সম্পাদকীয় : হস্তী–মানৱৰ সংঘাত
অসম এতিয়া দেশৰ ভিতৰতে শান্তিপূর্ণ ৰাজ্য৷ সন্ত্রাস, বোমা বিস্ফোৰণ, অপহৰণ, গণহত্যাৰ দৰে ঘটনাই এসময়ত ৰাজ্যখনৰ বহু নিৰীহ–নিৰাপৰাধ লোকৰ প্রাণ আঁজুৰি নিছিল৷ সম্পদ আৰু সম্পত্তিৰ কিমান ক্ষতি হৈছিল, সেয়া হিচাপ কৰিলে আজিও মানুহৰ গা শিয়ৰি উঠে৷ সুখ আৰু আশাৰ কথা যে ৰাজ্যখন সেই অভিশপ্ত দিনবোৰৰ পৰা এতিয়া বহু নিলগত৷ আজিৰ শান্তিৰ অসমত বজাৰত বোমা বিস্ফোৰণ নহয়৷ হাতত অত্যাধুনিক মাৰণাস্ত্র লৈ মানুহৰূপী দানৱ (উগ্রপন্থী) নৃগোষ্ঠীয় চাফাই অভিযানত লিপ্ত নহয়৷ চৰকাৰৰ প্রয়াস, ৰাজ্যখনৰ জনসাধাৰণৰ হিংসাৰ বিৰুদ্ধে কঠোৰ আৰু দৃঢ় স্থিতিয়ে অসমক শ্বাসৰুদ্ধকৰ দিনবোৰৰ পৰা মুক্ত কৰি বহু দূৰলৈ লৈ আহিছে৷ বিগত ১০–১৫ বছৰত জন্মগ্রহণ কৰা আজিৰ প্রজন্মৰ বাবে সন্ত্রাসৰ দিনবোৰ কিতাপৰ কথা যেন লাগিব পাৰে৷ অসমৰ বাবে ইয়াতকৈ অধিক সৌভাগ্যৰ কথা আন একো হ’ব নোৱাৰে৷ এতিয়াও যিসকলে হিংসা–সন্ত্রাসৰ পথেৰে ৰাজ্যখন ৰাঙলী কৰিব বিচাৰে বা তেনে ঘৃণনীয় চিন্তা মনত পুহি ৰাখিছে, তেওঁলোকে বিবেক নামৰ বস্তুবিধক অকাল মৃত্যুৰ পৰা এতিয়াহ বচাই সু–নাগৰিক হোৱাৰ সুন্দৰ প্রতিযোগিতাখনত নিজকে চামিল কৰি লোৱা উচিত৷ সন্ত্রাসমুক্ত অসমত আমি বিগত কিছু বছৰ ধৰি শান্তিৰে সময় কটাবলৈ সক্ষম হৈছোঁ৷ ইয়ে দেশৰ সামগ্রিক প্রগতিৰ মানচিত্রখনৰ পৰা স্থানচ্যুত হৈ পৰা অসমে হেৰুওৱা পুনৰ উদ্ধাৰৰ সংগ্রাম কৰিবলৈ সক্ষম হৈছে৷ শান্তি আৰু সুস্থ পৰিৱেশে অসমক বিকাশ যাত্রাটোত গতি বঢ়াবলৈ ইন্ধন যোগাহছে৷ কিন্তু ইয়াৰ মাজতে ৰাজ্যখনত এনে এটা দুর্ভাগ্যজনক ঘটনাৰ মাত্রা এনে হাৰত বৃদ্ধি পাবলৈ ধৰিছে যে ভুক্তভোগীৰ জীৱনত ই সন্ত্রাসতকৈ বহু অধিক হৈ পৰিছে৷ সেয়া হৈছে হস্তী–মানৱৰ সংঘাত৷ এইখিনিতে এটা কথাত স্পষ্ট হৈ থকা দৰকাৰ যে বন্যহস্তীক কোনো কাৰণতে সন্ত্রাস বা সন্ত্রাসবাদীৰ সৈতে তুলনা কৰিব নোৱাৰি৷ সেই তুলনা ৰুচিহীনতাৰ চূডান্ত নিদর্শনেই নহয়, বিবেকহীনতাৰো ঘৃণনীয় উদাহৰণ৷ সমস্যাটো মূলতঃ মানুহে নিজেহ সৃষ্টি কৰা৷ কিন্তু যিসকল দুর্ভগীয়া কৃষকে আঘোণৰ ভৰা ধাননিখন