সুকন্যা : নেঘেৰিটিং শিৱদৌলৰ দেৱদাসী নৃত্য আৰু বৰ্তমান চৰ্চা
পংকজ ভট্টাচাৰ্য
অসমৰ নৃত্য ধাৰালৈ লক্ষ্য কৰিলে প্ৰধানকৈ তিনিটা ধাৰাৰ কথা উল্লেখ কৰিব পাৰি। সেই কেইটা হৈছে মঠ মন্দিৰৰ পূজা অৰ্চনাৰ লগত জড়িত দেৱদাসী নৃত্য, অবৈষ্ণবীয় নৃত্যধাৰা যথা ওজাপালী আৰু নব বৈষ্ণব আন্দোলনৰ সৈতে জড়িত সত্ৰীয়া নৃত্য। কৃষিজীৱী সাধাৰণ মানুহে জীবিকা অৰ্জনৰ ফাকে ফাকে চৰ্চা কৰে এইবোৰ কলাকৃষ্টি। সামন্তযুগীয় পৰিবেশৰ দেৱস্থানত আৰু ৰাজসভাত যথাক্ৰমে দেৱতা আৰু ৰজাৰ মনোৰঞ্জনৰ বাবে দেবদাসী নৃত্য প্ৰচলন আছিল। দেবদাসী নৃত্যই নটীনৃত্য ৰূপে প্ৰচলিত হৈছিল আহোমৰ শাসন কালত।
ড° মহেশ্বৰ নেওগে ইয়াক দেওঘৰৰ দেৱনটীৰ নৃত্য বুলি আখ্যা দিছে। অসমৰ চাৰিখন ঠাইত এই নটী নৃত্য প্ৰচলন হোৱাৰ কথা জনা যায়। দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল, বিশ্বনাথ ঘাটৰ মন্দিৰ , ডুবিৰ পৰিহৰেশ্বৰ দেৱালয় আৰু হাজোৰ হয়গ্ৰীব মাধব মন্দিৰ। এটি দেওঘৰৰ দেৱনটীৰ নৃত্য হ’ল দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলৰ লগত জড়িত দেৱদাসী নৃত্য। নেঘেৰিটিঙত ৰাজেশ্বৰ সিংহই নতুনকৈ দৌল আৰু পুখুৰী কৰাই যাৱতীয় পূজা পাতলৰ ব্যৱস্থা কৰাৰ লগতে নটনটীৰ নৃত্যগীত বাদ্য সুপৰিচালনাৰ বাবে গায়ক-বাদক-নৰ্তকীৰ নিৰৱচ্ছিন্ন চৰ্চাৰ অৰ্থে দুখনমান গাঁও বহুৱাইছিল। নেঘেৰিটিং মন্দিৰৰ নটীয়ে নৃত্য কৰাটো পূজা পাতলৰ অবিচ্ছেদ্য অংশ ৰূপেই প্ৰত্যাহিক প্ৰয়োজনীয় বিষয় হৈ পৰিছিল। ইয়াৰ পৰাই নট নটীৰ পৰিয়াল ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়লৈ ৰজাই পঠাইছিল বুলি বুৰঞ্জীয়ে কয়।
দেৱদাসী নৃত্যৰ ছেও তাল-ঘাত ইত্যাদি অসমৰ বিভিন্ন মন্দিৰত সময়ৰ গতিত বেলেগ ৰূপ লবলৈ আৰম্ভ কৰিছিল। সেয়েহে দেহৰ অংগী-ভংগীৰ বাদে এঠাইৰ লগত আনঠাইৰ দেৱদাসী নৃত্যৰ মিল আছিল। নট বা বায়নসকলৰ পূৰ্বপুৰুষৰ বুৰঞ্জী বিচাৰিলে দেখা যায় যে তেওলোকৰ পূৰ্বপুৰুষ নেঘেৰিটিঙৰ আশে পাশেই আছিল। ইয়াৰ পৰাই আহোম ৰজাই দেৰগাঁৱৰ পৰা দেৱদাসী নি অসমৰ বিভিন্ন মন্দিৰত নৃত্য প্ৰদৰ্শন