নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বুদ্ধিমত্তা

বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জগতখনত হৈ থকা গৱেষণা আৰু অনুশীলনৰ ধাৰাবাহিকতাই বিজ্ঞানৰ অৱদানসমূহক দৈনন্দিন জীৱনৰ মাজলৈ আনি আমাৰ জীৱনৰ বিভিন্ন দিশক দ্রুতগতিৰে ৰূপান্তৰিত কৰি আছে৷ কিন্তু পৰিৱর্তনক বাধা দি ভালপোৱা এচামে সদায়েই এই নতুন সংযোজনবোৰক বাধা দিয়াৰ চেষ্টা কৰি আহিছে৷ কম্পিউটাৰৰ আগমনৰ সময়ত বহুতে ইয়াক চাকৰি মৰা যন্ত্র নাম দি ইয়াৰ প্রয়োজনৰ বিৰোধিতা কৰিছিল৷ কিন্তু সেই বিৰোধ নিটিকিল৷ কম্পিউটাৰে আমাৰ সমাজ আৰু ব্যক্তিগত জীৱন উভয়কে সমৃদ্ধ কৰি তুলিলে৷ কম্পিউটাৰৰ পাছত এতিয়া কৃত্রিম বুদ্ধিমত্তাৰ যুগ আৰম্ভ হৈছে৷ ই বিভিন্ন ক্ষেত্রৰ পৰিৱর্তনৰ প্রতিশ্রুতি দিছে, কিছু প্রদর্শন কৰিছে৷ বিশেষকৈ শিক্ষা, ব্যৱসায়, স্বাস্থ্যসেৱা, বিনোদন আৰু আন বহুতো ক্ষেত্রত ই অস্তিত্ব প্রমাণ কৰিছে৷ কৃত্রিম বুদ্ধিমত্তাই ব্যক্তিগত শিক্ষাৰ অভিজ্ঞতালৈ ব্যাপক পৰিৱর্তন আনিছে৷ কৃত্রিম বুদ্ধিমত্তাৰ কিছু প্লেটফর্মে ছাত্রসকলৰ সমস্যাৰ বিশ্লেষণ কৰিবলৈ তথ্য সংগ্রহ কৰে, বিশ্লেষণ কৰে আৰু তাৰ সমাধানো প্রদর্শন কৰে৷ এই প্রদর্শন চকুত পৰা হোৱাৰ লগে লগে প্রশ্ণৰ উদয় হৈছিল– ছাত্র–ছাত্রীসকলে এতিয়া পঢ়াৰ সলনি কৃত্রিম বুদ্ধিমত্তাক পৰিচালনা কৰিব পৰা কৌশলবোৰ শিকিলেই হ’ব নেকি? তেনেদৰে কৃত্রিম বুদ্ধিমত্তাই সৃজনীশীল সাহিত্যকো গ্রাস কৰিব নেকি? এই প্রশ্ণবোৰৰ উত্তৰ কিন্তু মানুহৰ হাততেই আছে৷ ম’বাইল ফোন বা কম্পিউটাৰত কিবা এটা লিখিলেই ভুল আদি দেখুৱাই দিয়া, শুদ্ধ কৰি দিয়া আদি কামৰ লগত সাধাৰণ মানুহ পৰিচিত আৰু এই সুবিধাবোৰ গ্রহণ কৰোঁতে কোনেও ভবা নাই যে এইবোৰে মানুহৰ ইংৰাজী শিকাৰ অভ্যাস বা প্রয়োজন শেষ কৰি দিব৷ কথা হ’ল বিজ্ঞান প্রযুক্তিবিদ্যাৰ নতুন আৱিষ্কাৰবোৰ মানুহৰ মাজলৈ আহিবই আৰু প্রয়োজন আৰু যোগ্যতা অনুসাৰে সেইবোৰে নিজকে প্রতিষ্ঠা কৰিব৷ ছাত্র–ছাত্রীয়ে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ বিৰোধিতা কৰাসকলেও ক’ভিডৰ সময়ত এই ধাৰণা সলনি কৰিবলৈ বাধ্য হৈছিল৷ কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রতো একেই কথা৷
