বাল্য বিবাহৰ বিৰুদ্ধে অভিযান
পাঁচ বছৰ পূর্বলৈকে সমগ্র দেশৰ ভিতৰত অসমত প্রসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ সর্বাধিক আছিল৷ প্রসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৰাজ্যখনত বিগত তিনি বছৰৰ ভিতৰত দ্রুত উন্নতি হৈছে যদিও এতিয়াও ৰাষ্ট্রীয় সূচাংক স্পর্শ কৰিবলৈ বাকী আছে৷ ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত বিগত ডেৰ দশকৰ ভিতৰত ব্যাপক পৰিৱর্তন হৈছে৷ এখন এখনকৈ এডজনৰো অধিক চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে৷ ৰাজ্যখনৰ প্রতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পদক্ষেপ লৈছে৷ দেশে স্বাধীনতা লাভ কৰা ১৫ বছৰৰ ভিতৰত ৰাজ্যখনত তিনিখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল৷ তাৰ পিছত বিগত চাৰি দশক ধৰি ৰাজ্যখনত এখনো চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱা নাছিল৷ বিগত দুটা দশকৰ ভিতৰত ৰাজ্যখনত ১৬খন চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্য চলিছে আৰু ইয়াৰে অধিকাংশই স্বাস্থ্য সেৱাত নিয়োজিত হৈছে৷ ৰাজ্যখনৰ স্বাস্থ্য সেৱাখণ্ডত বিগত দুটা দশকত বৈপ্লৱিক পৰিৱর্তন সত্ত্বেও প্রসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৰাজ্যখনত বৃদ্ধি পোৱাৰ অন্তৰালত আছিল বাল্য বিবাহৰ জটিল সমস্যা৷ দৰিদ্রতা আৰু অশিক্ষাৰ বাবেই বাল্য বিবাহৰ ফলত কম বয়সতে মাতৃত্বৰ বোজা বহন কৰাৰ ফলত অসমত প্রসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ বৃদ্ধি হৈছিল৷ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনত চলি থকা বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ পিছতে ৰাজ্যখনত প্রসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্রাস পাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ২০২৩ৰ ফেব্রুৱাৰীত বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই ৪,৩৮৭টা গোচৰ পঞ্জীভুক্ত কৰাৰ লগতে ৩,৪২৫জন লোকক গ্রেপ্তাৰ কৰিছিল৷ একেদৰে বাল্যবিবাহৰ বিৰুদ্ধে দ্বিতীয়টো অভিযান চলোৱা হৈছিল ২০২৩ৰ ২ অক্টোবৰত৷ বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা দ্বিতীয়টো অভিযানত ৬৮২টা গোচৰ পঞ্জীভুক্ত কৰাৰ লগতে ৯১৩জন লোকক গ্রেপ্তাৰ কৰা হৈছিল৷ যোৱা ২১ ডিচেম্বৰত ৰাজ্যজুৰি চলা বাল্যবিবাহৰ বিৰুদ্ধে তৃতীয়টো অভিযানত ৩৪৫টা গোচৰ পঞ্জীভুক্ত কৰাৰ লগতে ৪৩১জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ৰাজ্যখনত বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবে অসমত প্রসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ কিদৰে পৰিৱর্তন ঘটিছে সেয়া লক্ষণীয়৷ ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ২০২০–২১ বিত্তীয় বর্ষত ৯৮৪গৰাকী প্রসূতি মাতৃৰ মৃত্যু হৈছিল৷ ২০২১–২২ বর্ষত প্রসূতি মাতৃৰ মৃত্যুৰ সংখ্যা ৭৬৬গৰাকীলৈ হ্রাস হৈছে৷ ২০২২–২৩ বর্ষ আৰু ২০২৩–২৪ বর্ষত ক্রমে ৫১০গৰাকী আৰু ৩৭২গৰাকী প্রসূতি মাতৃৰ মৃত্যু হৈছে৷ বাল্যবিবাহবিৰোধী অভিযানৰ সফলতাৰ ছবিখন ৰাজ্যখনৰ নৱজাতকৰ মৃত্যুৰ হাৰতো স্পষ্ট হৈছে৷ ২০২০–২১ বিত্তীয় বর্ষত ৰাজ্যখনত ৯,৪৭২টা নৱজাতকৰ মৃত্যু হৈছিল৷ ২০২১–২২ বিত্তীয় বর্ষত নৱজাতকৰ মৃত্যুৰ সংখ্যা ৭,৯০৮টালৈ হ্রাস হৈছিল৷ ২০২২–২৩ বর্ষত ৬,৭২১ আৰু ২০২৩–২৪ত ৪,৭৯০টালৈ হ্রাস হৈছে৷ বাল্যবিবাহবিৰোধী অভিযানৰ বাবে কিশোৰী মাতৃত্বৰ বোজা বহু পৰিমাণে নিম্নগামী হোৱাৰ ফলত প্রসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰত লক্ষণীয় পৰিৱর্তন হৈছে৷
বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাটো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এক দূৰদর্শী পদক্ষেপ৷ বাল্যবিবাহ অসমৰ এক গুৰুতৰ ব্যাধি৷ বিশেষভাৱে ৰাজ্যখনৰ অনগ্রসৰ আৰু পিছপৰা অঞ্চলত বাল্যবিবাহৰ ব্যাধিয়ে মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ ধর্মীয় সংখ্যালঘু অধ্যুষিত আৰু চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত তুলনামূলকভাৱে বাল্যবিবাহৰ প্রকোপ অধিক আছিল৷ বাল্যবিবাহ প্রতিৰোধ কৰিবলৈ পূর্বতে যিসমূহ ব্যৱস্থা গ্রহণ কৰা হৈছিল, সেয়া আছিল জনসচেতনতাৰ আধাৰত প্রতিষ্ঠিত৷ কিন্তু বাল্যবিবাহক এক গুৰুতৰ অপৰাধৰূপে অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনৰ ধাৰাবাহিক অভিযানে ৰাজ্যখনত বাল্যবিবাহৰ সমস্যা সমাধানৰ দিশে গতি কৰিছে৷ চৰকাৰখনে দুবছৰৰ ভিতৰত চলোৱা তিনিটা অভিযানৰ তথ্যই এই কথা প্রমাণ হৈছে৷ দৰিদ্রতা আৰু অশিক্ষাৰ বাবে কোনো ছোৱালীয়ে যাতে বাল্যবিবাহৰ কবলত পৰি কুমাৰী মাতৃত্বৰ বোজা বহন কৰিব নালাগে তাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই নিযুত মইনা আঁচনিও একে সময়তে গ্রহণ কৰিছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা ছাত্রীসকলক উক্ত আঁচনিৰ অধীনত উচ্চ শিক্ষা গ্রহণ কৰাৰ সুযোগ দিয়া হৈছে৷ এনে ব্যৱস্থাৰো ইতিবাচক সুফল বাল্যবিবাহৰ বিৰুদ্ধে তৃতীয়টো অভিযানত স্পষ্ট হৈছে৷ নিযুত মইনা আঁচনিৰ সাফল্য এয়ে যে এতিয়া বাল্যবিবাহৰ বিৰুদ্ধে মুকলিকৈ যুঁজ দিয়াৰ বাবে আগবাঢ়ি আহিছে একাংশ কিশোৰী৷ শেহতীয়াকৈ কামৰূপ জিলাৰ ধর্মীয় সংখ্যালঘু অধ্যুষিত দুই নম্বৰ টুপামাৰীৰ চার্জিনা আহমেদ নামৰ নৱম শ্রেণীৰ ছাত্রী এগৰাকীয়ে বাল্যবিবাহৰ বিৰুদ্ধে সাহসী স্থিতি গ্রহণ কৰাৰ বাতৰি ওলাইছে৷ সাহসী ছাত্রীগৰাকীক বদলা ৰাঙাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীসকলৰ লগতে গৰৈমাৰী অঞ্চলৰ কেইবাটাও সংগঠনে আদৰণি জনাইছে৷ বাল্যবিবাহৰ বিৰুদ্ধে চার্জিনা আহমেদৰ সংগ্রামে নিশ্চিতভাৱে বহুসংখ্যক কিশোৰীক সাহস আৰু প্রেৰণা যোগাব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে সাহসী ছাত্রীগৰাকীক উৎসাহিত কৰাৰ প্রয়োজন৷ ৰাজ্যখনৰ ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত বাল্যবিবাহ এতিয়াও অব্যাহত আছে৷ এইক্ষেত্রত একাংশ তথাকথিত ধর্মগুৰুৱে আইনবিৰুদ্ধভাৱে এনে অবৈধ নিকাহ সম্পন্ন কৰাৰ অভিযোগ উঠিছে৷ বাল্যবিবাহৰ বিৰুদ্ধে তৃতীয়টো অভিযানত পঞ্জীভুক্ত অধিকাংশ গোচৰ আৰু লোক গ্রেপ্তাৰ হৈছিল ৰাজ্যখনৰ ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত৷ তৃতীয়টো অভিযানত ৩৪৫টা গোচৰৰ ৫৯টা গোচৰ হৈছে ধুবুৰী জিলাত, দক্ষিণ শালমাৰা–মানকাচৰ জিলাত ৩০টা, হোজাই জিলাত ১৩টা, কৰিমগঞ্জত ১৯টা, বৰপেটাত ৪০টা গোচৰ পঞ্জীভুক্ত হৈছে৷ একেদৰে বাল্যবিবাহৰ গোচৰত ধুবুৰী জিলাত ৬৮জন, বৰপেটাত ১২জন, কৰিমগঞ্জত ২২জন, দক্ষিণ শালমাৰা–মানকাচৰত ৪২জন, হোজাইত ১৫জন, ধেমাজিত ১৭জন, কামৰূপত ২২জন, গোৱালপাৰাত ১৫জন, মৰিগাঁৱত ১৬জন, নগাঁৱত ১৪জন, শোণিতপুৰত ১৩জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ আশাপ্রদ বার্তা এয়ে যে বাল্যবিবাহৰ তৃতীয়টো অভিযানত গুৱাহাটী মহানগৰ, যোৰহাট, তামুলপুৰ, বিশ্বনাথ, হামৰেণ আৰু ডিমা হাছাও জিলাত এটাও গোচৰ পঞ্জীভুক্ত হোৱা নাই৷ ৰাজ্যখনৰ উক্ত ছয়খন জিলা বাল্যবিবাহমুক্তলৈ উন্নীত হোৱাটো শুভ বার্তা৷ বাল্যবিবাহৰ ব্যাধি নির্মূল কৰিবলৈ হ’লে সামাজিক দায়বদ্ধতা আমি গ্রহণ কৰিবই লাগিব৷ সমাজৰ বিবেকৱান লোকসকলে এইক্ষেত্রত সজাগ হ’লে মুখ্যমন্ত্রী ড০ শর্মাই বিচৰা ধৰণে ২০২৬ৰ ভিতৰত এনে ব্যাধি সম্পূর্ণ নির্মূল হ’ব৷