কৰোৱাৰ তথ্য ৰ কথা জানিব পাৰি। উল্লেখযোগ্য যে বায়নসকলৰ পৰিয়ালৰ পৰাই প্ৰথমে দেৱদাসী বাছনি কৰা হৈছিল। আহোম ৰজাই এই নৃত্যক অধিক গুৰুত্ব দিয়াৰ উদাহৰণ স্বৰূপে চিনাতলীয়া নটৰ জীয়ৰী ফুলেশ্বৰীক বৰৰজাৰ আসনত বহুওৱাটো। অতীতৰ প্ৰায়বোৰ দেৱমন্দিৰত কিছুমান নাচবাগ কৰা ব্যবস্থা আছিল। এইবোৰ নৃত্য উচ্ছাংগ সংগীত আৰু নৃত্যৰ সমাবেশ ঘটিছিল। সেইদৰে এসময়ত নেঘেৰিটিং শিৱদৌলৰ নটীনৃত্যও জনপ্ৰিয় ধৰ্মানুষ্ঠান আছিল। বৰ্তমান নটীনাচৰ নামটোহে আছে। নটীনৃত্য আৰু গীত বাজনাৰ নিৰ্দশন এতিয়া আৰু সেইৰূপত দেখিবলৈ , বা শুনিবলৈ নাই। ইয়াৰ লগত জড়িত গীত বাদ্য বাজনা আৰু নৃত্যৰ ধৰণ কৰণ সম্পৰ্কে স্পষ্ট ধাৰনা কৰাৰো উপায় নাই।
ৰজনীকান্ত বৰদলৈৰ ‘ৰহদৈ লিগিৰি’ত নটী নৃত্যৰ উল্লেখ পোৱা যায় এনেধৰনে- “নাহৰণীৰ শিৱদৌলত গধুলী আৰতি আৰু পূজা হৈ যোৱাৰ পিছত দৌলৰ আগত থকা নাটমন্দিৰ ঘৰটোৰ ভিতৰত ডেৰগঞা নট-নটী সকলে নৃত্য-গীত কৰিছে। সেই নৃত্যগীত চাবলৈ ওচৰৰ গাৱঁৰ ডেকা গাভৰু ভালেমান আহিছে। সকলো বিলাক নটী নাচোনত বিভোল….”
দেৱদাসী নৃত্যৰ পৰম্পৰাৰ বাবে ডুবি দেৱালয় সেই তাহানিৰ পৰাই বিখ্যাত৷ এচাম পণ্ডিতৰ মতে শিৱ ভক্ত দ্ৰাবিড়সকলেই ভাৰতবৰ্ষলৈ দেৱদাসী প্ৰথা আনে আৰু এনেকৈয়ে আমাৰ অসমতো বিয়পে৷ দেৱতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে পৰিৱেশন কৰা এই নৃত্যৰ কথা দশম শতিকাত কহলন ৰচিত ৰাজতৰঙ্গিনীত তথা কালিকা পুৰাণ, যোগিনী তন্ত্ৰতো সুন্দৰ বিৱৰণ আছে৷ জ্যেষ্ঠজনে কয়- স্বৰ্গদেউ শিৱ সিংহৰ দিনৰে পৰা ডুবি দেৱালয়ত দেৱদাসীসকলে ভিন্ন নৃত্যভংগীৰে শিৱক সন্তুষ্ট কৰাৰ উদ্দেশ্যে এই নৃত্যৰ পৰম্পৰাৰ পাতনি মেলে৷
বুৰঞ্জীৰ পাতে কয়- দেৱালয়ত পূৰ্বতে সাধাৰণতে দুবাৰ দেৱদাসী নৃত্য পৰিৱেশনৰ নিয়ম আছিল৷ দুপৰীয়া পূজাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত৷ দেৱদাসীসকলে নৃত্য পৰিৱেশন শেষ নোহোৱালৈকে ব্ৰতচাৰিণী হৈ থাকিব লাগিছিল৷ প্ৰত্যেক বাৰতে প্ৰায় এঘণ্টা কাল নাচিব লাগিছিল৷ ইয়াৰ ব্যতিক্ৰম হ’লে দেৱদাসীসকলে কঠোৰ দণ্ডৰো সন্মুখীন হৈছিল৷ নাচিবলৈ অসমৰ্থ হোৱা দেৱদাসীয়ে দেৱালয়ৰ দেৱতাক আঠুকাঢ়ি প্ৰণিপাত জনাই থাকিব লাগিছিল৷ দেখা যায়, ভিন্ন অজ্ঞাত কাৰণত এখন সমাজৰ সংস্কৃতিৰ ধাৰা বিলুপ্ত হয়৷ দেৱদাসী নৃত্যৰ বিলুপ্তিৰ আঁৰৰো বহু কাৰণ আৰু কাহিনী আছে৷ জানিব পৰামতে বৰ্তমান দেৱালয়ত প্ৰচলিত দেৱদাসী নৃত্যৰ ২২টা নৃত্যৰ ভংগিমা আৰু ১২টা তালৰ বোল পুনৰ উদ্ধাৰ হৈছে৷ ডুবিৰ বহুতো জ্ঞানী-গুণী লোকৰ তত্বাৱধানত তথা নৱপ্ৰজন্মৰ চেষ্টাৰ ফলত দেৱদাসী নৃত্য পুনৰ প্ৰাণ পাই উঠে৷ এয়া এক শুভ লক্ষণ৷
লক্ষ্মীনাথ ফুকনৰ ‘ মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ’ গ্ৰন্থত দেৰগঞা নটনাচৰ বিষয়ে লিখিছে এনেদৰে-“দেৰগাৱৰ দেৰগঞা মই। এসময়ত দেৰগাৱৰ নটীৰ নাচে গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰসিদ্ধি লাভ কৰিছিল। দূৰ্গাপূজাত হৈছিল এই নাচতাল, পূজা পাৰ্ব্বন আৰু বিয়া আদিতো হৈছিল এফালে ডিব্ৰুগড় ডুমডুমা আনফালে নগাঁও তেজপুৰৰ চাহবাগিছা বিলাকলৈকে দেৰগঞা নাচৰ এলেকা আছিল। সৰুতে দেৰগাৱত এই নাচ মই কেইবাবাৰো দেখিছিলো। অসমীয়া ওস্তাদ আৰু অসমীয়া নাচনি ছোৱালী , কিন্তু তেওলোকৰ মুখত বঙলাগান। ছোৱালী দুজনী বা তিনিজনী, ওস্তাদ এজন। ঘৰৰ পৰা আহোতে ছোৱালী কেইজনীয়ে ৰিহা মেখেলা পিন্ধি আহে। সেই ৰিহা মেখেলা সলাই অপটু হাতেৰে ৰংচঙীয়া শাৰী পিন্ধি লৈ সিঁহতে ওস্তাদে লগাই দিয়া গান গাই থাকে।সিহতৰ পিছে পিছে ওস্তাদে বেহেলা ঘুৰি ফুৰে। দেৰগঞা নাচনিৰ মুখত বিকৃত উচ্চাৰণেৰে গোৱা বঙলাগান মই শুনিছিলো । কিন্তু এবাৰ হঠাৎকৰে শুনিবলৈ পালো অসমীয়া গান। এইবাৰ ওস্তাদজন আছিল গুৱাহাটী অঞ্চলৰ ডেকা মানুহ। তেও নিজা ঘৰবাৰী এৰি দেৰগাৱতে কাৰোবাৰ ঘৰ জোঁৱাই হৈছিলহি। ওস্তাদে বেহেলা বজাই বজাই আৰু নাচনি ছোৱালীয়ে নাচি নাচি ” মাৰো নেকি মেকুৰীটো বাটতে উজুতি খালো বুলি আৰম্ভ কৰি গানটো এইদৰে গাই শেষ কৰিলে-
নিজেই নাজানো বৰ
তেও কথা বৰ বৰ
চেপিনা মুখেৰে কলে
মই হেনো বুঢ়ী হলো—“