এই দিশৰ গৱেষকসকলে আশা কৰে যে কৃত্রিম বুদ্ধিমত্তাৰ এই হাৰৰ বিকাশে ২০৩০ চনৰ ভিতৰত বিশ্ব অর্থনীতিত ১৫.৭ ড্রিলিয়ন ডলাৰৰ অৱদান যোগ দিব পাৰে৷ স্বাস্থ্যসেৱা, উৎপাদন আৰু পৰিবহণ আদি খণ্ডসমূহত কৃত্রিম বুদ্ধিমত্তাৰ একতীকৰণৰ ফলত উল্লেখযোগ্য উন্নতি আশা কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথা হ’ল, মানুহৰ মগজুৰ লগত আৰু কৃত্রিম বুদ্ধিমত্তাৰ সহযোগিতাই কর্মস্থানৰ সুৰক্ষাৰ হাৰ বৃদ্ধি কৰিব, দক্ষতা বৃদ্ধি কৰিব আৰু উৎপাদনৰ হাৰ বৃদ্ধি কৰিব৷ এই প্রযুক্তিৰ সৈতে কিছুমান প্রত্যাহ্বানো সন্মুখলৈ আহিছে৷ প্রথম সমস্যাটোৱেই হ’ল নৈতিকতাৰ লগত জড়িত৷ ব্যক্তিগত তথ্যৰ গোপনীয়তাত সুৰুঙাৰ সৃষ্টি কৰিব পৰাটোৱে এই প্রশ্ণ জটিল কৰি তুলিছে৷ কৃত্রিম বুদ্ধিমত্তা আচলতে মানুহৰ বুদ্ধিমত্তাৰ একত্রীকৰণ আৰু এই কামৰ বাবে ব্যাপক তথ্যৰ ওপৰত নির্ভৰ কৰিবলগীয়া হয়৷ এই তথ্য কেনেকৈ সংগ্রহ কৰা হয় আৰু কেনেদৰে ব্যৱহাৰ কৰা হয় তাৰ কোনো স্পষ্ট উত্তৰ নাই বাবে সেয়া সন্দেহজনক হৈ পৰিছে৷ এলগ’ৰিথমসমূহত স্বচ্ছতা নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূর্ণ দিশ৷ ইয়াৰ কর্মক্ষমতাই বিভিন্ন খণ্ডত চাকৰিত বিপদৰ সৃষ্টি কৰিছে৷ এই প্রযুক্তিৰে চালিত নতুন উদ্যোগৰ সৃষ্টি হ’ব পাৰে, কিন্তু বহু পৰম্পৰাগত উদ্যোগৰ ভূমিকা অদৃশ্য হৈ পৰিব পাৰে আৰু এনেকুৱা হৈয়েই আছে৷ এইটো বিকাশৰ এটা স্বাভাৱিক প্রক্রিয়া৷ বিজ্ঞানৰ এই নতুন সংযোজনক কেনেদৰে কামত প্রয়োগ কৰিব পাৰি সেই বিষয়ে মানুহৰ এটা ধাৰণা হৈছেই৷ কিন্তু এই প্রযুক্তিৰ ব্যৱহাৰিক শিক্ষা সাধাৰণীকৰণৰ বাবে কোনেও চেষ্টা কৰা নাই৷ দুই–এটি ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে লোভনীয় বিজ্ঞাপনেৰে কৃত্রিম বুদ্ধিমত্তাৰ সহজলভ্য পাঠ দিয়াৰ ব্যৱসায় কৰিছে৷ সেই প্রতিষ্ঠানবোৰৰ যোগ্যতা বা দায়বদ্ধতাৰ কথা পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা নাই৷ চৰকাৰ আৰু ব্যক্তিগত দায়িত্বশীল শিক্ষা প্রতিষ্ঠানবোৰে এই দিশত আগভাগ লৈ মানৱ সম্পদক এটা স্তৰলৈ উন্নত কৰাটো এটা নৈতিক আৰু সামাজিক দায়িত্ব৷ এই সময়ছোৱাত শিক্ষাবিদ, নীতি নির্ধাৰক আৰু প্রযুক্তিবিদসকলৰ মাজত সহযোগিতা অত্যন্ত গুৰুত্বপূর্ণ, যাতে কৃত্রিম বুদ্ধিমত্তাৰ সুবিধাসমূহ অধিক আৰু ইয়াৰ বিপদসমূহ কম কৰিব পৰা যায়৷

You might also like