুনি আশাবাদীনে? তেওঁলোকক কি পৰামর্শ দিব বিচাৰিব?
👉মই যথেষ্ট আশাবাদী৷ আমাৰ পিছৰ পর্যায়ত বহু প্রতিভাৱান সাহিত্যিকৰ জন্ম হৈছে৷ তেওঁলোকে বহু ভাল ভাল কাম কৰি আছে৷ নতুন লেখকসকলক এটা পৰামর্শ দিব বিচাৰোঁ যে তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধকৈ ক’বলৈ আৰু লিখিবলৈ যত্ন কৰক৷ প্রত্যেকেই এখনকৈ হ’লেও ব্যাকৰণ আৰু অভিধান ঘৰত ৰাখক৷ যাতে তেওঁলোকে কিবা অসুবিধাত পৰিলেই অভিধান আৰু ব্যাকৰণ চাব পাৰে৷ মই প্রথম সাহিত্য চর্চা কৰিবলৈ লোৱাৰ আগতে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলী পঢ়িছিলোঁ৷ সাহিত্য চর্চা কৰা নতুন প্রজন্মই গভীৰ অধ্যয়ন কৰিলেহে সুফল লাভ কৰিব৷
আপোনাৰ সাহিত্য সম্পর্কীয় নতুন পৰিকল্পনা কিবা আছে নেকি?
👉মোৰ ৰচনাৱলী দুটা খণ্ডত প্রকাশৰ বাবে সাজু হৈ উঠিছে৷ দুয়োটা খণ্ডত ৮০০কৈ পৃষ্ঠা থাকিব৷ প্রথম খণ্ডটো ভাষা বিষয়ক আৰু দ্বিতীয় খণ্ডত থাকিব গ্রন্থ আৰু প্রবন্ধ৷ তদুপৰি মই বাতৰিকাকতত নিয়মীয়াভাৱে ভাষা, ব্যাকৰণ আৰু সাহিত্য বিষয়ক প্রবন্ধ লিখি আছোঁ৷
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ফটোঃ দিব্যজ্যোতি ৰাভা