নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চিনেমা আৰু চৰকাৰ

গোৱাৰ পানাজীত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱে ভাৰতৰ বিভিন্ন প্রান্তৰ চিনেমা কর্মী আৰু দর্শকক আকর্ষণ কৰি আহিছে৷ চৰকাৰেও কোটি কোটি টকা খৰচ কৰি এই মহোৎসৱ সফল কৰি তুলিবলৈ চেষ্টা কৰি আহিছে৷ এই মহোৎসৱৰ আয়োজকসকলৰ মাজত থকা কিছুমান মানুহৰ মতাদর্শ বিভিন্ন অনুষ্ঠানত প্রতিফলিত হ’লেও সামগ্রিকভাৱে এই মহোৎসৱত উচ্চমানৰ ছবি আৰু জনপ্রিয় হ’ব পৰা ছবি আৰু উপাদানৰ সংমিশ্রণ ঘটে৷ চিনেমা এটা শক্তিশালী গণমাধ্যম, যিয়ে সকলো ধৰণৰ দর্শককে মনোৰঞ্জনৰ খোৰাক যোগায়, শিক্ষাও প্রদান কৰে, তথ্যও যোগায় আৰু আটাইতকৈ ডাঙৰ কথা ই সংস্কৃতিৰ বাক্ধাৰা নির্মাণৰ কামত সহায় কৰে৷ পশ্চিমবংগত বাম চৰকাৰৰ শক্তিশালী স্থিতি থকা সময়ত বামপন্থী আদর্শ প্রচাৰ কৰিব পৰা চিনেমা নির্মাণৰ বাবে অর্থনৈতিক সহায়েৰে উৎসাহ দিয়া হৈছিল৷ মূল উদ্দেশ্য আছিল বাংলাৰ পৰিৱেশত বাম পন্থাৰ আদর্শক শিল্পৰ মাধ্যমত উপস্থাপন কৰি সর্বসাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যোৱা৷ কিন্তু কথা হ’ল সেই ৰাজনৈতিক বাক্ধাৰা এটা নির্মাণৰ বাবে লোৱা চেষ্টাই জন্ম দিয়া ছবিকেইখন আছিল কলাগত দিশত অতি দুর্বল৷ ফলত ৰাজনৈতিক প্রচাৰৰ বাবে নির্মাণ কৰা ছবিকেইখনে ভাল ছবিৰ স্থান দখল কৰিব নোৱাৰিলে আৰু সামগ্রিকভাৱে শিল্প আৰু ৰাজনীতি একাকাৰ কৰাৰ কাৰণে কৰা কৌশল সফল হোৱা নাছিল৷ কেন্দ্রত বিজেপি চৰকাৰ অহাৰ পাছত কিছুসংখ্যক চিত্র নির্মাতাই চৰকাৰে ভাল পাব পৰা ছবি নির্মাণৰ কথা ভাবিলে আৰু ছবিও নির্মাণ কৰিলে৷ তেনেকুৱা এখন ছবি আছিল মধুৰ ভাণ্ডাৰকাৰৰ ‘ইন্দু চৰকাৰ’৷ জৰুৰীকালীন অৱস্থাক কেন্দ্র কৰি নির্মাণ কৰা ছবিখনৰ বিষয়বস্তু সামাজিকভাৱেও মনোযোগ আকর্ষণকাৰী আছিল আৰু ৰাজনৈতিকভাৱে বিজেপিক সহায় কৰিব পৰা বিধৰ আছিল৷ ৰাজনৈতিক দলটিয়ে ছবিখন প্রচাৰৰ বাবে চেষ্টাও কৰিছিল, কিন্তু দুর্বল নির্মাণৰবাবে ছবিখনে থিয়ই হ’ব নোৱাৰিলে৷ তেনেকুৱা চেষ্টা চলিয়েই থাকিব, কোনোবাখন টকা উপার্জনৰবাবে, কোনোবাখন চৰকাৰৰ ওচৰৰ মানুহ হোৱাৰ আশাত৷
