নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনৰ বতৰা

পৰৱর্তী বিধানসভা নির্বাচনলৈ অসমত এতিয়াও বহু সময় আছে৷ মাজত সম্পূর্ণ বছৰ এটা পাৰ হ’বলৈ বাকী৷ তাৰ পিছত আৰু এটা বছৰৰ কেইটামান মাহ অপেক্ষা কৰিব লাগিব৷ ২০২৫ চনৰ ছমাহমান পাৰ হোৱাৰ পিছতহে ৰাজ্যখনত লাহে লাহে বিধানসভা নির্বাচনৰ পৰিৱেশ এটা গঢ় লৈ উঠিব৷ সাধাৰণ ভোটাৰৰ মাজত পৰৱর্তী চৰকাৰখনক লৈ জল্পনা–কল্পনা আৰম্ভ হ’ব৷ কিন্তু ৰাজনৈতিক দলে মাজৰ এই সময়ছোৱাক সাধাৰণ ৰাইজৰ দৰে সিমান দীঘলীয়া বুলি ধৰি ল’লে নহ’ব৷ এইক্ষেত্রত অসমৰ ৰাজনৈতিক দলসমূহক সৌভাগ্যশালী বুলি ক’ব পাৰি৷ পৰৱর্তী বিধানসভালৈ মাজৰ গুৰুত্বপূর্ণ সময়ছোৱাত ৰাজ্যখনৰ জনসাধাৰণৰ মনোভাব জুখিবলৈ আৰু তাৰ মূল্যায়ন কৰিবলৈ উপ–নির্বাচন এটা লাভ কৰিলে৷ উপ–নির্বাচনটোৰ আন এটা লক্ষণীয় দিশ হ’ল, ই অসমৰ তিনিটা গুৰুত্বপূর্ণ অঞ্চল সামৰি লৈছে৷ অর্থাৎ সম্পূর্ণকৈ নহ’লেও উপ–নির্বাচনটোৱে নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাৰ জনগণৰ ইচ্ছা–অনিচ্ছাৰ সাধাৰণ ছবি এখন তুলি ধৰিলে বুলি ক’ব পাৰি৷ লগতে এটা কথা পাহৰিলে নহ’ব যে মুখ্যমন্ত্রীগৰাকী ভিন্ন হ’লেও অসমত ২০১৬ চনৰে পৰা বিজেপিৰ নেতৃত্বত চৰকাৰ চলি আছে৷ বর্তমানৰ চৰকাৰখনৰো তিনি বছৰ কেতিয়াবাই পাৰ হৈ গৈছে৷ গতিকে উপ–নির্বাচনটোক ৰাজ্যত শাসনাধিষ্ঠিত চৰকাৰখনৰ লগতে চৰকাৰখনক নেতৃত্ব দিয়া দলটোৰ প্রতিও ৰাইজৰ বিৰাজমান আস্থা–অনাস্থাৰ সাধাৰণ প্রতিফলন বুলি ক’ব পাৰি৷ একেদৰে বিগত আঠ বছৰৰো অধিক কাল ধৰি শাসনৰ পৰা আঁতৰত থকা বিৰোধী পক্ষই এতিয়ালৈকে জনসাধাৰণৰ মনত কিমানখিনি আশা আৰু ভৰসা জগাই তুলিবলৈ সক্ষম হ’ল, তাৰো সম্যক ধাৰণা এটা উপ–নির্বাচনটোৰ পৰাই কৰি ল’ব পাৰি৷ অর্থাৎ সদ্যসমাপ্ত উপ–নির্বাচনটো এক কথাত অসমৰ ৰাজনৈতিক দলৰ বাবে আছিল অতিকৈ গুৰুত্বপূর্ণ৷ ইয়ে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত কোনটো দল অথবা মিত্রজোঁটক সুবিধাজনক স্থিতি দিব, তাক মোটামুটিকৈ ধাৰণা কৰি ল’ব পৰা য়ায়৷ কিন্তু মূল্যায়নটোক মাথোঁ সংখ্যাৰ ভেটিত গঢ়িলে