নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃণ্ময় শিল্পৰে ঢেকীয়াজুলিৰ আলিছিঙাৰ এজাক মহিলাৰ উত্তৰণৰ কাহিনী

🔹 দিগন্ত শর্মা

ঘৰৰ পিৰালিৰ দাঁতিত বহি কিশোৰী এগৰাকীয়ে কাঠৰ সৰু চাকটো হাতেৰে ঘূৰাই ঘূৰাই সাজি গৈছিল সৰু সৰু মাটিৰ চাকিবোৰ৷ মাজে মাজে উঠি গৈ সন্মুখৰ ঠাইকণত চাকিবোৰ ৰ’দ লগাবলৈ দিছিল৷ মাটিৰ চাকি প্রস্তুত কৰা ছোৱালীজনীৰ পিছফালে পিৰালিত বহি আছিল এগৰাকী মহিলা৷ পিৰালিত বহি চাই আছিল কন্যাৰ হাতৰ শিল্প৷ আৰু সেই কিশোৰীয়ে দুহাতৰ কামক ‘শিল্প’ৰ ৰূপ দিয়াৰ প্রয়াস কৰিছিল৷ সেই কণমানি কন্যাৰ হাতে গঢ়া চাকিবোৰেই পোহৰাই তুলিব ৰাতি৷ আঁতৰাব আন্ধাৰ৷ সমান্তৰালভাৱে সেই ‘শিল্পী’ নাৰীসকলৰ জীৱনৰ এন্ধাৰো আঁতৰে৷ সেই মাটিৰ চাকিবোৰৰ বিনিময়ত তেওঁ লাভ কৰে ধন৷ মাটিৰ চাকি সাজি উপার্জিত সেই ধনে উজলায় তেওঁলোকৰ জীৱন৷
মাটিৰ চাকি সজাত ব্যস্ত সেই কন্যাৰ নাম আছিল কমলা পাল৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্রৰ অন্তর্গত আলিছিঙা গাঁৱত মাটিৰ চাকি প্রস্তুত কৰি থকা অৱস্থাত প্রত্যক্ষ কৰিছিলোঁ কমলাক৷ কমলাই কৈছিল- ‘অভাৱৰ তাড়নাত এদিন স্কুল এৰিছিলোঁ৷ পঞ্চম শ্রেণীলৈকে স্থানীয় প্রাথমিক বিদ্যালয় এখনত পঢ়িছিলোঁ৷ অর্থ উপার্জনৰ বাবে এদিন মাটিৰ চাকি সজা কাম আৰম্ভ কৰিলোঁ৷ এতিয়া এই কামেই কৰোঁ৷’
কমলাই স্কুলত পঢ়ি থাকোঁতেই পিতৃৰ মৃত্যু হৈছিল৷ ৰোগাক্রান্ত হৈ কেইবাদিনো পৰি আছিল বিছনাত৷ উপযুক্ত চিকিৎসাৰ অভাৱত–খাদ্যৰ অভাৱত কমলাৰ পিতৃ মনোৰঞ্জন পালৰ মৃত্যু হৈছিল৷ ইয়াৰ পিছত মাটি–বাৰী বুলিবলৈ একমাত্র ভেটিটো থকা ঘৰখনৰ দায়িত্ব মূৰ পাতি লৈছিল কমলাৰ মাতৃ মালতী পালে৷ কিন্তু মালতী পালো দীর্ঘদিন ধৰি অসুস্থ হৈ পৰিছিল৷ ৰোগাক্রান্ত মাতৃৰ চিকিৎসাৰ ব্যয় বা ঘৰখনৰ খোৱা–বোৱাৰ খৰচৰ বাবে প্রয়োজনীয় ধন উপার্জনৰ পথ এটাই আছিল– মাটিৰ চাকি প্রস্তুত৷ আৰু সেই দায়িত্ব লৈছিল কমলাই৷ অর্থাৎ কিশোৰী কমলাই সজা মাটিৰ চাকি বিক্রীৰে যি ধন পায় সেই ধনেৰে পৰিয়ালটো পৰিচালনা হয়৷ কমলাৰ মাতৃ মালতী পালে ক’লে– ‘এহাজাৰ চাকিৰ দাম ৪৫০ টকা৷ দিনে কেতিয়াবা এহাজাৰ, কেতিয়াবা বেছিকৈও চাকি সাজিব পাৰি৷ মুঠতে আন ক’লৈকো নোযোৱাকৈ, আনৰ তলতীয়া নোহোৱাকৈ নিজ ঘৰতে স্বাধীনভাৱে এই কাম কৰি ধন উপার্জন কৰিব পাৰি৷ বিভিন্ন প্রকাৰৰ চাকি সাজিব পাৰিলে উপার্জন ভাল হয়৷ এই কামটো কৰাৰ পৰা আমাৰ পৰিয়াললৈ সকাহ আহিছে৷’ একেদৰে, কল্পনা দাস নামৰ স্থানীয় এগৰাকী মহিলাই ক’লে– ‘চাকি সাজিবৰ বাবে যিবিধ মাটি লাগে সেয়া কিনিবলগীয়া হয়৷ সেই আলতীয়া মাটিবিধ আমাৰ ওচৰত পোৱা নাযায়৷ সেয়ে এই মাটি ক্রয় কৰোঁতেও টকা দিব লাগে৷ তাতে এজন মানুহে দিনত প্রায় এহাজাৰ চাকি সাজিব পাৰে৷ ইয়াৰ পিছত সেই চাকিবোৰ পুৰিব লাগে৷ তাৰ পিছত কিছুমান চাকিত ৰং দিয়া হয়৷ ৰং দিয়া ডাঙৰ আকাৰৰ চাকিবোৰৰ দাম বেছি৷ গ্রাহকো বেছি৷’
