নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈক বয়সে বেয়াকৈ মূৰত ধৰিছেঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ বদৰুদ্দিনৰ বোকোচাত উঠি হু ইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈয়ে ছেমি ফাইনেল খেলিব খোজে তেন্তে তৰুণ গগৈক বেয়াকৈ বয়সে মূৰত ধৰিছে। তৃতীয়খন আসনত প্ৰতিদ্বন্দিতা কৰা প্ৰশ্ন নাহে আৰু তৃতীয়খন আসনৰ বাবে আমি কাকো সমৰ্থনো নকৰো বুলি মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

          BJP মিত্ৰজোঁটে দুজনেই প্ৰাৰ্থী দিব আৰু তৃতীয়জন প্ৰাৰ্থী আমাৰ দলে নিদিয়ে তৃতীয়জন প্ৰাৰ্থীক আমি সমৰ্থন নকৰো। ৰাজ্যসভা নিৰ্বাচনত AIUDFৰ ভোট লৈ নিৰ্বাচন জিকাৰ আমাৰ হাবিয়াস নাই। তৃতীয়খন আসন পাবলৈ হ’লে AIUDFৰ মানুহকে আমি হাত কৰিব লাগিব। আজমলৰ সৈতে আমাৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে দূৰ-দূৰণিলৈ থকাৰ প্ৰশ্নই নুঠে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী ড০ শৰ্মাই।

            অজিত ভূঞাই আজমলৰ প্ৰাৰ্থীত্ব লৈ আজি জাতিটোৰ লগতে আমাৰ সমগ্ৰ বৌদ্ধিক জগতখনক তললৈ লৈ গ’ল তাৰ বাবে তেওঁৰ প্ৰতি মোৰ সহানুভূতিৰ জন্ম হৈছে। ৰাজ্য়সভাৰ আসনৰ বাবে যদি ভূঞাই এনে নাটক কৰিব লগা আছিল তেওঁ আগতেই যোগদান কৰিব লাগিছিল AIUDFত। আজমলৰ বোকোছাত উঠি CAA আন্দোলন কৰা সকলক মই শুভেচ্ছা জনাইছো বুলি কয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like