চিত্র নির্মাতাৰ এইধৰণৰ কৌশল অস্তিত্ব ৰক্ষাৰ আহিলা আৰু চৰকাৰ বা শাসকীয় দলটিয়ে সেইসকলক নিজৰ কামত ব্যৱহাৰ কৰাটো স্বাভাৱিক কথা৷ কিন্তু চৰকাৰ এখনে চিনেমাৰ দৰে ৰাজহ প্রদানকাৰী আৰু সর্বসাধাৰণ ৰাইজৰ বিনোদন মাধ্যমটিৰ প্রতি উপযুক্ত ধৰণে দায়িত্বশীল হোৱা উচিত৷ চিত্র নির্মাতাক সহায় কৰাৰ এটা সৰল ডপায় হ’ল অর্থসাহায্য আৰু অনুদান যোগান ধৰাটো৷ স্বতন্ত্র আৰু উদীয়মান প্রতিভাৰ বাবে এনে সাহায্য সহজ হ’ব লাগে৷ চৰকাৰৰ বা দলৰ ওখ খাপৰ নেতাৰ পৰিয়াল–বন্ধু আদিৰ পৰিচয় এই সাহায্যৰ ক্ষেত্রত কাৰক হ’ব নালাগে৷ চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত লিখি থকা বিপ্লৱীৰ মুখ বন্ধ কৰাৰ কাৰণেও সাহায্য বিতৰণ কৰা উচিত নহয়৷ কৰ ৰেহাহৰ দৰে ব্যৱস্থাও চিত্র নির্মাতাক সহায় কৰা এটা শক্তিশালী কৌশল৷ অসমত আগতে এনে ব্যৱস্থা আছিল, এতিয়া নাই৷ সেই ব্যৱস্থা থকা সময়ত বহু চিত্র নির্মাতাই নিজৰ ছবিয়ে সংগ্রহ কৰা কৰৰ পৰিমাণ অসাধু প্রক্রিয়াৰে বৃদ্ধি কৰিছিল৷ এতিয়া কোনো কোনো চৰকাৰে নিজৰ পছন্দ মতে কোনো কোনো ছবিক কৰ ৰেহাই দিয়ে যাতে ছবিখন অধিক সংখ্যক দর্শকে উপভোগ কৰিব পাৰে৷ এনেকুৱা আঁচনিবা চৰকাৰী সিদ্ধান্তই বিশেষ একোখন ছবিকহে সহায় কৰিব৷ চৰকাৰী সাহায্য এটা নিয়মমতে হোৱা উচিত, যাতে ই এখন ছবিক নহয়, সমগ্র পৰিৱেশটোক সহায় কৰাৰ পথ প্রদর্শন কৰে৷ চিনেমাক কলা হিচাপে ভাল পোৱা দর্শকসকলৰ বাবে চৰকাৰে ৰাষ্ট্রীয় আৰু আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰাটো এটা সামাজিক দায়িত্ব৷ কিন্তু মহোৎসৱ সফল কৰাৰ নামত ৰাজনৈতিক সভাৰ বাবে মানুহ অনাৰ দৰে কাৰবাৰ কৰাটো আদর্শবিৰোধী কাম৷ এটা চলচ্চিত্র মহোৎসৱে কিমান ভোটাৰক উৎসাহিত কৰিব পাৰিব বুলি ভবাৰ বিপৰীতে কিমান দর্শকক উৎসাহিত কৰিব পাৰিব সেই দিশেৰেহে কথাটো ভবা উচিত৷ অসমীয়া চিনেমা এতিয়া ব্রহ্মপুত্র উপত্যকাতে সীমাবদ্ধ হৈ থকা নাই৷ নিজৰ জোৰেৰে অসমীয়া চিনেমাই আন্তঃৰাষ্ট্রীয় মঞ্চত থিয় হৈছে৷ চৰকাৰে আগভাগ লৈ অসমীয়া চিনেমাৰ স্বতন্ত্র নির্মাতাসকলৰ বাবে আন্তর্জাতিক ফাণ্ড অনাৰ ব্যৱস্থা কৰিব লাগে৷

You might also like