হেৰুৱাই পেলায়, তেওঁলোকৰ বাবে বন্যহস্তীৰ বৃহৎ জাককেইটা আতংকতকৈ কোনো গুণে কম হৈ নপৰে৷ নিশা তেওঁলোকে শান্তিৰে শুব নোৱাৰে, কাণ দুখনে অনবৰত গজৰাজৰ খোজৰ শব্দক খেদি ফুৰে৷ যেন এই আহিল এই আহিল৷ গজৰাজ অহাৰ শব্দ বা হংগিত পালেহ সকলো হুৰমুৰকৈ শোৱাপাটীৰ পৰা নামি যিয়ে যি পায় মানে কাঁহী–বাটি, বাকচ আদি হাতত লৈ বাহিৰলৈ ওলাই বজাব ধৰে৷ সময় তেতিয়া লাগিলে পুৱতিনিশা হওক বা মাজনিশা৷ নিজক বচাবলৈ অথবা খেতি–বাতি, ঘৰ–দুৱাৰ আদি সুৰক্ষিত কৰিবলৈ এলাহ বাদ দি শোৱাপাটী এৰিবই লাগিব৷ বাচন–বর্তন বজাই, ফটকা ফুটাই গজৰাজক খেদিবই লাগিব৷ নহ’লে আন এটা বিপদো আহে৷ গজৰাজৰ গচকত কেতিয়া কোনে প্রাণ হেৰুৱাব লাগে, তাৰ নিশ্চয়তা নাথাকে৷ সংকটটো মূলতঃ শিশু, মহিলা, বৃদ্ধ–বৃদ্ধা, ৰুগীয়াৰ ক্ষেত্রত অভাবনীয়ভাৱে ভয়ংকৰ হৈ আহে৷
বাস্তৱ সত্যটো হৈছে এই ভূ–খণ্ডৰ লাখ লাখ লোকৰ বাবে বন্যহস্তী সন্ত্রাসৰ আন এটা নাম৷ সি নিশাৰ টোপনি, জীৱন আৰু সম্পদ–সম্পত্তি কাঢ়ি লৈ গৈছে৷ কিমান পৰিয়ালে যে আপোনজনক অকালতে হোৰুৱাবলগীয়া হৈছে৷ সেহ দুখৰ যন্ত্রণা কিমান গভীৰ আৰু এহক্ষেত্রত তেওঁলোক কিমান অসহায়, সেইটো ভুক্তভোগীসকলৰ বাহিৰে আন কোনেও বুজিব নোৱাৰে৷ কোনে বুজিব সেই দৰিদ্র কৃষকজনৰ মর্মবেদনা যাৰ বছৰটোৰ আশা আৰু স্বপ্নৰ খেতিডৰা বন্যহস্তীৰ জাকে আহি কেইটামান মুহূর্তৰ ভিতৰতে খাই–গচকি ধ্বংস কৰি থৈ যায়৷ তাৰ পিছত এটা দুঃস্বপ্নৰ দৰে সেই ধ্বংসলীলাই কৃষকজনক খেদি ফুৰে৷ তেওঁৰ মনৰ মাজত এটা পীড়াৰ জন্ম হ’বলৈ ধৰে যে হয়াৰ পিছত দুর্ভিক্ষ–আকালৰ গত্যন্তৰ নাই৷ পৰিয়ালটো নিগমে মৰি লাগিব৷ এই বেদনাৰ দীঘ–বাণি কোনেও জুখিব নোৱাৰে৷ আনে তাক অনুভৱ কৰিবও নোৱাৰে৷ চৰকাৰী তথ্যই কৈছে, অকল বিগত পাঁচ বর্ষত অসমত ৩৮৩জন লোকে বন্যহস্তীৰ আক্রমণত প্রাণ হেৰুৱাইছে৷ ইয়াৰে ২০১৯–২০ চনত মৃত্যু হোৱা লোকৰ পৰিসংখ্যা হৈছে ৭৫৷ পৰৱর্তী বর্ষত অর্থাৎ ২০২০–২১ চনত মৃত্যু হৈছিল ৯১জনৰ৷ ২০২১–২২ চনত তুলনামূলকভাৱে কমসংখ্যক লোকে ৰাজ্যখনত বন্যহস্তীৰ আক্রমণত প্রাণ হেৰুৱায়৷ পৰিসংখ্যা মতে বর্ষটোত মৃত্যু হোৱা