গান গায়ো আৰু গান নাগায়ো নাচনিয়ে কঁকাল ভাঙি ভাঙি নাচিলে । এই নাচ নাচ নুবুলি কচৰৎ বুলিলেহে ঠিক হয় কিজানি। ছোৱালী জনীয়ে অদ্ধ চক্ৰাসনৰ আকৃতি, অৰ্থাৎ ওপৰলৈ মুখ কৰি ধেনুভিৰীয়া হ’ল আৰু তেনেকৈ থাকিয়ে দলিচাৰ ওপৰত দৰ্শকে থোৱা আধলি ,সিকি বা দুআানী মুখেৰে তুলি ল’লে, লৈ ধেনুভিৰীয়া গুচি আকৌ পোন হৈ গ’ল। দলিচাৰ চাৰিওফালে মানুহখিনিয়ে আমোদ আনন্দ পালে যথেষ্ট আৰু মুখেৰে একো উচ্ছাস নতুলি নি:শব্দে সেই আমোদ উপভোগ কৰিলে।”
কিন্তু এতিয়া ওস্তাদো নাই, দেৰগঁঞা নটী নাচো নাই। কলিকতিয়া নটীৰ নাচে আৰু মণিপুৰী নটীৰ নাচে দুফালৰ পৰা দেৰগঁঞা নাচক চেপি ধৰিলে। দেৰগঁঞা নাচৰ আদৰ কমিলে।
আজিও নটগাও আছে যদিও তাত বেহেলাৰ তাঁৰৰ কপনি নুঠে আৰু নূপুৰৰ ৰুণুজুনুও নাবাজে। সেই বেহেলাৰ সুৰ আৰু নূপুৰৰ ধ্বনি যাৰ তালে তালে একালত পেখম ধৰি উঠিছিল দেৰগঞা নটী নৃত্যই। আহোম ৰজাই দ’লত নাচ-গান কৰাৰ বাবদ মেলাগায়ন নটক বহু মাটি বাৰী দান কৰিছিল। নট নটীয়ে ভোগ খোৱা “গোলা” এখনো দ’লৰ পিছফালে থকা বুলি জনা যায়। এতিয়া অবশ্যে তাৰ কোনো অস্তিত্ব নাই। দ’লৰ পুজাৰ দুপুৰা চাউলৰ ভোগ দ’লৰ নাচগান কৰা নট নটী সকলক খাবলৈ দিয়া হৈছিল। নেঘেৰিটিং শিৱদ’লক কেন্দ্ৰ কৰি যি কলা কৃষ্টিৰ চৰ্চা হৈছিল তাৰ ভিতৰত অন্যতম আৰ্কষণ আছিল ” দেৰগঞা নটীৰ নাচ”। দেৰগঞা নাচনিৰ নাচ চাবলৈ শিৱদ’লত হোৱা উৎসব মেলাত মানুহৰ সমাগম হৈছিল। আহোম সিংহাসনত বহা বৰৰজা খ্যাত ৰাণী ফুলেশ্বৰী আছিল চিনাতলীয়া নট সম্প্ৰদায়ৰ । ৰাণীয়ে নটীৰ নাচত সদায় উৎসাহ যোগাইছিল। শিৱদ’লত পূজা আৰম্ভ হোৱাৰ লগে লগে দবা-শংখ ঢাক-ঢোল মৃদংগ বাজি উঠিছিল। দেৰগাৱত থকা মেলাগায়ন খেলটোৱে নাচ গানত অংশ লৈছিল। অসমৰ দেৱদাসী সকলৰ এটি বিশেষ সম্প্ৰদায়ৰ লোক আছিল। তেওলোকক পূবভাৰতত নট সম্প্ৰদায় বুলিছিল সাধু ভাষাত ‘গান্ধৰ্ব ক্ষত্ৰিয়’ অসমীয়া সাধাৰন কথাত এই সম্প্ৰদায়ক ‘নট কলিতা’ বোলা হৈছিল। এইসকলে নৃত্য গীতক বৃত্তি স্বৰূপে গ্ৰহন কৰিছিল। নেঘেৰিটিং শিৱদ’লৰ নটসকলৰ বাবে দিয়া গাঁও দ’লৰ কাষতে থকা বৰ্তমানৰ গেলাবিল নদীৰ পাৰতে বুলি বিভিন্ন তথ্য পৰা জানিব পৰা যায়। সেই অঞ্চলৰ ৰাইজে বৰ্তমানে সেই পৰিচয় নিদিয়ে।
দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলক কেন্দ্ৰ কৰি কলা- কৃষ্টিৰ চৰ্চা আৰম্ভ হৈছিল বুলি ভবাৰ থল আছে। সেইকালত শিৱদৌলত হোৱা নটীৰ নাচে আহোম ৰাজ্যত তোলপাৰ লগাইছিল। তাতে ‘বৰৰজা’ ফুলেশ্বৰী চিনাতলীয়া নটৰ জীয়াৰী আছিল। সাধাৰণতে দৌলত শিৱপূজাৰ লগেলগে নটীৰ নাচ হৈছিল। দেৰগাঁৱত থকা নটবোৰৰ ‘ মেলাগায়ন’ৰ খেলটোৱে নাচ-গান কৰিছিল। নটীৰ নাচ প্ৰচলনৰ প্ৰথমছোৱাত শিৱৰ সন্তুোষ্টিৰ বাবেই মন্দিৰত নৃত্য-গীত অনুষ্ঠিত হৈছিল। কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে হাজো অঞ্চলৰ পৰা সংগ্ৰহ কৰা নটৰ গীতসমূহৰ ভিতৰত আছিল-
“শিৱ ক’ৰ পৰা আহিলা,
শিৱ জটিয়া ভাঙ্গাৰা,
শিৱ সৰ্পেৰে বন্ধালা হিয়া হে,
শিৱ তোমাৰ ৰূপে দেখি,
শিৱ মেনকাই হাঁহিলে
শিৱ নিদিয়ে পাৰ্বতীক বিয়া হে”
(সুৰ অজ্ঞাত আৰ্যবড়ো) “সুৰ পৰিচয়” উজনি আৰু নামনি অসমৰ ভাষা ৰীতিৰ সংমিশ্ৰণত ৰূপ লোৱা গীতটোৱে সামুহিক ক্ষেত্ৰত নৃত্যগীত প্ৰচলনৰ ধাৰাটোৰ বোঁৱতী স্বভাবটোক অস্বীকাৰ কৰাৰ উপায় নাই। নটীৰ নাচে শাস্ত্ৰীয় নৃত্যৰ নীতি নিয়ম পালন কৰিছিল নে নাই সেইটোও স্পষ্ট নহয়। ১৬শ শতিকাৰ দেৰগাঁৱৰ নটীৰ প্ৰৰ্দশিত সাজ-পাৰ কেনে আছিল জনা নাযায়। নটী নৃত্যৰ অন্তিম সময়ৰ নাঁচনিয়ে বঙলুৱা শাৰী পৰিধান কৰিছিল। শিৱ সিংহৰ দিনৰ পৰাই বাঙালী গান প্ৰচলনৰ তথ্য ‘অসমৰ পদ্য বুৰঞ্জী’ (পৃষ্ঠা ৬২) পোৱা যায়।
দেৰগাঁৱৰ নটীৰ গীতৰ ৰচনা ৰীতিৰ পৰিবৰ্তনৰ কথা লক্ষ্য কৰি ডিম্বেশ্বৰ নেওগে “বৰ্তমান অসমীয়া গীতৰ স্বৰূপ ক’ত” শীৰ্ষক আৱাহনৰ ( ৩১ মাঘ ১৮৮২ শঁক) পাতত লিখা এক প্ৰবন্ধত লিখিছে এনেদৰে- ” অসমীয়া সমাজৰ নৱশিক্ষিত দলৰ বাহিৰত যিখিনি লোক এই বঙলা গানৰ সোঁৱাদ নোপোৱা বা নোলোৱা হৈ আছিল, তেওলোকক সজাবৰ বাবে বঙালী ভজুৱা বা বঙলুৱা অসমীয়া গান, দেৰগঞা নটীৰ মুখত। কালৰ সোঁতত নটীৰ গীতে শিৱৰ সন্তুোষ্টিত আৰম্ভ হৈ বঙলুৱা ৰীতিৰ কৱলত পৰি জনমানসৰ পৰা বিস্মৃত হৈ গ’ল।
উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আদি ভাগত প্ৰাচীন ধ্ৰুপদী নটীনৃত্যৰ বিশেষ পৰিবৰ্তন ঘটিল । বঙলুৱা গীত-মাত আৰু নৃত্যৰ প্ৰভাবে ইয়াৰ পুৰাতনীয়া সৌন্দৰ্য নি:শেষ কৰিলে। এই ধাৰাৰ নৃত্যৰ লগত ঐতিহাসিক ভাবে জড়িত ৰাইজো বৰ্তমান ইয়াৰ পৰা বহু নিলগত।চৰ্চতো নায়েই আনকি সেই সম্পৰ্কে সামান্য আভাষ দিব পৰা লোকো এই অঞ্চলত পাবলৈ নাই। লোক সংস্কৃতিৰ লুপ্ত হব খোজা অনেক সম্পদৰ চিন-মোকাম পোৱা গৈছে, কিন্তু নেঘেৰিটিঙৰ নটী নৃত্য যে এদিন উদ্ধাৰ হব, লোক সংস্কৃতিৰ ভড়ালত ইয়াৰ ইয়াৰ সংৰক্ষণ হ’ব সেই আশা এতিয়া সুদুৰ পৰাহত। ইয়াক উদ্ধাৰ কৰিবলৈ যোৱাটোও হৈ পৰিছে মৰিচিকা খেদাৰ দৰে। কিন্তু ঐতিহাসিক নৃত্যধাৰা কিহৰ বাবে হেৰাই গ’ল। ইয়াৰ অপমৃত্যুৰ মুখ্যত কাৰণ হ’ল মানুহৰ সামাজিক দৃষ্টিভংগী। যিসকল সাধাৰণ মানুহে ইয়াৰ চৰ্চা কৰিছিল তেওলোকক মানুহে ভাল দৃষ্টিৰে নাচাইছিল। নটী নৃত্যৰ বাদ্যত জড়িত থকা পৰিয়ালবোৰক এক প্ৰকাৰ অস্পৃশ্যৰ দৰেই জ্ঞান কৰিছিল। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ “ৰহদৈ লিগিৰী”ত দেৰগঞা নটীসকলৰ নৃত্যগীতৰ বিবৰণ সুখকৰ নহয়। সামগ্ৰীক ভাবে ৰাজহুৱা অশ্ৰদ্ধা আৰু উদ্যম নৃত্যৰ হেতু দেৰগাঁৱৰ শিৱদৌলৰ লগত জড়িত নটী নৃত্য কাললৈ লুপ্ত হ’ল।
বৰ্তমান সময়ত আমাৰ সমাজ ব্যবস্থাৰ পৰিবৰ্তনৰ লগতে এই নৃত্য শৈলীক লৈ মানুহৰ চিন্তাধাৰাৰৈ সলনি হৈছে। ১৯৫৪ চনত ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ অন্তিম দুগৰাকী দেৱদাসী নৃত্যশিল্পীৰ পৰা উদ্দাৰ হোৱা শৈলীক লৈ আৰম্ভ হৈছে দেৱদাসী নৃত্যচৰ্চা। উদ্ধাৰ হোৱা নৃত্যশৈলী প্ৰাচীন শৈলীৰ সৈতে কিমান মিল আছে তাক লৈও স্পষ্ট নহয়। তেনে এক প্ৰচেষ্টা হিচাবে কেইবছৰ মান আগতে দেৰগাঁৱৰ দুই নৃত্যশিল্পৰ অনুষ্ঠান ঝুমকা কলাকেন্দ্ৰ আৰু মণিকাঞ্চন কলা নিকেতনে নেঘেৰিটিঙত আয়োজন কৰিলে দেৱদাসী নৃত্য মহোৎসব। এই মহোৎসবত প্ৰদৰ্শন কৰা নৃত্য পুৰণি নৃত্যৰ সৈতে কিমান মিল আছে তাক ক’ব পৰা নাযায়। মধ্যযুগীয় সমাজ ব্যবস্থাৰ অন্ধবিশ্বাস বুলি ক’ব খোজা দেৱদাসী নৃত্যক নতুনকৈ উঠি অহা চামৰ মাজত চৰ্চা হোৱাতো শুভলক্ষণ। প্ৰাচীণ নৃত্য শৈলীটো পুণৰ প্ৰচাৰ হওক।
ফোন : ৮৮১২৮-৬১৭০৯