সৰু–বৰ বিভিন্ন আকাৰৰ ভিন্ন দামৰ মাটিৰ চাকিৰে কমলাৰ দৰে গাঁওখনৰ অনেক পৰিয়ালে দৰিদ্রতাক প্রত্যাহ্বান জনাই আহিছে৷ কেৱল হাতৰ কামেৰে মৃৎশিল্পীসকলে অব্যাহত ৰাখিছে কঠোৰ জীৱন সংগ্রাম৷ আনকি আন উপায়ে ধন উপার্জন কৰিবলৈ সক্ষম নোহোৱা বহু অভাৱগ্রস্ত একোটা পৰিয়ালৰ বাবে ‘মৃৎশিল্প’ই জীৱনৰ চালিকাশক্তি৷ এনে বহুকেইটা পৰিয়ালে মাটিৰ চাকি সাজি দৈনন্দিন জীৱনৰ প্রয়োজনীয়তা পূৰণ কৰি আহিছে৷ কিয়নো ইয়াত বহুত মূলধন বিনিয়োগ কৰিব নালাগে৷ উল্লেখ্য যে আলিছিঙা গাঁওখনত কেৱল কমলা–মালতীৰ পৰিয়ালটোৱেই নহয়, গাঁওখনৰ প্রায় প্রতিটো পৰিয়ালৰে প্রধান বৃত্তি বিভিন্ন আকাৰৰ মাটিৰ চাকি প্রস্তুত কৰা৷ গাঁওখনৰ এগৰাকী ব্যক্তিয়ে ক’লে– ‘এসময়ত আমাৰ পুৰুষবোৰে আনৰ পথাৰত হাল বাইছিল, খেতিপথাৰত কাম কৰি উপার্জন কৰিছিল৷ এতিয়া সেয়া কমি আহিল৷ দিন মজুৰিও লাহে লাহে নোপোৱা হ’ল৷ গাঁওখনৰ প্রতিটো পৰিয়ালেই দুখীয়া–অভাৱগ্রস্ত আছিল৷ অর্থাভাৱত পৰিছিল বহু লোক৷ অধিকাংশ পৰিয়ালে আগৰে পৰাই মৃৎশিল্পৰ স’তে জড়িত৷ অধিকাংশ পৰিয়ালৰে খেতি-মাটি নাই৷ কেৱল ভেটিটোহে আছে৷ বিশেষ আন্তঃগাঁথনি নথকা গাঁওখনৰ পৰিয়ালবোৰে দৰিদ্রতাক প্রত্যাহ্বান জনাবলৈ মাটিৰ চাকি প্রস্তুত বা মাটিৰ আন সামগ্রী প্রস্তুতেই একমাত্র উপায় হিচাপে বাছি ল’লে৷ এই কামৰ স’তে মহিলাসকল অধিক জড়িত৷ ঘৰতে বহি এই কাম কৰি থাকে৷ মৃৎশিল্পৰ কামত জড়িত হোৱাৰ পিছত প্রতিটো পৰিয়ালে আগৰ দৰে অভাৱৰ তাড়নাত ভুগিব লগা নহয়৷ কাৰণ বেছি ধনৰ প্রয়োজন হ’লে চাকিৰ পাইকাৰী ব্যৱসায়ীৰ পৰা আগধনো ল’ব পাৰে৷ সেয়ে, আলিছিঙা গাঁৱৰ পৰিয়ালবোৰে দিন–ৰাতি একাকাৰ কৰি প্রস্তুত কৰি গৈছে মাটিৰ চাকি বা আন সামগ্রীবোৰ৷’
কমলা পাল, মালতী পালহঁতৰ হাতে গঢ়া মাটিৰ চাকিয়ে সমগ্র সমাজৰ জনতাক পোহৰাই ৰাখিছে আৰু মাটিৰ চাকিৰ বিনিময়ত লাভ কৰা উপার্জনেৰে সেই মৃৎশিল্পীসকলৰ পৰিয়ালবোৰো আর্থিকভাৱে উজলি উঠিছে৷
দৰিদ্রতাক প্রত্যাহ্বান জনাই মাটিৰ চাকি সজাত ব্যস্ত থকা কমলা পাল, মালতী পাল, কল্পনা দাস, সন্তোষী পাল আদি মহিলাই আলিছিঙা গাঁৱত অব্যাহত ৰাখিছে স্বাধীনভাৱে অর্থ উপার্জন আৰু পৰিয়ালক অভাৱগ্রস্ততাৰ পৰা উত্তৰণৰ অনন্য সংগ্রাম৷ অঞ্চলটোৰ কেইবাশ মহিলা মৃৎশিল্পীয়ে মাটিৰ চাকি, গছা, ধূপদানি, ঘট, সৰু সৰু চৰু, ধূনাদানি আদি প্রস্তুত কৰি আর্থিকভাৱে সচ্ছল হ’বলৈ সক্ষম হৈছে৷ আলিছিঙাৰ দৰে গাঁৱৰ একালৰ অভাৱগ্রস্ত আৱাসীসকলে মৃৎশিল্পক জীৱিকাৰ সম্বল হিচাপে লৈ উত্তৰণ ঘটাইছে জীৱনধাৰাক৷

ফোন : ৮৬৩৮৬–৯৮৪৫০

You might also like