নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ জাতিংগা নৈত দীৰ্ঘদিন অব্যাহত শিলৰ অবৈধ খনন

🔹 বন বিভাগৰ একাংশ কৰ্মচাৰীৰ ছত্ৰছায়াত খনন চলাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : অসমৰ ভিন্ন ঠাইৰ লগতে কাছাৰ জিলাৰ জাতিংগা নদীৰ পৰা দীৰ্ঘদিন ধৰি অব্যাহত আছে শিলৰ অবৈধ খনন।‌ কাছাৰ বন বিভাগৰ একাংশ কৰ্মচাৰীৰ ছত্ৰছায়াত খনন চলি থকাৰ অভিযোগ স্থানীয় লোকৰ। স্থানীয় লোকে তোলা অভিযোগ অনুসৰি, বিগত বহু বছৰ ধৰি চৰকাৰ তথা বন বিভাগৰ অনুমতি অবিহনে এনেদৰে শিল খনন কৰাৰ লগতে ইয়াৰ চোৰাং বেহা চলাই থকা হৈছে । শিল খনন আৰু বিক্ৰীৰ বাবে বিভাগীয় কোনো অনুমোদন লাভ নকৰাকৈয়ে এনেদৰে চোৰাং কাৰবাৰ চলাই থকা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে । অভিযোগ অনুসৰি, কাছাৰ জিলাৰ জাতিংগা নদীৰ শিল কোৱেৰীৰ পৰা চূড়ান্ত পর্যায়ৰ অনিয়ম আৰু বিধি উলংঘন কৰি শিল উত্তোলন কৰা হৈছে। যদিও ষ্টেট এনভাইৰনমেন্টেল ইম্পেক্ট এছেছমেন্ট অথৰিটীয়ে (ছিয়া) পৰিৱেশ ক্লিয়াৰেন্স চাৰ্টিফিকেট (ইচি) বাতিল কৰা নাই। অৱশ্যে ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে চলিত বৰ্ষৰ জুলাই মাহত চিআইএক ইচি বাতিলৰ বাবে পৰামৰ্শ দিছিল। ফলত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এছ আই এৰ ভূমিকা অতি ক্ষীণ হৈ পৰিছে। কাছাৰ বন সংমণ্ডলৰ অন্তৰ্গত জাতিংগা নদীৰ ক্ষুদ্ৰ খনিজ ইউনিট-২ৰ পৰা শিল খনন কৰা হৈছে নিয়ম উলংঘা কৰি। পকলেন ব্যৱহাৰ কৰি নদীৰ পৰা শিল খান্দি উলিওৱা হৈছে। কিন্তু বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত জাতিংগা নদীৰ স্বৰূপ সলনি হোৱা বুলি অভিযোগ দাখিল কৰা হয়। এই অভিযোগসমূহৰ প্ৰতি লক্ষ্য ৰাখি এছ আই এ চিয়ে এখন উপ-সমিতি গঠন কৰে। চলিত বৰ্ষৰ ৪ জুলাইত দিয়া আদেশত অৰূপ বৰপূজাৰী, ড° বিজয় শংকৰ গোস্বামী, ড° শান্তনু কুমাৰ দত্তই এই উপ-সমিতি গঠন কৰে। বিশেষ সদস্য হিচাপে শান্তনু ভট্টাচাৰ্যক কমিটীলৈ মাতি অনা হৈছিল। পিছত কমিটীখনে যোৱা ২৩ আৰু ২৪ মে’ত দক্ষিণ অসম ৰেঞ্জ অৱ ফৰেষ্ট ডিভিজনৰ চিচিএফ আৰু কাছাৰ ফৰেষ্ট ডিভিজনৰ ডিএফঅ’ৰ সৈতে সংশ্লিষ্ট ইউনিটটো পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত ছিয়াকে গঠন কৰা উপ-সমিতিখনে পৰ্যবেক্ষণ কৰে যে অনিয়ন্ত্ৰিত খননৰ বাবে নদীখনৰ চৰিত্ৰ সলনি হৈছে। সকলোতে খননৰ দৃশ্য। ২৪ হেক্টৰ ভূমিত য’ত আৰম্ভ হয় আৰু শেষ হয় তাত কোনো সীমাৰ অন্ত নাই। সংশ্লিষ্ট লেচীয়ে প্ৰতি ছমাহৰ মূৰে মূৰে প্ৰদান কৰিবলগীয়া প্ৰতিবেদন দাখিল নকৰাৰ কথাও কমিটীয়ে জানিবলৈ দিয়ে। খনন তত্ত্বাৱধানৰ কোনো ব্যৱস্থা নাই। ইচিৰ নিয়ম উলংঘা কৰি ইয়াক ব্যৱহাৰ কৰা হৈছে। চিচিএফৰ সৈতে কথা পতাৰ অন্তত উপ-সমিতিখনে জানিব পাৰে যে তেওঁ নিজেই ভ্ৰমণ কৰি কিছু বাহন জব্দ কৰিছে। পিছত ডি এফ অ’ই এই বাহনসমূহৰ পৰা জৰিমনা সংগ্ৰহ কৰি মুকলি কৰি দিয়ে যদিও আৰক্ষীত এফ আই আৰ দাখিল কৰা নাছিল। ইয়াৰ পিছত উধাৰবন্দৰ ৰেঞ্জ অফিচাৰ আৰু মৰুৱাচৰাৰ বিট অফিচাৰক শ্বোকজ কৰা হৈছিল । উধাৰবন্দৰ ৰেঞ্জ অফিচাৰে শ্বোকাজৰ উত্তৰত স্বীকাৰ কৰে যে জাটিংগাত খননত পকলেন ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত ছিয়াৰ একাদশ বৈঠকত উপ-সমিতিৰ প্ৰতিবেদন আলোচনা কৰা হয় আৰু আঠজনীয়া সমিতিখনে সৰ্বসন্মতিক্ৰমে প্ৰতিবেদন গ্ৰহণ কৰে। লগতে ছিয়াই জাটিংগা নদীৰ সৰু খনিজ ইউনিট কে-২ক প্ৰদান কৰা ইচি বাতিল কৰাৰ পৰামৰ্শ দিয়ে। ১৯ জুলাইত চিআইএলৈ পৰামৰ্শ প্ৰেৰণ কৰা হৈছিল। কিন্তু এই পৰামৰ্শৰ পাঁচ মাহ পাৰ হৈ গ’লেও ছিয়াই পৰিৱেশ অনুমোদন বাতিল বা প্ৰত্যাহাৰ কৰা নাই। ফলত বন বিভাগৰ কাম-কাজk লৈ কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে। এই অভিযোগ সন্দৰ্ভত স্থানীয় ৰাইজে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like