নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিক্ষয়ৰ সংকট

পৃথিৱী গ্রহৰ ভৱিষ্যৎ কিমান দিনলৈ, পৃথিৱীত জীৱকুলৰ অস্তিত্ব কেতিয়ালৈ থাকিব ইতিমধ্যে বিভিন্ন প্রতিবেদনত প্রকাশ পাইছে উদ্বেগজনক তথ্য৷ জলবায়ু পৰিৱর্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদি কাৰকে পৃথিৱীলৈ নমাই আনিছে বিপর্যয়৷ এই বিপর্যয়ৰ ফলত জীৱকুলৰ অস্তিত্বলৈ নামি আহিছে সংকট৷ এইবাৰ পৃথিৱীৰ ভূ–ভাগৰ স্খলনক লৈ শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে৷ বিশ্বজুৰি ভয়াৱহ গতিত চলি আছে ভূমিক্ষয়৷ প্রতিবছৰে ১০ লাখ বর্গকিলোমিটাৰ ভূমিক্ষয় হৈছে পৃথিৱীৰ৷ সকলো কাৰকৰ মোকাবিলা কৰাটো যেনেদৰে কঠিন হৈ পৰিছে, ঠিক সেইদৰে ভূমিক্ষয়ৰ বিষয়টোৰ মোকাবিলা কৰাটোও মানৱ জাতিৰ বাবে দুৰূহ হৈ পৰিছে৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ এক গৱেষণা–পত্রত দাবী কৰা হৈছে যে অভাৱনীয়ভাৱে ভূমিক্ষয় চলি আছে পৃথিৱীত৷ ইতিমধ্যে ১ কোটি ৫০ লাখ বর্গকিলোমিটাৰ ভূমি নিশ্চিহ্ণ হৈ গৈছে এই পৃথিৱীৰ পৰা৷ নিশ্চিহ্ণ হোৱা ভূমিৰ পৰিমাণ পৃথিৱীৰ দক্ষিণ মেৰুৰ সম আয়তনৰ৷ প্রকৃতি বিজ্ঞানীসকলে আশংকা কৰিছে যে যি হাৰত ভূমিক্ষয় অব্যাহত আছে, তাক প্রতিৰোধ নকৰিলে পৰিস্থিতি জটিল হৈ পৰিব৷ অর্থাৎ ভূমিৰ ওপৰত চলি থকা নির্বিচাৰ অত্যাচাৰ শীঘ্রে বন্ধ হ’ব লাগিব বুলি সতর্কবাণী কৰিছে প্রকৃতি বিজ্ঞানীসকলে৷ তাৎক্ষণিকভাৱে এইক্ষেত্রত ব্যৱস্থা গ্রহণ নকৰিলে মানৱ জাতিয়েই নহয়, পৃথিৱীৰ সমগ্র জীৱকুল সংকটাপন্ন হ’ব৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ এই গৱেষণা–পত্রই ইতিমধ্যে আলোড়ন সৃষ্টি কৰিছে বিজ্ঞানীসকলৰ মাজত৷ বিভিন্ন কাৰকে ইতিমধ্যে পৃথিৱীবাসীৰ সন্মুখত সৃষ্টি কৰিছে প্রত্যাহ্বান৷ গোলকীয় উষ্ণতা প্রতিৰোধৰ ক্ষেত্রত ৰাষ্ট্রসংঘৰ উদ্যোগত জলবায়ু সন্মিলন অনুষ্ঠিত হৈ আহিছে যদিও এই সন্মিলনত গ্রহণ কৰা সিদ্ধান্তসমূহ কার্যকৰী কৰিবলৈ কোনো দেশেই বাস্তৱসন্মত ব্যৱস্থা গ্রহণ কৰা নাই৷ পৰিণতিত প্রতিবছৰে অভাৱনীয় প্রাকৃতিক দুর্যোগৰ সন্মুখীন হৈছে পৃথিৱীবাসী৷ বিভিন্ন অঞ্চলত গোলকীয় উষ্ণতাই অৰণ্য অঞ্চল ধ্বংস কৰি পেলোৱাৰ লগতে বিশাল জলাশয় শুকান মৰুভূমিত পৰিণত কৰিছে৷ হর্ন অৱ আফ্রিকাখ্যাত বহু দেশত দীর্ঘদিন ধৰি চলি আছে অভাৱনীয় খৰাং৷ আনফালে একেই কাৰকৰ বাবে বিভিন্ন দেশ অতিবৃষ্টি আৰু বানৰ কবলত পৰিছে৷ ইয়াৰ মাজতে প্রশান্ত মহাসাগৰীয় পৰিঘটনা এল নিনো আৰু লা নিনাৰ প্রভাৱত বিভিন্ন দেশত দেখিবলৈ পোৱা গৈছে প্রাকৃতিক দুর্যোগ৷ ইয়াৰ মাজতে এইবাৰ ৰাষ্ট্রসংঘৰ গৱেষণা–পত্রত পৃথিৱীৰ ভূমিক্ষয়ৰ ভয়াৱহ তথ্য প্রকাশ পাইছে৷
কেইদিনমান পিছতে ছৌদি আৰবৰ ৰিয়াধত অনুষ্ঠিত হ’ব ‘আর্থ ছামিট’ বা বসুন্ধৰা সন্মিলন৷ বিশ্বজুৰি বৃদ্ধি পাই অহা মৰুভূমিৰ পৰিসীমাক লৈ এই সন্মিলনত আলোচনা কৰিব বিশেষজ্ঞসকলে৷ পৃথিৱীৰ প্রায় ২০০খন দেশৰ প্রতিনিধিয়ে এই সন্মিলনত অংশগ্রহণ কৰিব৷ জলবায়ু পৰিৱর্তন আৰু জৈৱ–বৈচিত্র্যক লৈ ৰাষ্ট্রসংঘৰ অন্য দুখন সন্মিলনতকৈ বসুন্ধৰা সন্মিলনৰ প্রচাৰ কম যদিও সংকটপূর্ণ পৃথিৱীৰ সন্মুখত সৃষ্টি হোৱা প্রত্যাহ্বানৰ মাজত ইয়াৰ গুৰুত্ব কম নহয়৷ ১৯৯২ চনৰ পৰা বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈ আহিছে৷ এই সন্মিলনৰ অন্যতম লক্ষ্য হৈছে পৃথিৱীত সুসংগত বিকাশ বা উন্নয়ন৷ পৃথিৱীক চিৰকালৰ বাবে বাসযোগ্য কৰি ৰখাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ ৰিয়াধৰ সন্মিলনৰ পূর্বে ৰাষ্ট্রসংঘই প্রকাশ কৰা গৱেষণা–পত্রই সেইবাবেই বিশেষ তাৎপর্য কঢ়িয়াইছে৷ এই গৱেষণা প্রতিবেদনৰ সৈতে সংযুক্ত হৈ আছে ইউনাইটেড নেচন কনভেনচন অন কমবেটিং ডেজার্টিফিকেচন (ইউএনচিচিডি)৷ ৰাষ্ট্রসংঘৰ গৱেষক সংস্থাৰ কার্যবাহী সচিব ইব্রাহিম থিয়াৱে উল্লেখ কৰিছে যে পৃথিৱীবাসীয়ে যদি ভূমিৰ ভূমিকা আৰু গুৰুত্ব উপলব্ধি কৰি যথাযথ ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম নহয়, তেন্তে ইয়াৰ প্রভাৱ জীৱনৰ প্রতিটো ক্ষেত্রতে পৰিব৷ ভৱিষ্যৎ প্রজন্মৰ বাবে জীৱন ধাৰণ কঠিন হৈ উঠিব বুলিও মন্তব্য কৰিছে ইব্রাহিমে৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে ৰাষ্ট্রসংঘৰ লগতে বিভিন্ন আন্তর্জাতিক সংস্থা আৰু বিজ্ঞানীসকলে সঘনে পৃথিৱীত ঘটি থকা বিপজ্জনক কাৰকসমূহ সন্দর্ভত সতর্কবার্তা প্রকাশ কৰি আহিছে যদিও কোনো দেশেই এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উন্নত দেশসমূহে প্রতিমুহূর্ততে গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱর্তন আদি বিষয়বোৰক বিভিন্ন আন্তর্জাতিক সন্মিলনৰ সিদ্ধান্ত সত্ত্বেও উপেক্ষা কৰি আহিছে৷ গতিকে, ভূমিক্ষয়ৰ বিষয়টোক লৈও এই দেশসমূহে বিশেষ উদ্বেগ প্রকাশ কৰিব বুলি আশা কৰিব নোৱাৰি৷

You might also like