নহ’ব৷ ইয়াৰ সৰল অর্থটো হৈছে কোনে কিমানখন আসনত জয়লাভ কৰিলে, তাৰে আধাৰত ৰাজনৈতিক দলৰ শক্তি অথবা স্থিতিক মূল্যায়ন কৰিলে বাস্তৱক আওকাণ কৰা হ’ব৷ বিবেচনালৈ আনিব লাগিব নেতৃত্বৰ বিচক্ষণতা, ৰাজনৈতিক ৰণকৌশল, যুঁজখনত প্রতিপক্ষই প্রত্যাহ্বান জনোৱাত কিমানখিনি সফল হ’ল, তেনে বহু দিশ আনিব লাগিব৷ সবাতোকৈ উল্লেখনীয় দিশটো হ’ল, সাংগঠনিক দিশৰ পৰা কোনটো দল অথবা মর্চা শক্তিশালী, উপ–নির্বাচনটোৱে সুন্দৰভাৱে দেখুৱাই দিলে৷ উপ–নির্বাচনটোৱে লগতে কৈ দিলে যে এইটো দল অথবা মর্চাৰ নেতা আৰু নেতৃত্ব ৰাইজৰ অধিক আস্থাৰ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে উপ–নির্বাচন অনুষ্ঠিত হোৱা পাঁচটা বিধানসভা সমষ্টিৰ এটা মধ্য অসমৰ৷ এটাকৈ উত্তৰ অসম আৰু বৰাক উপত্যকাৰ৷ বাকী দুটা নামনি অসমৰ৷ তাৰে এটা সম্পূর্ণৰূপে বিটিআৰৰ অন্তর্গত আৰু আনটো আংশিকভাৱে৷ আংশিকভাৱে এইবাবেই যে উপ–নির্বাচন অনুষ্ঠিত হৈছে পুৰণি বিধানসভা সমষ্টি ভিত্তিত৷ পুৰণি বঙাইগাঁও বিধানসভা সমষ্টিটোৰ কিছু অংশ বিটিআৰক সামৰি আছে৷
সদ্যসমাপ্ত উপ–নির্বাচনৰ সবাতোকৈ চমকপ্রদ ফলাফলটো আহিছে মধ্য অসমৰ চামগুৰি বিধানসভা সমষ্টিৰ পৰা৷ সমষ্টিটোক কংগ্রেছৰ দুর্গ বুলিলেও বঢ়াই কোৱা নহয়৷ বিধানসভা সমষ্টিটোৰ জনগাঁথনিও কংগ্রেছৰ অনুকূল বুলি ক’ব পৰা যায়৷ কিয়নো উপ–নির্বাচনটোৰ যুঁজত এআইইউডিএফ নাছিল৷ ধর্মীয় সংখ্যালঘুৰ ভোট বিভাজনৰ সম্ভাৱনা নাছিল৷ বিজেপিৰ বাবে সমষ্টিটোৰ জনগাঁথনি জয়লাভৰ অনুকূল নাছিল৷ কিন্তু ফলাফলত দেখা গ’ল ওলোটা ছবি এখন৷ বিজেপি প্রার্থীগৰাকীৰ হাতত কংগ্রেছ প্রার্থীজনৰ শোচনীয় পৰাজয় ঘটিল৷ আৰম্ভণিৰ পৰাই সমষ্টিটোত বিজেপিয়ে জয়লাভ কৰিব বুলি কোনেও বুকু ডাঠ কৰি ক’ব পৰা নাছিল৷ আনকি অসমৰ ৰাজনৈতিক ক্ষেত্রখনত চাণক্যৰূপে পৰিচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো চামগুৰিত বিজেপি জয়ী হ’ব বুলি দাবী কৰা নাছিল৷ নাম উল্লেখ নকৰিলেও সমষ্টিটোত বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি সততে উল্লেখ কৰিছিল৷ ইয়াৰ বিপৰীতে বিজেপিৰ যি দুই–এজন নেতাই চামগুৰিত বিজেপিৰ জয় হ’ব বুলি দাবী কৰিছিল, তাত আত্মবিশ্বাস কম, দলীয় সতীর্থৰ মনোবল নভঙাৰ প্রয়াস অধিক আছিল৷ সমষ্টিটোক কংগ্রেছ নেতা ৰকিবুল হুছেইনে দীর্ঘদিন ধৰি নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱাটোৱেও ৰাজনৈতিক বিশেষজ্ঞৰ মনত ক্রিয়া কৰিছিল৷ অৱশ্যে এইটোৱেই কংগ্রেছৰ বাবে কাল হৈ পৰিল৷ ৰকিবুল হুছেইনৰ সুদীর্ঘকালৰ প্রতিনিধিত্বই সমষ্টিটোৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছিল৷ পৰিস্থিতি ইমানেই বিপৰীত হৈ পৰিছিল যে কেন্দ্রীয় নেতৃত্বৰ সিদ্ধান্তৰ বিপৰীতে গৈ এআইইউডিএফৰ স্থানীয় নেতৃত্বই কংগ্রেছৰ বিপৰীত স্থিতি গ্রহণ কৰি বিজেপিক মুকলিকৈ সমর্থন জনাইছিল৷ এইটো কংগ্রেছৰ বাবে চৰম আঘাত আছিল৷ আঘাত এইবাবেই নহয় যে এআইইউডিএফ কংগ্রেছৰ পক্ষত নাছিল৷ দল দুটাৰ মাজত নির্বাচনী মিত্রতা লোকসভা নির্বাচনতো হোৱা নাছিল৷ এআইইউডিএফৰ স্থানীয় নেতৃত্বই সমষ্টিটোৰ ধর্মীয় সংখ্যালঘুৰ মনোভাবৰ প্রতিফলন ঘটাইছিল৷ কংগ্রেছ নেতৃত্বই ইয়াৰ মূল্যায়ন সঠিকভাৱে কৰিবলৈ ব্যর্থ হ’ল৷ ৰকিবুল হুছেইনৰ শক্তি আৰু সামর্থ্যৰ ওপৰতে ভিত্তি কৰি আত্মবিশ্বাসী হৈ থাকিল৷ সমষ্টিটোত উপ–নির্বাচনৰ সময়ছোৱাত সংঘটিত হিংসাত্মক ঘটনালানিও কংগ্রেছৰ বিপৰীতে গ’ল৷ ঘটনাসমূহৰ বাবে লোকদৃষ্টিত কংগ্রেছ খলনায়ক হৈ পৰিল৷ ইয়াৰ বিপৰীতে বঙাহগাঁও, চিদলী আৰু ধলাইত কংগ্রেছে অকলে একো কৰিবলগীয়া নাছিল৷ বিহালী সমষ্টিত দলটোৰ সাংসদ গৌৰৱ গগৈ ব্যর্থ ৰূপে পৰিগণিত হ’ল৷ উপ–নির্বাচনটোত কংগ্রেছে নিজৰ দোষত বিৰোধীক ঐক্যবদ্ধ কৰি ৰাখিব নোৱাৰিলে৷ লগতে বিৰোধী শিবিৰত নিজৰ বিশ্বাসযোগ্যতাও হেৰুৱালে৷ ইয়ে ৰাজনৈতিক দলটোৰ নেতৃত্বৰ বিচক্ষণতাৰ দুর্বলতাক প্রতিফলন কৰিলে৷ ৰণকৌশলৰ দিশৰ পৰাও কংগ্রেছ নেতৃত্বক দুর্বল হিচাপে প্রতিষ্ঠা কৰিলে৷ দলটোত এনেয়েও জনপ্রিয় নেতাৰ অভাৱ৷ সকলো মিলি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটক সুবিধাজনক অৱস্থান দিয়াৰ বিপৰীতে বিৰোধীৰ বাবে যুঁজখন এতিয়াই কঠিন হৈ পৰিল৷

You might also like