দুর্ভগীয়া লোকৰ সংখ্যা ৬৩জন৷ ২০২২–২৩ চনত সংখ্যাটো পুনৰ বৃদ্ধি পায় আৰু ৮০ হৈ পৰে৷ ২০২৩–২৪ বর্ষটোও ৰাজ্যখনৰ বাবে দুর্ভাগ্যজনক হৈয়েহ থাকে৷ বর্ষটোত ৭৪জন লোকৰ মৃত্যু হয়৷ চলিত বর্ষটোত অর্থাৎ ২০২৪–২৫ৰ পৰিসংখ্যা এতিয়াও প্রকাশ হোৱা নাহ৷ বর্ষটো শেষো হোৱা নাই৷ কিন্তু সংবাদ মাধ্যমত প্রায় প্রতিদিনে হস্তী–মানৱৰ সংঘাত তথা মানৱৰ মৃত্যু হোৱাৰ কথা প্রকাশ পাই থাকে৷ বর্ষটোৰ পৰিসংখ্যাও শিহৰণকাৰী হোৱাৰ আশংকাই অধিক৷ কিন্তু প্রশ্ন হৈছে, এই মহাবিপর্যয়ৰ পৰা ৰাজ্যবাসীক মুক্ত কৰাৰ কোনো পথেই নাই নেকি? প্রথম কথাটো হৈছে, গজৰাজক বিচৰণভূমি ওভতাই দিব লাগিব৷ হস্তীদণ্ডীত বেদখল হ’বলৈ দিব নালাগিব৷ জীৱকূলৰ অধিকাৰক সন্মান জনোৱাটো অতি দৰকাৰী৷ পৃথিৱীখনক যদি অকল মানৱৰ বুলি ধৰা হয় আৰু আন জীৱক অস্বীকাৰ কৰা হয় তেতিয়া গজৰাজেহ নহয় আন জীৱকূলৰ সৈতে মানৱৰ সংঘাত অৱধাৰিত হৈ পৰিবই৷ চৰকাৰ আৰু সমাজে সংঘাতৰ মাত্রা আৰু ক্ষতিৰ পৰিমাণ হ্রাাসকৰণত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰে৷ বহু বেচৰকাৰী সংগঠনে এইক্ষেত্রত প্রশংসনীয় আৰু অনুকৰণীয় কাম কৰি আছে৷ তেওঁলোকক উছাহ আৰু অনুপ্রেৰণা যোগোৱা দৰকাৰ৷ চৰকাৰে বন্যহস্তীৰ আক্রমণত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ১০ লাখ টকা দিয়ে৷ হস্তীৰ আক্রমণত জীৱনলৈ অকামিলা হৈ পৰা লোককো সম–পৰিমাণৰ ধন দিয়া হয়৷ ধনখিনি ক্ষতিগ্রস্তই পোৱাটো নিশ্চিত কৰিব লাগে৷ গভীৰভাৱে আহতলৈ দুই লাখ টকা, সাধাৰণভাৱে আহতক ২৫ হাজাৰ টকাপর্যন্ত দিয়া হয়৷ অসমত চৰকাৰী আঁচনিৰ এহ ধনৰাশি প্রকৃতার্থত দিয়া হয়নে, স্বচ্ছতাৰে প্রদান কৰা হয়নে নাই, তাৰ তদন্তৰ জৰিয়তে পোহৰলৈ অনাৰ আৱশ্যকতা আছে৷ বিষয়টোত আন এটা লক্ষণীয় কথা হৈছে সমস্যাটো অকল অসমৰে নহয়৷ বিগত পাঁচ বছৰত দেশৰ ২,৮২৯জন লোকে বন্যহস্তীৰ আক্রমণত প্রাণ হেৰুৱাইছে৷ পৰিসংখ্যাটো আওকাণ কৰিব পৰা বিধৰ নহয়৷ হয়াক ৰাষ্ট্রীয় সমস্যা বুলি ক’ব পাৰি৷ সমস্যাটোৰ পৰা জনসাধাৰণক মুক্ত কৰিবলৈ চৰকাৰে অধিক ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