নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত হঠাৎ ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিৱৰ্তনত শংকিত নৈপৰীয়া

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : ৰুক্ষ বক্ষৰে মৰূময় অৱস্থালৈ গতি কৰিছে ব্ৰহ্মপুত্ৰ।অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিৱৰ্তনত চিন্তিত হৈ পৰিছে নৈপৰীয়া লোক। কিয়নো ক্ৰমাৎ তৰাং হৈ পৰিছে মহাবাহুৰ বুকু। ক্ৰমাৎ যেন মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। হঠাৎ শদিয়াৰ পৰা ধুবুৰীলৈ ৰুক্ষ বক্ষৰে মৰূময় অৱস্থালৈ গতি কৰিছে অসম আৰু অসমীয়াৰ আয়ুস ৰেখা স্বৰূপ বুঢ়া লুইতৰ বক্ষ।উজনিৰ পৰা নামনিলৈ দ্ৰুতগতিত কমিছে লুইতৰ জলস্তৰ।বিগত কেইবা বছৰ ধৰি অস্বাভাবিক ধৰনে শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ বুকু। ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বিলুপ্ত হোৱাৰ পথলৈ গতি কৰিছে জলত বসতি কৰা জীৱকুল। জীৱন আৰু জীৱিকাৰ থল এই ব্ৰহ্মপুত্ৰৰ এনে অস্বাভাবিক পৰিবৰ্তনে নৈপৰীয়া জনতালৈ ভাবুকি কঢ়িয়াই আনিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনাত ৰুক্ষ বক্ষৰে মৰুভূমি হৈ পৰিছে লুইত!কাহানিও কোনেও নেদখা এক পৰিৱেশৰ সৃষ্টি হৈছে ঢকুৱাখনাত। শুকান বালিচৰৰ মাজত যেন হেৰাই গৈছে চিৰ প্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ। ভৰ বাৰিষা ফেনে ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী। ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বিভিন্ন অঞ্চলত প্রত্যক্ষ কৰিলে দৃশ্যমান হয় কেৱল বালিময় পৰিৱেশ।এডাল শীৰ্ণ ৰেখালৈ যেন পৰিণত হৈছে ব্ৰহ্মপুত্ৰ। চাৰিওফালে কেৱল বালি আৰু বালি। ব্ৰহ্মপুত্ৰৰ কাষৰীয়া টেকেলিফুটা, মাতমৰা,পূৱ ঢকুৱাখনা আদি নৈপৰীয়া অঞ্চলত বিশাল ব্ৰহ্মপুত্ৰৰ পয়ালগা অৱস্থাক লৈ স্বাভাৱিকতেই শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। পশুকুলকে ধৰি নদী পাৰৰ লোকসকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।ব্ৰহ্মপুত্ৰৰ বুকুত মৎস্য চিকাৰ কৰিয়েই পৰিয়াল পোহপাল দি অহা হাজাৰ-হাজাৰ মৎস্যজীৱীলৈও নামি আহিছে ঘোৰ অন্ধকাৰ। বুঢ়া লুইতৰ গভীৰতা হ্ৰাস পাই নদীৰ বুকুত সৃষ্টি হৈছে বালিচৰৰ।জলস্তৰ হ্ৰাস হোৱাত দিচাং-টেকেলিফুটা পাৰঘাটত ফেৰী চলাচলত সৃষ্টি হৈছে সমস্যাৰ। নৈৰ বুকুত নিৰ্মান কৰা হৈছে ৩-৪ কিলোমিটাৰ দৈঘ্যৰ অস্থায়ী পথ।ইফালে কিছুদিনৰ পৰা অস্বাভাৱিকভাৱে সলনি হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পানীৰ ৰং। কলা ডাঠ চামনিৰে ভৰি পৰিছে লুইতৰ পানী। স্থানীয় ৰাইজৰ সন্দেহ শেহতীয়াকৈ চীনে ব্ৰহ্মপুত্ৰৰ বুকুত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বাবেই ক্ৰমাৎ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। প্ৰশ্ন উঠিছে ইয়াৰ আঁৰত সঁচাই আছে নেকি চীন। নৈপৰীয়া সভ্যতাক কঁপাই তোলাৰ আঁৰত আছে নেকি ৰঙা চীনৰ কু-চক্ৰান্ত?উল্লেখ্য যে তিব্বতত থকা ব্ৰহ্মপত্ৰৰ উৎপক্তিস্থলী “য়াৰলুং জাংব’ত চীনে নির্মাণ কৰিবলৈ আৰম্ভ কৰিছে বৃহৎ জলবিদ্যুৎ প্রকল্প।চীনত বৰ্তমান নিৰ্মাণ হৈ থকা বৃহৎ নদীবান্ধৰ পৰা চীনে বছৰি ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে। ইয়াংচিকিয়াঙক ভেটা দি চীনে আৰম্ভ কৰিছে এই বৃহৎ নদীবান্ধ। এই লৈ এতিয়া সংকট নামি আহিছে চীন সংলগ্ন ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম তথা উত্তৰ-পূব আৰু ছিকিমলৈ। ২০১৪ চনৰ জুন মাহত চীনে বৃহৎ জলবিদ্যুৎ প্রকল্পটােৰ কাম আৰম্ভ কৰাৰ পিছতেই আন্তৰ্জাতিক পৰিৱেশ বিজ্ঞানীসকলে এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত চীনে পুনৰবাৰ চিন্তা কৰা উচিত বুলি মন্তব্য কৰিছে। যদিহে চীনৰ এই অভিপ্ৰায় সঁচা হয়, তেন্তে ক্ৰমাৎ অপসৃয়মাণ হৈ হৈ নোহোৱা হবনেকি বিশাল ব্ৰহ্মপুত্ৰ! প্ৰশ্ন উঠিছে এনেকৈ হ’লে কিমান দিনলৈ বৈ থাকিব ৰুক্ষ বক্ষৰে লুইত?যদিহে ৰঙা চীনৰ এই অভিপ্ৰায়ক প্ৰতিহত কৰিব নোৱাৰে তেন্তে নিশ্চয়কৈ অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰই দেখিব আৰু বহু ভয়ানক সময়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like