খাদ্য সংকটৰ দিশে বিশ্ব
আধুনিক বিশ্বত বিভিন্ন দেশে সমৃদ্ধিৰ নতুন সপোন দেখিবলৈ লৈছে যদিও যিকোনো মুহূর্ততে দেউলীয়া হ’ব পাৰে শতাধিক দেশ৷ শেহতীয়াকৈ বিশ্ববেংক আৰু ৰাষ্ট্রসংঘৰ প্রতিবেদনে এই সতর্কবাণী কঢ়িয়াই আনিছে৷ সম্প্রতি বিভিন্ন দেশত খাদ্য সংকটে দেখা দিছে৷ এনে পর্যায় পাইছেগৈ যে এটুকুৰা ৰুটী ক্রয় কৰাৰ ক্ষমতা নোহোৱা হৈছে সাধাৰণ জনতাৰ৷ কোনো কোনো দেশত পে’ট্রল ক্রয় কৰিবলৈ গৈ হাহাকাৰ কৰিবলগীয়া হৈছে সর্বসাধাৰণ লোকে৷ এনে পৰিস্থিতিৰ মাজতে ৰাষ্ট্রসংঘই সতর্কবাণী কৰিছে যে বিশ্বৰ শতাধিক দেশ দেউলীয়া হোৱাৰ দিশে আগবাঢ়িছে৷ বিশ্বৰ এনে অর্থনীতিৰ ‘কৰুণ’ দশা দেখি আর্থিক বিশ্লেষকসকলৰো চকু কপালত উঠিছে৷ ৰাষ্ট্রসংঘৰ উন্নয়ন কর্মসূচী বিভাগ (ইউএনডিপি)ৰ মুৰব্বী আছিম ষ্টেইমাৰৰ মতে যিকোনো দিনতে কোষাগাৰ শূন্য হৈ পৰিব পাৰে পৃথিৱীৰ ৫০খন দেশৰ৷ বিশ্ববেংকে আকৌ এই তালিকাত ৰাখিছে ১৪০খন দেশৰ নাম৷ ইয়াৰ ভিতৰত অধিকাংশ আর্থিক দিশৰ পৰা পিছপৰা দেশ হ’লেও কেইবাখনো উন্নত দেশো আছে৷ ২০২২ চনৰ আৰম্ভণিতে নিজকে দেউলীয়া ঘোষণা কৰিছিল শ্রীলংকা চৰকাৰে৷ এই ঘটনাৰ কিছুদিনৰ ভিতৰতে প্রায় একেই পৰিস্থিতিৰ সৃষ্টি হয় হিমালয়ান ৰাষ্ট্র নেপালত৷ ভয়াৱহ সংকটৰ দিশে আগবঢ়া দেশৰ তালিকাত আছে পেৰু, টিউনিছিয়া, ছুডান, লেবানন, ঘানা, কেনিয়া, আর্জেণ্টিনা, ইজিপ্ত আৰু তুৰস্কৰ নাম৷ বিশ্ববেংকৰ মতে পৰিস্থিতি অতি ভয়াৱহ পাকিস্তান আৰু বাংলাদেশৰ৷ এতিয়া প্রশ্ণটো হৈছে বিশ্ববেংক আৰু ৰাষ্ট্রসংঘই কেনেদৰে এইবোৰ দেশক দেউলীয়া হোৱাৰ দিশে আগবঢ়া বুলি ঘোষণা কৰিব পাৰে! আর্থিক বিশ্লেষকসকলৰ মতে দুটা পৰিস্থিতি সৃষ্টি হ’লে একোখন দেশক দেউলীয়া আখ্যা দিয়া হয়৷ কোনো এখন দেশৰ বৈদেশিক মুদ্রা ভাণ্ডাৰ শূন্য হৈ পৰিলে সেই দেশখনক দেউলীয়া বুলি অভিহিত কৰা হয়৷ দ্বিতীয়তে, দেশখনৰ যদি নিজস্ব কোষাগাৰ শূন্য হৈ পৰে তেন্তে তেতিয়াও দেউলীয়া অভিধা আগবঢ়োৱা হয়৷ এনে পৰিস্থিতিত ভয়াৱহ সংকট সৃষ্টি হয় দেশ এখনত৷ প্রথমতে ইন্ধন আৰু খাদ্য সংকটত আক্রান্ত হয় এনে দেশ৷ ডলাৰৰ হিচাপত দেশখনৰ মুদ্রাৰ দাম অভাৱনীয়ভাৱে হ্রাস পাবলৈ ধৰে৷ ফলত খাদ্য আৰু পেট্র’পণ্যৰ বাবে পথত নামিবলগীয়া হয় সাধাৰণ জনতা৷ এনে পৰিস্থিতিত দেশৰ বিভিন্ন প্রান্তত আৰম্ভ হয় লুটপাত৷ অকল সেয়াই নহয়, সংকটৰ এনে পৰিস্থিতিয়ে দেশ এখনক গৃহযুদ্ধৰ মুখলৈ ঠেলি দিয়ে৷
বিশ্ববেংক আৰু ৰাষ্ট্রসংঘৰ মতে এতিয়া সমগ্র পৃথিৱীত এনে বহু ৰাষ্ট্র আছে, য’ত যিকোনো মুহূর্ততে সৃষ্টি হ’ব পাৰে ভয়াৱহ খাদ্য সংকটৰ৷ শ্রীলংকাৰ লগতে অতীতত দেউলীয়া হৈ পৰা পেৰু বা আর্জেণ্টিনাৰ ভয়াৱহ ছবি প্রত্যক্ষ কৰিছে সমগ্র বিশ্বই৷ লেটিন আমেৰিকাৰ এই দুখন দেশত খাদ্য আৰু ইন্ধনৰ বাবে সাধাৰণ মানুহে হিংসাৰ পথ আঁকোৱালি ল’বলগীয়া হৈছিল৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ গুলী চলাবলগীয়া হৈছিল দেশ দুখনৰ সেনা আৰু আৰক্ষীয়ে৷ দেউলীয়া হোৱাৰ অন্য কেইবাটাও বৈশিষ্ট্য আছে৷ বিভিন্ন সময়ত অস্বাভাৱিক ঋণৰ বোজাই এখন দেশৰ অর্থনীতি বিধ্বস্ত কৰিব পাৰে৷ দক্ষিণ আফ্রিকা আৰু পাকিস্তান তেনেই ঋণৰ জালত আক্রান্ত দুখন দেশ৷ এনে দেশবোৰৰ আভ্যন্তৰীণ উৎপাদন (জিডিপি)ৰ হাৰ হয় ঋণাত্মক৷ শেহতীয়াকৈ কেনিয়াত ভয়াৱহ ছবি দেখিবলৈ পোৱা গৈছে৷ ৩০ বছৰৰ ভিতৰত দেশখনত জিডিপিৰ হাৰ অভাৱনীয়ভাৱে অৱনমিত হৈছে৷ বিগত কেইবাবছৰো ধৰি বিশ্বজুৰি খাদ্য সংকট বৃদ্ধি পাই আহিছে৷ ইয়াৰ বাবে একাংশ অর্থনীতিবিদে জলবায়ু পৰিৱর্তন আৰু ৰাছিয়া–ইউক্রেইন যুদ্ধক জগৰীয়া কৰিছে৷ দুয়োটা কাৰক সত্য বুলিয়ে প্রমাণিত হৈছে৷ জলবায়ু পৰিৱর্তনে কৃষিৰ ওপৰত প্রতিকূল প্রভাৱ পেলাইছে৷ ফলত বিশ্বৰ বিভিন্ন প্রান্তত ফচলৰ উৎপাদন অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ইয়াৰ ফলত বিগত দুবছৰ ধৰি ইউৰোপ, এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ বজাৰত খাদ্য সামগ্রীৰ দাম দ্রুতগতিত বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিয়ে দুখীয়া তথা ঋণগ্রস্ত দেশসমূহক অধিক ভয়াৱহ সংকটৰ সন্মুখীন কৰাইছে৷ ইয়াৰ ফলত দীর্ঘদিন সংকটৰে যুঁজি থকা দেশসমূহৰ অর্থনীতিৰ ফোঁপোলা স্বৰূপটো পোহৰলৈ আহিছে৷ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধই ইউৰোপজুৰি খাদ্যদ্রব্যৰ দাম বৃদ্ধিৰ ক্ষেত্রত অৰিহণা যোগাইছে৷ কাৰণ ইউৰোপৰ ‘ৰুটীৰ ভাণ্ডাৰ’ হিচাপে চিহ্ণিত ইউক্রেইনত ৰক্তক্ষয়ী পৰিস্থিতিৰ বাবে বিধ্বস্ত হৈছে কৃষিকার্য৷ সমগ্র ইউৰোপলৈ কৃষি শস্য ৰপ্তানি কৰা অন্যতম দেশ হিচাপে চিহ্ণিত ইউক্রেইনত আঢ়ৈ বছৰতকৈ অধিককাল ধৰি চলি থকা ৰক্তক্ষয়ী যুদ্ধৰ বাবে ইউৰোপত অভাৱনীয়ভাৱে খাদ্য শস্যৰ দাম বৃদ্ধি পাইছে৷ যুদ্ধৰ ফলত ৰাছিয়া আৰু ইউক্রেইনৰ পৰা ঘেঁহুৰ ৰপ্তানি বন্ধ হৈছে ইউৰোপ তথা অন্যান্য প্রান্তলৈ৷ পৰিণতিত সমৃদ্ধিশালী ইউৰোপতো দেখা দিছে খাদ্য সংকটে৷ গতিকে, যুদ্ধ সংঘাত আৰু জলবায়ু পৰিৱর্তন হৈ পৰিব পাৰে বিভিন্ন দেশৰ বাবে ঘাতকস্বৰূপ৷